পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. নলবাৰীৰ প্ৰতিভাবান এথলীট নিবেদিতা বৰ্মনক কালি প্ৰদান কৰা হয় ডঃ ফণী শৰ্মা সোঁৱৰণী উদীয়মান ক্ৰীড়া প্ৰতিভা বঁটা। ফণী শৰ্মা স্মাৰক ন্যাসে আগবঢ়োৱা এই বঁটা প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰীয়ে। নলবাৰীৰ ভিতৰুৱা বৰকুৰা গাঁৱৰ পাচলি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা এটি পৰিয়ালৰ প্ৰতিভাবান কন্যা নিবেদিতাই ৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো দেশক প্ৰতিনিধিত্ব কৰিছে। এই বঁটাৰ সৈতে ১লাখ টকাসহ প্ৰশস্তিপত্ৰ প্ৰদানৰ লগতে নিবেদিতাক লৈ নিৰ্মাণ কৰা ছুটি ছবিও প্ৰদৰ্শন কৰা হয়। সচেতন মহলে ন্যাসৰ এই পদক্ষেপৰ শলাগ লৈছে।

২. সাহিত্য অকাডেমিৰ শিশু-সাহিত্য বঁটা নেপালী ভাষাৰ বাবে লাভ কৰিছে অসমৰে মুন্নী সাপকটাই। নেপালী আৰু হিন্দী ভাষাত কবিতা চৰ্চা কৰা লেখিকাগৰাকীয়ে "জুনাকিৰি" নামৰ শিশু গ্ৰন্থৰ বাবে এই বঁটাৰ বাবে লাভ কৰিছে। গুৱাহাটী নিবাসী অৱসৰপ্ৰাপ্ত ৰাষ্ট্ৰীয় কৃতী শিক্ষক গৰাকীলৈ অসমীয়াৰ সুখ-দুখেও জনাইছো অভিনন্দন।
৩. কানাডাত এমি বঁটাৰে সন্মানিত হৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ডুমডুমাৰ নেইল ছাফিৰ গজনেবীয়ে। কানাডাত ১৩খনকৈ ছবিত গ্ৰাফিক ছিকুৱেঞ্চৰ কাম কৰা গজনেবীয়ে শেহতীয়াকৈ এখন ধাৰাবাহিকৰ "গেম অফৰ্থনচ" শীৰ্ষক ভিজুৱেলৰ বাবে এই বঁটা পাবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে।

৪. তেজপুৰৰ অন্যতম সাংস্কৃতিক অনুষ্ঠান চাতকে ২০০৯চনৰ পৰা ৰাজ্যখনৰ পুৰোধা শিল্পীলৈ আগবঢ়াই অহা "চাতক" সন্মান এইবৰ্ষৰ বাবে বিশিষ্ট শাস্ত্ৰীয় সংগীতশিল্পী ইন্দ্ৰেশ্বৰ শৰ্মা আৰু গোৱালপৰীয়া লোকগীতৰ পুৰোধা শিল্পী নিখিলেখ বৰুৱালৈ আগবঢ়োৱাৰ সুখবৰ প্ৰকাশিত হৈছে।

৫. তামিলনাডুৰ শ্ৰীপেৰাম্বুডুৰত অনুষ্ঠিত ৰাজীৱ গান্ধী নেশ্বনেল ইনষ্টিটিউট অৱ য়ুথ ডেভেলপমেণ্টৰ ষষ্ঠ প্ৰতিষ্ঠা দিৱসত "ৰাষ্ট্ৰ গঠনত মূল্যবোধৰ শিক্ষা" শীৰ্ষক বক্তৃতা প্ৰদান কৰে মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে। বক্তৃতানুষ্ঠানটোত দেশৰ ছয় গৰাকী আন বিদুষী শিক্ষাবিদেও ভাষণ প্ৰদান কৰে।

৬. কালি গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হোৱা "অসম বচাওক" শীৰ্ষক সদৌ অসম ভিত্তিত এখন অৰাজনৈতিক অভিবৰ্তন উদ্বোধন কৰিলে ডঃ নগেন শইকীয়াই। অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ প্ৰতিনিধিৰে এই অৰাজনৈতিক মঞ্চ গঢ়ি তোলাৰ বাবে এখন তদৰ্থ কমিটিও গঠিত হোৱা বুলি জানিব পৰা গৈছে।

৭. ১৯৬৫চনতে প্ৰতিষ্ঠা হোৱা শুৱালকুছিৰ নাওখেল প্ৰতিযোগিতা সমিতিয়ে উদযাপন কৰিব সোণালী জয়ন্তী। ২৪-২৭ আগষ্টলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই সোণালী জয়ন্তী মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি জানিব পৰা গৈছে।

৮. অসমত কমিউনিষ্ট আন্দোলনৰ হোতা অচিন্ত্য ভট্টাচাৰ্যৰ জন্ম-শতবাৰ্ষিকীত স্মাৰক বঁটাৰে ডঃ অমলেন্দু গুহ আৰু শশী শৰ্মাক সন্মানিত কৰা হয়। অনুষ্ঠানটোত অংশ লৈ ৰাজ্যসভাৰ সাংসদ সীতাৰাম য়েছুৰীয়ে দেশৰ সাংবিধানিক নাম ভাৰত আৰু ইণ্ডিয়াহে, হিন্দুস্তান নহয় বুলিও স্পষ্ট মত প্ৰকাশ কৰে।
৯. ইণ্ডিয়ান ছুপাৰলীগৰ প্ৰথম সংস্কৰণত জন আব্ৰাহমৰ নৰ্থ-ইষ্ট ইউনাইটেড ফুটবল ক্লাৱৰ হৈ খেলপথাৰত নামিব দুজনকৈ অসমীয়া ফুটবলাৰ। এই দুজন প্ৰতিভাবানৰ নাম দুৰ্গা বড়ো আৰু এলেন দেউৰী বুলি জানিব পৰা গৈছে।

১০. অসমত বে-চৰকাৰী খণ্ডৰ একমাত্ৰ কৰ্কট চিকিৎসালয় নৰ্থ-ইষ্ট কেঞ্চাৰ হস্পিতেলে ২১ আগষ্টত ষষ্ঠ বৰ্ষপুতিৰ এক অনুষ্ঠান পালন কৰে। ৰোগী তথা কৰ্মচাৰী সকলৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা অনুষ্ঠানতে প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক ডাঃ মুনীন্দ্ৰ নাৰায়ণ বৰুৱাই হস্পিতেলখনে চিকিৎসাৰ ক্ষেত্ৰত উন্নত প্ৰযুক্তিৰ ব্যৱস্থা কৰাৰ লগতে বিশ্বৰ কৰ্কটৰোগৰ সৰ্বোচ্চ সংস্থা ইউ আই চি চি, জেনেভাই চিকিৎসালয়খনক সুসংহত চিকিৎসালয় ৰূপে স্বীকৃতি লাভ কৰাৰ কথাও প্ৰকাশ কৰে।

No comments:

Post a Comment