প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
সুষ্ঠ প্ৰতিবাদ হওক অসম বন্ধৰ বিকল্প
ড০ অঞ্জল বৰা

কোনো এটা প্ৰচলিত ব্যৱস্থাৰ বিৰুদ্ধে বিভিন্ন ব্যক্তি, দল-সংগঠন আদিৰ মনত অসন্তুষ্টি অহাতো স্বাভাৱিক কথা৷ ইয়াৰ বাবে দল-সংগঠনসমূহে গণতান্ত্ৰিক উপায়েৰে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ল’ব পাৰে৷ বিশ্বৰ বিভিন্ন প্ৰান্তত যুগ যুগ ধৰি মানুহে বিভিন্ন অপশাসন , অন্যায়-অনীতি আদিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি আহিছে আৰু সেই প্ৰতিবাদেৰে প্ৰচলিত শাসন ব্যৱস্থাকো ওফৰাই দিয়াৰ নজিৰ আছে৷ 

কিন্তু সম্প্ৰতি অসমত প্ৰতিবাদৰ নামত‘অসম বন্ধ’, ‘জিলা বন্ধ’ আদিৰে যি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰম্পৰা চলিবলৈ ধৰিছে তেনে পৰম্পৰা পৃথিৱীৰ কোনো ঠাইতে সঘনাই দেখিবলৈ পোৱা নাযায়৷ কোনো দল-সংগঠনৰ প্ৰতিবাদী কাৰ্যসূচীৰ মূল অৰ্থ হ’ব লাগে জনসাধাৰণক সেই বিষয়ে সজাগ কৰি তাৰ সমৰ্থনত জনতাক একত্ৰিত কৰা আৰু যাৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হয় তেওঁক বাধ্য কৰোঁৱা৷

কিন্তু বাস্তৱ ক্ষেত্ৰত যেন অসমত ইয়াৰ সম্পূৰ্ণ এখন বিপৰীত ছবিহে দেখিবলৈ পোৱা গৈছে৷ দল-সংগঠনসমূহে নিজৰ সমৰ্থনত জনসাধাৰণক একত্ৰিত কৰাৰ বিপৰীতে জনসাধাৰণৰে জীৱন-সম্পত্তি ধ্বংস কৰি প্ৰতিবাদ কৰা কাৰ্যত প্ৰথম দৃষ্টিতে দল-সংগঠনসমূহৰ আদৰ্শগত দুৰ্বলতা প্ৰকাশ পাইছে৷ যাৰ ফলত বিভিন্ন দল-সংগঠনসমূহৰ নিজা সমস্যাসমূহ সমগ্ৰ অসমৰ উমৈহতীয়া সমস্যা হৈ উঠিব পৰা নাই৷ সুষ্ঠ গণতান্ত্ৰিক প্ৰতিবাদেহে দল-সংগঠনসমূহক জনসাধাৰণৰ কাষ চপাই নিব পাৰিব আৰু সেই দলসমূহৰ সমস্যাও সমগ্ৰ অসমৰ জনসাধাৰণৰ সমস্যা হিচাপে পৰিগণিত হ’ব৷

বৰ্তমান অসমত যিমানবিলাক বন্ধ হয়, তাৰ বহু কাৰণেই স্পষ্ট নহয়৷ স্পষ্ট হ’লেও বন্ধই তাৰ প্ৰভাৱ কমাই তোলে৷ কাৰণ সততে বন্ধৰ পিছদিনা বন্ধৰ প্ৰভাৱ আৰু তাৰ ক্ষয়-ক্ষতিৰ বাতৰিহে কাকতত প্ৰকাশ পায়৷ কিন্তু যিবিলাক সমস্যাৰ সমাধানৰ কাৰণে বন্ধ দিয়া হ’ল তাৰ বিষয়ে কি পদক্ষেপ গ্ৰহণ কৰিলে তাৰ কোনো খবৰ প্ৰকাশ নাপায় আৰু লাহে লাহে সি পাহৰণিৰ গৰ্ভত সোমাই পৰে৷ গতিকে বন্ধ দিয়া দল-সংগঠনসমূহে এই কথা কিয় অনুভৱ কৰিব পৰা নাই যে তেওঁলোকে দিয়া বন্ধটোৰ বাবে দৰাচলতে এক শতাংশও প্ৰভাৱ সমাজত নপৰিল৷ 

এই লেখাটো লিখি থকাৰ সময়তে বাতৰি কাকতত (আমাৰ অসম) দেখা পালোঁ ‘বিহালী-কাণ্ডৰ প্ৰতিবাদত ১২ ঘণ্টীয়া শোণিতপুৰ জিলা বন্ধ’ৰ বাতৰি৷ বন্ধ দিছে সদৌ অসম আদিবাসী ছাত্ৰ সংস্থাৰ (আছা) শোণিতপুৰ জিলা সমিতিয়ে৷ বন্ধৰ কাৰণসমূহ উল্লেখ কৰিছে অসমৰ খিলঞ্জীয়া লোকক উপযুক্ত নিৰাপত্তা প্ৰদান, দোষী অৰুণাচলী দুৰ্বৃত্তৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ, অসমৰ চিৰসেউজ বনাঞ্চলসমূহক বহিঃৰাজ্যৰ আগ্ৰাসনৰ পৰা ৰোধ কৰা আৰু অসম-অৰুণাচলৰ দীৰ্ঘদিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধান কৰি সীমা এলেকাত শান্তি প্ৰতিষ্ঠা কৰা৷ নিঃসন্দেহে ‘আছা’ৰ চাৰিওটা কাৰণেই গুৰুত্বপূৰ্ণ আৰু চৰকাৰে অনতিপলমে ইয়াক কাৰ্যকৰী কৰা উচিত৷ কিন্তু তাৰ বাবে এই কথা ভাবিব পাৰিনে যে ১২ ঘণ্টাৰ বাবে সমগ্ৰ জিলাখনৰ কাম-কাজ, বেপাৰ-ব্যৱসায়, স্কুল-কলেজ বন্ধ কৰি দিলেই চৰকাৰে মানি ল’ব আৰু লগে লগে তাক কাৰ্যকৰী কৰিব? বৰঞ্চ বৃহৎ সংখ্যক মানুহে এই বন্ধৰ সুবিধা গ্ৰহণ কৰি পৰিয়ালৰ লগত সময় কটাব, জৰুৰীকালিনসেৱাসমূহ বন্ধ হৈ পৰিব আৰু অলপ সংখ্যক ব্যৱসায় কৰা ব্যক্তি লোকচানৰ সন্মুখীন হ’ব৷ ‘আছা’ই ওপৰত উল্লেখ কৰা চাৰিওটা বিষয়ৰৰ বাবে বন্ধ ঘোষণা কৰাৰ সলনি কিছু সজাগতামূলক কাৰ্যসূচীৰে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা হ’লে নিশ্চয়কৈ তেওঁলোক অধিক সফল হ’ব পাৰিলে হয় (এইটো এটা উদাহৰণহে)৷ 

প্ৰতিবাদৰ বিভিন্ন কাৰ্যসূচীসমূহক আমি প্ৰধানকৈ দুটা ভাগত ভগাব পাৰোঁ৷ (ক) পৰোক্ষ কাৰ্য আৰু (খ) প্ৰত্যক্ষ কাৰ্য৷ ইয়াৰে পৰোক্ষ কাৰ্যসমূহৰ ভিতৰত সাধাৰণতে চলা কাৰ্যসূচীসমূহ হৈছে - বিভিন্ন প্ৰতীক প্ৰদৰ্শন, প্ৰচাৰ-পত্ৰ বিতৰণ, দৰ্খাস্ত প্ৰদান, ধৰ্ণা-ধৰ্মঘট পালন আৰু ৰাজহুৱা ভাষণ৷ আনহাতে প্ৰত্যক্ষ কাৰ্যসূচীসমূহৰ ভিতৰত আছে - অধিগ্ৰহণ, তলাবন্ধ কৰা, ক্ষতিকাৰক ধৰ্ণা, বিক্ষোভ প্ৰদৰ্শন, কৰ্মবিৰতি, বহু সংখ্যক ব্যক্তি একে ঠাইতে বহি যোৱা আৰু বৰ্জন কৰা (Boycotts) (এই দুই ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী সময় সাপেক্ষে উগ্ৰ আৰু ক্ষতিকাৰক হ’ব পাৰে)৷ কিন্তু এনে বিভিন্ন গণতান্ত্ৰিক কাৰ্যসূচীৰ ভিতৰত কোনো ঠাইতে সমগ্ৰ ৰাজ্য এখন বন্ধ কৰি দিয়াৰ দৰে কাৰ্যসূচীৰ কথা উল্লেখ নাই৷ 

কিন্তু প্ৰশ্ন হ’ব পাৰে সুষ্ঠ গণতান্ত্ৰিক প্ৰতিবাদ কেনে হোৱা উচিত? আমাৰ বোধেৰে যাৰ বিৰুদ্ধে বা যিহৰ বিৰুদ্ধে প্ৰতিবাদ কৰা হৈছে সেই বিষয়ে এক জনমত গঠন কৰাই দল-সংগঠনসমূহৰ মূল উদ্দেশ্য হোৱা উচিত৷ বৃহৎ জনমত গঠনেহে কোনো প্ৰতিবাদী কাৰ্যসূচীক সফল কৰিব পাৰিব৷ ইয়াৰ লগতে লাগিব এক দীঘলীয়া সময়ৰ বাবে নিৰ্দিষ্ট বিষয়টোত লাগি থাকিব পৰা ধৈৰ্য আৰু সুপৰিকল্পিত কৰ্ম আঁচনি৷ কৰ্মসূত্ৰে আমি বৰ্তমান মধ্যপ্ৰদেশৰ ব্যৱসায়িক চহৰ ইন্দোৰত থাকোঁ৷ যোৱা সাত বছৰে আমি কোনো দিনে মধ্যপ্ৰদেশ বন্ধ হোৱাৰ কথা শুনা নাই৷ কিন্তু চাৰি বছৰমানৰ আগতে ভাৰতীয় জনতা দলে দিয়া ভাৰত বন্ধৰ সময়ত প্ৰতিবাদৰ এক অভিনৱপদ্ধতি দেখিবলৈ পাইছিলোঁ৷ মন কৰিব লগা কথা যে মধ্যপ্ৰদেশ ভাৰতীয় জনতা দলৰ শাসন হোৱাৰ পিছতো ইন্দোৰ চহৰ বন্ধ হোৱা নাছিল৷ বৰঞ্চ দলীয় কৰ্মকৰ্তাসকলে হাতে হাতে প্ৰচাৰ-পত্ৰ, মাইক আদি লৈ সমগ্ৰ চহৰখনৰ বিভিন্ন ট্ৰেফিক পইণ্টসমূহত উপস্থিত আছিল আৰু গাড়ীসমূহ কিছুসময়লৈ ৰাখি প্ৰচাৰ-পত্ৰ বিলোৱাৰ লগতে তেওঁলোকৰ দাবীসমূহ উল্লেখ কৰিছিল৷ পিছত পুনৰ গাড়ীবিলাক যাবলৈ দিছিল৷ এনেদৰে কেৱল পুৱা ১০ বজাৰ পৰা ১১ বজালৈ এঘণ্টা সময় বন্ধ পালন কৰি পুনৰ নিজ নিজ কামত জড়িত হৈছিল৷ নিশ্চয়কৈ এনেদৰেও আমি এক সুষ্ঠ প্ৰতিবাদী কাৰ্যসূচীৰে সাধাৰণ জীৱন-যাত্ৰা ব্যাহত নোহোৱাকৈ বন্ধ কাৰ্যসূচী পালন কৰিব পাৰোঁ (যদিও প্ৰতিবাদৰ বাবে বন্ধ দিয়াৰ কোনো প্ৰয়োজন নাই)৷

অসমত আজিলৈকে যিমান ‘অসম বন্ধ’ হৈছে তাৰ সমান্তৰালভাৱে বন্ধৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী লেখাও প্ৰকাশ পাই আহিছে৷ আনকি শেহতীয়াভাৱে ছ'চিয়েল নেটৱৰ্কিং চাইট ফে'চবুকতো বিভিন্ন গোট খুলি অসম বন্ধৰ বিৰুদ্ধে যুৱ-প্ৰজন্ম একত্ৰিত হৈছে৷ চাৰিওফালে মানুহৰ প্ৰতিবাদৰ (বন্ধৰ বিৰুদ্ধে) পিছতো দল-সংগঠনসমূহে কিয় বন্ধ দিবলৈ সাহস কৰিছে বা জনসাধাৰণে মুকলি বিদ্ৰোহ কৰি কিয় ৰাজ-পথলৈ, কাৰ্যলয়লৈ আহিব পৰা নাই? ইয়াৰ অন্যতম কাৰণ হৈছে আৰক্ষী প্ৰশাসন তথা চৰকাৰৰ পৰা জনসাধাৰণে পাব লগা বিশ্বাসযোগ্য সুৰক্ষা লাভ কৰিব পৰা৷ এটা কথা আৰক্ষীয়ে বা চৰকাৰে জনা উচিত যে এমুঠিমান বন্ধ সমৰ্থকৰ বাহিৰে ৰাজ্যখনৰ বৃহৎ সংখ্যক লোকেই আজিৰ দিনত বন্ধৰ বিৰুদ্ধে থিয় দিবলৈ সাজু আছে৷ 

গতিকে চৰকাৰে আৰক্ষীৰ জৰিয়তে বা অন্য উপায়েৰে জনসাধাৰণক এই বিশ্বাস দিব পাৰিব লাগিব “আমি আছোঁ, আপোনালোকে নিৰ্ভয়ে ওলাই আহক, দোকান-বজাৰ খোলক, গাড়ীখন লৈ কাৰ্যলয়লৈ যাওঁক, ছাত্ৰ-ছাত্ৰীও নিৰ্ভয়ে স্কুললৈ যাওঁক৷” কিন্তু এই নিৰ্ভয় আজিলৈকে চৰকাৰে প্ৰদান কৰিব পৰা নাই৷ যাৰ কাৰণেই বন্ধ দিয়া সংগঠনসমূহৰ সাহস বাঢ়ি গৈছে আৰু জনসাধাৰণৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি এটা দিন পণবন্দী কৰি ৰাখিবলৈ সামৰ্থ হৈছে৷ লগতে বাস্তৱ দৃষ্টিৰে চালে কোনো নিৰীহ জনতাই নিজৰ কষ্টৰ উপাৰ্জনেৰে কিনা গাড়ীখন কিয় বন্ধ সমৰ্থকৰ হাতত ধ্বংসৰ বাবে এৰি দিবলৈ ইচ্ছা কৰিব?লগতে জীৱন-মৰণৰ প্ৰশ্ন আছেই৷ গতিকে অসমৰ পৰা ‘বন্ধ অপসংস্কৃতি’ নিৰ্মূলৰ বাবে চৰকাৰৰ একমাত্ৰ দায়িত্ব হ’ল জনসাধাৰণৰ জীৱন-সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰি জনসাধাৰণ মনত সাহস প্ৰদান কৰা৷ অন্যথা এই ‘বন্ধ অপসংস্কৃতি’ কেতিয়াও নিৰ্মূল নহ’ব৷

শেষত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বন্ধৰ প্ৰচাৰ৷ দেখা যায় বন্ধৰ সংবাদ বহু সময়ত সংবাদ মাধ্যমৰ জৰিয়তেই প্ৰচাৰ লাভ কৰে৷ এই ক্ষেত্ৰত সাংবাদিক আৰু সংবাদ-মাধ্যম সজাগ হ’ব লাগিব৷ কোনো ক্ষেত্ৰতে সংবাদ-মাধ্যমে বন্ধৰ বিষয়ে জানিব পাৰিলে তাক প্ৰচাৰ কৰিব নালাগিব৷ যিকোনো খবৰ সংবাদ-মাধ্যমৰ কাণত পৰাতো স্বাভাৱিক কথা৷ কিন্তু সংবাদ মাধ্যমে সেই বন্ধৰ খবৰ আৰক্ষী প্ৰশাসনক দি পৰৱৰ্তী সময়ৰ বাবে সতৰ্ক হৈ থাকিবলৈ জনাব লাগিব৷ আৰক্ষী প্ৰশাসনেও সম্ভাব্য স্থানসমূহত আগতীয়া সুৰক্ষা ব্যৱস্থা ল’ব লাগিব আৰু সন্দেহজনক যিকোনো ব্যক্তিকে প্ৰতিৰোধ কৰিব লাগিব৷ জনসাধাৰণেও মনত সাহস বান্ধি ওলাই আহিব লাগিব৷ এনেদৰে সংবাদ মাধ্যম, আৰক্ষী আৰু জনসাধাৰণ একত্ৰিত হৈ বন্ধৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে বন্ধ সমৰ্থকসকলৰ মনোবল হ্ৰাস কৰিব পৰা হ’ব৷ লাহে লাহে এনেদৰে এটা পৰিৱেশ অসমত গঢ়ি উঠিলেহে বন্ধ দিয়া দল-সংগঠনসমূহক প্ৰতিহত কৰিব পৰা হ’ব৷ ইয়াৰ লগতে চৰকাৰেও যিকোনো গণতান্ত্ৰিক প্ৰদিবাদকে সন্মান প্ৰদান কৰি প্ৰতিবাদকাৰীসকলৰ লগত আলোচনাৰ মাধ্যমেৰে অভাৱ-অভিযোগসমূহ নিবাৰণৰ প্ৰতি গুৰুত্ব দিব লাগিব৷ চৰকাৰৰ সদিচ্ছা, দল-সংগঠনসমূহৰ বাস্তৱ পদক্ষেপ আৰু সুষ্ঠ বিকল্প পথৰ চিন্তাৰ অবিহনে কেৱল কাকত-পত্ৰত লিখা-মেলাই ‘বন্ধ-অপসংস্কৃতি’ক আমি কেতিয়াও বাধা দিব নোৱাৰিম৷

No comments:

Post a Comment