Monday, December 8, 2014

সাম্প্ৰতিক প্ৰসংগ

ভাষা আৰু শুদ্ধতাৰ সংকট
প্ৰতিম প্ৰতাপ বৰুৱা
কেইমাহমানৰ আগতে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অনুষ্ঠিত অসমীয়া ভাষা বিষয়ক এক আলোচনা-চক্ৰত শ্ৰোতা হিচাপে উপস্থিত থাকি মুখ্যবক্তা হিচাপে থকা ব্যক্তি দুজনৰ এজনক আমি প্ৰশ্ন কৰিছিলোঁ – আপুনি সঁচাকৈয়ে বিশ্বাস কৰেনে যে অসমীয়া ভাষাটো বৰ্তমান সংকটৰ গৰাহত বুলি আৰু এদিন আমাৰ এই অসমীয়া ভাষাটো বিলুপ্ত হৈ যোৱাৰ ভয় আছে নেকি? প্ৰশ্নটো এইকাৰণে কৰিবলগীয়া হৈছিল কাৰণ অসমীয়া ভাষাটো এদিন বিলুপ্ত হৈ যাব পাৰে বা অসমীয়া ভাষাৰ ভবিষ্যৎ অন্ধকাৰ বুলি বহুতে আশংকা প্ৰকাশ কৰে। আমাৰ প্ৰশ্নৰ উত্তৰত তেখেতে কৈছিল যে – অসমীয়া ভাষাটো এদিন বিলুপ্ত হৈ যাব পৰাকৈ সংকট অহা নাই, কিন্তু অসমীয়া ভাষাটো বৰ্তমান শুদ্ধতাৰ সংকটত ভূগিছে। তেখেতৰ দৰে আমিও বিশ্বাস কৰোঁ যে অসমীয়া ভাষাটোৰ শুদ্ধ ৰূপটোৱে সাম্প্ৰতিক সময়ত এক গভীৰ সংকটৰ সন্মুখীন হৈছে।

যোৱা ৩০ মাৰ্চ, ২০১৪ তাৰিখে ইন্‌লি ফাউণ্ডেশ্যনৰ সৌজন্যত দিল্লীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়াদেৱৰ বক্তৃতা শুনাৰ সৌভাগ্য হৈছিল। ডঃ নগেন শইকীয়াদেৱে অসমীয়া ভাষা, লিপি আৰু সাহিত্যৰ বুৰঞ্জী আৰু ক্ৰমবিকাশৰ বিষয়ে দিয়া দুঘণ্টাজোৰা ভাষণত অন্য বহু মূল্যবান তাত্বিক কথাৰ লগতে কেইটামান সৰু সৰু, কিন্তু বৰ গাজত লগা কথা কৈছিল। তেখেতে কৈছিল – “ধান দায়, নাকাটে। পাচলি কুটে, নাকাটে। মাছ বাচে, নাকাটে। কিন্তু আজিকালি আমি সকলো বস্তু কাটো। আমি ধানো কাটো, পাচলিও কাটো, মাছো কাটো। এই এটা মাত্ৰ শব্দই কেইবাটাও সুন্দৰ অসমীয়া শব্দৰ ব্যৱহাৰ কমাই দিছে। তেনেদৰে “বনায়” শব্দটোৱেও বহুকেইটা সুন্দৰ অসমীয়া শব্দ এলাগী কৰি পেলাইছে। আজিকালি ঘৰো বনায়, ভাতো বনায়, দাড়িও বনায়, মানুহো বনায়। অনুষ্ঠিত হ’ল, আকৃষ্ট হ’ল – এইবোৰ শুদ্ধ। অনুষ্ঠিত কৰে, আকৃষ্ট কৰে – এইবোৰ অশুদ্ধ। আয়োজন কৰে, আকৰ্ষণ কৰে – এইকেইটা শুদ্ধ। সভ্যতাৰ অগ্ৰগতিয়ে এটা ভাষালৈ নতুন শব্দ আনে। নতুন শব্দই এটা ভাষাক সমৃদ্ধিশালী কৰিব পাৰে। কিন্তু এটা নতুন শব্দই প্ৰচলিত পুৰণি শুৱলা শব্দবোৰক এলাগী কৰি সেই শব্দৰ ঠাই ল’ব নালাগে।“ - ড. নগেন শইকীয়াদেৱে কোৱা কথাখিনি হয়তো অবিকল ৰূপত আমি উদ্ধৃত কৰিব পৰা নাই। কিন্তু তেখেতৰ কথাখিনি প্ৰায় এনেকুৱাই আছিল। বক্তৃতাটো শুনি থাকোতে মৰ্মে মৰ্মে উপলব্ধি কৰিছিলোঁ – ইমান চেষ্টা কৰিও মই দেখোন নিজৰ মাতৃভাষাটোকে শুদ্ধ উচ্চাৰণেৰে সৈতে সম্পূৰ্ণ শুদ্ধকৈ আয়ত্ব কৰিব পৰাগৈ নাই।

এই অনুষ্ঠানটোৰ পৰা উভতি আহি ঘৰত টেলিভিশ্যনৰ সন্মুখত বহোতে সদায় হোৱাৰ দৰে পুনৰ আমাৰ কাণ আৰু মগজু কঁপাই গ’ল। এটা ব্যক্তিগত খণ্ডৰ অসমীয়া টেলিভিশ্যন চেনেলত নৱ-প্ৰজন্মৰ এগৰাকী প্ৰতিনিধিয়ে এনেকৈ কৈছে- “বাট যদি মানে ইউ ন’, এক্‌চ্যুৱেলী সিঁঅ’তে ডেভেল’পমেন্টটো নকৰে মানে। সিঁঅতৰ পাৱাৰটো আছে। বাট, ইউ ন’, আই থিংক্‌, পাৱাৰটো থাকিলে ইউজটো নাই। হোৱাই দিচ মানে বুজি নাপাও। বাট মানে ষ্টিল, আই মিন,….।"

এই বাক্যকেইটাৰ দ্বাৰা বুজাব খোজা কথাখিনিৰ অৰ্থটো, অলপ কষ্ট হ’লেও, চেষ্টা কৰি চালে হয়তো সকলোৱে বুজি পাব, কিন্তু কোৱাৰ ধৰণটো? সুৰটো? শব্দবোৰ? উচ্চাৰণটো? বাক্যকেইটাত অপ্ৰয়োজনীয়ভাৱে ব্যৱহাৰ হোৱা আন ভাষাৰ শব্দকেইটা? এই ভাষাটোক আমি এতিয়া কি ভাষা বুলি ক’ম? অসমীয়া ভাষা শুৱলা বুলি সকলোৱে জানে। সেই শুৱলা, সুৱদী সুৰীয়া, শুদ্ধ ৰূপৰ অসমীয়া ভাষাটো লাহে লাহে ক’ত আৰু কিয় হেৰাবলৈ ধৰিছে সেই কথা আমি সকলোৱে চিন্তা কৰি চোৱা উচিত। 

বহুতে কয় (আনকি বহু অভিভাৱকেও কয়) যে ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰা বাবে আমাৰ নতুন প্ৰজন্মই অসমীয়া ক’বলৈ অলপ অসুবিধা পায়। কিন্তু আমাৰ মতে এইটো যুক্তি হ’ব নোৱাৰে। ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰিলেও অসমতে থাকি নিজৰ মাতৃভাষাটো শুদ্ধকৈ ক’বলৈ (লগতে পঢ়িবলৈ আৰু লিখিবলৈ) পাহৰি যাব পাৰে বা অসমতে থাকি অভিভাৱকে নিজৰ সন্তানক মাতৃভাষাৰে কথা পতাৰ পৰাও আঁতৰাই ৰাখিব পাৰে বুলি বিশ্বাস কৰিবলৈ টান হয়। আচলতে আজিকালি এনেকৈ ইংৰাজী শব্দ মিহলাই বিজতৰীয়া ভাষা এটা সৃষ্টি কৰি কথা পতাটো (দুৰ্ভাগ্যজনকভাৱে) এটা আধুনিক ধং হৈ উঠা যেনহে লাগে। (এগৰাকী ছাত্ৰীয়ে মহানগৰত নিজৰ সমনীয়াৰ সৈতে একেলগে থকা অৱস্থাত কথাবোৰ যেনেকৈ, যিটো সুৰত, যিবোৰ শব্দ ব্যৱহাৰ কৰি কৈছিল, সেই একেগৰাকী ছাত্ৰীয়েই নিজৰ গাঁৱৰ ঘৰখনলৈ আহি সম্পূৰ্ণ আন এটা সুৰত, আন শব্দৰে, প্ৰায় শুদ্ধ অসমীয়াৰে কথাবোৰ কৈছিল – এয়া আমাৰ ব্যক্তিগত অভিজ্ঞতা।) আনহাতে এইখন অসমতে ইংৰাজী মাধ্যমৰ এনে বিদ্যালয়ো গঢ়ি উঠিছে য’ত বিদ্যালয়-চৌহদত অসমীয়া ভাষাত কথা পাতিলেও ছাত্ৰ-ছাত্ৰীসকলক শাস্তি দিয়া হয়। 

নিজৰ মাতৃভাষাটো শুদ্ধকৈ আয়ত্ব কৰি, যিমান পাৰি শুদ্ধকৈ ক’বলৈ চেষ্টা কৰাটো মাত্ৰ আমাৰ কৰ্তব্যই নহয়, এয়া আমাৰ জাতিৰ আৰু আমাৰ মাতৃভাষাৰ ভবিষ্যতৰ বাবেও অতিকৈ প্ৰয়োজনীয় কাম। স্থানান্তৰত আমি কৈছোঁ যে এটা ভাষা সংকটৰ গৰাহত নপৰিবলৈ হলে সেই ভাষাটোৰ শুদ্ধ ৰূপটোৰ প্ৰচাৰ, প্ৰসাৰ আৰু চৰ্চা হৈ থকাটো অত্যন্ত প্ৰয়োজনীয়। লগতে সমানে প্ৰয়োজনীয় প্ৰতিটো প্ৰজন্মই, বিশেষকৈ প্ৰতিটো নতুন প্ৰজন্মই নিজৰ মাতৃভাষাৰ শুদ্ধ ৰূপটো, শুৱলা শব্দবোৰ হেৰাই যাবলৈ নিদিয়াকৈ ব্যৱহাৰ কৰি থকাৰ লগতে সেই শুদ্ধ ৰূপটো ব্যৱহাৰ কৰি গৌৰৱান্বিত হোৱাটো। ইয়াত আমি ভাষাৰ চৰ্চা মানে মাত্ৰ ভাষাটোৰ লিখিত ৰূপটোৰ চৰ্চা কৰাৰ কথা কোৱা নাই। লিখিত ৰূপটোৰ লগতে ভাষাটোৰ কথিত ৰূপটোও পাৰ্য্যমানে শুদ্ধ (বিশুদ্ধ) কৰি ৰাখিবলৈ চেষ্টা কৰাৰ কথাও কৈছোঁ। (এইখিনি লিখোঁতে আমি এইটোও মনত ৰাখিছোঁ যে অসমীয়া ভাষাৰ কথিত ৰূপটো ঠাইভেদে অলপ বেলেগ বেলেগ আৰু সেইটোও আমাৰ মাতৃভাষাটোৰ আন এটা সৌন্দৰ্য।) কিন্তু বৰ্তমান আমি বিশেষকৈ শেহতীয়া প্ৰজন্মৰ বহুতে যিটো অশুদ্ধ আৰু আন ভাষাৰ শব্দৰ ব্যৱহাৰেৰে মিশ্ৰিত ৰূপত অসমীয়া ভাষাটো কথিত ৰূপত ব্যৱহাৰ কৰা দেখিছো (লিখিত ৰূপত অসমীয়া ভাষাৰ ব্যৱহাৰো দিনে দিনে কমি আহিছে, সেয়াও এক চিন্তাৰ কাৰণ) সেয়া এসময়ত আমাৰ ভাষাটোৰ শুদ্ধতাৰ প্ৰতি আৰু লগতে আমাৰ ভাষাটোৰ ভবিষ্যতৰ প্ৰতিও এটা সংকট হৈ উঠিবগৈ পাৰে, সেই বিষয়ে আমি নিশ্চিত। এনেকৈ অশুদ্ধকৈ, প্ৰয়োজনহীনভাৱে আন ভাষাৰ শব্দ ব্যৱহাৰ কৰি, আৰু লগতে নিজৰ ভাষাৰ পুৰণা, শুদ্ধ, শুৱলা শব্দবোৰৰ সলনি বেলেগ শব্দ ব্যৱহাৰ কৰি (যেনে – সাজে, ৰান্ধে, বান্ধেৰ সলনি বনায়; দায়, কুটে, বাচেৰ সলনি কাটে) অসমীয়া ভাষাটো আনকি মাত্ৰ কথিত ৰূপতো যদি সৰ্বত্ৰ ব্যৱহাৰ হয়, তেন্তে হয়তো অদূৰ ভবিষ্যতে এটা সময় আহিব যেতিয়া অসমীয়া ভাষাত আন ভাষাৰ শব্দ সোমাই পৰি সেই নতুন শব্দবোৰে পুৰণা, শুদ্ধ, শুৱলা অসমীয়া শব্দবোৰ ব্যৱহাৰশূণ্য কৰি পাহৰণিৰ আন্ধাৰলৈ ঠেলি পঠিয়াব আৰু কোনোবা এটা নতুন প্ৰজন্মই হয়তো সেই মিশ্ৰিত ৰূপটোকেই অসমীয়া ভাষাৰ শুদ্ধ ৰূপ বুলি ভাবি সেই ৰূপটোকেই গ্ৰহণ কৰি ল’ব (হয়তো ইতিমধ্যে লৈছেই)। তাৰ পিছত হয়তো কোনোবা এটা প্ৰজন্মই প্ৰথমে দ্বিভাষীক অথবা বহুভাষীক হৈ পৰি ক্ৰমান্বয়ে নিজৰ মাতৃভাষাটোৰ প্ৰতি আনুগত্য আৰু মাতৃভাষাটোৰ ব্যৱহাৰ কমাই আনি আন ভাষাটোৰ প্ৰতিহে বেছি আনুগত্য দেখুৱাব। এনেকৈয়ে হয়তো সুদূৰ ভবিষ্যতে কেতিয়াবা অসমীয়া ভাষাটোৱে অসমতে নিজৰ স্বীকৃতি হেৰুৱাব। এয়া হ’বলৈ দিব নোৱাৰি। এই ক্ষেত্ৰত আমাৰ সকলোৰে সমান দায়িত্ব আছে, আৰু অসমীয়া ভাষাক মাতৃভাষা জ্ঞান কৰা কোনেও এই দায়িত্ব অস্বীকাৰ কৰা উচিত নহয়। 

অসমীয়া ভাষাটোৰ শুদ্ধতা ৰক্ষা কৰাত গণ মাধ্যমসমূহৰ (দৃশ্য-শ্ৰাব্য মাধ্যমসমূহৰ লগতে ছপা মাধ্যমৰো) যথেষ্ট দায়িত্ব আছে বুলি আমি বিশ্বাস কৰোঁ। বিশেষকৈ দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহৰ এই ক্ষেত্ৰত দায়িত্ব অধিক। কাৰণ এই মাধ্যমসমূহৰ ব্যাপ্তি অধিক আৰু লগতে এই মাধ্যমবোৰ অত্যন্ত খৰতকীয়া। কিন্তু বৰ্তমান সময়ত এই দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহতেই আটাইতকৈ বেছিকৈ অশুদ্ধ ৰূপত অসমীয়া ভাষাটো ব্যৱহৃত হয়। বহু সময়ত এই মাধ্যমসমূহত অনুষ্ঠিত হোৱা বিভিন্ন আলোচনাত বা অন্যান্য কথোপকথনত অংশগ্ৰহণকাৰীসকলৰ কথা বাদেই, আনকি আঁত ধৰোতাসকলেও ইমান অশুদ্ধকৈ আৰু ইমান বেছিকৈ আন ভাষাৰ শব্দ-বাক্য অপ্ৰয়োজনীয়ভাৱে মিহলি কৰি (লগতে অশুদ্ধ উচ্চাৰণেৰে) মাতৃভাষাটো কয় যে বেছিভাগ সময়ত বিষয়টো গুৰুগম্ভীৰ হ’লেও গোটেই অনুষ্ঠানটোৱেই শ্ৰুতিকটু হৈ পৰে। এই অশুদ্ধ আৰু মিশ্ৰিত ভাষাৰ ব্যৱহাৰে অদূৰ ভবিষ্যতে আমাৰ মাতৃভাষাক কিমান ক্ষতি কৰিবগৈ পাৰে সেইবিষয়ে গণ মাধ্যমসমূহৰ কৰ্মকৰ্তাসকলৰ লগতে, অসমীয়া ভাষাক মাতৃভাষা জ্ঞান কৰা সকলোৱে চিন্তা কৰি চোৱা উচিত। অসমীয়া দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহৰ কৰ্মকৰ্তাসকলে ৰাষ্ট্ৰীয় দৃশ্য-শ্ৰাব্য গণ-মাধ্যমসমূহৰ অনুষ্ঠানবিলাকত আঁত ধৰোতাসকলৰ লগতে অংশগ্ৰহণকাৰীসকলেও কেনেকৈ হিন্দীভাষাটোৰ শুদ্ধতা ৰক্ষা কৰি কথা কয় তাৰ পৰা বহুতখিনি শিকিব পাৰে। 

আমি মানি লোৱা ভাল যে এটা ভাষাৰ শুদ্ধতা ৰক্ষা কৰিব নোৱাৰিলে সেই ভাষাটোৰ ভবিষ্যত সুৰক্ষিত নহয় আৰু মাতৃভাষা সুৰক্ষিত নহ’লে এটা জাতিয়ে নিজৰ জাতিগত চিনাকীৰে আগবাঢ়ি যাব নোৱাৰে। শুৱলা, সুৱদীসুৰীয়া আমাৰ চিৰচেনেহী মাতৃভাষাটোৰ শুদ্ধতা ৰক্ষা কৰাটো আমাৰ সকলোৰে কৰ্তব্য।
লেখকৰ ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com

1 comment:

  1. খুব সুন্দৰ লিখিছে দাদা । কথাবোৰ ৰাইজে অলপ টং কৰিলে সকলো উপকৃত হ'ব ।

    ReplyDelete