জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
এগৰাকী কৰ্নেল, এখন যুদ্ধ
মৌখিক ইতিহাস আৰু এটা সন্ধ্যা
অয়ন উত্তম
৩ আগষ্ট, দেওবাৰ৷ সন্ধিয়া বন্ধুবৰ নৰেন্দ্ৰ সিঙে ফোন কৰিলে— ‘যদি ঘৰত একো কৰা নাই আড্ডা দিওঁ আহক, ‘আংকল’ আহিছে, কথা পাতি ভাল পাব আপুনি৷’ প্ৰস্তাৱটো নাকচ কৰাৰ কথাই নাছিল৷ ‘বাইক’খন উলিয়াই হেঙেৰাবাৰী ফৰেষ্ট গে’টৰ ১২২ নম্বৰ ঘৰলৈ বুলি ঢাপলি মেলিলোঁ৷ সময় তেতিয়া সন্ধিয়া প্ৰায় ৭ বাজিছে ৷

এগৰাকী কৰ্নেল আৰু এখন যুদ্ধ :-
এটা দুমহলীয়া ঘৰ৷ ঘৰ নহয় যেন এটা বাংলো৷ সোমাই যাওঁতে অনুভৱ কৰিলোঁ— নিমাওমাও পৰিৱেশ৷ ঘৰটো নিৰ্মাণৰ দিন হৈছে যদিও সম্পূৰ্ণ মেৰামতি বৰ্তমানেও হোৱা নাই৷ বাহিৰৰ পৰা দেখিলে এনে লাগে, ঘৰটোৰ প্ৰতি স্বত্ত্বাধিকাৰীয়ে সম্পূৰ্ণ মনোযোগ দিয়া নাই৷ এখন সুন্দৰ ফুলনি বাগিচা, এখন ‘লন’ তৈয়াৰ কৰিব পৰা যথেষ্ট মাটি থকা সত্ত্বেও চৌহদ ‘শূন্য’ হৈ আছে৷ নৰেন্দ্ৰ সিঙে আগুৱাই নিলে৷ সোমায়ে দেখিলোঁ কিতাপেৰে ঠাঁহ খাই থকা এটি ‘ড্ৰয়িং ৰূম’ৰ এখন চোফাত বহি আছে সেই বিশেষ ব্যক্তিগৰাকী৷ প্ৰথম দেখিয়েই সন্মানত মূৰটো দোঁ খাই যায়, নিজে নিজে৷ ‘আড্ডা’ দিয়াৰ বাবে এজন উপযুক্ত ব্যক্তিত্বসম্পন্ন লোক৷ তেখেত ‘আড্ডা’ৰ বাবে প্ৰস্তুত হৈ আছিল— সেই কথা তেখেতৰ হাঁহিয়েই প্ৰমাণ কৰিলে৷ জড়তা আঁতৰাই বহাৰ লগে লগে তেখেতে ক’লে— ‘মই তোমাক ক’ৰবাত দেখিছোঁ, ক’ত দেখিছোঁ পাহৰিছোঁ৷’ এই ব্যক্তিত্বসম্পন্ন লোকজনেই হৈছে অৱসৰপ্ৰাপ্ত কৰ্নেল ডাঃ মহানন্দ মেধি৷

ভাৰতৰ লগতে বহিঃৰাষ্ট্ৰত ভাৰতীয় সেনা বাহিনীৰ চিকিৎসা বিষয়া ৰূপে ৩০ বছৰৰো অধিক কাল কাৰ্যনিৰ্বাহ কৰি অৱসৰ গ্ৰহণ কৰে মেধি ডাঙৰীয়াই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা ১৯৬৭ চনত স্নাতক ডিগ্ৰী লাভ কৰি লণ্ডনত ‘পোষ্টগ্ৰেজুৱেট’ ডিগ্ৰী লাভ কৰে Tropical Medicine/Hygiene and Genitourinary Medicine বিভাগত৷ আৰম্ভ হয় কৰ্মজীৱন সেনাবাহিনীৰ চিকিৎসক ৰূপে৷ লগে লগে তেখেতক পঠিওৱা হয় ‘তৈল ৰাষ্ট্ৰ’ ওমানলৈ৷ সেই সময়ত ওমানৰ চুলতান আছিল চঈদ-বিন-টাইমূৰ৷ ওমানৰ বৰ্তমান চুলতান কাবুচে মেধি ডাঙৰীয়াৰ কৰ্মত সন্তুষ্ট হৈ ‘Sultante’s Flora and Fauna Society’ৰ এগৰাকী সদস্য হিচাপে অন্তৰ্ভুক্ত কৰাৰ লগতে তেখেতক ৰাজকীয় সন্মানেৰে বিভূষিত কৰে৷

বৰ্তমান ডুবাইত স্থায়ীভাৱে নিৰ্বাহ কৰা কৰ্নেল মেধি ডাঙৰীয়াৰ পত্নীও এগৰাকী চিকিৎসক— নাম ডাঃ শান্তি মেধি৷ শিৱসাগৰৰ চাৰিঙৰ ছোৱালী শান্তি মেধিক কামৰূপৰ নগৰবেৰাৰ চিকিৎসক মহানন্দ মেধি ডাঙৰীয়াই প্ৰথম লগ পাইছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘সোণৰ পদকপ্ৰাপ্ত’ শান্তি মেধিয়ে ১৯৬৭ চনত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰে৷ ৰাষ্ট্ৰপতিৰ ৰূপৰ পদকেৰে বিভূষিতা শান্তি দেৱীয়ে ১৯৭২ চনত নতুন দিল্লীৰ All India Institute of Medical Sciencesৰ পৰা M.D. সন্মান লাভ কৰে৷ কিছুদিন ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ জ্যেষ্ঠ ‘ৰেজিষ্টাৰ’ পদত কাম কৰাৰ পিছত শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ সহকাৰী প্ৰবক্তা হিচাপে বদলি হয়৷ ১৯৭৮ চনত ওমানৰ কাবুচ হাস্পতালত Senior Specialist in Obstetrics and Gynecology হিচাপে যোগদান কৰে৷ শ্ৰীযুতা মেধিয়ে Royal College of Obstetrics and Gynecology of Londonৰ পৰা MRCOG আৰু FRCOG সন্মান লাভ কৰে৷ চিকিৎসা বিজ্ঞানৰ বহুকেইটা সন্মানেৰে বিভূষিতা শ্ৰীযুতা শান্তি মেধিয়ে ওমানৰ সেনা বাহিনী হাস্পতাল, বাহৰেইনৰ ছালমানিয়া মেডিকেল চেণ্টাৰত জ্যেষ্ঠ চিকিৎসক হিচাপে কাম কৰাৰ পিছত বৰ্তমান ডুবাইৰ অল-গাৰহাউড হাস্পতালত কৰ্মজীৱন নিয়াৰিকৈ চলাই নিছে৷ লগতে শ্ৰীযুতা মেধি ‘Art of Living’ৰ শিক্ষয়িত্ৰী আৰু ভাৰত তথা বহিঃৰাষ্ট্ৰত তেখেতৰ বহু শিষ্যৰ সৈতে সামাজিক কাম-কাজতো জড়িত৷

: ‘আপুনি ওমানত প্ৰথমে কৰ্মজীৱনৰ পাতনি মেলোঁতে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল? কেনে লাগিছিল আপোনাৰ? ওমানৰ পৰিস্থিতি তেতিয়া কেনে আছিল?’— প্ৰশ্ন কৰিলোঁ কৰ্নেল এম মেধিক৷

: ‘ওমানত ৰজা (চুলতান)ৰ শাসন৷ মই ওমানত কৰ্মজীৱন আৰম্ভ কৰোঁতে তাত শাসন কৰিছিল চঈদ-বিন-টাইমূৰে৷ ভাৰতৰ আজমীৰৰ মায়ো কলেজত টাইমূৰে ১৯২২ চনৰ পৰা ১৯২৭ চনলৈকে উৰ্দু আৰু ইংৰাজী শিকিছিল৷ গতিকে ভাৰতৰ সৈতে টাইমূৰৰ সম্পৰ্ক মধুৰ আছিল৷ ওমানক নতুন ৰূপ দিবলৈ কৃপণালি কৰা নাছিল টাইমূৰে৷ তেলচহকী ওমানৰ সৈতে বৃটিছৰ সম্বন্ধ কটকটীয়া কৰিবলৈ টাইমূৰে যৎপৰোনাস্তি কৰিছিল৷ কিন্তু তেখেতৰ শাসন কালতে ওমানৰ কিছু জাতি-জনগোষ্ঠীয়ে বিদ্ৰোহ আৰম্ভ কৰে৷ কাৰণ আছিল অনাদৰ আৰু অৱহেলা৷ বিদ্ৰোহীসকলক অস্ত্ৰৰ যোগান ধৰিছিল ৰাছিয়াই৷ ভিতৰুৱা শত্ৰুৱেও টাইমূৰক যথেষ্ট অশান্তি কৰিছিল৷ বিশেষকৈ জনগোষ্ঠীয় বিদ্ৰোহী নেতা ইমাম ঘালিব-বিন-আলীয়ে ওমানক নিজৰ শাসনলৈ আনিবলৈ ৰাজ-সৈন্যৰ সৈতে যুদ্ধত লিপ্ত হৈছিল৷ ওমানৰ চাৰিসীমা ছৌডি আৰব, পাকিস্তান, ইজিপ্ত আৰু য়েমেন আদি ৰাষ্ট্ৰই ঘেৰি আছে৷ বিদ্ৰোহীসকলক ইয়াৰে দুখনমান ৰাষ্ট্ৰই সহায় কৰাৰ অভিযোগ প্ৰায়ে উঠিছিল৷ ১৯৬৫ চনত ঢ’ফাৰ বিদ্ৰোহে ওমানত জুই জ্বলাইছিল৷ ‘পিপ্লছ ৰিপাব্লিক অৱ চিনবাদ’ৰ দৰে সংগঠনে সমৰ্থন জনাইছিল এই বিদ্ৰোহক৷ চুলতানৰ পুত্ৰ কাবুচক ৰাজপ্ৰাসাদ চালাহত গৃহবন্দী কৰি ৰখা হৈছিল৷ অৱশেষত বৃটিছ, ভাৰত, ইৰান, জৰ্দানৰ সহায় লৈ ওমান চুলতানৰ সৈন্যই বিদ্ৰোহীৰ সৈতে যুঁজ দিবলগীয়া হৈছিল৷ সহায়কাৰী দেশকেইখনৰ সৈন্যই চুবুৰীয়া ৰাষ্ট্ৰত প্ৰশিক্ষণপ্ৰাপ্ত বিদ্ৰোহীবিলাকৰ গোপন অহা-যোৱা বাটত ‘মাইন’ পুতি থৈছিল৷ চাৰিওটা দিশেৰে বিদ্ৰোহীসকলে আক্ৰমণৰ সুযোগ লৈছিল আৰু পিছত সেনাবাহিনীয়ে গোপন মাইন পুতি থোৱাৰ ফলত আগুৱাবলৈ অসুবিধা পাইছিল৷ এনেদৰেই লাহে লাহে বিদ্ৰোহীৰ শক্তি কমি আহিছিল৷ এই গৃহযুদ্ধৰ মূল কাৰণ আছিল শিক্ষাৰ ক্ষেত্ৰত জনগোষ্ঠীসকলক সমদৃষ্টিৰে চোৱা হোৱা নাছিল, লগতে তেলৰ বাবে বিখ্যাত ওমানৰ চুলতানে ক্ষুদ্ৰ জাতিসত্তাক গুৰুত্ব দিয়া নাছিল৷ এইবোৰৰ উপৰি টাইমূৰৰ বিদেশ-নীতিৰ প্ৰতি অতিষ্ঠ হৈয়ে তেওঁলোকে বিদ্ৰোহত লিপ্ত হৈছিল৷’

কিছুসময় ৰ’ল কৰ্নেল মেধি৷ কিছু ভাগৰ অনুভৱ কৰিছিল হয়তো৷ ঘৰ-ৰখীয়া ল’ৰাজনে ইতিমধ্যে দুকাপ চাহ আনি যাচিলে৷ চাহকাপ খোৱাৰ পিছত কিছু সতেজ অনুভৱ কৰিলোঁ৷ পুনৰ প্ৰশ্ন কৰিলোঁ— ‘ভাৰতীয় সেনাবাহিনীয়ে ওমানৰ বিদ্ৰোহীক দমন কৰিবলৈ যুঁজ দিওঁতে কেনে পৰিস্থিতিৰ সন্মুখীন হৈছিল? আপুনিও অংশ লৈছিল নেকি? ওমানৰ বৰ্তমানৰ ৰাজনীতি কেনে?’

এখন ভৰি ইখন ভৰিৰ আঠুলৈকে উঠাই চোফাখনত আৰামকৈ বহি কৰ্নেল মেধিয়ে কৈ গ’ল— ‘টাইমূৰৰ পুত্ৰ কাবুচ-বিন-চৈয়দ-অল-চৈয়দ সুশাসক আছিল৷ বিদ্ৰোহীক দমন কৰিবলৈ যদিও যুদ্ধত অৱতীৰ্ণ হৈছিল, পিছলৈ বিদ্ৰোহীসকলৰ মূল দাবীসমূহক আওকাণ কৰা নাছিল৷ বুজা-পৰা, সন্মান আৰু দমন-নীতিহীন শাসন চলাবলৈ অংগীকাৰবদ্ধ কাবুচে জনগোষ্ঠীয় নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছিল৷ আনহাতে ভাৰতীয় সেনা বিষয়াসকলক যথোচিত সন্মান যাচিছিল৷ যুদ্ধত প্ৰত্যক্ষভাৱে অংশ লোৱা নাছিলোঁ যদিও এটা দিনৰ কথা কেতিয়াও নাপাহৰোঁ৷ সেনাৰ চিকিৎসা বিষয়া আছিলোঁ যদিও বন্দুক সকলোৱেই চলাবলগীয়া হৈছিল৷ সেইদিনা খ্ৰীষ্টমাচ আছিল৷ চৌদিশে বৰদিনৰ আনন্দ-স্ফূৰ্তি— কেম্পৰ বেছিভাগ সৈন্য ছুটিত আছিল৷ মই আৰু প্ৰায় ১৪জন সৈন্য আছিলোঁ কেম্পত৷ হঠাৎ গোপন-বাৰ্তা আহিল— বিদ্ৰোহীয়ে কেম্প আক্ৰমণ কৰিব৷ বিদ্ৰোহীয়ে আক্ৰমণ কৰাৰ আগেয়ে আমি আক্ৰমণ চলাব লাগিব— আদেশ পালন কৰিবলৈ সাজু হ’লোঁ৷ বিদ্ৰোহীৰ ঘাটি অভিমুখে ৰাওনা হ’লোঁ৷ বিদ্ৰোহীয়েও গোপনসূত্ৰে আমি আক্ৰমণ কৰিবলৈ যোৱাৰ বিষয়টো জানি পলায়ন কৰে৷ কিন্তু কমেও ৩০ ট্ৰাক অস্ত্ৰ-শস্ত্ৰ ঘাটিত এৰি থৈ যায়৷ মোৰ নেতৃত্বত সেই অস্ত্ৰখিনি জব্দ কৰি চৰকাৰক গতাই দিওঁ৷ এই ঘটনাৰ পিছতে চুলতানে উপহাৰ স্বৰূপে মোক যথোচিত সন্মান যাচে৷ পিছলৈ চুলতান কাবুচৰ সুশাসনৰ ফলত ওমানত শান্তি স্থাপন হৈছিল৷ চুলতান কাবুচে জনগোষ্ঠীয়, আঞ্চলিক তথা বিদ্ৰোহী নেতাসকলক ২৬জনীয়া মন্ত্ৰীৰে গঠিত কেবিনেট ‘মজলিছ-অল-শ্বুৰা’ত স্থান দিছিল— ফলত বিদ্ৰোহ প্ৰশমিত হৈছিল৷ মই বহুকেইখন কিতাপত ওমানৰ বিষয়ে উল্লেখ কৰিছোঁ, তাৰ ভিতৰত ‘Oman through the ages’খন উল্লেখযোগ্য৷’

গদাপাণি, এটুকুৰা হীৰা আৰু নলবাৰীৰ ‘মল্ল বৰুৱা’ পৰিয়াললৈ অভিশাপ :-

কেৱল ওমানৰ ইতিহাসতে আৱদ্ধ থকা নাছিল কৰ্নেল মেধি৷ এইবাৰ মোক আচৰিত কৰি তেখেতে কৈ গ’ল অসম বুৰঞ্জীৰ কিছু অলিখিত ইতিহাস৷ —

‘আহোম স্বৰ্গদেউ ল’ৰাৰজাৰ অত্যাচাৰৰ পৰা বাচিবলৈ গদাপাণিয়ে আশ্ৰয় লৈছিল নগা পাহাৰত৷ নগা পাহাৰত অনাই-বনাই ঘূৰি ফুৰোঁতে জয়মতীক আহোম সেনাই বন্দী কৰিলে, অত্যাচাৰ চলাই গদাপাণিৰ সন্ধান বিচাৰিবলে৷ গদাপাণিয়ে এই বাৰ্তা গোপনে লাভ কৰি ভেশচন ধৰি জয়মতীক সাক্ষাৎ কৰিবলৈ আহিল৷ কিন্তু জয়মতীয়ে স্বামীক চিনি পালে আৰু পলাই যাবলৈ খাতনি ধৰিলে৷ পত্নীৰ অনুৰোধ তথা ভৱিষ্যতৰ কথা চিন্তা কৰি গদাপাণি পুনৰ অন্তৰ্ধান হ’ল নগা পাহাৰত৷ প্ৰায় দুবছৰ অজ্ঞাতবাসৰ পিছত গদাপাণি পাহাৰৰ পৰা নামি আহে৷ এতিয়াৰ কামৰূপ জিলাৰ নগৰবেৰাৰ এখন গাঁৱত থাকি গদাপাণিয়ে চুবুৰীয়া ৰজাৰ সৈতে সম্বন্ধ গঢ়িছিল৷ লগতে নলবাৰীৰ বিখ্যাত মল্ল বৰুৱা পৰিয়ালৰ সৈতেও বন্ধুত্ব স্থাপন হৈছিল৷ গদাপাণিক আহোম সেনাৰ পৰা লুকুৱাই ৰাখিছিল আৰু যথোচিত সেৱা-শুশ্ৰূষা আগবঢ়াইছিল মল্ল বৰুৱা পৰিয়ালে৷ ইয়াতে সন্তুষ্ট হৈ নগা পাহাৰত থাকোঁতে উপহাৰ স্বৰূপে পোৱা এটুকুৰা হীৰা মল্ল বৰুৱা পৰিয়ালক উপহাৰ দিলে গদাপাণিয়ে৷ কিন্তু পিছলৈ এই হীৰা টুকুৰাটোৱেই ‘কাল’ হৈছিল মল্ল বৰুৱা বংশৰ বাবে৷ নলবাৰীৰ বিখ্যাত মল্ল বৰুৱা বংশ অভিশপ্ত হৈছিল৷ অৱশ্যে কি কাৰণ আছিল সেয়া জানিব পৰা হোৱা নাছিল৷’

: ‘মল্ল বৰুৱা মানে এতিয়াৰ নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ পূৰ্বপুৰুষৰ কথা কৈছে নেকি আপুনি?’

: ‘হয়, মই তেওঁলোকৰ বংশৰ কথাই কৈছোঁ, কিন্তু সেই সময়ত এই বংশত এই হীৰা টুকুৰাটোৱেই ‘কাল’ হৈ থিয় দিছিল৷পৰিয়ালটিত বহুতো নঘটিবলগীয়া ঘটনা ঘটিছিল, ৰহস্যও আছিল বহুত৷ নলবাৰীৰ লগতে নগৰবেৰাৰ জ্যেষ্ঠ-বিজ্ঞ লোকসকলে এই বিষয়ে জানে৷ কেতিয়াবা গ’লে সুধিবাচোন৷’

মানৰ অত্যাচাৰ আৰু ৬০০ অসমীয়া গাভৰু :-
এইবাৰ আৰম্ভ কৰিলে আহোম ৰাজত্বৰ কৰুণ অধ্যায়, অসমীয়াৰ দুৰ্দশাৰ ইতিহাস৷ এয়াও অলিখিত কিছু অধ্যায় হিচাপেই কৈ গ’ল কৰ্নেল মেধিয়ে—

: ‘উজনিৰ লগতে গুৱাহাটীত মানৰ অত্যাচাৰ বৃদ্ধি পাইছিল৷ জীয়াই জীয়াই অসমীয়া যুৱকক জুইলৈ দলিয়াই দিছিল৷ বহুকেইখনত গাঁৱত মুনিহ-তিৰোতাক একেলগ কৰি বান্ধি আনি নামঘৰত জীয়াই জীয়াই জুই লগাই দিছিল৷ গাঁৱে-ভূঞে তিৰোতা বাটলৈ ওলাবলৈ ভয় কৰা হৈছিল, দেখিলেই মান সৈন্যই ধৰ্ষণ কৰিছিল৷ বামুণ-গোসাঁইক গোমাংস, গাহৰি মাংস, নিচাযুক্ত সামগ্ৰী কঢ়িয়াবলৈ লগাইছিল, লগতে জোৰ কৰি খুৱাইছিলো৷ এইবাৰ মানে চিন্তা কৰিলে ধুনীয়া ধুনীয়া যুৱতীক বিয়া কৰোৱাৰ কথা৷ ঠিক বিয়া বুলি ক’লে ভুল হ’ব— বিয়াৰ আলম লৈ মানৰ বংশ বৃদ্ধি কৰা৷ প্ৰায় ৬০০ অসমীয়া যুৱতীক মানে চলে-বলে-কৌশলে ধৰ্ষণ কৰিছিল৷ কামৰূপ জিলাৰ নগৰবেৰাৰ সিপাৰে আছিল গোৱালপাৰা৷ তেতিয়া গোৱালপাৰালৈকে ইংৰাজ আহি পাইছিল৷ গতিকে মানে নগৰবেৰা-ধূপধৰা সীমান্ত পাৰ হোৱা নাছিল৷ ইয়াৰ সুযোগ গ্ৰহণ কৰি বহু যুৱতী গোৱালপাৰালৈ পলাই গৈছিল৷ নগৰবেৰাৰ কাষৰীয়া গাঁৱত এজন সুন্দৰ আৰু বাহুবলী যুৱকৰ এগৰাকী অতি সুন্দৰী পত্নী আছিল৷ মানে সেইগৰাকীৰ বিষয়ে গোপনে জানিব পাৰি ধৰি আনিবলৈ গ’ল৷ কিন্তু এগৰাকী বৃদ্ধই দুটা পাচিত ভাৰ বৈ এটাত সেই যুৱকজনক আৰু আনটোত পত্নীক বহুৱাই গোৱালপাৰা সীমান্ত পাৰ কৰোৱাইছিল৷ পিছত সেই বৃদ্ধৰ পৰিয়ালটোক মানে টুকুৰা টুকুৰকৈ কাটিছিল৷ মানক ঘটুৱাবলৈ মোগলৰ সহায়ো বিচাৰিছিল আহোম স্বৰ্গদেউৱে৷ যদিও মোগলে সহায় কৰাৰ প্ৰতিশ্ৰুতি দি কেইজনমান সৈনিকক পঠিয়াইছিল, কিন্তু মানৰ সৈতে যুদ্ধত পৰাজিত হৈছিল আৰু বহুকেজন সৈনিকৰ মৃত্যু ঘটিছিল৷ মানৰ আক্ৰমণত অসমৰ পুৰুষ-যুৱকৰ সংখ্যা প্ৰায় আধা হৈ গৈছিল৷ আনহাতে মানৰ আক্ৰমণ ৰোধ কৰিবলৈ নগৰবেৰাত বহু আহোম সৈনিক একেলগ হৈছিল আৰু পিছলৈ তেওঁলোকে ইয়াতে গাঁও পাতি বাস কৰিবলৈ ল’লে৷ এতিয়াও নগৰবেৰাত বহুকেইখন আহোম গাঁও আছে, তেওঁলোক কিন্তু উজনিৰ আহোম নহয়৷’

এটি দুঃসংবাদ আৰু এটি ‘ট্ৰাষ্ট’ৰ জন্মগাঁথা :-
অৱসৰপ্ৰাপ্ত কৰ্নেল ডাঃ মহানন্দ মেধিৰ ডাঙৰ পুত্ৰৰ নাম গুণজিৎ মেধি৷ তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ বহুকেইটা ডিগ্ৰীৰে সন্মানিত গুণজিৎ মেধি বৰ্তমান লণ্ডনৰ বষ্টন চহৰত অৱস্থিত ‘EMC, the world’s largest Data Storage Company’ৰ সঞ্চালক৷ পৰিয়ালৰ সৈতে বষ্টনতেই স্থায়ীভাৱে বাস কৰি আছে গুণজিৎ মেধিয়ে৷
 
কৃষি পামৰ এটি দৃশ্য
আনহাতে ১৯৭৬ চনত মেধি দম্পতীৰ দ্বিতীয় সন্তান ৰূপে আহিছিল প্ৰসেনজিৎ মেধি৷ শিলচৰত জন্মগ্ৰহণ কৰা প্ৰসেনজিত সৰুৰে পৰা আছিল অতি মেধাৱী, বুদ্ধিদীপ্ত আৰু সকলোৰে সৈতে মিলি যাব পৰা গুণসম্পন্ন ব্যক্তিত্বৰ৷ ঐতিহাসিক ঘটনা, আন্তৰ্জাতিক ৰাজনীতি, প্ৰতিৰক্ষা বিষয়ক বহুকেইটা নিবন্ধ তেওঁ লিখিছিল৷ বিশেষকৈ bharatrakshak.com নামৰ ‘ছাইট’ত প্ৰসেনজিতে প্ৰায়েই লেখা-মেলা অব্যাহত ৰাখিছিল৷ ‘An Online Tale’ নামৰ গ্ৰন্থ এখনো ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল প্ৰসেনজিতে ৷
পামত উৎপাদিত জলকীয়া
আজমীৰৰ মায়ো কলেজৰ ছাত্ৰ প্ৰসেনজিতে ‘SAT’ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ আমেৰিকাৰ মেলন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি লণ্ডনৰ Middlesex বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী লাভ কৰিছিল৷ কিন্তু বিদেশত বেছিদিন থাকিবলৈ ভাল নাপালে প্ৰসেনজিতে৷ ভাৰতলৈ ঘূৰি আহি গুৰগাঁৱৰ এটি টেলিকম ছেক্টৰত কৰ্মজীৱন আৰম্ভ কৰিলে৷ ইয়াৰ পিছতেই কেইজনমান বন্ধুৰ সৈতে লগ হৈ ‘ছামখ্যা নেটৱৰ্কছ প্ৰাইভেট লিমিটেড’ নামৰ এটি ব্যৱসায়িক গোট খুলি ব্যৱসায়ত মন দিয়ে৷ বিশেষকৈ ‘অনলাইন গেম’ৰ প্ৰগ্ৰেমিং কৰাত পাৰ্গত প্ৰসেনজিতৰ ব্যৱসায় দোপতদোপে আগুৱাই গ’ল৷ বিখ্যাত ছ’নী কোম্পানীৰ সৈতেও ব্যৱসায়িক চুক্তিত আৱদ্ধ হৈছিল প্ৰসেনজিৎ৷ কিন্তু মাত্ৰ ৩৪ বছৰ বয়সত ‘ৰহস্যজনক পৰিস্থিতি’ত প্ৰসেনজিতে ইহলীলা সম্বৰণ কৰে৷ কি ৰহস্যজনক পৰিস্থিতিত প্ৰসেনজিতৰ মৃত্যু ঘটিল— সেই সন্দৰ্ভত এতিয়াও কৰ্নাটক চৰকাৰে তদন্ত চলাই আছে৷ ২০১০ চনৰ ১৫ নৱেম্বৰৰ দিনটোত কাল অমানিশা নামি আহিছিল কৰ্নেল মেধি পৰিয়াললৈ৷

প্ৰসেনজিত মেধিৰ মৃত্যুৱে জোকাৰি গ’ল কৰ্নেল মেধিক৷ সকলো মায়া-মোহ এৰি ভাৰত ত্যাগ কৰি ডুবাইত বাস কৰিবলৈ ল’লে তেওঁলোকে৷ হেঙেৰাবাৰীৰ ঘৰটো চোৱা-চিতা কৰাৰ দায়িত্ব দিলে গাঁৱৰে এজন যুৱকক৷ কিন্তু প্ৰসেনজিতৰ স্মৃতি শেষ হৈ যাবলৈ নিদিলে৷ ২০১৩ চনৰ ১৩ আগষ্টত আৰম্ভ কৰিলে ‘The Prasenjit Livelihood and Microenterprise Promotion Trust’৷ এই ‘ট্ৰাষ্ট’ৰ মূল উদ্দেশ্য ইংৰাজী আখৰৰ ৫টা ‘E’ৰে বৰ্ণনা কৰিব পাৰি— ‘Entrepreneurship, Education, Equity, Environment and Empowerment’৷ বিশেষকৈ নিবনুৱা যুৱক আৰু মহিলাসকলক বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দিয়াৰ লগতে জীৱন নিৰ্বাহৰ বাট মুকলি কৰি দিয়াৰ লক্ষ্যৰে তৈয়াৰ হৈছে এই ট্ৰাষ্ট৷ বৰ্তমান প্ৰায় ৬৫ বিঘা মাটি ট্ৰাষ্টে দান দিছে শস্য উৎপাদন, কৃষিভিত্তিক ব্যৱসায়, কৃষি প্ৰশিক্ষণ, ফিচাৰী প্ৰশিক্ষণ, ফিচাৰী ব্যৱসায়ৰ বাবে৷ এই মাটিত বৰ্তমানে নেমু, বেঙেনা, ফুলকবি, ওলকবি ইত্যাদি খেতিৰ লগতে পুখুৰী খান্দি মাছ পোহাৰ ব্যৱস্থা কৰা হৈছে৷ 
 
সেউজীয়া সপোনৰ ফচল

লগতে ট্ৰাষ্টে বহুকেইটা চৰকাৰী-বেচৰকাৰী বিভাগ-সংস্থাৰ সহযোগিতাত বহুকেইখন আঁচনি প্ৰস্তুত কৰি কাম আৰম্ভ কৰিছে— অসমৰ নিবনুৱা যুৱক-যুৱতীৰ মুখলৈ হাঁহি আনিবলৈ, তথ্য-প্ৰযুক্তিৰ লগতে কৃষিৰে আগুৱাই যাবলৈ৷ এয়া অসম-অসমীয়াৰ বাবে সুখবৰ৷ এবছৰ সম্পূৰ্ণ কৰা ট্ৰাষ্টৰ ট্ৰাষ্টীকেইজন হৈছে— অৱসৰপ্ৰাপ্ত কৰ্নেল ডাঃ মহানন্দ মেধি, ডাঃ শান্তি মেধি, গুণজিৎ মেধি, ৰাজীৱ লোচন পাঠক (মেকানিকেল ইঞ্জিনীয়াৰ) আৰু নৰেন্দ্ৰ সিং (পূৰ্বতে বেংক আৰু বীমা সেৱাৰ জ্যেষ্ঠ বিষয়া হিচাপে কাম কৰাৰ অভিজ্ঞতাৰে পুষ্ট, বৰ্তমান কৃষক হিচাপে নিজকে চিনাকি দি ভাল পোৱা ধেমাজিৰ এজন উদ্যমী অসমীয়া যুৱক)৷ এইসকলৰ মহানুভৱতাৰ বাবেই গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলত কৃষি-বিপ্লৱ আৰম্ভ হৈছে৷ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ট্ৰাষ্টে অসমৰ কৃষি, তথ্য-প্ৰযুক্তি, কুটিৰ শিল্প, ক্ষুদ্ৰ ব্যৱসায় আদিলৈ আমূল পৰিৱৰ্তন আনিব পাৰিব বুলি বিশ্বাস আৰু আশা কৰিছোঁ ৷
(কেৱল শুনি শুনি লেখাটি প্ৰস্তুত কৰা হৈছে, কিছু তথ্য থাকি যোৱা বা ভুল হোৱা স্বাভাৱিক— দায়-দোষৰ মাৰ্জনা বিচাৰিলোঁ)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages