জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
হয়, এয়াই চাগে বন্ধুত্ব!
দিগন্ত কুমাৰ ভট্টাচাৰ্য
দ্বিতীয় ষান্মাসিকৰ সময়ৰ কথা৷ পুৱা আঠবজাৰ পৰাই আমাৰ ক্লাছ আৰম্ভ হৈছিল৷ ঠাণ্ডাৰ দিনকেইটাত কম সমস্যা হৈছিল নে! সিদিনা আছিল কেমিষ্ট্ৰিৰ ক্লাছ৷ মেডামে 'ৰোল কল' কৰি আছে৷
'নাইন টুৱেন্টি… '
'ইয়েছ মেম…'
'হু ইজ নাইন টুৱেন্টি?'
থেৰো-গেৰোকৈ আমাৰ হোষ্টেলৰ গৌতম ঠিয় হ'ল৷
'কি নাম?'
'দিগন্ত কুমাৰ ভট্টাচাৰ্য…' ক্লাছৰ সকলোৱে মুখ চেপি হাঁহিছে৷
'ঘৰ ক'ত? তুমি ৰেগুলাৰলি ইৰেগুলাৰ'
গৌতমে সেমেনা-সেমেনিকৈ উত্তৰ দি গ'ল৷ সি মোৰ ঘৰৰ ওচৰৰ, মোৰ বায়'ডাটা জানিছিল! পিছৰ ক্লাছটোৰ বাবে মই অহাৰ পিছতহে এইবোৰ ঘটনা গম পালোঁ৷ গৌতমলৈ বেয়াই লাগিল৷ সি ক'লে-'একো নাই দে, চলে এইবোৰ'৷ মই অনুভৱ কৰিলোঁ-এয়াই চাগে বন্ধুত্ব!
চতুৰ্থটো পেগ গিলি অংকুৰে ৰাজীৱলৈ চাই ক'লে-'ইমান দুখমনে আছ যে দোস্ত? মোক ক, তহঁতৰ কাৰণে 'জান' দি দিম৷ নিচাত কোৱা বুলি নাভাবিবি'৷


ৰাজীৱে তাৰ মুখলৈ চাই ভাবিলে-এইজনেই সেই অংকুৰ যিয়ে দুদিন আগতে 'প্ৰেম কৰিছোঁ বাবেই পাহাৰ বগাই বগাই কপৌফুল বা আকাশলৈ গৈ জোনটো আনি দিম-সেয়া নাভাবিবা' বুলি মেঘালীৰ লগত শেষ কৰিছিল সম্পৰ্ক৷ অংকুৰে সেই ৰাতি দুই বজাত গাৰ্লছ হোষ্টেললৈ অকলে গৈ গীতালৈ বুলি ৰাজীৱৰ চিঠিখন চকীদাৰৰ হাতত দি থৈ আহিছিল৷ পিছদিনা গীতাই অংকুৰক মাতি পঠিয়ালে কেন্টিনৰ সন্মুখলৈ৷ ৰাজীৱকে ধৰি বাকী সকলো কেন্টিনৰ ভিতৰত৷ উগ্ৰৰূপ ধাৰণ কৰি গীতাই আহি প্ৰথমতে অংকুৰক চিঠিখন দিলে৷ তাৰ পিছত পাঁচমিনিট মান ধাৰাসাৰ গালি বৰ্ষণ কৰি তাই গ'লগৈ৷ একো নামাতি অংকুৰ লাহে লাহে কেন্টিনৰ ভিতৰলৈ আহিল৷
এজনে সুধিলে-'ঐ তই কি চিন্তা কৰি আছিলি তাই চিঞঁৰি থাকোতে?'
'মই চাইছিলোঁ তাইৰ হাতখন কিমান দীঘল৷ যদি চৰ-তৰ মাৰে, কিমান দূৰত্বত ঠিয় হ'লে তাই মোক ঢুকি নাপাব-সেয়াই চিন্তা কৰিছিলোঁ৷ লগতে ভাবি আছিলোঁ তাই পিন্ধি থকা ছেণ্ডেলযোৰ খুলোঁতে কিমান সময় লাগিব আৰু সেই সময়চোৱাত মই পলাব পাৰিম নে নাই!' অংকুৰে খুকখুকাই হাঁহিলে৷ ৰাজীৱে ক'লে তাক-'ভাই ছ'ৰি, মোৰ কাৰণে আজি তই…'
'ছৰি? ধুৰৰৰ্ পাগল নেকি?'

আমি অনুভৱ কৰিছিলোঁ-হয়, এয়াই চাগে বন্ধুত্ব!

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages