ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পদক্ষেপ

ইতিবাচক পদক্ষেপ

Share This
দেশৰ ১৪টা ভাষাত ১০৮টা গীতত মহাত্মা গান্ধীৰ জীৱন-আদৰ্শঃ
"বাপু গীতিকা", কল্পনা পাখিৱালাৰ দুই দশকৰ সপোনৰ ফচ

মহাত্মা গান্ধী কোন? কি তেখেতৰ আদৰ্শ। দুই অক্তোবৰত গান্ধী জয়ন্তী, ৩০জানুৱাৰীত শ্বহীদ দিৱস, ভাৰতীয় টকাত থকা বাপুৰ ছবিয়েই জানো সঁচাই নতুন প্ৰজন্মক মহাত্মা গান্ধী নামৰ জাতিৰ পিতাজনৰ জীৱন-আদৰ্শ তথা পৰিচয়ক বহন কৰিব পাৰিছে।

গান্ধীক সঁচাই ভাৰতীয় মুদ্ৰাৰ পৰা মুক্ত কৰিব নোৱাৰিনে? গান্ধী নামৰ কথাছবিৰে মানুহৰ মনত ৰেখাপাত কৰা তথা ৰিচাৰ্ড এটেনবাৰ্গে দি যোৱা ছবিখনেই গান্ধীৰ সত্তাক আগুৱাই নিবলৈ যথেষ্ট নে? একে কেইটা গীতেই গান্ধী জয়ন্তী আৰু ছহিদ দিৱসত সদায়েই বাজিবনে?  ৰেডিঅ', টিভি সকলোতে! কেইটিমান গীতকে বজাই থাকি জানো গান্ধীৰ সমগ্ৰ আদৰ্শ তথা পৰিচয়ক উজলাই ৰাখিব পাৰিম? এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে দিল্লীত অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া কল্পনা পাখিৱালাই আৰম্ভ কৰিলে "বাপু গীতিকা প্ৰকল্প"। এশ আঠটা গান্ধী বিষয়ক কবিতাক সুৰেৰে সজাই গীতৰ ৰূপত সংকলিত কৰিলে ১৪ ঘণ্টা আৰু ৩০মিনিটৰ এই এলবামটিত।

পাখিৱালাৰ মনলৈ এই প্ৰকল্পটোৰ কথা এদিন হঠাতে আহিছিল, যেতিয়া তেখেত দিল্লীৰ তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ৰ প্ৰকাশন বিভাগত ১৯৯০চনৰ কোনো এটা কৰ্মদিনত পুৰণি কিতাপবোৰ আঁতৰাই পেলোৱাৰ কামৰ তদাৰকী কৰিছিল। তেতিয়াই দেশৰ ১০০গৰাকী স্বনাম-ধন্য কবি, লেখকে গান্ধীজীক লৈ লিখা হিন্দী কবিতাৰ সংকলন "গান্ধী শতাব্দী" খন তেখেতৰ হাতত পৰিছিল।  তাৰ পাছতে তেওঁ বিভিন্ন অনুবাদকৰ সহায়ত ইয়াৰ ভাবাৰ্থৰ সন্ধান কৰিছিল।

তেওঁ মনত লোৱা সংকল্পৰ ফলতে ১৪টা ভাৰতীয় ভাষালৈ অনুবাদ কৰি এই কবিতাবোৰক ভাৰতীয় জনগণৰ কাষলৈ লৈ যোৱাৰ কাম হাতত লয়। শ্বহীদ দিৱস উপলক্ষে দেশৰ জনতাৰ হাতত ১০৪জন কবিৰ প্ৰাণত গান্ধী নামৰ সত্তাটোৰ অনুভৱে তোলা খলকনিক সংগীতৰ লহৰেৰে সজাই তুলি, এই প্ৰশংসনীয় কাম কৰি এক আদৰ্শৰ সৃষ্টি কৰিলে। 

এই শ্ৰব্য সঁফুৰাটিত কণ্ঠদান কৰিলে ৬০গৰাকী শিল্পীয়ে, সাত গৰাকী সংগীতকাৰে সংযোজন ঘটোৱা সংগীতক সজাই তুলিলে ৬৫গৰাকী বাদ্য শিল্পীয়ে। সুগম সংগীতৰ ধাৰাত সজাই তোলা এই গীত সমূহে গান্ধীৰ মূল আদৰ্শক তুলি ধৰিবলৈ সক্ষম হৈছে বুলি পাখিৱালাই সংবাদ মাধ্যমক জনাইছে। সংগীত সমূহক হিন্দুস্তানী ক্লাচিকেল, কৰ্ণাটকী সংগীত, লোকসংগীত (বাউল, গুজৰাটী) আদি সুৰ আৰোপিত হৈছে আৰু মুখ্য সংগীত সংযোজক ৰূপে অৰিহণা যোগাইছে ৮৫বছৰীয়া জ্যেষ্ঠ শিল্পী উমাশংকৰ চণ্ডোলাই। ৰবীন্দ্ৰনাথ ঠাকুৰ, অমৃতা প্ৰীতম, উমাশংকৰ যোশী আদি স্বনাম-ধন্য কবিৰ কবিতাই প্ৰাণ পাইছে এই সংকলনত।

পাখিৱালাই কৰ্মজীৱনত আকাশবাণীত বাতৰি পঢ়োতা আৰু ঘোষিকা ৰূপে কাম কৰাৰ উপৰিও এগৰাকী ডেপুটী ডাইৰেক্টৰ ৰূপে তথ্য আৰু প্ৰচাৰ মন্ত্ৰণালয়ত সেৱা আগবঢ়াইছিল আৰু এই অভিজ্ঞতাই তেখেতক এই প্ৰকল্পৰ ৰূপদানত যথেষ্ট সহায়ক হৈ উঠিছে।বেছিভাগ কবিয়েই ইহসংসাৰ ত্যাগ কৰা হেতুকে কপিৰাইটৰ সমস্যা পৰিয়ালৰ সৈতে ব্যক্তিগত ভাৱে যোগাযোগ সাধন কৰি সমাধান কৰি লব লগা প্ৰত্যাহ্বানো তেখেত সাৱলীলভাৱেই গ্ৰহণ কৰিলে। অৱসৰপ্ৰাপ্ত এইগৰাকী জ্যোষ্ঠা মহিলাৰ এই উদ্যোগক আমি শলাগ লবই লাগিব।
তেখেতে ব্যৱসায়িক ভাৱে এই ডিভিডি বিক্ৰী কৰাৰ পৰিকল্পনা কৰা নাই। তাৰ পৰিবৰ্তে বিদ্যালয়, মহাবিদ্যালয় আদিত সংগীতৰ অনুষ্ঠান আয়োজনেৰে নৱ-প্ৰজন্মক এই গীত আৰু তাত সমাহিত আদৰ্শৰ সৈতে পৰিচয় কৰি দিয়াৰ বাবেহে আগ্ৰহ প্ৰকাশ কৰিছে। তেখেতে এই সংগীত যোগে আদৰ্শৰ বহন কৰা যাত্ৰ নতুন প্ৰজন্মইহে আগলৈ কঢ়িয়াই নিয়াটো আশা কৰিছে আৰু তাৰ বাবে সকলো অভিভাৱক, শিক্ষক, ছাত্ৰ ছাত্ৰীক আহ্বান জনাইছে।

এই প্ৰকল্পৰ সৈতে যুক্ত হবলৈ ফেচবুক যোগে www.facebook.com/bapugeetika ত যোগাযোগ কৰি আপুনিও এই প্ৰশংসনীয় পদক্ষেপৰ অংশীদাৰ হব পাৰে।
সমল আহৰণঃ লাইভ মিণ্ট.কমৰ পৰা

No comments:

Post a Comment