পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. কাজিৰঙাৰ বন্য জন্তুৰ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি উদ্যানৰ দক্ষিণ দিশেৰে যোৱা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এলেকাত ছখনকৈ উৰণীয়া সেতু নিৰ্মাণ কৰা হব। এই কথা কালি কাজিৰঙাত এক সংবাদ মেলত সদৰী কৰিলে ৰাজ্যৰ বনমন্ত্ৰীয়ে।

২. কালি শুভাৰম্ভ হল জ্যেতি-বিষ্ণুৰ অনুজ আন এগৰাকী শোণিতপুৰীয়া শিল্পী শোণিত কোঁৱৰ গজেন বৰুৱাৰ জন্ম শতবাৰ্ষিকীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ। জামুগুৰিহাটৰ বাপুজী ভৱনত হোৱা এই উদ্বোধনী অনুষ্ঠানত স্মাৰক বক্তৃতা প্ৰদান কৰে বিশিষ্ট সাহিত্যিক উপেন্দ্ৰ নাথ বৰকটকীয়ে।

৩. শক্তিপীঠ কামাখ্যাত অহা ১৮ আৰু ১৯ আগষ্টত অনুষ্টিত হব দেৱধ্বনি উৎসৱ। কাইলৈ মনসা দেৱীক ভোগ নিবেদন কৰাৰ পাছতে এই উৎসৱৰ আৰম্ভ হব আৰু তীক্ষ্ণ দাৰ ওপৰত কৰা দেওধাৰ নৃত্য দুয়োদিনাই প্ৰদৰ্শিত হব বুলিও কামাখ্য দেৱোত্তৰ বৰ্ডে প্ৰকাশ কৰিছে।

৪. ৰাজ্যখনৰ অগ্ৰণী প্ৰগতিশীল সাহিত্য অনুষ্ঠান নতুন সাহিত্য পৰিষদে ১৯৪৬চনৰ ১৮আগষ্টৰ দিনা কলকাতাত সাম্প্ৰদায়িক আক্ৰমণত নিহত কবি অমূল্য বৰুৱাৰ মৃত্যুৰ দিনটো ৰাজ্যৰ বিভিন্ন কোনত "সাম্প্ৰদায়িকতা বিৰোধী সাহিত্য দিৱস"ৰ ৰূপত উদযাপনৰ দিহা কৰিছে। কাইলৈ গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি প্ৰেক্ষাগৃহত হব লগা অনুষ্ঠানত নিৰ্বাচিত গীত আৰু কবিতা পৰিবেশনৰ লগতে ডঃ হীৰেণ গোহাঁইদেৱে প্ৰদান কৰিব "সাম্প্ৰদায়িকতা আৰু তাৰ সাম্প্ৰতিক তাৎপৰ্য" শীৰ্ষক বক্তৃতা।

৫. অহা ২৮ছেপ্তেম্বৰত অনুষ্ঠিত হব অসম লোকসেৱা আয়োগৰ প্ৰাৰম্ভিক পৰীক্ষা। কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি এই পৰীক্ষাৰ দ্বাৰা ১৮০টা পদত নিযুক্তি প্ৰদান কৰা হব।

৬. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চানেকি মাকো বা বেজি অবিহনেই বস্ত্ৰত তুলি ধৰি ৰাজ্যপালৰ প্ৰশংসা লাভ কৰিলে যোৰহাটৰ সত্তৰোৰ্ধৰ শিপিনী লক্ষীপ্ৰভা বৰদলৈয়ে। গুৱাহাটীৰ সত্যনাথ বৰা প্ৰেক্ষাগৃহত আয়োজিত বস্ত্ৰ প্ৰদৰ্শনীখনত এই কৰ্মৰাজি দেখি ৰাজ্যপালে ৫০হাজাৰ টকাৰ এককালীন অনুদান ঘোষণা কৰে। ৫০ইঞ্চি দীঘল আৰু ৩২.৫ ইঞ্চি বহল বস্ত্ৰখনত মুগা সূতা আৰু হাতী পকোৱা সূতা ব্যৱহাৰ কৰা হৈছে বুলিও জানিব পৰা গৈছে।

৭. অসম-নগালেণ্ড সীমান্তত চলি থকা হিংসাত্মক ঘটনাৰ বিষয়ত হস্তক্ষেপ দাহী কৰি আছুৱে কৰিলে ৰাজ্যপালক সাক্ষাৎ। এই অগ্নিগৰ্ভা পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰৰ লগতে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত হস্তক্ষেপ বিচাৰি পত্ৰ পঠিয়াইছে অসমৰ মুখ্যমন্ত্ৰীয়ে। তেখেতে কাইলৈ সৰুপথাৰ ভ্ৰমণ কৰিব বুলিও জানিব পৰা গৈছে।

৮. অসমৰ শিলচৰ, লক্ষীপুৰ আৰু যমুনামুখ বিধানসভা সমষ্টিৰ বাবে উপনিৰ্বাচনৰ অহা ১৩ছেপ্তেম্বৰ তাৰিখে অনুষ্ঠিত হব। ২৭আগষ্টত মনোনয়ন দাখিলৰ শেষ দিন আৰু ১৬ছেপ্তেম্বৰত ভোট গণনা হব বুলিও জানিব পৰা গৈছে। এই তিনিটা সমষ্টিৰ লগতে দেশৰ মুঠ ৩৩টা বিধানসভা সমষ্টি আৰু ৩টা লোকসভা সমষ্টিত উপনিৰ্বাচন সেইদিনটোতে অনুষ্ঠিত হব। তাৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খালী কৰা বৰোদা আসনখনো আছে।

৯. বঙাইগাঁও জিলা সাহিত্য সভা আৰু বঙাইগাঁও শাখা সাহিত্য সভাৰ যুটীয়া উদ্যোগত কালি কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ ৮৪তম জন্মদিৱস উদযাপন কৰাৰ সুখবৰ।

১০. সাৰদা কেলেংকাৰীৰ গোচৰত অসম-ওড়িশা-মুম্বাইৰ মুঠ ৫৮টা স্থানত অভিযান চলালে চি.বি.আইয়ে। মনোৰঞ্জনা সিঙৰ ফ্ৰণ্টিয়াৰ টিভি ছীল কৰাৰ খবৰ, লগতে মাতংগ সিঙৰ কম্পিউটাৰো ৰিহাবাৰীৰ এন ই টিভিৰ কাৰ্যালয়ৰ পৰা জব্দ কৰাৰ বাতৰি প্ৰকাশিত হৈছে। হাজাৰ হাজাৰ কোটি টকীয়া ধনৰ হৰলুকি কৰা সন্দৰ্ভত চলা গোচৰটোৰ ক্ষীপ্ৰ গতিত সচেতন মহলে সন্তোষ প্ৰকাশ কৰিছে।

No comments:

Post a Comment