চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তন

চিন্তন

Share This
জুই লগা সীমান্তঃ নিৰ্বাপনৰ আছেনে উপায়?
অজয় লাল দত্ত
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামাত আজিও জিলিকি আছে কাশ্মীৰ সীমান্তৰ কথা। বিগত চৌবিশ ঘণ্টাত, চোবিশ দিনত কেইবাৰ শান্তিভংগ হৈছে পাকিস্তানৰ সীমাত তাৰেই বাতৰি। কেইজাঁই গুলী চলিছে তাৰো ডাঁৰৰ বাতৰি ডাঁৰে পৰিবেশিত হৈছে। কিন্তু অসম-নগালেণ্ড সীমান্তক লৈ উদ্বিগ্ন নহয় ৰাষ্ট্ৰীয় সংবাদ পত্ৰ। সংবাদ পত্ৰ তথা ৰাষ্ট্ৰীয় মেডিয়াৰ এনে নিৰুদ্বেগ ভূমিকাই এই আন্তঃৰাজ্যিক সীমাৰ ভয়ংকৰ সমস্যাক কেন্দ্ৰীয় গৃহ বিভাগ, ৰাষ্ট্ৰীয় পলিচি মেকাৰ সকলৰ দৃষ্টিত পুনৰবাৰ গুৰুত্বহীন কৰি তোলা নাইনে?

এই জুই লগা সীমান্তৰ খবৰ সংগ্ৰহ তথা এই সমস্যাক সঠিক ভাৱে তথা বিশ্লেষণাত্মক ৰূপত তুলি নধৰাটোৱে দেশৰ মূলসুঁতিৰ নেতা, আমোলা, পণ্ডিত তথা নাগৰিক সকলৰ ওচৰত এই বিষয়ে সঠিক ছবি উপস্থাপন নকৰাৰ এক অপৰাধেই সংঘটিত হোৱা নাইনে। যিটো সময়ত আমাৰ বৈচিত্ৰ্য, ভৌগোলিক, ৰাজনৈতিক ইতিহাস নজনা নেতা, আমোলাই দিল্লীৰ পৰা সিদ্ধান্ত জাপি দিয়াৰ অভিযোগ তোলো, সেই ক্ষণত আমিও কথাবোৰ সঠিক ৰূপত উপস্থাপন কৰাৰ প্ৰয়োজনীয়তা নাইনে? আন্তঃৰাজ্যিক সীমাত হোৱা হিংসাত্মক ঘটনা, নাগৰিকৰ জীৱন-সম্পত্তিৰ প্ৰতি নিৰাপত্তাৰ ভাবুকি
"সমগ্ৰ ৰাষ্ট্ৰৰ বাবে চিন্তনীয় সমস্যা"  বুলি তুলি ধৰাৰ নিশ্চয়কৈ প্ৰয়োজন আছিল। কাৰণ আন্তঃৰাজ্যিক সীমা বিবাদ নিষ্পত্তিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ তথা গৃহ বিভাগৰ প্ৰত্যক্ষ হস্তক্ষেপৰ প্ৰয়োজন আছে, আনকি উচ্চতম ন্যায়ালয়ৰো। আৰু কেন্দ্ৰীয় চৰকাৰখন বা সৰ্বোচ্চ ন্যায়ালয়ৰ মনোভাৱ তথা সিদ্ধান্তৰ ক্ষেত্ৰত দিশ দিব পৰাকৈ দেশৰ আগশাৰীৰ বুদ্ধিজীৱি সকলৰ লেখা বা মতামতেও যথেষ্ট হেঁচাৰ সৃষ্টি কৰিব নিশ্চয়কৈ পাৰে। আন্তঃৰাজ্যিক দুৰ্বৃত্তৰ ক্ষেত্ৰতো কেন্দ্ৰীয় গৃহ বিভাগৰ হস্তক্ষেপ অবিহনে অপৰাধীলৈ হাত মেলাই দুৰূহ কথা, শাস্তি প্ৰদানতো দূৰৰেই কথা, সেই কথাও আমি বুজি লব লাগিব।

যদিও বিগত পষেকত উত্তৰ-পূৱৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে কেন্দ্ৰীয় চৰকাৰে জিঅ'গ্ৰাফিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ বিষয়া সকলক বিভিন্ন ৰাজ্যৰ ৰাজহ বিষয়াসকলৰ সৈতে আলোচনা কৰি এক ফলপ্ৰসূ দিশৰ ফালে সমস্যাটোক নিয়াৰ বাবে পদক্ষেপ লবলৈ নিৰ্দেশ দিয়াৰ এটি ভাল খবৰ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল। কিন্তু সেইকামটো বাস্তৱায়িত হোৱাৰ পথত আগবঢ়াৰ পৰবৰ্তী খবৰটো অহাৰ আগেয়েই অসম-নগালেণ্ড সীমান্তৰ হিংসাত্মক ঘটনাৱলীয়ে এই ইতিবাচক পদক্ষেপকলৈ আৰু কিছু নতুন প্ৰশ্নচিহ্নৰহে অৱতাৰণা কৰিছে।

বিশেষকৈ বহুকেইটা কাৰক ৰাজনৈতিক। "আমাৰ অসম" কাকতত প্ৰথম কলম শিতানত অসমৰ বিশিষ্ট বুদ্ধিজীৱি হোমেন বৰগোহাঞি দেৱে বহুমূলীয়া প্ৰৱন্ধ এটিৰ পুনৰ মুদ্ৰণ কৰিছে। যিটো লেখা তেখেত ১৯৭৯চনৰ ২৫জানুৱাৰী সাপ্তাহিক "নাগৰিক" কাকতত প্ৰকাশ কৰিছিল, সেই লেখাটিত চৰকাৰী আৰু সম্পত্তিৰ ওপৰত ১৯৫৬চনৰ ২৯ডিচেম্বৰত নগা দুৰ্বৃত্তৰ আক্ৰমণৰ কথা আৰু সেই সময়ৰ পৰা বিৰামহীন ভাৱে এনে আক্ৰমণ চলি অহাৰ কথা উল্লেখ আছে। তেখেত তেতিয়াই লিখা ছবিখনৰ আজিলৈকে একোৱেই সলনি নহ'ল। চৰকাৰ, প্ৰশাসনৰ বাবে তাতোকৈ লজ্জাজনক কথা কি থাকিব পাৰে?

তেখেতে উনুকিয়াই দিয়া আন এটা কথালৈকো আমি দৃষ্টি ৰাখিব লাগিব যে অসমৰ সীমামূৰীয়া জনজাতীয় ৰাজ্য কেইখনৰ সীমা তথা ভূমিখণ্ড সংবিধানৰ দ্বাৰা এনেদৰে সুৰক্ষিত হৈ আছে যে আন কোনো ভাৰতীয়ই গৈ তাত বসবাস কৰিব নোৱাৰে। তাৰ বিপৰীতে অসমৰ মাটিত যিকোনো অনুপ্ৰৱেশকাৰীয়েই হওক বা প্ৰৱেশকাৰীয়েই হওক আহি দখল লৈ যুগ যুগলৈ সেই ভূমিত নিগাজী হোৱাত কোনো বাধা নাই।

সীমামূৰীয়া জনজাতীয় ৰাজ্য কেইখনে বিভিন্ন প্ৰকাৰে ৰাজনৈতিক ব্লেকমেইলিং কৰি কেন্দ্ৰীয় চৰকাৰক প্ৰায়বোৰ কথাতে সৈমান কৰি থকা আৰু সেই ৰাজ্য সমূহৰ লোকসকলে সেই সুৰুঙাতে অসমৰ ভূমিত অবৈধ দখল, আগ্ৰাসন চলাই থকাতো অবিৰত এক প্ৰক্ৰিয়া হৈয়ে আছে। কিন্তু এই আগ্ৰাসী প্ৰক্ৰিয়াত অসমৰ চৰকাৰ প্ৰশাসনে বিগত ৪৮ বছৰেও নিজৰ ভূমি, নাগৰিক, সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত নকৰিলে। তাৰ বাবে শাসনাধিষ্টিত দলৰ সীমান্ত নীতি আৰু দুৰ্বল নেতৃত্বকেই জগৰীয়া কৰাৰ বাহিৰে মানুহৰ হাতত বিকল্পই বা কি?

আনহাতে ডঃ হীৰেন গোহাঁই দেৱে বিষয়টোত বৃহত্তম নাগালিমৰ প্ৰসংগটোলৈ উনুকিয়াই দি এই আগ্ৰাসী হিংসাত্মক ঘটনাৱলীৰে নাগালিমৰ দাবীকে প্ৰতিনিয়ত প্ৰতিপন্ন কৰি থকাৰ এক কাৰচাজি বুলিও এক প্ৰৱন্ধত উল্লেখ কৰিছে। এই ঘটনাত নাগালেণ্ড আৰু ভাৰত চৰকাৰৰ প্ৰচ্ছন্ন সমৰ্থন আছে বুলিও তেখেত মত প্ৰকাশ কৰিছে। চৰকাৰী নথিত থকা সীমা-বিবাদৰ ন্যায়সংগত সমাধানৰ বাবে উচ্চতম ন্যায়ালয়ে মধ্যস্থতা নিয়োগ কৰি সমাধান কৰাৰ বাট দেখুৱাব লাগে বুলিও তেখেত প্ৰকাশ কৰিছে। অতীজৰে পৰা পাহাৰৰ পৰা নামি আহি ভৈয়ামৰ মানুহক কচুকটা দিয়া পাৰম্পৰিক আক্ৰমণৰ মনোভাৱ ত্যাগ কৰাবলৈ বিধি ব্যৱস্থাৰে গঠিত এখন নিৰ্বাচিত চৰকাৰ তাত থকা স্বত্বেও কোনো এজন আইন ভংগকাৰীকে আজিলৈকে আইনৰ আওতালৈ অনা বা শাস্তি বিধানৰ দৃষ্টান্তৰ সৃষ্টি নোহোৱাটোৱে দুৰ্বৃত্ত সকলক  প্ৰত্যক্ষভাৱেই অত দিনে উৎসাহজগাই অহা নাইনে!

আনহাতে কৃষক নেতা অখিল গগৈয়েও আক্ৰান্ত ধনশিৰি মহকুমাৰ বৃহৎ অঞ্চলত বাস্তৱিক ঘটনা প্ৰত্যক্ষ কৰি নিজৰ মতামত সংবাদ পত্ৰ যোগে প্ৰকাশ কৰিছে। অসমৰ এ ছেক্টৰটো নগাই ইতিমধ্যেই দখল কৰা বুলি প্ৰকাশ কৰি বি আৰু ছি ছেক্টৰতো অবাধে গাঁওবাসীৰ ঘৰ-দুৱাৰ জ্বলাই হত্যালীলা সংঘটিত কৰাৰ বাতৰি প্ৰকাশিত হৈছে। এতিয়া প্ৰায় বাৰ হাজাৰ লোকে আশ্ৰয় শিবিৰত থাকিব লগা পৰিস্থিতিৰ উদ্ভৱ হৈছে। সেই স্থান সমূহত অসম পুলিচ আৰু বেলেটিয়ানৰ জোৱান পঠিয়াই গাঁও সমূহ পহৰা নিদিলে সেই সমূহো নগাৰ দখললৈ গুচি যাব বুলিও তেখেতে সম্ভাৱনা প্ৰকাশ কৰিছে।

এই স্থানত বাস কৰা মূলত আদিবাসী লোক সকলকে ধৰি আন নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰা, অসমৰ গাঁও-ভূমি সমূহ আগ্ৰাসনৰ পৰা ৰক্ষা কৰাৰ বাবে এক সুদূৰ প্ৰসাৰী স্থিতি গ্ৰহণ কৰাৰ সময় ইতিমধ্যেই চৰম সীমাত উপনীত হৈছে। গৃহহীন এজাক মানুহৰ সমুখত, পৰিয়াল পৰিজনক হেৰুওৱা আত্মীয়ৰ সমুখত ৰাজ্যৰ প্ৰজাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ শপত লোৱা মুখ্যমন্ত্ৰীয়ে একেই দায়সৰা মন্তব্যই কৰি যাবনে। একো বিশেষ হোৱা নাই, নিৰাপত্তাৰক্ষীৰ বাবে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিছো, সেয়া বিবদমান এলেকা আদি আখ্যাৰে গা-এৰাই চলিব নে কাৰ্যত কিবা এটা কৰাৰ পদক্ষেপ লব! শান্তিপূৰ্ণ প্ৰতিবাদৰ সময়ত নিৰস্ত্ৰ জনতাৰ ওপৰত সততে জঁপিয়াই পৰা গগৈদেউৰ পুলিচ বাহিনী, উগ্ৰপন্থী দমনৰ নামত গঞাক হাৰাশাস্তি কৰা ইউনিফাইণ্ড কামাণ্ডৰ সেনা এতিয়া সাধাৰণ গঞাক এনে আগ্ৰাসী নগাৰ আক্ৰমণৰ পৰা বচাবলৈ আৱিৰ্ভাৱ হোৱা নাই কিয়? এইবোৰ প্ৰশ্নৰো উত্তৰ গৃহ বিভাগৰ দ্বায়িত্ব লোৱা মুখ্যমন্ত্ৰীয়েই ৰাইজক দিব লাগিব।

"অসমীয়াৰ সুখ-দুখ"ৰ পাতত প্ৰকাশ পোৱা দেৱব্ৰত গগৈৰ এই বিষয়ক প্ৰৱন্ধত লেখকে অনুভৱ কৰাৰ দৰেই অতীজৰ "কনচেং বুঢ়াগোহাঁই"ৰ দৰে এজন সৱল নেতাৰ সঁচাকৈয়ে প্ৰয়োজন হৈ পৰিছে। যি মৈত্ৰী, শক্তি, চল-চাতুৰি সহিত যিকোনো উপায়েৰেই নিজৰ ৰাজ্য আৰু প্ৰজাৰ সুৰক্ষা প্ৰদান কৰিছিল। বিবদমান এলেকাসমূহত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ উপস্থিতিত আৰু কেন্দ্ৰীয় গৃহ দপ্তৰৰ প্ৰত্যক্ষ হস্তক্ষেপত অচিৰেই সেনা-বাহিনীৰ স্থায়ী চাউনি নিৰ্মাণ কৰাৰ কাম হাতত লব লাগে। সেই অঞ্চলত তৃতীয় পক্ষ তথা নিৰপেক্ষ সেনাবাহিনীৰ দ্বাৰাই স্থায়ী খুটা তথা সীমান্ত নিৰ্দ্ধাৰণৰ কাম কৰাব লাগে। অসমৰ ভূমি যাতে এক বিন্দুও কোনেও দখল কৰিব নোৱাৰে, অসমৰ চহা নাগৰিকক কোনেও আক্ৰমণ কৰিব নোৱাৰে সেয়া অচিৰেই নিশ্চিত কৰিব লাগে। নহ'লে হাতত খোলা অস্ত্ৰ লৈ ঘূৰা এজাক মানুহ, আন্তঃৰাষ্ট্ৰীয় চোৰাং ব্যৱসায়ৰ খোলা পথ, কেইবাতৰপীয়া ৰাজনৈতিক ষড়যন্ত্ৰক সেই স্পৰ্শকাতৰ অঞ্চলবোৰত প্ৰতিহত কৰাৰ ভৱিষ্যতে কোনো উপায় নাথাকিব। এই কাম কৰিবলৈ এই চৰম সময়ত পিছ হোহোঁকি অহা কোনো শাসককে অসমীয়া ৰাইজে ক্ষমাও নকৰিব সেয়াও নিশ্চিত।

নাগালেণ্ড চৰকাৰক প্ৰত্যক্ষ হেঁচা প্ৰয়োগ কৰি দুৰ্বৃত্তক দৃষ্টান্তমূলক শাস্তি প্ৰদানেহে ভুক্তভোগী ৰাইজক ন্যায় দিব পাৰিব। এই ন্যায়দানৰ নিশ্চিতিও অসম চৰকাৰে দিব পাৰিব লাগিব। এইসকল সৰল, চহা লোকক যে চৰকাৰে নিজে নিজে ক্ষতিপূৰণ দিব, ঘৰবাৰী দি সংস্থাপন দিব সেয়া এটা বিলাসী কল্পনাহে মাথোন। সেয়ে এই বিষয়টোকো বৌদ্ধিক, ৰাজনৈতিক, সামাজিক সংগঠন সমূহে সহানুভূতিৰে আগুৱাই নি অন্তত বাচি থকা মানুহখিনিক  ক্ষতিপূৰণৰ দিশটোও নিশ্চিত কৰাব লাগিব। নিৰাপত্তা থকা স্থানত পুনৰ সংস্থাপনৰ ক্ষেত্ৰত যাতে চৰকাৰে মোৰ-পোলোকা দিব নোৱাৰে তাৰ ক্ষেত্ৰটো সজাগ দৃষ্টি ৰাখিব লাগিব। দুৰ্বৃত্তৰ হাতত ঘৰ-আত্মীয় স্বজন হেৰুৱাৰ সৰ্বোচ্চ বেদনা পোৱা এই সকলো ভাৰতীয় নাগৰিক সেই কথাও সকলো লোকেই অনুভৱ কৰিব লাগিব।

কাশ্মীৰ সীমান্তত মৃত লোকৰ জীৱনৰ যিমান মূল্য আছে একেই মূল্য আছে আমাৰ সীমান্তবাসী জনগণৰো। দুৰ্বৃত্ত বাহিৰৰেই হওক বা ভিতৰৰেই, ভাৰতীয় নাগৰিক হিচাবে জীৱন আৰু সম্পত্তি ৰক্ষাৰ দ্বায়িত্ব কেন্দ্ৰীয় চৰকাৰৰো। অসমীয়া বুদ্ধিজীৱিৰ লেখা পঢ়ি দিল্লীয়ে শিক্ষা নলয়, সেয়ে ৰাষ্ট্ৰীয় মাধ্যমত কাম কৰা অসমীয়া বা বাকী সংবাদ কৰ্মী সকলেও বিষয়টো সঠিক ৰূপত উপস্থাপন কৰি দেশৰ আগশাৰীৰ বুদ্ধিজীৱিয়ে হেঁচা প্ৰয়োগ কৰাৰ ক্ষেত্ৰত পৰিবেশ সৃষ্টি কৰক। আন এটা কোণৰ সমস্যাক গুৰুত্ব আৰু আন কোনো কোণৰ সমস্যাক গুৰুত্বহীন কৰাৰ ৰাষ্ট্ৰীয় চৰিত্ৰক তাৰ বাহিৰে আমি কোনোও সলাব নোৱাৰিম সেয়াও অনুভৱ কৰক।

নিজ জিলা বা গাঁৱত প্ৰতিবেশীৰ ঘৰ জ্বলোৱা, হত্যা, হিংসাৰে জীৱন অতিষ্ঠ কৰাৰ এই যাত্ৰা অব্যাহত থাকিলে দিল্লীত নিৰ্যাতন হলেহে মনলৈ অহা বিশাল "উত্তৰ-পূৱ"ৰ ঐক্যৰ ধাৰণাও চূৰ্ণীকৃত হবলৈ সময় নালাগিব।যাৰ ফলশ্ৰুতি অনাগত দিনত কাৰোৰে বাবেই সুখকৰ নহব, সেয়াও নিশ্চিত।

No comments:

Post a Comment