চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

চিন্তন

Share This

আস্থা হেৰুওৱাৰ দিশে অসম সাহিত্য সভা
ডঃ অঞ্জল বৰা
লক্ষ্মীনাথ বেজবৰুৱাই ‘বৰবৰুৱাৰ ভাৱৰ বুৰবুৰণি’ গ্ৰন্থৰ ‘অভিনন্দন’ নামৰ ৰচনাত তেওঁ এটা অতি তাত্পৰ্যপূৰ্ণ মন্তব্য আগবঢ়াইছিল৷ “সাহিত্য সভালৈ এনে এদিন আহিব যেতিয়া সভাই দিয়া কোনো উপাধি জগতে বহুমূলীয়া জ্ঞান কৰিব আৰু উপাধি পোৱা জনেও নিজকে ধন্য মানিব৷” বেজবৰুৱাৰ জীৱনকালত তেওঁক ‘ৰসৰাজ’ আৰু ‘সাহিত্যৰথী’ এই দুটা উপাধি সাহিত্যৰসিকসকলে প্ৰদান কৰিছিল৷ কিন্তু বঙালী নাট্যকাৰ ‘অমৃতলাল বসু’ক বঙালী বিদ্বৎ সমাজে ‘ৰসৰাজ’ উপাধি আগতে দিয়া বাবে তেওঁৰ ‘ৰসৰাজ’ উপাধিটো মনঃপুত হোৱা নাছিল৷ অৱশ্যে ‘সাহিত্যৰথী’ উপাধিটোৰ লগত কোনো দল-সংগঠন বা বিদ্বৎ মহলৰ প্ৰমাণ-পত্ৰ নাছিল আৰু বেজবৰুৱাই এই উপাধি লাভ কৰিয়েই নিজকে ধন্য মানিছিল ৷

শেহতীয়াকৈ অসম সাহিত্য সভাৰ কৰ্মকাণ্ডই সকলোৰে চকু কপালত তুলিছে নাট্যকাৰ-ঔপন্যাসিক অৰুণ শৰ্মা আৰু লিপি বিশেষজ্ঞ যতীন গোস্বামীয়ে অসম সাহিত্য সভাই প্ৰদান কৰা ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰত্যাখান কৰা প্ৰসঙ্গই আমাৰ সন্মুখত অনেক প্ৰশ্নৰ উদ্বেগ ঘটাইছে৷ বেজবৰুৱাই সাহিত্য সভাৰ ‘আয়ু, শ্ৰী, বল, বীৰ্য্য, পৰাক্ৰম বৃদ্ধি’ৰ মনেৰে ‘অভিনন্দন’ নামৰ ৰচনাখনত যি ভৱিষ্যদ্বাণী কৰিছিল তাৰ সম্পূৰ্ণ ওলোটা এখন প্ৰতিচ্ছবিহে আজি আমি দেখিবলৈ পাইছোঁ৷ সাম্প্ৰতিক সময়ত যে কোনেও অসম সাহিত্য সভাৰ উপাধিক বহুমূলীয়া জ্ঞান কৰি নিজকে ধন্য নামানে, তাৰ প্ৰমাণ শেহতীয়াভাৱে উপৰিউক্ত ব্যক্তি দুগৰাকীয়ে ‘সাহিত্যাচাৰ্য’ উপাধি প্ৰত্যাখ্যান কৰা আৰু নাট্যকাৰ-ঔপন্যাসিক অৰুণ শৰ্মাই সভাপতিৰ দৰে অতি সন্মানীয় পদটো প্ৰত্যাখ্যান কৰা কাৰ্যই স্পষ্ট কৰি দিয়ে৷ অসম সাহিত্য সভাৰ আজিৰ অৱস্থাৰ বাবে কোন জগৰীয়া তাৰ চৰ্চা আমি কৰিব নিবিচাৰোঁ৷ এই বিষয়ে সময়ে সময়ে বিভিন্নজনে মুকলিভাৱে মন্তব্য আগবঢ়াই আহিছে৷ আনকি অসম সাহিত্য সভাৰ প্ৰতি নতুন প্ৰজন্মৰো যে কোনো আস্থা নাই সেই কথাৰো প্ৰমাণ শেহতীয়াভাৱে ফে’চবুকৰ দৰে সামাজিক যোগসূত্ৰৰ মঞ্চত প্ৰকাশ পোৱা বিভিন্ন সদস্যৰ মন্তব্যই স্পষ্ট কৰে৷ 



অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি কথাশিল্পী ইমৰান শ্বাহদেৱে সাহিত্য সভাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ আৰম্ভণিতে ই-আলোচনী 'সাহিত্য ডট্ অৰ্গ'ৰ ফালৰ পৰা যোৱা ১৪ ডিচেম্বৰ ২০১২ তাৰিখে অন্তৰংগ আলাপত কিছু কথা পতা হৈছিল (সম্পূৰ্ণ আলাপটো www.xahitya.org/2012/12/14/imranshah/ এই লিংকত চাব পাৰিব)৷ সেই আলাপতে তেওঁক সোধা হৈছিল- “দেখা যায় যুৱ-প্ৰজন্মক আকৰ্ষণ কৰাত অসম সাহিত্য সভা একেবাৰে বিফল হৈছে ৷ আপোনাৰ কাৰ্যকালত যুৱ-প্ৰজন্মক অসম সাহিত্য সভাৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ আপুনি কি পদক্ষেপ গ্ৰহণ কৰিব?” ইয়াৰ উত্তৰত তেওঁ কৈছিল- “বহু কিবা-কিবি কৰিবলৈ মন যায়। কি কৰিব পৰা যায় সেই ধাৰণা স্পষ্ট কৰিব লাগিব যুৱকসকলেই। যুৱকসকলে দাবী কৰি আহিব লাগে। দাবী নকৰিলে, দৌৰি নাহিলে নহ’ব। ৰবি ঠাকুৰে কৈছিল-“বৃদ্ধসকলটো আধামৰা, যুৱকসকলহে জীৱিত। যুৱকসকলটো আহিবই লাগিব। সাহিত্য সভাৰ কিছু আঁচনি আছে। সাহিত্য সভাই সাহিত্য, সংগীত, নাট আদি সকলো সামৰি লৈছে। এই সকলোবোৰ লৈ পদক্ষেপ ল’ব লাগিব। স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীক আনিব লাগিব। ১৮ৰ পৰা ৩৫ বয়সৰ যুৱসকলেই নহয়, প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ পৰা চিন্তা কৰিব লাগিব। সেইটো আলোচনা কৰি কৰিব পৰা যায়। লগতে আন সাহিত্য অনুষ্ঠানসমূহ জড়িত কৰিব পাৰিলে ছবিখন সলনি হ’ব৷”

কিন্তু ইমৰান শ্বাহদেৱলৈ শ্ৰদ্ধা জনাইও এটা কথা ক’ব লাগিব যে যোৱা এটা বছৰে অসম সাহিত্য সভা য’ত আছিল তাতেই থাকি গ’ল৷ যি আশা আৰু উদ্দেশ্যৰে তেখেতে দায়িত্বভাৰ গ্ৰহণ কৰিছিল সেই কাম তেখেতে কৰিব নোৱাৰিলে বা কৰাৰ সুবিধা নাপালে৷ যুৱ-প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈও কোনো নতুন আঁচনি গ্ৰহণ নকৰিলে৷ গতানুগতিকভাৱেই সাহিত্য সভা এচাম সুবিধাবাদী, অসাহিত্যিক লোকৰ হাততেই থাকি গ'ল৷ আনকি ইয়াৰ অধিৱেশন, অভিৱৰ্তনসমূহেও নতুন প্ৰজন্মৰ লগতে চিন্তাশীল সাহিত্যিকসকলকো আকৰ্ষিত কৰিব নোৱাৰিলে৷

যোৱা ২৫-২৬ মে’ত অনুষ্ঠিত হোৱা ‘জাতীয় অভিৱৰ্তন’ত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ ৰক্ষাৰ বাবে নতুন প্ৰজন্মৰ কিছু সদস্যই গঠন কৰা এটা জাতীয় সংগঠনৰ হৈ আমি দুই-এষাৰ কোৱাৰ সুবিধা পাইছিলোঁ৷ সভালৈ আমাৰ সংগঠনটোক আনুষ্ঠিকভাৱে নিমন্ত্ৰণ জনোৱা হৈছিল৷ সেয়ে আমি আমাৰ সংগঠনৰ হৈ পাঁচজন সদস্য সভাত উপস্থিত আছিলোঁ৷ কিন্তু দেখি আচৰিত হ’লোঁ যে অসম সাহিত্য সভাৰ ‘জাতীয় অভিৱৰ্তন’ত উপস্থিত থকা দৰ্শকৰ সংখ্যা আঙুলিৰ মূৰত লিখিব পৰা৷ কেৱল সভাত কিবা এষাৰ ক’বলৈ নিমন্ত্ৰণ জনোৱা ব্যক্তিসকলহে উপস্থিত আছে৷ এনে লাগিল লাখ লাখ টকা খৰছ কৰি অনুষ্ঠিত কৰা সভাখন যিখনক ‘জাতীয় অভিৱৰ্তন’ নাম দিয়া হৈছে সেইখন সাহিত্য সভাৰ এখন শাখা-উপশাখাৰ সভাৰ সমানো হৈ নুঠিল৷ শেষলৈ এনে লাগিল সভাৰ পৰা উঠি গ’লে যেন মঞ্চত উপস্থিত হৈ থকা বিশিষ্ট ব্যক্তিকেইজনকহে অপমান কৰা হ’ব৷ কিন্তু এইবোৰ কথালৈ মন দিবলৈ কাৰো আহৰি নাই৷ আটাইতকৈ মন কৰিবলগীয়া কথা যে ইমৰান শ্বাহদেৱে নতুন প্ৰজন্মক আগবাঢ়ি আহিবলৈ যি পৰামৰ্শ দিছিল সেই পৰামৰ্শ ৰক্ষা কৰা আমাৰ দৰে নতুন প্ৰজন্মৰ সংগঠনসমূহে যে সভাত অংশ গ্ৰহণ কৰি নিজৰ নিজৰ পৰামৰ্শ দিলে সেই কথা পিছদিনাৰ সংবাদ-মেলত সম্পাদকৰ বক্তব্যত ক’তো প্ৰকাশ নাপালে৷ মাথোঁ নতুন আঁচনিৰ ৰূপায়ণ আৰু ভৱিষ্যত পৰিকল্পনাৰ গতানুগতিক বিজ্ঞপ্তিৰেই সংবাদ-মেল শেষ কৰিলে৷

আনকি পিছদিনাৰ বাতৰি কাকতত উপস্থিত থকা সংগঠনসমূহৰ নামো প্ৰকাশ নকৰিলে৷ তেন্তে অসম সাহিত্য সভাই নতুন প্ৰজন্মক আকৰ্ষণ কৰিব পাৰিব বুলি আশা কৰিব পাৰিনে? ভাবিব পাৰিনে- ভৱিষ্যতলৈ তথ্য-প্ৰযুক্তিৰে আগবঢ়া নতুন প্ৰজন্মই সাহিত্য সভাৰ মঞ্চত বক্তব্য আগবঢ়াই নিজৰ বহুমূলীয়া সময় খৰছ কৰিবলৈ ইচ্ছা কৰিব বুলি?


অসম সাহিত্য সভাই যদি প্ৰকৃততেই অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিৰ উত্তৰোত্তৰ কামনা কৰিছে তেন্তে প্ৰথমে আত্মবিশ্লেষণ কৰক৷ দুই এজন ব্যক্তিয়ে বৃহত্তৰ ৰাজহুৱা স্বাৰ্থৰ খাতিৰত স্বেচ্ছাই সভাৰ বিভিন্ন পদবীৰ পৰা অৱসৰ লওক৷ নতুন মানুহৰ হাতত সভাৰ দায়িত্বভাৰ এৰি দিয়ক৷ শাখা-উপশাখাবিলাকৰ পৰাও সুবিধাবাদীসকলক আঁতৰাওক৷ সৰু-বৰ অঞ্চলবোৰত বাস্তৱভিত্তিত কাম কৰিব পৰা লোকক নিয়োগ কৰক৷ অসম সাহিত্য সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবেও এনে দুজন ব্যক্তিক নিয়োগ কৰা হওক (নিৰ্বাচন নহয়) যি নিজৰ কাৰ্যকালত অন্য নকৰিও অসম সাহিত্য সভাৰ হত গৌৰৱ উদ্ধাৰৰ বাবে মূলতঃ কেইটামান কাম কৰিব পাৰে৷ তাৰ ভিতৰত অসম সাহিত্য সভাৰ পৰা সুবিধাবাদী, অসাহিত্যিকৰ দপ্‌দপনি নাইকিয়া কৰা, নতুন প্ৰজন্মক আকৰ্ষিত কৰিব পৰাকৈ তথ্য-প্ৰযুক্তিৰ সমাহাৰেৰে সাহিত্য সভাক বিকশিত কৰা, সাহিত্য সভাৰ শাখা-উপশাখাবোৰক কেৱল বিশেষ একোখন সভা অনুষ্ঠিত কৰাৰ অনুষ্ঠান হিচাপে নাৰাখি বৃহৎ অৰ্থত অসমৰ বিভিন্ন অঞ্চলত অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা কৰাৰ এক অনুষ্ঠান হিচাপে গঢ়ি তোলা আৰু এখন জাতীয় অভিৱৰ্তন অনুষ্ঠিত কৰি সাহিত্য সভাৰ সংবিধানখন সংশোধন কৰা৷ এইকেইটা কাম ২০১৪-২০১৫ বৰ্ষত কৰিব পাৰিলেও নিশ্চয়কৈ অসম সাহিত্য সভা আকৌ সুজলা-সুফলা-শস্য-শ্যামলা হৈ পৰিব৷ লেখাটি আজি আমাৰ অসম কাকততো প্ৰকাশিত হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages