পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. ৰাজ্যপালে যোৱা মঙলবাৰে অনুমোদন দিয়াৰ পাছত অসমত গুটখা নিষিদ্ধকৰণ বিধেয়ক পৰিণত হ'ল আইনত। এই কথা বিধানসভাক কালি জনালে স্বাস্থ্যমন্ত্ৰীয়ে।

২. বগা চন্দনৰ খেতিয়ে অসমৰ অৰ্থনীতিৰ সলাব পাৰিব তথা শিক্ষিত নিবনুৱালৈ আত্মসংস্থানৰ প্ৰভূত সম্ভাৱনা কঢ়িয়াব পাৰিব বুলি আশা পোহৰলৈ আহিছে। কাৰ্বি-আংলং জিলাৰ বন বিষয়া ৰঞ্জন কুমাৰ বৰুৱা আৰু ডিফু চৰকাৰী মহাবিদ্যালয়ৰ ভূগোল বিভাগ প্ৰৱক্তা ডঃ ৰাজু গগৈয়ে চলোৱা এক চৰজমিন অধ্যয়নে আনিছে এই আশাৰ বতৰা।

৩. যাত্ৰী আৰু মালবস্তুৰ ভাড়া বৃদ্ধিৰ প্ৰস্তাৱ নকৰাকৈয়ে কালি ৰে'লমন্ত্ৰী মল্লিকাৰ্জুন খৰ্গেই ২০১৪চনৰ অন্তৱৰ্তী ৰে'ল বাজেট উত্থাপন কৰে। ৫৯,৩৫৯ কোটি টকাৰ ব্যয় ধাৰ্য কৰাৰ লগতে ঘোষিত হৈছে ৭৩খন ৰে'ল, তাৰে ভিতৰত অসমে লাভ কৰিব তিনিখন। অৰুণাচল আৰু মেঘালয়ো কাশ্মীৰৰ লগতে সোমাব ৰেল সেৱাৰ মেপত।

৪. আজিৰে পৰা আৰম্ভ হৈছে অসমৰ হাইস্কুল আৰু হাই-মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা। সকলো পৰীক্ষাৰ্থীলৈ আছুয়ে জনালে শুভেচ্ছা।  অসমীয়াৰ সুখ দুখৰ পৰিয়ালৰ পৰাও সকলোলৈ জ্ঞাপন কৰিছো শুভেচ্ছা। পৰীক্ষা হলৰ ১০০মিটাৰ দূৰলৈকে ১৪৪ধাৰা জাৰি কৰা নকল যোগান ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে।

৫. আই পি এলৰ অনাগত বৰ্ষৰ খেলৰ বাবে হোৱা নিলামত সৰ্বাধিক ১৪কোটি টকা লাভ কৰিলে যুৱৰাজ সিঙে। অসমৰ আবু নেচিমো সেই ৰয়েল চেলেঞ্জাৰজ অৱ বেংগেলুৰু দলতে ৩০লাখ টকাত চুক্তিবদ্ধ হোৱাৰ সুখবৰ।

৬. চলচ্চিত্ৰ সমালোচক তথা নগাঁৱৰ ৰেনেচা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ৰূপে সেৱাৰত পাৰ্থজিত বৰুৱাই নিৰ্মাণ কৰা "লক্ষ্মী ওৰাং-ৰাইজিং ফ্ৰম দ্যা গ্ৰেভ" নামৰ তথ্যচিত্ৰৰ বাবে দাৰভাংগা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোতসৱত শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰীৰ বঁটা লাভ কৰাৰ সুখবৰ পোৱা গৈছে।

৭. তামুলপুৰৰ কুমাৰীকাটাত গান্ধী অঞ্জলি দিৱস আৰু সৰ্বোদয় বঁটা প্ৰদান অনুষ্ঠান কালি আয়োজিত হৈ যায়। তিনি গৰাকী বিশিষ্ট ব্যক্তিক সৰ্বোদয় বঁটা এই অনুষ্ঠানতে প্ৰদান কৰা হয়।

৮. নবীন লেখক জয়ন্ত ৰাজবংশীৰ গল্প সংকলন "আঘোণমহীয়া কমলা বাগিচাৰ হাঁহি" আৰু উদীয়মান কবি গিৰীশ ৰাভা বাৰ্চুঙৰ কাব্য সংকলন "ভালপোৱাৰ এজাক বৰষুণ" টংলা প্ৰেছ ক্লাৱত হ'ল উন্মোচিত।  প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ বিন্যাস প্ৰকাশনৰ হৈ বাবু ৰাভা হাকাচামে।

৯. নলবাৰী জিলাৰ বৰভাগ মৌজাৰ বৰবুৰ্কীয়া অঞ্চলৰ ৭২ বছৰত ভৰি দিয়া অৰবিন্দ মালাকাৰে দেখুৱালে স্বাৱলম্বনৰ প্ৰশংসনীয় নিদৰ্শন। তিনি বিঘা মাটিত নাৰ্জি ফুলৰ খেতি কৰি বছৰত ৮০ হাজাৰলৈ টকা উপাৰ্জন, তথা তামোল-পাণৰ বাৰীৰে ৫০হাজাৰ আৰু অন্যান্য পাচলি খেতিৰে স্বাৱলম্বী হোৱাৰ আদৰ্শ দেখুৱাই লাভ কৰিলে সংবাদ পত্ৰত স্থান।

১০. শাৰীৰিক আৰু মানসিক ভাৱে বাধাগ্ৰস্ত লোকৰ সৰ্বাংগীণ উন্নতিৰ অৰ্থে বিশিষ্ট সাহিত্যিক সাংবাদিক হোমেন বৰগোহাঞিৰ নেতৃত্বত গঢ় লোৱা কৰণাধাৰা ন্যাসে কালি ভৰি দিলে চতুৰ্থ বছৰত। এই উপলক্ষে গুৱাহাটীৰ পদপথতো সজাগতা সৃষ্টিৰ বাবে উলিয়ালে সমদল। তেজপুৰ, বৰপেটা, নলবাৰী আদিতো প্ৰতিস্থা দিৱস উদযাপিত হোৱৰ খবৰ। নেডফিৰ হাউচত অনুষ্ঠিত সভাত "বিশ্বৰ বৃহত সংখ্যালঘু সম্প্ৰদায় হ'ল প্ৰতিবন্ধী সকল", বুলি মন্তব্য কৰিলে হোমেন বৰগোহাঞিদেৱে।

১১. ৰাষ্ট্ৰীয় অনলাইন সংবাদ পত্ৰত পৰেশ বৰুৱা সজাই পৰাগ দাসৰ ফটো ব্যৱহাৰ কৰাৰ অভিযোগত তিনিটা বেৱচাইটৰ বিৰুদ্ধে অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্চত অভিযোগ দাখিল কৰিলে তিনিজনকৈ সচেতন ব্যক্তিয়ে।

১২. মহাকাশত মংগলযানৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ সুখবৰ। হৰিকোটাৰ পৰা উতক্ষেপন হোৱা মহাকাশযানখনক থলুৱা প্ৰযুক্তিৰে নিৰ্মিত পি এছ এল ভি চি ২৫ নামৰ ৰকেটেৰে সফলতাৰে কক্ষপথত স্থাপন কৰিছিল।

No comments:

Post a Comment