Sunday, February 2, 2014

আজিৰ অনুভৱ

দিল্লীত অৰুণাচলৰ ছাত্ৰৰ মৃত্যু 
আৰু 
কিছু প্ৰাসংগিক চিন্তা
- প্ৰতিম প্ৰতাপ বৰুৱা

দিল্লীত এজন ছাত্ৰক মৰিয়াই মৰিয়াই এনেদৰে ঘাইল কৰি দিয়া হ’ল যে পিছদিনা ছাত্ৰজনৰ মৃত্যু হ’ল। অৰুণাচল প্ৰদেশৰ এই ছাত্ৰজনৰ চুলিৰ ষ্টাইলটোৰ বাবে কেইজনমান দোকানীয়ে তেওঁক উপলুঙা কৰিছিল। লৰাজনে আপত্তি কৰাত তেওঁক সকলোৰে সন্মুখতে মৰিয়াই মৰিয়াই ঘাইল কৰি মৰিবলৈ এৰি দিয়া হ’ল। ঘটনাটো মেডিয়াত প্ৰচাৰ হোৱাত উপায়হীন হৈ পিছদিনা পুলিচে কেইজনমান মানুহক সোধ-পোচৰ বাবে আটক কৰিলে। দিল্লী পুলিচৰ ন’ডেল অফিচাৰে দোষীক শাস্তি দিয়া হ’ব বুলি আশ্বাস এটা দি দায়িত্ব সামৰিলে। এই ছাত্ৰজন অৰুণাচলৰ নহৈ দিল্লী বা উত্তৰপ্ৰদেশ বা হাৰিয়াণা বা চণ্ডীগড়ৰ হোৱা হ’লে কথাবোৰ ইমান সহজ হ’লহেঁতেননে?

দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে এই জঘণ্য কাণ্ডটোৰ প্ৰতিবাদ জনাওতে তেওঁলোকৰ লগত সমানে প্ৰতিবাদ কৰিবলৈ আন আন প্ৰদেশৰ ছাত্ৰ-ছাত্ৰীসকল আগবাঢ়ি অহা নাছিল। হয়, উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বা উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ চেহেৰা-পাতি, ধৰণ-কৰণ, কথা-বাৰ্তা, খোৱা-বোৱা, সমাজ-সংস্কৃতি আদি ভাৰতৰ হিন্দী-বলয়ৰ লোকসকলৰ সৈতে নিমিলে। (আমাৰ কথা-বাৰ্তা, ধৰণ-কৰণ, সমাজ-সংস্কৃতি আদি ভাৰতৰ বেছিভাগ মানুহতকৈ বহুত উন্নত।)


কিন্তু একমাত্ৰ এই কাৰণটোৰ বাবেই উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে ভাৰতৰ আন ঠাইত বৈষম্যৰ বলি হ’ব লগা হোৱাটো দূৰ্ভাগ্যজনক আৰু চিন্তাজনক। ভুক্তভুগীসকলে জানে – দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলে এটা ভাড়াঘৰ পাবলৈকো বহুসময়ত হাঁহাকাৰ কৰিব লগা হয়। তেওঁলোকৰ পৰা ভাড়াঘৰৰ মালিকে ঘৰভাড়া বহুতে বেছিকৈ লোৱাৰ উপৰিও ৬ মাহৰ ভাড়া আগতীয়াকৈ আদায় কৰি লয়। কথাই কথাই তেওঁলোকক এচামে উপলুঙা কৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰীসকলক সহজলভ্যা বুলি ভাবে। (কাৰণ সিহঁতে নাজানে আমাৰ উত্তৰ-পূৰ্বাঞ্চলত নাৰীৰ সামাজিক স্থান সিহঁতৰ সমাজৰ দৰে নিম্নখাপৰ নহয় আৰু সেয়ে আমাৰ নাৰীসকল অৱদমিত নহয়, তেওঁলোক মানসিকভাৱে মুক্ত।)

উত্তৰ-পূৰ্বাঞ্চলে ভাৰতক নিজৰ চিনাকি দিব লাগিব। ভাৰতক এটা কথা মানিবলৈ বাধ্য কৰিব লাগিব যে যিবোৰ কথা আৰু কাম ভাৰতৰ হিন্দী বলয়ত বাস কৰা মানুহখিনিৰ ক্ষেত্ৰত গ্ৰহণযোগ্য নহয়, সেইবোৰ কথা আৰু কাম উত্তৰ-পূৰ্বাঞ্চলৰ মানুহখিনিৰ ক্ষেত্ৰতো গ্ৰহণযোগ্য হ’ব নোৱাৰে।

No comments:

Post a Comment