ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশ

ৰসাল হিতোপদেশ

Share This
কলেজীয়া জীৱন বিশেষ

১. আপুনি খেলে বাবেই খিলাড়ি, কিন্তু নিজকে প্লে’ বয় বুলি ভুল নকৰিব৷ ইংৰাজী ভাষাতো যে বৰ গণ্ডগোলীয়া সেয়া মনত ৰাখিব৷

২. সকলো কথাতে আচল নকল বাচি নাথাকিব, পৰীক্ষাৰ আগদিনা পেপাৰখনৰ জেৰক্স কপি এটা পালেও জানো যথেষ্ট নহয়? খালী সেইখন ভূলতো প্ৰত্যায়িত কৰিবলৈ নাযাব!

৩. কলেজত মন বহা নাই, তেন্তে এগৰাকী সুন্দৰী বিচাৰি তেওঁৰ প্ৰেমত পৰক, পাছ লবলৈ আৰম্ভ কৰক, দেখিব, কলজৰ লগতে গোটেই পৃথিৱীখনেই ভাল লগা হৈ আহিছে৷

৪. ধৰ্ম ভণ্টী পতা সকলৰ পৰা যিমান পাৰে দূৰত থাকক, মনত ৰাখিব তেওঁ দ্বায়িত্ব লবলৈ ঘৰত নহলেও কাজিন ভণ্টিৰ অভাৱ কেতিয়াও নাই৷ এইটো এটা চলনাময় সকলৰ বাবে ধাৰ্মিক পথহে!

৫. কলেজত পঢ়ায় যদি তেখেত সকলক শিক্ষক বুলি ভূলতো নকব, তেখেতসকলৰ ইগতো সাংঘাতিক, প্ৰফেচাৰ হবলৈ বহুত বাকী থাকিলেও প্ৰফেচাৰ চাৰ বুলিয়েই মাতিব, তেহে সু-সম্পৰ্ক বজাই ৰাখিব পাৰিব৷

৬. কলেজৰ হোষ্টেলত সোমাই মোৰ লোকেল গাৰ্জেন আত্ম-সমৰ্পনকাৰী, কয়লাৰ লগত জড়িত, সিদিনা জেং এটা হোৱাৰ বাবেহে হোষ্টেলত থবহি নোৱাৰিলে জাতীয় চিনাকি দিয়ক৷ ৰেগিঙৰ পৰা সাত সাৰিব সেয়া নিৰ্ঘাত৷

৭. হোষ্টেলত থাকিলে বিহুৱে পূজাই ৰান্ধনিক কিবা এটা দিয়া কৰক, তাৰ পাছত গোটেই বছৰ আপোনাৰ বাটিত মাংস সৰহ, মাছৰ ডাঙৰ টুকুৰা আদি উভৈনদী হব৷ মনত ৰাখিব, সম্পৰ্কটোহে আচল!

৮. হোষ্টেলৰ পাছফালে কোৱাটাৰলৈ গৈ ৰান্ধনিৰ পৰিবাৰক লাইন নামাৰিব, মনত ৰাখিব, হোষ্টেলত থাকি পঢ়োতে কিছুমান ৰীতি-নীতিৰে নিজক শাসন কৰাটো ভাল ৷

৯. কলেজলৈ আহিছে যেতিয়া বাইকৰ ব্যৱস্থাটো কৰি লওক, বাইক এখন হ’লে লগৰী এজনীৰো৷ মনত ৰাখিব, বাইকত এজন উঠিলে আজিকালি নুপোচাই, তেলৰ যিহে চৰাদাম!

১০. বাইকত মাত্ৰ লিফট ল’লেই জানো হেপাঁহ পলাব? দামী ব্লেকবেৰী এটা মৰমেৰে সৰকাওক, তেহে সম্পৰ্কবোৰত এঠা বাঢ়িব৷

শনিবাৰৰ ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
শুকুৰবাৰৰ জীৱনৰ অংক বিশেষ ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
বৃহস্পতিবাৰৰ ফেচবুক বিশেষ-২ ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক
বুধবৰীয়া "জালুকবাৰী বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
মঙ্গলবৰীয়া "ফেচবুক বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
সোমবাৰৰ "গাভৰু বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷

1 comment: