Tuesday, August 5, 2014

পৰ্যবেক্ষণ

ফঁকৰা-যোজনাৰ পৰা বেম্ব' মিছনলৈঃ
বাঁহ-কথা

হেমচন্দ্ৰ দত্ত
উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বোৰ ৰাজ্যতে কম বেছি পৰিমানে বাঁহ দেখিবলৈ পোৱা যায়। বিশেষজ্ঞসকলৰ মতে, এই অঞ্চলৰ মাটি বাঁহ উৎপাদনৰ কাৰণে বৰ উপযোগী। অৱশ্য ভূ-গাঁঠনিৰ তাৰতম্য অনুসৰি সকলো অঞ্চলৰ বাঁহ দেখিবলৈ একে নহয়। মানৰ পাঠক্যও আছে। চহৰ-নগৰক বাদ দি এই অঞ্চলৰ গ্ৰামীণ এলেকা আৰু পাহাৰীয়া ঠাইবোৰত বাঁহে এক বিশিষ্ট নান্দনিকতাৰো ঐতিহ্য বহন কৰি আহিছে। এনে এটা সময় আছিল যেতিয়া বাঁহে গৃহ নিৰ্মাণকে আদি কৰি মানৱ জীৱনৰ সৈতে সম্প্ৰকিত প্ৰায় সকলো ক্ষেত্ৰতে বিশেষ প্ৰভাৱ পেলাইছিল। বাঁহ নথকা পৰিয়ালক বৈষয়িকভাৱে নিঃস্ব জ্ঞান কৰা হৈছিল। আধুনিক জীৱন-ব্যৱস্থাৰ ক্ষিপ্ৰ ৰূপান্তৰৰ ফলত গৃহ-নিৰ্মাণৰ প্ৰসংগত বাঁহৰ ওপৰত মানুহৰ নিৰ্ভৰতা লাহে লাহে কমি আহিবলৈ ধৰিলে। হলেও এটা কথা স্বীকাৰ কৰিবই লাগিব যে, অসমৰ গ্ৰামীণ এলেকাত এতিয়াও বাঁহ এক আদৰৰ আৰু প্ৰয়োজনীয় সম্পদ।
অৱশ্যে বাঁহক কেন্দ্ৰ কৰি অসমীয়া মানুহৰ মানসিকতাত প্ৰোথিত এক আবেগিক দুৰ্বলতাৰ দিশো অতি সহজে অনুধাৱন কৰিব পাৰি। কথাটো এনেকুৱা ধৰণৰ : অনুষ্টুপীয়াভাৱে ,ভালদৰে লালন-পালন কৰি গঢ়ি তোলা ফুল বা শাক পাচলিৰ সমষ্টিক বুজাবলৈ আমি ‘বাৰী’ শব্দটো ব্যৱহাৰ কৰো,যেনে- ফুলবাৰী,শাকনিবাৰী,আমবাৰী,পানবাৰী ইত্যাদি। কিন্তু ‘বাঁহবাৰী’- এই শব্দটো আমি ব্যৱহাৰ নকৰো আৰু শুনিবলৈও পোৱা নাযায়। অসমৰ বহু অঞ্চলৰ নামৰ সৈতে ফল আৰু উদ্ভিদৰ আবেগিক অনুষংগ জড়িত হৈ আছে। এনে বহু ঠাই আছে যাৰ নাম ফুলবাৰী,কঠালগুৰি,বগৰিগুৰি ইত্যাদি ইত্যাদি। অলপ তলকিলে দেখিব যে, বাঁহ অনুষংগ জড়িত হৈ থকা ঠাইৰ নাম অসমৰ ঠাইৰ নামৰ তালিকাত তেনেই কম। ইয়াৰ কাৰণটো বাৰু কি?

আৰু এটা লক্ষ্য কৰিবলগীয়া কথা আছে। বাঁহৰ সমষ্টিবাচক শব্দটো হ’ল ‘বাঁহনি’, মানে নকটা বাঁহৰ একত্ৰ। বাঁহনি শব্দটোৰ বুকুত একধৰণৰ অৱহেলাৰ জেউতি উজলি থকা যেন লাগে। এনেকুৱা যেন ‘দৰকাৰ আছিল, তোক কাটিলো, কামত লগালো, এতিয়া কামো শেষ,তোক বিছাৰি মহ- ডাহৰ কামোৰ খোৱাৰো এতিয়া আৰু প্ৰয়োজন নাই’। মোৰ অনুমান, এই অৱহেলাৰ কাৰনেই অসমীয়া মানুহে ‘বাঁহৰ বাৰী’ গঢ়িব পৰা নাই, ফলত বাঁহ এতিয়াও ‘বাঁহনিতে ’ আছে এই পুৰাতন অনাদৰক বুকুত সাৱটি।


ভাৰতৰে এখন সীমামূৰীয়া ৰাষ্ট্ৰ হ’ল চীন। বিশ্ব অৰ্থনীতিত চীনে উৎকৰ্ষৰ পৰিচয় দি দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে। এখন এছীয় ৰাষ্ট্ৰৰ কাৰণে এয়া কম গৌৰৱৰ কথা নহয়। পিছে চীনৰ এই অৰ্থনৈতিক উত্তৰণ ভাৰতৰ কাৰণ এক চিন্তাৰ বিষয়ো।কেৱল প্ৰতিৰক্ষাৰ প্ৰসংগতে নহয়,প্ৰতিৱেশী হিচাপে এই ৰাষ্ট্ৰখনৰ সৈতে ভাৰতৰ আছে এক অৰ্থনৈতিক প্ৰতিযোগিতাৰ মনোভাৱ।সেয়ে এনে কি যাদু মন্ত্ৰৰ সহায়ত চীনৰ অৰ্থনীতিয়ে বিশিষ্ট মাত্ৰা পৰিগ্ৰহ কৰিছে - সেয়া ভাৰতৰ কাৰণে এক উৎসুক্যৰ বিষয় হৈ পৰিছে।

সমগ্ৰ বিশ্বই ভাৱে যে চীনৰ এই উত্তৰণৰ মুল মন্ত্ৰটো হ’ল দেশখনৰ ‘আমোলাতান্ত্ৰিক বিশেষ ব্যৱস্থা’।বেইজিং মহলে আমোলাতন্ত্ৰক এনে এক ৰূপত সজাই তুলিছে, যি অতি কাৰ্যক্ষম হোৱাৰ লগতে শক্তিৰ,ক্ষমতাৰ প্ৰতিযোগিতাত দেশখনক আগোৱাই যোৱাত ইন্ধন যোগাইছে। এই বিশ্লেষণক শেহতীয়াকৈ নস্যাত কৰিছে একাংশ আগশাৰীৰ অৰ্থনীতিবিদে। তেওঁলোকৰ মতে চীনৰ এই উত্তৰণৰ মূল মন্ত্ৰটো আমোলাতান্ত্ৰিক বিশেষ ব্যৱস্থা নহয়, দেশখনৰ বাঁহ উদ্যোগহে আৰু বাঁহ মুলধনহে।দেশখনৰ মুল উদ্যোগৰ ৯০ শতাংশই বাঁহ উদ্যোগ। বাঁহে চীনৰ গ্ৰামীণ অঞ্চলৰ মানুহৰ মন আৰু মননত এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে।


এই বিষয়ে আলোচনাত প্ৰৱেশ কৰাৰ আগতে কেইটামান কথা স্পষ্ট কৰি ল’ব লাগিব।

চীনে নিজৰ অৰ্থনীতি আগবঢ়াই নিয়াৰ খাতিৰত দুটা কাম অতি দক্ষতাৰে কৰিছে। তাৰে এটা হ’ল বাট-পথ আৰু যাতায়তৰ ক্ষীপ্ৰ উন্নয়ণ। ভগা দলং আৰু এজাক বৰষুনতে পানী জমা হোৱা বাট পথেৰে প্ৰতিযোগিতামুলক অৰ্থনীতিৰ কথা ভাৱিব নোৱাৰি। দুৰ্বল যাতায়ত ব্যৱস্থা অৰ্থনৈতিক উত্তৰণৰ ক্ষেত্ৰত বাধাৰ প্ৰাচীৰ স্বৰূপ। চীনে এই প্ৰাচীৰ বহু আগতে ভাঙি পেলাইছে। ক্ষীপ্ৰ যাতায়ত ব্যৱস্থাৰ উন্নয়নৰ লগে লগে দেশখনে ‘বৌদ্ধিক সম্পদ’ হস্তান্তৰৰ ক্ষেত্ৰটো কুশলী মনোভাৱৰ পৰিচয় দিবলৈ সক্ষম হৈছে। যি প্ৰযুক্তি আহৰণৰ ক্ষেত্ৰত দেশখনে বিশেষ অসুবিধা পাইছে, সেয়া অতি কৌশলগতভাৱে আহৰণ কৰিছে বিদেশী ৰাষ্ট্ৰৰ পৰা।

ইয়াৰ পিছতে স্থান লাভ কৰিছে বাঁহ অৰ্থনীতিয়ে। সমীক্ষা অনুসৰি দেশখনৰ অৰ্থনীতিৰ মেৰুদণ্ডডাল হ’ল অসংখ্য সৰু বৰ বাঁহ উদ্যোগ। দেশখনৰ অৰ্থনীতিৰ কেন্দ্ৰীয় স্তৰৰ পৰা একেবাৰে নিম্ন স্তৰলৈ প্ৰসাৰিত হৈ আছে কেৱল বাঁহ। ব্যক্তিগত খণ্ডৰ এই উদ্যোগবোৰে কিন্তু দেশখনৰ ৰাষ্ট্ৰীয় সমীক্ষাত কেইবছৰমান আগলৈকে স্থান পোৱা নাছিল। সছৰাচৰ হোৱাৰ দৰে ৰাষ্ট্ৰীয় অথনৈতিক সমীক্ষাত বিশিষ্ট স্থান দখল কৰিছিল দেশখনৰ বৃহৎ বৃহৎ উদ্যোগবোৰে। পিছে ক্ষেত্ৰভত্তিক অধ্যয়ণৰ পাছত দেখা গ’ল যে, বাঁহেই দেশখনৰ শক্তি আৰু উৎকৰ্ষৰো উৎস।

মাত্ৰ তিনি দশক আগলৈকে দেশখনৰ প্ৰায়বোৰ বৃহৎ ব্যৱসায় ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত আছিল। সম্প্ৰতি এই দৃশ্যপটৰ ব্যাপক পৰিবৰ্তন হৈছে। বিগত বৰ্ষত বেইজিঙ মহলে সদৰি কৰিছিল যে, চীনৰ ৪৩ নিযুত কোম্পানীৰ ভিতৰৰে ৯০ শতাংশই ব্যক্তিগত খণ্ডৰ। ঝেজিয়াঙৰ দৰে যিবোৰ অঞ্চলক বেইজিঙৰ আমোলাসকলে সাধাৰনতে অৱহেলাৰ দৃষ্টিৰে চাই সেইবোৰ অঞ্চলতে গঢ় লৈ উঠা বাঁহ উদ্যোগ আৰু বাঁহৰ উৎপাদনে শেহতীয়াকৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। হংকঙ বিশ্ববিদ্যালয়ৰ এক সমীক্ষা অনুসৰি দেশখনৰ অ-তালিকাভুক্ত ব্যক্তিগত খণ্ডৰ ফাৰ্মবোৰৰ গড় ইকুইটি চৰকাৰী প্ৰতিস্থানবোৰৰ ৪ শতাংতকৈ ১০ শতাংশ বেছি। তদোপৰি ২০০০ - ২০০৯ চনৰ ভিতৰত পঞ্জীয়নকৃত ব্যৱসায়ৰ হাৰ গড় হিচাপে ৩০ শতাংশ বৃদ্ধি পাইছে। এখন দেশৰ বাবে এয়া নিসন্দেহে এক সু-খবৰ। মনকৰিবলগীয়া যে, এনেধৰণৰ ব্যৱসায়বোৰৰ ভিতৰত নাট-বুৰ পৰা আৰম্ভ কৰি উচ্চ প্ৰযুক্তিযুক্ত আহিলালৈকে গ্ৰাহকে বিছৰা সকলো বস্তু মুল পথৰ কাষত য’তে ত’তে স্থাপন হোৱা প্ৰতিস্থানবোৰত সুলভ। চীনৰ উৎপাদকসকলে বজাৰৰ চাহিদাৰ এক উন্নত আৰ্হি আগত ৰাখি আগবাঢ়িছে - ফলত সমযোজনৰ প্ৰসংগত একো সমস্যাৰ সুত্ৰপাত হোৱা নাই।

এখন দেশৰ অৰ্থনৈতিক বিকাশৰ সৈতে সেই দেশৰ ৰাজনীতিৰ পোনপটীয়া সৰ্ম্পক থাকে। চীনত ওপৰত কৈ অহা ব্যৱসায়িক প্ৰতিস্থানবোৰৰ প্ৰতি সেই দেশৰ প্ৰাদেশিক ৰাজনীতিকসকলৰ উদাৰ সহাঁৰি মনকৰিবলগীয়া। একমাত্ৰ গণ- সমৰ্থনৰ আশাতেই যে তেওঁলোকে এনে সহাঁৰি দিবলৈ বাধ্য- সেয়া সহজে অনুমেয়। ফলত ৰাষ্ট্ৰ যন্ত্ৰৰ পোনপটীয়া হস্তক্ষেপ, ভূমি মালিকানা, শ্ৰম - সৰ্ম্পক,কৰ, অনুজ্ঞা- পত্ৰ আদিৰ ক্ষেত্ৰত চীনৰ ক্ষুদ্ৰ আৰু মজলীয়া বিধৰ ব্যৱসায়ীসকলে বিশেষ স্বাধীনতা লাভ কৰি আহিছে। অৱশ্যে এটা কথা ঠিক যে, য’ত স্বাধীনতাৰ সীমা ব্যাপক তাত আমোলাতান্ত্ৰিক হেঁচাৰ কু- প্ৰভাৱো নুই কৰিব পৰা নাযায়। চীনত তেনেধৰণৰ ভয়েহে এনেধৰণৰ ব্যৱসায়ীসকলক অসুবিধাত পেলায়। এক সুনিদিষ্ট আইনৰ অনুপস্থিতিৰ গইনা লৈ ধুৰ আমোলাইয়ো অসুবিধাৰ সৃষ্টি কৰাৰ সম্ভাৱনা থাকে। সমান্তৰালভাৱে সু-নিদিষ্ট আইনী ব্যৱস্থা নথকাৰ ফলত পাৰিশ্ৰমিক আদায়ৰ বেলিকাও কেতিয়াবা মালিক পক্ষই সুবিধাবাদৰ আশ্ৰয় লোৱাৰ নজিৰ নথকা নহয়। এনে ধৰণৰ অনেক সমস্যা থকাৰ পাছতো চীনৰ বাঁহে সেই দেশৰ অৰ্থনীতিত এক আকৰ্ষণীয় মৰ্যাদা পাবলৈ সক্ষম হৈছে।

পুনৰ ঘুৰি আহোঁ অসমলৈ। আমাৰ ৰাজ্যত বাঁহ উৎপাদনক আমি এতিয়াও এক ব্যৱসায়লৈ ৰূপান্তৰ কৰিব পৰা নাই। গ্ৰামীণ অঞ্চলৰ প্ৰায়বোৰ মানুহৰে ‘বাঁহনি’ আছে - কিন্তু ‘বাঁহ-বাৰী’ নাই। জন্ম -সূত্ৰে ঢকুৱাখনাৰ এই লেখকে সৰুৰে পৰা দেখি আহিছো যে লখিমপুৰ জিলাত ‘বাঁহ-বাৰী’ গঢ়িব পৰা প্ৰচুৰ সম্ভাৱনা থকা চত্বেও এই অঞ্চলৰ মানুহে বিষয়টোৰ প্ৰতি বিশেষ মনোযোগ নিদিয়ে। প্ৰয়োজনত বাঁহ কাটে, কিন্তু সময়ত বাঁহৰ গুৰিত মাটি অলপ যে চপাই দিয়াটো অতিকৈ প্ৰয়োজন,বিজ্ঞান-ভিত্তিক বাঁহ উৎপাদন যে এক সহজ বেপাৰ - এই কথা উপলব্ধি কৰিব নোৱাৰে। এই ক্ষেত্ৰত আমি চৰকাৰকো জগৰীয়া কৰিব পাৰো।

ৰাজ্য চৰকাৰে বাঁহ উৎপাদন,বাঁহ গৱেষণাক কিমান নিষ্ঠা সহকাৰে গ্ৰহণ কৰিছে - সিয়ো এক সন্দেহৰ বিষয়। বেম্ব’ মিছন আছে - কিন্তু আমোলাতান্ত্ৰিক মেৰপেচ,সাধাৰণ ৰাইজৰ কাষ চাপিবলৈ অক্ষম চৰকাৰী নীতি,আমাৰ ৰাজনীতিকৰ বৌদ্ধিক অক্ষমতা,দুৰ্গম যাতায়ত আৰু এক সংস্কৃতিসুলভ চেতনাৰ অভাৱৰ হেতু উত্তৰ পূৰ্বাঞ্চল তথা অসমে প্ৰচুৰ সম্ভাৱনা থকা চত্বেও বাঁহক অৰ্থনীতিৰ এক বুনিয়াদলৈ ৰূপান্তৰ কৰিব পৰা নাই - অথচ চীনে তাকে কৰি শেহতীয়াকৈ সমগ্ৰ পৃথিৱীৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ’ল।

No comments:

Post a Comment