হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
টুটকীয়া টুইটাৰত ৰাষ্ট্ৰীয় গুজৱ
১. "৬দিন কী ডিগ্ৰী" নামৰ এখন চিৰিয়েলৰ বাবে নিৰ্বাচিত হৈছে সৰু পৰ্দাৰ বাবে স্মৃতি হৈ পৰা ইৰাণী বাইদেউ। তেখেতে আনুষ্ঠানিক শিক্ষা অবিহনেও আমেৰিকান ডিগ্ৰী কিনি অনাত সফলতা লভা এগৰাকী ৰাজনীতিবিদৰ চৰিত্ৰক বাস্তৱ ৰূপ দিব বুলিও জানিব পৰা গৈছে।

২. এচাম ভাৰতীয় সাংবাদিক জনী ৱাকাৰ ইউনিভাৰ্চিটীৰ পৰা হালধীয়া সাংবাদিকতাৰ ডিগ্ৰীপ্ৰাপ্ত বুলি টুটকীয়া টুইটাৰত প্ৰকাশ পাইছে। এতিয়া এনে সাংবাদিকৰ মাতাল ব্লেকমেইলিংৰ লক্ষ্য হোৱা ভুক্তভোগী নাগৰিক সকলেও অচিৰেই এক সন্থা গঠন কৰি প্ৰতিৰোধ গঢ়িবলৈ ওলাইছে বুলিও গুজৱ চলিছে।

৩. নীতিশ আৰু লালুক লৈ বিহাৰত "কৰণ-অৰ্জুন" চিনেমাৰ ৰি-মেক বনোৱাৰ বাবে প্ৰচেষ্টা চলাৰ গোপন খবৰ প্ৰকাশিত হৈছে। এতিয়া গডমাদাৰৰ ৰূপত কাক লোৱা হব তাকে লৈ গুণাগঁথা চলিছে। মমতাদিৰ নাম কোনোবাই প্ৰস্তাৱ কৰাত বেংগলে ষড়যন্ত্ৰৰ গোন্ধ পোৱা বুলিও বংগীয় পুলিচ বাহিনীৰ পোহনীয়া কুকুৰ সকলৰ উদ্ধৃতি দিয়া টুইট টুটকীয়া চাইটত দেখা গৈছে।

৪. মোদী চাৰৰ কাৰ্গিল যাত্ৰাক লৈ বহুত ৰাইজৰ মাজত উৎসাহে দেখা দিছে, বহু দূৰ দূৰণিৰ পৰাও তেখেতৰ ভাষণ শুনিবলৈ মানুহ আহিছে বুলি জানিব পৰা গৈছে। তেখেতৰ মনোমোহা ভাষণ শুনিবলৈ হাফীজ ভাইয়ো ছদ্মবেশত ওলাবহি পাৰে বুলিও তেখেতক লগ ধৰিবলৈ যোৱা সোঁ-পন্থী বৈদিক ছাৰে আশংকাৰ কৰি টুইট প্ৰকাশ কৰিছে।

৫. দিল্লীৰ দুৰ্নীতি নিবাৰক শাখাৰ আওতাৰ পৰা দিল্লী ডেভেলপণ্টমেণ্ট অথৰিটী আৰু দিল্লী পুলিচক আঁতৰাই পঠালে কেন্দ্ৰীয় চৰকাৰে। যত দুৰ্নীতিৰ শিপা উঘলাটো অসম্ভৱ তাত শক্তি ক্ষয় কৰি থাকি লাভ নাই বুলিয়েই এই সিদ্ধান্ত লোৱা বুলিও টুটকীয়াই টুইটযোগে সদৰী কৰিছে।

৬. এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন যোগে কেন্দ্ৰীয় চৰকাৰক নহলে নেতাজী সুভাষ বসুক সোঁ-শৰীৰে হাজিৰ কৰাবলৈ বা মৃত প্ৰমাণ কৰিবলৈ দাবী তুলিছে এজন আবেদনকাৰীয়ে। এতিয়া অন্তৰ্ধান হোৱা মেকুৰীৰ ডিঙিত টিলিঙা অঁৰাৰ দ্বায়িত্বটো কৰ্মঠ চৰকাৰখনে কেনেকৈ পালন কৰে সেয়া লক্ষণীয় হব বুলিও টুটকীয়া মহলে মত প্ৰকাশ কৰিছে।

৭. মৌনমোহন চৰকাৰৰ দিনত আৰম্ভ হোৱা প্ৰায়বোৰ প্ৰকল্পৰ উদ্বোধন কৰি ৰঙাফিটাৰ মেৰপেচৰ পৰা মোকোলাই দি নিজৰ নাম খোদিত কৰাত আগৰণুৱা নৰেন ককাইদেউক, বাকী ভাইটি মন্ত্ৰী সকলকো দুই এটা এনে আনৰ চাউলেৰে ভাত সিজোৱাৰ সুযোগ দিবলৈ দাবী তোলা বুলিও গুজৱ ওলাইছে।

৮. কালি ৰাখী বন্ধনৰ দিনা এনে সাংস্কৃতিক আগ্ৰাসনৰ প্ৰতিবাদেৰে ডিব্ৰুগড়ত নৰপিশাচ সংঘই গণধৰ্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাতৰি পোৱা গৈছে। দিল্লীৱালাই কৰা কামৰ সতে এইদৰে ফেৰ নেমাৰিবলৈকো এতিয়া সচেতন ৰাইজে নৰপিশাচ সংঘক কাতৰ আহ্বান জনোৱা বুলিও জানিব পৰা গৈছে।

৯. "লুভীয়া কুকুৰ" নামেৰে এখন কথাছবি ৰুদি চাহাবে নিৰ্মাণ কৰি উলিয়াবই বুলি প্ৰকাশ কৰিছে। খোৱা-কামোৰা লাগি দুফালে যোৱা দুটি শাসনৰ গাদীভক্তৰ পুনৰ বন্ধুত্বৰ কাহিনীৰে বিহাৰৰ পটভূমিতে ছবিখন নিৰ্মাণ কৰাৰ ইংগিত আদি পদুমানন্দ ৰুদিয়ে প্ৰকাশ কৰিছে।

১০. খুৱচুৰট, দাৱত এ ইস্ককে ধৰি সাতখনকৈ বলিউদী ছবি অহা ১৯ছেপ্তেম্বৰত মুক্তি দিয়া হব। লক্ষ্মীদেৱীয়ে সেইদিনা বিশেষ কৃপা বৰ্ষণ কৰিব বুলি অনজান দাৰুৱালাৰ ভৱিষ্যতবাণীৰ বাবেই সেইদিনটোক লৈ সকলো ধৰ্মৰে ছবি নিৰ্মাতাই এতিয়া খোৱা-কামোৰা লগাইছে। লক্ষ্মীদেৱীৰ ওপৰত সকলো মানৱধৰ্মৰ লোকৰেই অধিকাৰ সমান বুলিও প্ৰযোজক সংস্থাই দাবী কৰাৰ টুইট দেখা গৈছে।

No comments:

Post a Comment