হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. ইলেকচনৰ খেলখনত দেশৰ ভিতৰতে আমাৰ কনপোনা গগৈয়ে বেছি ধন ব্যয় কৰি অভিলেখ স্থাপন কৰাত অসমীয়া ধনীৰ পুত্ৰ সংগঠনে সন্তোষ প্ৰকাশ কৰিছে। বহুতো অতি ধনীৰ বিপথে যোৱা পুত্ৰৰ তুলনাত কনপোনা অন্যতম শ্ৰেষ্ঠ বুলিও তেওঁলোকে অভিহিত কৰি অহা বহাগত "পুত্ৰ-ৰত্ন" বঁটাৰে তেওঁক সন্মান জনাবলৈ সিদ্ধান্ত লোৱা বুলিও প্ৰকাশ কৰিছে।

২. কূটাঘাত কৰিবলৈ আনি নিজে কঢ়িয়াও বোমাৰ বিস্ফোৰণত নিহত হোৱা স্বাধীনতাপ্ৰেমী কেইজনক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সেই কেইজন জাতীয় শ্বহীদ হবনে নহয় তাকে লৈ আঞ্চলিকতাবাদী ফেন ক্লাৱ দোমোজাত পৰা বুলিও গুজৱ ওলাইছে।



৩. গুৱাহাটীত ফুটব্ৰীজ নামৰ লোহাৰ চাঙ আকাশত বনাই দিয়াত মহানগৰবাসীয়ে সন্তোষ প্ৰকাশ কৰিছে। দহ মিনিটৰ ভিতৰত মহানগৰৰ পৰা মহাসাগৰত পৰিণত হোৱা সকলো অঞ্চলতে এনেকৈ আকাশত চাঙ পাতি দিলে পানীৰ দিনত ৰাইজে নিৰ্ভয়ে আশ্ৰয় লব পাৰিব বুলিও প্ৰকাশ কৰিছে। মাত্ৰ চাঙলৈ উঠিবলৈ লিফটৰ ব্যৱস্থা কৰাটো অতিশয় বাঞ্চনীয় বুলিও এলেহুৱা নাগৰিক সন্থাই মত প্ৰকাশ কৰাৰ খবৰ আহিছে।

৪. বিধান সভাত এতিয়া সদ্য পদত্যাগী মন্ত্ৰী তথা সংসদীয় সচিব সকলৰ আসনক লৈ বহুতো গুণাগঁথা চলিছে। সেয়ে অপসাৰিত মন্ত্ৰী, পদত্যাগী মন্ত্ৰী, তথা সমৰ্থন আঁতৰাই নিয়া মন্ত্ৰী, সচিব সকলৰ মাজত এখন মিউজিকেল চেয়াৰ প্ৰতিযোগিতা পাতিলেই চকী নিৰ্ধাৰণ কৰিবলৈ সহজ হব বুলিও সংসদীয় পৰিক্ৰমা মন্ত্ৰীলৈ দিছপুৰ মহিলা পৰিষদে পৰামৰ্শ আগবঢ়োৱা বুলি জানিব পৰা গৈছে।

৫. পানীৰ অভাৱত তেজপুৰত ৩৫০০বিধা মাটি ছন পৰি থকাৰ কথা প্ৰকাশ পোৱাৰ পাছতে সেই মাটি উদ্যোগীকৰণৰ নামত বহিৰাগত ব্যৱসায়ীক পানীৰ দামত দি দিবলৈ আহ্বান জনালে বেপাৰী কল্যাণ সন্থাই। মাটি বিক্ৰী কৰা সকলক স্থাপন হব লগা উদ্যোগত চকীদাৰৰ পোষ্টত মকৰল কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰো আশ্বাস দিলে কল্যাণ সংস্থাটোৱে। এতিয়া পানীৰ দৰ মানে বিছলেৰীৰ দামত নে পুখুৰীৰ পানীৰ দৰত দিব লাগে তাকে লৈ স্থানীয় কৃষক সকল উদ্বিগ্ন হৈ পৰিছে বুলিও গুজৱ ওলাইছে।

৬. "তুমি ক'ত আছা শৰ্মাদা" নামৰ নাটকখনি জালুকাবাৰী নাট্যগৃহত মঞ্চস্থ কৰিছে গৰম খবৰ প্ৰয়াসী নাগৰিক সন্থাই। জিৰণী লোৱাৰ নামত লুকাই থকা এজন হিৰোৰ অবিহনে অসমৰ চেনেল চেঁচা পৰা আৰু ফলত দৈনিক গৰম খবৰ হজম কৰাৰ অভ্যাস কৰা বহু অসমীয়া এতিয়া নিৰাশাত ভোগাৰ দৃশ্যৰে হিৰোজনক পুনৰ গৰম বাতৰি সৃষ্টি কৰিবলৈ আহ্বান জনায়েই এই নাটকখন মঞ্চস্থ কৰিবলৈ লোৱা বুলিও জানিব পৰা গৈছে।

৭. ৰাজ্যৰ সকলো বেমাৰীলোকৰ দ্বায়িত্ব লভাৰ পাছতে খোদ মন্ত্ৰীজনেই বেমাৰত পৰি চিকিৎসালয়ত ভৰ্তি হব লগা কথাই সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বেজৰ নাকতে খৰ বুলি ইতিকিং কৰিব খোজা সমালোচক সকলক অৱশ্যে মন্ত্ৰীৰ ছেক্ৰেটেৰীয়ে, ছাৰে ভেশচন ধৰি বিক্ৰমাদিত্যৰ নিচিনাকৈ স্বাস্থ্য সেৱাৰ বুজ লবলৈ যোৱা বুলিহে ইংগিত দিছে।

৮. কম-বেচ পাৰ্টিয়ে গোটেই অসমতে ৰাজনীতিৰ পথাৰ বোকা কৰি পেলোৱাৰ ফলত অহা ইলেকচনত পদুম ফুল ফুলিবই বুলি জ্যোতিষী হিৰো ইয়ঙে খাটাং খবৰ ভৱিষ্যতবাণী কৰিছে। এতিয়া দলে-বলে ৰঙ গৈ গৈ বগা হোৱা হাতীটোৰ পৰা নামি মানুহে পদুম ফুলৰ সুৱাস লবলৈ বোকা ফালি ফালি গমন কৰা বুলিও খবৰ আহিছে।

৯. মহানগৰীত বৰষুণ দি বানপানী হৈছে আৰু ইফালে অসমৰ বিভিন্ন পথাৰত বৰষুণ নাইকীয়া হোৱাৰ ফলত খৰাং । সেয়ে গোটেই গুৱাহাটীৰ ওপৰত আকাশ মাৰ্গতে টিনপাত লগোৱাৰ বাবে এক বিশাল আঁচনিৰ কথা কইনাধৰা মহলে চিন্তা-চৰ্চা কৰি থকা বুলি জানিব পৰা গৈছে। তেতিয়া গুৱাহাটীৰ বাহিৰতে পানীখিনি ধৰি খেতি-বাতিৰ পথাৰলৈ বোৱাই নি গুৱাহাটীৰ বান সমস্যা আৰু ৰাজ্যৰ খৰাং সমস্যা দুয়োটাৰ চিকাৰ একে গুলীতে কৰিব পৰা যাব বুলিও বিশেষজ্ঞই মত প্ৰকাশ কৰিছে।

১০. অৰুণাচল সীমান্তত নতুকৈ "নাবাম টুকীৰ পুতলা"ই বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা বুলি জানিব পৰা গৈছে। অৰুণাচলীয়ে সঘন আক্ৰমণৰ ঘটনা সংঘটিত কৰাৰ সমানুপাতিক ভাৱে এই পুতলা দাহ কৰা গণতান্ত্ৰিকা কাৰ্যসূচীও বৃদ্ধি পোৱাতেই এই চাহিদাৰ সৃষ্টি হোৱা বুলি বিশ্লেষকে মত প্ৰকাশ কৰিছে।

No comments:

Post a Comment