Friday, February 14, 2014

বাটে-ঘাটে

মাত্ৰ প্ৰেম হলেভি নহব চাহেব, 
প্ৰেমত বাহাদুৰো হব লাগিব!
-অজয় লাল দত্ত
বাহাদুৰ চাচা, সঁচাই প্ৰেমিকো আছিল, বাহাদুৰো।
আমি পাহাৰ টিঙৰ ঘৰত থাকোতে সদায়েই নিজৰাৰ পৰা পানীৰ বাল্টি আনি দিয়ে, আমাৰ ঘৰতো সকলোৰে তৃষ্ণা নিবাৰণ কৰা ব্যৱস্থা কৰে। তেতিয়া দেউতাৰ সতে মই থাকো, গীতামন্দিৰৰ বিপৰীতে থকা পাহাৰত।
অলপ ডাঙৰ হ'লো, প্ৰেম ভালপোৱা কি বুজিলো।
বাহাদুৰ চাচাক তেওঁৰ নাম লৈ জোকাবলৈ ধৰিলো।
তেওঁৱো লাহে লাহে সোঁৱৰণিৰ সফুঁৰা খুলিবলৈ ধৰিলে...
এদিন কাহিনীৰ সংলাপত ক'লে "মাত্ৰ প্ৰেম হলেভি নহব চাহেব, প্ৰেমত বাহাদুৰো হব লাগিব!"
মই তেতিয়া কেচবোৰ ভালকৈ নবুজিলো। পাছত লাহে লাহে খুড়ীও যেতিয়া আমাৰ তলৰ প্লটটোত তৰ্জাৰ ঘৰ এটাত ঘৰ সলাই মাটি ৰখীয়া হৈ থাকিবলৈ আহিল, তেতিয়াহে পূৰা কাহিনীটো গম পালো।

আমাৰা বাহাদুৰে আচলতে বৰ্তমান আগৰ মালিকৰ পত্নীৰ সৈতে সুখৰ সংসাৰ কৰি আছে। মালিকৰ বৰপেটাৰ চৰৰ ফালে গাখীৰৰ ব্যৱসায় আছিল, চাচা তদাৰকী। তদাৰক কৰি কৰিয়েই মৰম উপজিল, সাহসেই লক্ষ্মী। সাহস কৰাত গৃহ লক্ষ্মীয়েই খোদ কাষ চাপি আহিল। বাহাদুৰ, পুনৰ প্ৰেম বাহাদুৰ হৈ উঠিল। গোপনে গোপনে কিমান খেলিম..গানটো ৰেডিঅ'ত শুনাৰ পাছতে দুয়ো মন বান্ধিয়ে উৰিবলৈ... এইদৰেই আহি গুৱাহাটীৰ পাহাৰত আশ্ৰয় ললেহি.. নতুন সেউজ সপোন দেখা সংসাৰো কৰিলেহি...।

পিছে ঘটনা তাতেই শেষ নহয়। সময়, সলনি, দৃশ্য সলনি। মাজে মাজে দেখুন আগৰ মালিকৰ ফালৰ সন্তানো (ছোৱালী দুজনী, বিয়া দিয়া) গুৱাহাটীৰ পাহাৰৰ ঘৰত স্বামীগৃহৰ পৰা আহি থাকে মাজে মাজে। এওঁলোকৰ ফালৰ একমাত্ৰ ল'ৰা বনজিতেও বিএচএফত চাকৰি পালে। মাজে মধ্যে আহে..... টকা সিকাও পঠায়...মুঠতে এতিয়া প্ৰেমৰ সুখৰ সংসাৰ।

আগৰ মালিকে বোলে দুইবছৰ আগতে ইহলীলা সামৰিলে। (দুখতে পুনঃ বিবাহ নকৰালে দেই তেওঁ!) সেয়ে খুড়ীও এতিয়া বৰপেটাৰ ঘৰৰ তদাৰক কৰিবলৈ মাজে মধ্যে যাব লাগে। মালিকৰ ভতিজা এটাইহে সেই মাটি-ভেটি ধৰি আছে! সেয়ে দ্বায়িত্ব বুলিওটো এটা কথা আছে, মাত্ৰ প্ৰেমত মজি থাকিলেই জানো হব! চাচাই কয়...

সত্তৰৰ ঘৰত ভৰি দিয়া বাহাদুৰ চাচা, তজবজীয়া আৰু এতিয়াও ভিতৰি চফল ডেকা, একেই প্ৰেমিক...

খুড়ী নাথাকিলে ওপৰৰ ফালে ঘৰ থকা চুলাই বেপাৰীয়ে যদিও বিনামূলীয়াকৈ আপ্যায়ন কৰা এগৰাকীৰ ঘৰলৈ সঘন আহযাহ।  ভিজিটিঙ প্ৰফেচাৰ ৰূপেই তেওঁ তাত দেখা দিয়ে বুলি খুড়ীয়ে অভিযোগ তোলাৰো গুজৱ আছে। 

সঁচাই চৌপাশ প্ৰেম প্ৰেম, প্ৰেমময়।
সকলোৰে আশা, আশা, সাহস, সাহস, প্ৰেম, প্ৰেম....
ৰাম ৰাম.... ৰামো ৰামো...একেবাৰে কেচ আশাৰাম!

No comments:

Post a Comment