পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত সৰ্বধৰ্ম অভিবৰ্তনত অংশ গ্ৰহণ কৰিলে দালাই লামাইঃ তেখেতে ক'লে-"আধুনিক সমাজৰ ধৰ্ম হ'ব লাগিব ধৰ্মনিৰপেক্ষতা"।
 ২. দেশৰ কুৰিটা ৰেলপথত চলিব অতি দ্ৰুতগামী আৰু কতো নৰখোৱা দীৰ্ঘযাত্ৰাৰ ৰেল। এই সেৱাৰ টিকট অনলাইন যোগে বুক কৰিব লাগিব আৰু ইয়াৰ টিকটৰ দাম বিমানৰ দৰেই চাহিদা অনুসৰি উঠা-নমা কৰিব বুলি ৰে'ল মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। গুৱাহাটীৰ পৰা নতুন দিল্লী আৰু কেৰেলালৈ দুটা যাত্ৰাপথ এই বাচনিত উঠাৰ সুখবৰো প্ৰকাশ পাইছে।

৩. অসমত ছখনকৈ নতুন কেঞ্চাৰ হস্পিতেল স্থাপন কৰিব ৰাজ্য চৰকাৰে। ২০০খনকৈ বিচনাযুক্ত এই হস্পিতেল ৰাজ্যৰ ছয়খন চিকিৎসা মহাবিদ্যালয় কেইখনৰ সৈতেই অতিৰিক্ত ভাৱে গঢ়ি তোলা হব। ৬০০কোটি টকাৰ বাজেটেৰে আৰম্ভ কৰিব লগীয়া এই প্ৰকল্পৰ কাম অহা তিনি-চাৰিমাহৰ ভিতৰতে আৰম্ভ হব। লগতে সকলো উন্নয়ন খণ্ডতে পৰিপুষ্টি সহায়ক কেন্দ্ৰ স্থাপন কৰিব বুলিও স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰে।

৪. আগন্তুক বিত্তীয় বৰ্ষৰ পৰা অসমৰ ৰাজ্য চৰকাৰে স্বকীয় ভাৱে স্বাস্থ্য বীমা আঁচনি আৰম্ভ কৰিব। জীৱনজ্যোতি আঁচনি ফলপ্ৰসূ নোহোৱাৰ ফলত বীমা কোম্পানীৰহে অধিক লাভ হোৱালৈ লক্ষ্য ৰাখি চৰকাৰে সম্পূৰ্ণ চৰকাৰী খণ্ডৰ এই কোম্পানীটো আৰম্ভ কৰিব। কৰ্কট, যকৃত, হৃদৰোগ, ব্ৰেইন ষ্ট্ৰোক আৰু জৰুৰীকালীন চিকিৎসাক সামৰি লব লগা এই বীমাৰ দ্বাৰা মাত্ৰ বছেৰেকীয়া ২০০টকাৰ বিনিময়ত আঢ়ৈ লাখ টকা পৰ্যন্ত খৰচ সামৰি লোৱা হব।

৫. কবি-সাহিত্যিক-গীতিকাৰৰ মিলনভূমিত পৰিণত হ'ল সাহিত্য সভাৰ বিশেষ অধিবেশনৰ সাহিত্যৰথী ক্ষেত্ৰঃ গীতৰত্ন নগেন বৰাৰ সোঁৱৰণত আয়োজিত হ'ল কবি আৰু গীতিকাৰ সন্মিলন। উন্মোচিত হ'ল কবি নূপুৰ নয়নৰ দুখনি কবিতা পুথি "বিষন্নলাৰ পাৰে পাৰে" আৰু "জন্মদিনৰ উপহাৰ"।

৬. ভাৰতবৰ্ষৰ প্ৰথম মন'ৰেল সেৱা আৰম্ভ হ'ল মুম্বাই মহানগৰীতঃ অহা মাহৰ ভিতৰতে আৰম্ভ হব মেট্ৰ' ৰে'ল সেৱাও। আধুনিক ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ নতুন মাইলৰ খুঁটি ৰূপে পৰিগণিত হোৱা এই মন'ৰেল সেৱা কালি ৰাইজৰ সেৱাত মুকলি কৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়ে।

৭. সাহিত্য সভাৰ পতাকা অসমৰ একতাৰ প্ৰতীক বুলি অভিহিত কৰিলে অষ্টম বাৰ্ষিক বিশেষ গুৱাহাটী অধিবেশনত পতাকা উত্তোলন কৰি অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহ দেৱে। সাহিত্যৰথী ক্ষেত্ৰ  নামেৰে নামাকৰণ কৰা অধিৱেশনস্থলিতে মুকলি কৰা হয় ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আৱক্ষ প্ৰতিমূৰ্তিও।

৮. লোকপাল বিল সংসদত পাছ হোৱাৰ পাছত এতিয়া লোকপাল গঠনৰ কাম হৈছে আৰম্ভ। এই সপ্তাহৰ শুকুৰবাৰটো লোকপালৰ অধ্যক্ষ আৰু সদস্য পদৰ বাবে আবেদন কৰাৰ শেষ দিন ৰূপে চৰকাৰে বিজ্ঞাপন জাৰী কৰিছে। আৰু সূত্ৰই প্ৰকাশ কৰা মতে, এই মাহৰ শেষতে দুৰ্নীতি নিবাৰক সংস্থাটিৰ অধ্যক্ষ আৰু  আঠ সদস্যক নিযুক্তি প্ৰদান কৰা হব।

৯. তৃতীয় দিনাও লোকে লোকাৰণ্য মিচিং সাহিত্য সভাৰ অধিবেশন। বাৰে ৰহনীয়া সাহিত্য আৰু সাংস্কৃতিক উপাদান প্ৰদৰ্শিত হৈছে ধেমাজি জিলাৰ কোলাপথাৰৰ ডিম্বেশ্বৰ দলে ক্ষেত্ৰত।

১০. এইবাৰ ছেবাই গ্ৰহণ কৰিব নতুন পদক্ষেপঃ বহী পৰীক্ষণত ত্ৰুটি থাকিলে ১ নম্বৰৰ বিপৰীতে শিক্ষকৰ পৰা জৰিমনা আদায় কৰিব ১০০ টকাকৈ। পুণৰীক্ষণত নম্বৰ বৃদ্ধি পালে প্ৰতিটো নম্বৰৰ পৰিবৰ্তে এই জৰিমনাৰ ধন পৰীক্ষাৰ্থীক প্ৰদান কৰিব বুলি শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছে।

১১. চিৰাজুলিত শিল্পী দিৱসত মঞ্চস্থ হ'ল ৰূপকোঁৱৰৰ "কাৰেঙৰ লিগিৰী" আৰু ডঃ শুকদেৱ অধিকাৰী ৰচিত "ডাইনী" নামৰ দুখনকৈ নাটক। ডুমডুমা, গেজেংগাগুৰি, শিঙিমাৰী অঞ্চলৰ শিল্পী সকলে এই নাট দুখন সফলতাকে মঞ্চায়ন কৰে। 

১২. মিডিয়া টি-২০ ক্ৰিকেটত চূড়ান্ত বিজয়ীৰ সন্মান লাভ কৰিলে অসমীয়া প্ৰতিদিনে। নিউজ লাইভক ১৮ৰাণত পৰাজিত কৰি অৰ্জন কৰিলে চেম্পিয়নশ্বিপ।  মেন অৱ দ্যা মেচ আৰু মেন অৱ দ্যা টুৰ্নামেণ্টৰ সন্মান লাভ কৰে প্ৰতিদিনৰ জগজিত সিঙে।

১৩. ৰঙিয়াত আদৰ্শ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন, মহাত্মা গান্ধীৰ  নামেৰে নামাকৰণ কৰিব এই চিকিৎসালয়ৰ। ৯৫শতাংশ স্থানীয় ব্যক্তিক নিযুক্তিৰ সিদ্ধান্ত সদৰী কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে।

১৪. গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হ'ল লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ গ্ৰন্থ "অন্তহীন"। শাৰীৰিক বাধাগ্ৰস্ততাকো নেওঁচা দিয়া শৰ্মিষ্ঠাৰ এই উদ্যমক শলাগি গ্ৰন্থখনি উন্মোচন কৰিলে ডঃ অমৰজ্যোতি চৌধুৰীয়ে।

১৫. গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত কাইলৈ আয়োজিত হৈছে "সুৰৰ ডৰিয়লি" শীৰ্ষক অনুষ্ঠানৰঃ অসম স্কুল অৱ মিউজিকৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজন কৰা এই অনুষ্ঠানত কলিকতাৰ স্বপন ভট্টাচাৰ্য, কৌশিক ভট্টাচাৰ্যকে ধৰি আন আন শিল্পীয়ে অনুষ্ঠান পৰিবেশন কৰিব।

১৬. উদুলি-মুদুলি হৈছে ডুমডুমাৰ সমন্বয় ক্ষেত্ৰঃ সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ পঞ্চবিংশতিতম ডুমডুমা অধিবেশনৰ দ্বিতীয় দিনা উন্মোচিত হ'ল ৭১খনকৈ গ্ৰন্থ।

No comments:

Post a Comment