চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

চিন্তন

Share This
আমি শ্ৰমদান কৰিব নো‌ৱাৰোঁ নে?
অৰুণজ্যোতি দাস
মহানগৰ আৰু চহৰসমূহৰ বাদেও অসমৰ প্ৰতিখন গাওঁ তথা চুকে-চুবুৰীয়ে বৰ্তমান সতকাই দেখিবলৈ পো‌ৱা এটা দৃশ্য হ’ল জা‌ৱৰ-জোঁথৰৰ দ’ম, প্লাষ্টিকৰ পেকেট, খো‌ৱা পানীৰ পেলনীয়া বটল,মল-মূত্ৰ,কুকুৰ-মেকুৰীৰ মৃতদেহ ইত্যাদি । আমাৰ বোধেৰে, পৰ্যাপ্ত পৰিমাণৰ পৌৰতাত্ত্বিক ক্ষেত্ৰ,অভয়াৰণ্য,মঠ-মন্দিৰ,বন্যজন্তু, বিশাল নদী আৰু দুপাৰৰ সেউজ উপত্যকা থকা স্বত্ত্বেও ৰাজ্যখনলৈ পৰ্য্যটকৰ আগমন তেনেই নগণ্য হো‌ৱাৰ কাৰণসমূহৰ ভিতৰত ইও অন্যতম ।

আমি নিজেও হয়তো কোনো নতুন ঠাইলৈ ফুৰিবলৈ গৈ যদি তাত নাক-মুখ বন্ধ কৰি চলিব লগীয়া এটা পৰিস্থিতিৰ সমুখীন হওঁ,তেন্তে দুনাই তালৈ কেতিয়াও নাযাবলৈহে সংকল্প লওঁ ।
দুৰ্গন্ধময় লেতেৰা পৰি‌ৱেশ বৰ্তমান কে‌ৱল বাটৰ দাঁতিতহে যে দেখা পো‌ৱা যায়, তেনে নহয় । ৰাজহু‌ৱা প্ৰসা‌ৱগাৰ,বাচ-আস্থান, হাট-বজাৰ,চিনেমা-ঘৰ,সভাঘৰ সকলোতে আমি থু-খেকাৰ পেলাই‌,চূণ - তামোলৰ পিক সানি পাৰ্যমানে যিমান মন যায় সিমানে লেতেৰা কৰোহঁক ! কাৰণ, এইবোৰ আমাৰ ব্যক্তিগত সম্পত্তি নহয় ! গাড়ীত গৈ থাকিলেও খো‌ৱাবস্তুৰ পেলনীয়া টোপোলা বা অদৰকাৰী পলিথিন,কাগজ ইত্যাদিবোৰ বাহিৰলৈ দলিয়াই পেলো‌ৱাটো আমাৰ প্ৰায় সকলো মানুহৰেই যেন এটা অঘোষিত মৌলিক অধিকাৰহে, তেনে লাগে ।

মন কৰিলে দেখিব যে ,আমাৰ নিজা চুবুৰীটোতেই ঘৰৰ অতিকেই ওচৰতে কোনোবা এজনে এদিন জাবৰ অলপ পেলাই থৈ যায় আৰু দুদিন পিছতে সেই ঠাইত এদিন এটা জাবৰৰ দ’ম গা কৰি উঠে । তাৰ পিছত সেই দ’মটোক আপুনি দেখিও নেদেখাৰ ভাওঁ ধৰিব লগীয়া হয় । তাৰ কাষেৰেই প্ৰতিজনেই নিৰ্বিকাৰভা‌ৱে অহা-যো‌ৱা কৰি থাকে । মিউনিচিপাল কমিটিয়ে অথবা চৰকাৰে এদিন আহি আমাৰ এই থকা ঠাইকণো পৰিষ্কাৰ কৰি থৈ যাবহি বুলি আমি আশা পালি বহি থাকোঁ । এইবোৰ কৰিবৰ বাবেও হয় আমি মন্ত্ৰী-বিধায়কৰ ওচৰলৈ যাওঁ , নহ’লে আন্দোলন কৰোঁ ।


দেশৰ নানান ডাঙৰ ডাঙৰ সমস্যাৰ তুলনাত এই সমস্যাটো তেনেই নগন্য। কিন্তু ইয়েই বিশ্ববাসীৰ আগত আমাৰ জাতিটোৰ নাক-কাণ কাটিবৰ বাবে যথেষ্ট । গতিকে অপৰিস্কাৰ আৰু অস্বাস্থ্যকৰ পাৰিপাৰ্শ্বিকতাত বাস কৰাৰ বদনাম লো‌ৱাৰ সলনি এটি সুস্থ-সুন্দৰ পৰি‌ৱেশ চৌপাশে গঢ়ি তুলি নিজকে এটা ৰুচিপূৰ্ণ জাতি হিচাপে চিনাকী দিবলৈ আমাৰ ৰাইজে এতিয়াৰেপৰা চেষ্টা কৰা উচিত । ইয়াৰ বাবে কোনো সংগঠন খুলি , নীতি-নিয়ম বনাই, কাৰ্যসূচী হাতত ল’ব লাগিব বুলি যদি ভা‌ৱিছে, তেন্তে সেয়া ভুল । আমি ভা‌ৱোঁ, ইয়াৰ বাবে তেনে কোনো জটিল কাৰ্যপন্থাৰ প্ৰয়োজন নাই । প্ৰয়োজন আছে মাথোঁ আপোনাৰ সদিচ্ছা আৰু সহযোগিতাৰ । আপুনি যি বয়সৰে নহওঁক কিয়, আপোনাৰ স্থানীয় বন্ধু কেইজন মানক লগ ধৰক আৰু হাতত দা এখন ,ঝাড়ু এটা লৈ ওলাই আহক ! মাত্ৰ এঘন্টাৰ বাবে আপোনালোক লাগি যাওঁকচোন নিজৰ ৰাষ্টাৰ লেতেৰাখিনি চাফা কৰিবলৈ । আমাৰ বিশ্বাস যে , আপোনালোকক দেখি আৰু দহোজন ওলাই আহিব । অলপ সময় লাগিব সঁচা , কিন্তু এদিন আপোনালোক সফল হ’বই ! আমি ভা‌ৱোঁ , এনেধৰণৰ সমূহীয়া চাফাই অভিযান এটা প্ৰতিটো অঞ্চলতে প্ৰতি শনিবাৰ বা দেওবাৰে যদি আমি উলিয়াব পাৰোঁ , তেন্তে ই এটা বহু ডাঙৰ পৰি‌ৱৰ্তনৰ বাট মুকলি কৰিব ।

অসমীয়া মানুহখিনি অতি এলেহু‌ৱা বুলি এটা বদনাম আছে । গতিকে মন থাকিলেও বহু অসমীয়াই আকৌ এনে অনুষ্ঠানলৈ ওলাই আহিব নো‌ৱাৰিব । অন্যহাতে যিহেতু অসমীয়াৰ অহংকাৰ বেছি, গতিকেই অলপ আৰ্থিকভা‌ৱে টনকীয়ালসকলেও এই ধৰণৰ ‘আম আদমী’ৰ কামত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ কুন্ঠাবোধ কৰিব । তেখেতসকললৈ আমাৰ অনুৰোধ, তেওঁলোকে যেন আমাৰ নিচেই ওচৰচুবুৰীয়া ৰাজ্য মিজোৰামলৈ গৈ এবাৰ ফুৰি আহে । এশ শতাংশ শিক্ষিত নিৰ্জু প্ৰকৃতিৰ এই জনজাতীয় লোকসকল কে‌ৱল ভৌগোলিক অ‌ৱস্থানৰ অসুবিধাৰ বাবে অৰ্থনৈতিক অথবা বাণিজ্যিক ভা‌ৱে বেছি দূৰ আগবাঢ়িব পৰা নাই সঁচা, কিন্তু সংস্কৃতি ,আচাৰ-ব্য‌ৱহাৰ,স্বভা‌ৱ আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ফালৰপৰা পৃথি‌ৱীৰ আন হাজাৰটা উন্নত জাতিৰ সতে তেওঁলোকক ৰিজাব পাৰি । আইজলৰ চিটিবাচত বহি আপুনি যদি সাধাৰণ কমলাৰ বাকলি এটাও ৰাষ্টালৈ দলিয়ায়, তেন্তে আপুনি মিজো সহযাত্ৰীৰপৰা গালি খাব লাগিব । ৰাজধানীৰ কথা বাৰু নকওঁ ।

চাকৰিসূত্ৰে মই মিজোৰামৰ এখন সীমান্ত‌ৱৰ্তী সৰু চহৰ ‘চাইহা’ত চাৰি বছৰ আছিলো । তাত দেখিছিলো যে প্ৰতি ১৫ দিনৰ মূৰে মূৰে , দিন-হাজিৰা কৰি পেট প্ৰ‌ৱৰ্তো‌ৱা দুখীয়া মানুহজনৰ পৰা আৰম্ভ কৰি উচ্চ পদবীৰ বিষয়ালৈকে সকলো‌ৱে একেলগে মিলি ‘বিনামূলীয়া শ্ৰমদান’ কৰিছিল । তেওঁলোকে নিজা নিজা গীৰ্জাঘৰৰ ওচৰৰ গোটেই অঞ্চলটো ইমানেই পৰিস্কাৰ আৰু সুন্দৰভা‌ৱে ৰাখিছিল যে নতুনকৈ যো‌ৱা এজন মানুহে তেওঁলোকৰ এই শ্ৰমদানৰ শলাগ নলৈ নো‌ৱাৰে । বজাৰত বহা দোকানীসকলেও নিজৰ নিজৰ এলেকাটো প্ৰতি দিনেই গধূলি দোকান সামৰাৰ পিছত চাফা কৰিহে ঘৰলৈ গৈছিল ।


এনে শ্ৰমদানে আমাৰ ৰাইজক আৰু এটা ধৰণে উপকৃত কৰিব । সি হৈছে মধুমেহ বা ডায়েবেটিছ ৰোগৰ পৰা মুক্তি । ভাৰতবৰ্ষত পৃথি‌ৱীৰ ভিতৰতে সৰ্বাধিক (বৰ্তমান প্ৰায় ৬.৭ কোটি জনৰো অধিক) ডায়েবেটিছ ৰোগী আছে । এই ৰোগক সম্পূৰ্ণভা‌ৱে নিৰাময় কৰা পথ্য এতিয়ালৈকে ওলো‌ৱা নাই । এই ৰোগ হো‌ৱাৰ এটা অন্যতম কাৰণ হ’ল শ্ৰমবিমুখিতা বা এলাস্য ভা‌ৱ । অনুশীলন নহ’লে শৰীৰত মেদ বৃদ্ধি হয় আৰু ফলত তেজত শৰ্কৰাৰ পৰিমাণ বাঢ়ি গৈ এই ৰোগৰ সৃষ্টি হয় । গতিকে সমূহীয়া শ্ৰমদানে যে মানুহক সতেজ কৰি নিৰোগী কৰি ৰাখিব পাৰিব সিও ধুৰূপ সত্য ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages