চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

চিন্তন

Share This
অসমীয়া ভাষা সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ কথা
ডাঃ গীতাৰ্থ বৰদলৈ
২০১১ চনত জুন মাহত অসম সাহিত্য সভাৰ উদ্যোগত অসমীয়া ভাষা বিষয়ক এখন জাতীয় কৰ্মশালা আৰু আলোচনা সত্ৰৰ আয়োজন কৰা হৈছিল। তাত পাঠ কৰা বক্তৃতা আৰু গৱেষণা পত্ৰৰ সংকলন "অসমীয়া ভাষা: সংৰক্ষণ, সংবৰ্ধন আৰু সম্প্ৰচাৰ" গ্ৰন্থখন কিনি আনিছিলোঁ। কিতাপখনত সন্নিৱিষ্ট ড° ৰমেশ পাঠকৰ মূল বক্তৃতাটোৰ পৰা কেইটামান উক্তি ইয়াত তুলি দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ।

"মোৰ বোধেৰে অসমীয়া ভাষাৰ যদি প্ৰকৃততে কিবা সংকট আহিছে তেন্তে সেই সংকটৰ বাবে দায়ী অসমীয়া শিক্ষিত আৰু মধ্যবিত্ত শ্ৰেণীটোহে।......গড্ডালিকা প্ৰৱাহত বিশ্বাসী অসমৰ শিক্ষিত আৰু মধ্যবিত্ত সমাজ ইংৰাজী মাধ্যমৰ প্ৰতি এনে ধৰনে ধাৱমান হৈছে যে মোৰ ভয় হৈছে এই শতিকাৰ দ্বিতীয় অৰ্ধেকতে অসম সাহিত্য সভাৰ নামটো‌ও সলাই Assam Literary Society কৰিব লগা হ'ব।"


"আচলতে এটা ভাষা যিমান বিকাশমুখী সি সিমানেই পৰিৱৰ্তনমুখীও। ভাষাৰ পৰোৎকৰ্ষৰ (perfection) সোণালী যুগ এটি নাই যাক সদায়েই অত্যুৎতম বা নিখুঁত মান বুলি ধৰিব পাৰি আৰু তাৰ পৰা আঁতৰি গ'লেই ভাষাৰ ‘বিশুদ্ধতা’ নোহোৱা হয়।"

“ভাষাৰ তথাকথিত ‘বিশুদ্ধতা’ নিৰ্ভৰ কৰে সেই ভাষা কোৱা মানুহৰ ওপৰত। কিন্তু সেই ভাষিক সম্প্ৰদায়তো ঔপভাষিক বা আঞ্চলিক স্তৰ আছে। তথাপি মান্য-ভাষা কোৱা অঞ্চলৰ ৰূপটোকেই যেতিয়া লিখিত ৰূপত স্বীকৃতি দিয়া হয়, সেইবাবে বাকী উপভাষাগত ৰূপৰ কথা সাময়িকভাৱে মনলৈ নানিলেও হ’ব। কিন্তু মান্য ঔপভাষিক অঞ্চলৰ কথিত ৰূপ আৰু লিখিত মান একে নহয়। তদুপৰি কথিত ৰূপৰো স্তৰ আছে- সাংস্কৃতিক স্তৰ (Cultural level) আৰু কাৰ্যকৰী স্তৰ (Functional level)। মিচিং, মৰান, মটক, আহোম জনগোষ্ঠীৰ কথিত ৰূপৰ সৈতে লিখিত মানৰ পাৰ্থক্য আছে। উচ্চাৰণ, শব্দ প্ৰয়োগ আদিত এনে পাৰ্থক্য চকুত লগা।“

"আনহাতে অসমীয়া ভাষাৰ নাভিকেন্দ্ৰ এতিয়া শিৱসাগৰ নহয়। ধীৰ অথচ নিশ্চিত গতিত ই দিচপুৰ বা গুৱাহাটীলৈ গতি কৰি আছে। মান্য-ভাষাৰ কেন্দ্ৰ সলনি হ'ব ধৰিছে অথচ সম্পূৰ্ণ হোৱা নাই- এই সঞ্চৰণ বা স্থান পৰিৱৰ্তনৰ আলি দোমোজাত বৰ্তমানৰ অসমীয়া ভাষা। স্বাভাৱিকতেই সঞ্চৰণৰ কাল-ছোৱাত প্ৰত্যাশিত বা অপ্ৰত্যাশিত ৰূপত কিছু পৰিৱৰ্তন ঘটিব‌ই। ইয়াৰ অৰ্থ এনে নহয় যে সঞ্চৰণৰ সময়ছোৱা অৰাজকতাৰ কাল।"

"অসমীয়া ভাষা যেন এতিয়া উদঙীয়া গৰুৰ চৰণীয়া পথাৰ- যাৰ যি মন গৈছে কৰিছে। ব্যাকৰণ বা অভিধান যেন অৰ্থহীন বস্তু।.....আজি-কালি অসমীয়া মানুহৰ গা-মূৰ নিবিষায় - Pain কৰে; সিজোৱা কণী কোনেও নাখায় - boil কণীহে খায় (কিন্তু কিবা কাৰণত কণীক কামৰূপীমতে 'ডিমা' বুলি ক'লে ভাষাটো ৰসাতলে গ'ল বুলি হৈ চৈ লগায়); গাড়ী-মটৰত বহাৰ ঠাই বা আসনৰ কথা কোনেও নোসোধে - seat ৰ কথাহে সোধে।...."

"অসমৰ জনগোষ্ঠীয় লোকসকলে নিজৰ নিজৰ মাতৃভাষাত শিক্ষা-গ্ৰহণ কৰাত তাত্ত্বিক অসুবিধা একো নাই আৰু আৰ্য অসমীয়াসকলো শংকিত হোৱাৰ কাৰণ নাই। কিন্তু তাকে কৰিবলৈ যাওঁতে সুপৰিকল্পিত আঁচনিৰ প্ৰয়োজন।"

"ইংৰাজীত c (city, can), ch (church, chemical), a (vast, can) - এনেদৰে একেটা আখৰতে একাধিক ধ্বনিমূল্য আৰোপ কৰা হয়। Psychology, could আদিত আকৌ p, l ৰ কামেই নাই। অথচ ইংৰাজী বানান আমি ভুল নকৰোঁ। আপেক্ষিকভাৱে অসমীয়া লিপিত বিসংগতি কম। কেৱল একেটা ধ্বনি বুজাবলৈ ই, ঈ, উ, ঊ; বা চ, ছ; জ, ঝ, য; ট, ত, ৎ; ঠ, থ; ড, দ; ট, ত; ঢ, ধ; ণ, ন; ৰ, ড়; শ, ষ, স ব্যৱহাৰ কৰোঁ যদিও উচ্চাৰণৰ তাৰতম্য নঘটে। ইংৰাজীৰ দৰে C=ক, চ, Ch=ক,চ, a=আ, এ, এই- came, gate নহয়। ইংৰাজসকলে কিন্তু আখৰ জোঁটনি সলোৱাৰ কথা ভবা নাই।...."

"ভাষাৰ সৰলীকৰণ কৰিলে ভৱিষ্যত প্ৰজন্মৰ বাবে আধুনিক অসমীয়া সাহিত্যৰাজি সাঁচিপতীয়া পুথিৰ দৰে দুৰ্বোধ্য হ'ব আৰু মহান লেখকসকলৰ সাহিত্য পাঠৰ আনন্দৰ পৰা বঞ্চিত কৰা হ'ব ভৱিষ্যত প্ৰজন্মক। এইবোৰ কথা বিবেচনা নকৰি পাণ্ডিত্যগন্ধী আৱেগৰ বশৱৰ্তী হৈ হুজুগতে কিবা এটা কৰিবলৈ গ'লে নতুন বিপদ চপাই লোৱাৰ আশংকাই অধিক।"

"অসমীয়াই সম্ভৱতঃ একমাত্ৰ বিকশিত ভাষা য'ত এখন নতুন অভিধান ওলোৱা মানে নতুন খেলিমেলিৰ সংযোজন।...অসমীয়া আখৰ-জোঁটনিৰ সমস্যা আঁতৰাবলৈ হ'লে অসম সাহিত্য সভাই এখন অভিধান নিজাকৈ উলিয়াব লাগিব। সেই অভিধান সমিতিৰ উপদেষ্টামণ্ডলীত থাকিব বাতৰি কাকতৰ সম্পাদক, বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি, সাহিত্য সভা আৰু অসম বিজ্ঞান আৰু ভাষাবিজ্ঞান সমিতিৰ প্ৰতিনিধি। কিন্তু মূল সম্পাদনা সমিতিত থাকিব ভাষাবিজ্ঞানী, অভিধান ৰচনাৰ লগত জড়িত ব্যক্তি, সেই অভিধানমতে প্ৰাথনিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় স্তৰলৈ সকলোবোৰ পাঠ্য-পুথিৰ আখৰ-জোঁটনি কৰাটো বাধ্যতামূলক কৰা হ'ব। বাতৰি কাকতবোৰেও সেইমতে বানান লিখিব লাগিব।...আমাৰ পণ্ডিতসকলে মিছা জেদ পৰিহাৰ কৰি অসমীয়া ভাষাৰ বৃহত্তৰ স্বাৰ্থত এনেদৰে সম্পাদিত অভিধানমতে বানান লিখিব লাগিব।"

"অসমীয়া ভাষাক সংযোগী ভাষাৰ মৰ্যাদা দিবলৈ হ'লে আমাৰ দৃষ্টিভংগীৰ সলনি হ'ব লাগিব। গোৱালপৰীয়া, কামৰূপী আৰু দৰঙীয়া শব্দ, মিচিং-মৰান-মটক-দেউৰী-ৰাভা-তিৱা-ডিমাচা-বৰো-সাদানি/চাদ্‌ৰি ভাষাৰ শব্দক আমাৰ ভাষা সাহিত্যত স্থান আৰু স্বীকৃতি দিব লাগিব।"

লেখকৰ ব্লগৰ ঠিকনাঃ http://gitartha.blogspot.in

2 comments:

  1. পঢ়ি বৰ ভাল লাগি৷ কথাবোৰ অতি যুক্তিসংগত আৰু সময়োপযোগী হৈছে৷

    ReplyDelete
  2. ধন্যবাদ দাদা। আপোনাৰ পৰাও লেখনি আশা কৰিলো।

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages