পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. তেজপুৰৰ হ'প নামৰ স্বেচ্ছাসেৱী সংগঠনটোৰ সদস্য সকলে ফেচবুকৰ জৰিয়তে প্ৰচাৰ চলাই বানপীড়িত লোক সকলৰ বাবে সাহাৰ্য সংগ্ৰহ কৰাৰ প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰিছে৷ প্ৰায় দুশ গৰাকী ব্যক্তিয়ে সঁহাৰি জনোৱাৰ লগতে স্থানীয় ৰাইজেও চাউল, চিৰা আদি দান কৰা বুলি জানিব পৰা গৈছে৷ এই সমূহ সামগ্ৰী ধেমাজি-লখিমপুৰৰ বানাক্ৰান্ত লোকৰ মাজত বিতৰণ কৰা হব বুলিও সংগঠনটোৱে প্ৰকাশ কৰিছে৷


২. বুলেট ট্ৰেইন আৰু স্মাৰ্ট চিটিৰ প্ৰকল্পৰ বাবে জাপানৰ বিনিয়োগকাৰীৰ সন্ধান কৰিবলৈ পাঁচ দিনীয়া ভ্ৰমণসূচীৰে জাপান ভ্ৰমণত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷  কালি কয়েট চহৰৰ আৰ্হিত বেনাৰসক গঢ়ি তোলাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰাৰ পাছত প্ৰতিৰক্ষা, শক্তি খণ্ড আদিত সহযোগিতাৰ বিষয়ত ইতিবাচক খবৰ অচিৰেই আহিব বুলিও সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে৷

৩. কালি ধেমাজিৰ প্ৰেছ ক্লাৱত উন্মোচিত হৈছে দিগন্ত কুমাৰ কাকতিৰ "প্ৰগতিৰ অন্তৰায় আঁতৰিবনে" শীৰ্ষক এখনি গ্ৰন্থ৷ গ্ৰন্থখনিত সংকলিত প্ৰৱন্ধ সমূহত ক্ষুদ্ৰ উদ্যোগ, নিবনুৱা সমস্যাৰ সমাধানৰ পথ, বেংকিং ব্যৱস্থাৰে সাধাৰণ ৰাইজক সৱলীকৰণ আদি বিভিন্ন দিশ প্ৰতিফলিত হৈছে আৰু এই গ্ৰন্থখনিয়ে নতুন পুৰুষক এই দিশ সমূহত বহুতো ব্যৱহাৰিক কথা সম্পৰ্কে অৱগত কৰিব পাৰিব বুলিও প্ৰৱক্তাৰূপে কৰ্মৰত লেখকগৰাকীৰ পৰা জানিব পৰা গৈছে৷

৪. এজন ৰোগীক ভুল চিকিৎসা কৰাৰ অপৰাধত যোৰহাটৰ জিলা উপভোক্তা ফ'ৰামে যোৰহাটৰ খ্ৰীষ্টান মেডিকেল চেণ্টাৰক ৰোগীক ত্ৰিশ হাজাৰ টকাৰ ক্ষতিপূৰণৰ নিৰ্দেশ দিয়াৰ খবৰ প্ৰকাশিত হৈছে৷ ম্যাদ উকলা বেজী দি ৰোগীক চিকিৎসা কৰা আৰু মানসিক আতিশয্য চলোৱাৰ বাবেই এই ক্ষতিপূৰণৰ নিৰ্দেশ দিয়া বুলিও জানিব পৰা গৈছে৷

৫. যোৰহাটৰ বিষ্টুৰাম হলত অনুষ্ঠিত হ'ল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুাৱৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তী উদযাপন সমিতিয়ে আয়োজন কৰা আলোচনা চক্ৰ আৰু সাংস্কৃতিক অনুষ্ঠানৰ৷ উদযাপন সমিতিয়ে বছৰজোৰাকৈ বিভিন্ন অনুষ্ঠান আয়োজন কৰাৰ লগতে জিলাখনৰ বিভিন্ন অঞ্চলত সাহিত্যৰথীৰ জীৱন আৰু কৰ্মক লৈ চেতনা যাত্ৰাৰো আয়োজন কৰিছে বুলি সুখবৰ প্ৰকাশিত হৈছে৷

৬. অসমৰ নাট্য জগতৰ সম্ৰাট স্বৰূপ মহেন্দ্ৰ বৰঠাকুৰৰ ৭৯তম জন্ম জয়ন্তীত গুৱাহাটীৰ অম্বিকাগিৰি নগৰৰ সেউজ সংঘই তেখেতৰ এখন চৰ্চিত নাটক "স্বাস্থ্যশ্ৰী কোম্পানী" মঞ্চস্থ কৰিবলৈ আয়োজন কৰিছে৷ অহা ১ আৰু ২ছেপ্তেম্বৰৰ সন্ধিয়া মঞ্চস্থ হব লগা নাটখনৰ পৰিচালনা কৰিছে বলেন গোস্বামীয়ে, সামগ্ৰিক পৰিকল্পনা ৰূপজ্যোতি বৰঠাকুৰৰ৷

৭. গুৱাহাটীৰ প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ শিক্ষক গোটে ১ছেপ্তেম্বৰত আয়োজন কৰিছে পণ্ডিত তীৰ্থনাথ শৰ্মা সোঁৱৰণী বক্তৃতানুষ্ঠানৰ৷ কলেজখনৰ হীৰক জয়ন্তীৰ সৈতে সংগতি ৰাখি আয়োজিত এই স্মাৰক বক্তৃতাত দেশৰ প্ৰখ্যাত ভূ-চুম্বকত্ব বিশেষজ্ঞ তথা বিজ্ঞানী ৰাঘৱ চন্দ্ৰ ডেকাই "এণ্টাকৰ্টিকা অভিযানত মোৰ জীৱনৰ ৪৮৫টা দিন" শীৰ্ষক বক্তৃতা প্ৰদান কৰিব৷

৮. আজি গুৱাহাটীৰ প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত উন্মোচিত হৈছে বিশাল প্ৰকাশনৰ নিবেদিত গোপাল জালানৰ "জীৱনৰ বাটত এক অনুভূতি" আৰু "জীৱন কি ৰাহ মে এক চিন্তন প্ৰৱাহ" শীৰ্ষক দুখনকৈ গ্ৰন্থ৷ উন্মোচক ৰূপে অংশ লব বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞি আৰু শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰীয়ে৷

৯. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হ'ল কৰবী হাজৰিকাৰ দুখনকৈ গ্ৰন্থ "বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য" আৰু "ৱ'মেন ইন ডিক্সনেৰী-ইণ্টাৰপ্ৰিটেটিং ইণ্টাৰপ্ৰিটেইচন"৷ উন্মোচক ৰূপে অংশ লয় ডঃ হীৰেণ গোহাঁই, অনুৰাধা শৰ্মা পূজাৰী আৰু ডঃ প্ৰদীপজ্যোতি মহন্ত দেৱে৷

১০. অসম বিধান সভাৰ বাজেট অধিবেশনৰ কালি সামৰণি পৰিছে৷ দেশৰ নদী সংযোগী প্ৰকল্পৰ বিষয়টোত জলসম্পদ মন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ ৩০খন আঁচনিৰ ভিতৰত দুখনতহে অসমৰ নদীৰ উল্লেখ থকাৰ কথা স্পষ্ট কৰি দিয়ে আৰু অসমৰ স্বাৰ্থ বিঘ্নিত হোৱাৰ সম্ভাৱনা দেখিলে এই আঁচনিত সহযোগ নকৰে বুলিও ৰাজ্য চৰকাৰৰ স্থিতি সদনত প্ৰকাশ কৰে বুলি জানিব পৰা গৈছে৷

No comments:

Post a Comment