পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গুৱাহাটীত বৰ্তমানে চলি থকা দহখনকৈ মহিলা চিটী বাছৰ সৈতে অসম চৰকাৰে যোগ দিব আন দহখন বাছ৷ পৰিবহন নিগমৰ বগা-নীলা ৰঙৰ এনে বিশেষ বাছ ১৫আগষ্টৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে উদ্বোধন কৰিব বুলিও সুখবৰ প্ৰকাশ কৰিছে৷ লগতে মহিলা সাংবাদিক সকলৰ বাবে বিনামূলীয়া ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব বুলিও পৰিবহন নিগমে এক সংবাদ মেলত কালি সদৰী কৰিছে৷


২. কৰ্তব্য পালনৰ সময়ত নিহত আৰক্ষী বিষয়াৰ নিকটাত্মীয়ক সঠিক পদত নিযুক্তিৰ বিষয়ত এচিৰেই এখন আইন প্ৰণয়ন কৰা হব বুলি কালি বিধান সভাক জনালে মন্ত্ৰী ৰকিবুল হুছেইনে৷ শোণিতপুৰৰ আৰক্ষী বিষয়া গুলজাৰ হুছেইনৰ পত্নীক ৰাজপত্ৰিত বিষয়া পদত নিযুক্তৰ বিষয়ত বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশ্নৰ উত্তৰত এই কথা মন্ত্ৰী গৰাকীয়ে প্ৰকাশ কৰিছে৷


৩. দেশৰ উদ্যোগ মন্ত্ৰী অনন্ত গীতেক সাক্ষাৎ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিনিধিৰ দলে৷ অশোক কাগজ কলৰ পুনৰ কাৰ্যক্ষম কৰাকে ধৰি অসমৰ ৰুগীয়া উদ্যোগ সমূহক লৈ ইতিবাচক পদক্ষেপ গ্ৰহণ কৰিবলৈ আছুৱে দাবী জনায়৷ অচিৰেই বিষয় সমূহক লৈ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে সন্মতি প্ৰকাশ কৰিছে বুলিও জানিব পৰা গৈছে৷

৪. অসমত চাহ শ্ৰমিকৰ দৈনিক মজুৰী বৃদ্ধিৰ বিষয়ত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সৈতে আলোচনাত মিলিত হ'ল অসমৰ মুখ্যমন্ত্ৰী৷ এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্য সচিবক নিৰ্দেশ দিয়াৰ লগতে বাগিচাৰ মালিক, চৰকাৰ আৰু চাহ-শ্ৰমিক সংগঠনৰ ত্ৰি-পাক্ষিক বৈঠকতহে এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা হব বুলিও প্ৰকাশ কৰিছে৷

৫. অসমৰ বিশিষ্ট শিল্পী সুদক্ষিণা শৰ্মাই অহা ৮ আগষ্টত ৮০বছৰ পূৰ্ণ কৰিব৷ ভাৰতীয় গণনাট্য সংঘৰ গুাৱাহাটী শাখাৰ সভানেত্ৰী ৰূপে দ্বায়িত্ব পালন কৰি থকা শিল্পী গৰাকীৰ জন্মদিনত আনুষ্ঠানিকতাৰে পালন কৰিবলৈ আয়োজন কৰা হৈছে৷ ভাৰতৰ ছাত্ৰ ফেডাৰেছন, ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আৰু নতুন সাহিত্য পৰিষদে যৌথভাৱে গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত এই শুভেচ্ছামূলক অনুষ্ঠানটিৰ আয়োজন কৰিছে৷

৬. তেজপুৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ বৰ্ষজোৰা উদযাপনৰ শুভাৰম্ভ৷ ৫জুলাইত ইয়াৰ শুভ উদ্বোধন কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল কুমাৰ হাজৰিকাই গুণগত মানৰ লগতে কৰ্মমুখী শিক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷

৭. গুৱাহাটীৰ বান আৰু ভূমিস্খলনৰ দুৰ্গত সকলক তাৎক্ষণিকভাৱে সহায় কৰিবলৈ কালিৰে পৰা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত আৰম্ভ কৰা হৈছে এটা জৰুৰী সেৱাৰ নিয়ন্ত্ৰণ কক্ষ৷ চৌবিশ ঘণ্টাই খোলা থাকিব লগা এই সেৱা কেন্দ্ৰইলৈ ০৩৬১-২২৩৭০৮২ নম্বৰত ফোন কৰি অভিযোগ, পৰামৰ্শ প্ৰদান কৰাৰ লগতে সাহাৰ্য বিচাৰিব পাৰিব বুলি সচিবালয়ৰ প্ৰশাসনিক বিভাগে সদৰী কৰিছে৷

৮. অৰবিন্দ কেজৰীৱালৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ জাৰী কৰিলে জাননী৷ দিল্লীত চৰকাৰ গঠন অথবা নিৰ্বাচন সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ পাঁচ সপ্তাহৰ সময় দি নিৰ্বাচিত জন-প্ৰতিনিধি সকলক কাম কৰিবলৈ নিদি ঘৰত বহাই ৰখাতো যুক্তি-যুক্তনে বুলিও উচ্চতম ন্যায়ালয়ে প্ৰশ্ন তোলাৰ খবৰ সংবাদ মাধ্যমে প্ৰকাশ কৰিছে৷

৯. বৰপেটাৰোড সাহিত্য সভাৰ সহকাৰী সম্পাদক তথা কৃষি বিষয়া প্ৰয়াত সুনন্দ তালুকাৰৰ স্মৃতিত প্ৰকাশ কৰি উলিওৱা হৈছে "সোঁৱৰণীৰ সুৱাস" নামৰ এখনি গ্ৰন্থ৷ বৰপেটাৰোড সাহিত্য সভাই প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থখন উ্ন্মোচন কৰিলে বিএইচ কলেজৰ অধ্যক্ষ ভূষণ চন্দ্ৰ পাঠকদেৱে৷

১০. সুদীৰ্ঘ দিনৰ অপেক্ষাৰ অন্তত অহা ৭আগষ্টত মুকলি হব, যোৰহাটৰ ভোগদৈৰ দলঙ৷ এই দলঙত কিছু কাৰিকৰী কাম বাকী থকাৰ পৰিপ্ৰেক্ষিতত সদ্যহতে লঘু যান-বাহনৰ বাবে মুকলি কৰি দিয়া হব বুলি উপায়ুক্তই প্ৰকাশ কৰিছে৷

No comments:

Post a Comment