চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here

চিন্তন

Share This
মূল্যবৃদ্ধি আৰু কৃষকক লৈ কিছু অৰ্থহীন চিন্তা-ভাৱনা
প্ৰতিম প্ৰতাপ বৰুৱা
শিৰোনামটোত অৰ্থহীন শব্দটো এইকাৰণেই ব্যৱহাৰ কৰিছো কাৰণ আমি নিশ্চিতভাৱে জানো যে যিখিনি চিন্তা লৈ এই কথাখিনি আমি লিখিবলৈ লৈছো সেই চিন্তাখিনিয়ে একো ফলাফল নিদিয়ে।

বৰ্তমান সময়ত আমাৰ বেছিভাগকে জুৰুলা কৰা (লগতে দিনে দিনে বাঢ়ি যোৱা) মূল্যবৃদ্ধিৰ সমস্যাটো আৰু লগতে আমাৰ কৃষকসকলৰ কথাটোকেই ধৰা যাওক। কথাবোৰ সীমিতভাৱে, সহজ-সৰলভাৱে আৰু অসমৰ দৃষ্টিকোনৰ পৰা চাবলৈ চেষ্টা কৰিম।



অসমলৈ বেছিভাগ অত্যাৱশ্যকীয় সামগ্ৰী (মাছৰ পৰা আৰম্ভ কৰি আটা-দাইল, আনকি বিহুৰ গামোচাখনলৈকে) অসমৰ বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। (নহ’বনো কিয়? আমি অসমীয়া মানুহে অসমীয়া পিঠা-পনা, কোমলচাউল-চিৰা-দৈ-গুৰৰ জলপানটোতকৈ ৰুটী-মেগী খাইহে বেছি ভাল পাবলৈ লৈছোঁ। তাৰোপৰি গোটেই বছৰটো আমি “হেপী নিউ ইয়াৰ”, মাঘ বিহু, সৰস্বতী পূজা, ৰঙালী বিহু, বানপানী/কৃত্ৰিম বানপানী, দূৰ্গাপূজা-দেৱালী, পিকনিক, নিউ ইয়াৰৰ প্ৰস্তুতি, অসম বন্ধ, প্ৰতিবাদ, অমুক দিৱস, তমুক দিৱস ইত্যাদিত এনেকুৱাকৈ ব্যস্ত হ’ব লগা হয় যে ইমানবোৰ ধামখুমীয়াৰ মাজত বেলেগ কথা ভাবিবলৈ আমাৰ হাতত সিমানখিনি সময়েই নাথাকে।) অসমলৈ বাহিৰৰ পৰা বস্তু অনা ট্ৰাকবোৰ শ্ৰীৰামপুৰ গেটখন পাৰ হ’লেই আৰম্ভ হৈ যায় “অসমৰ” খেলখন। (প্ৰসংগক্ৰমে – উত্তৰ ভাৰতৰ এই শক্তিশালী ট্ৰাক লবিটোৰ কাৰণেই অসমৰ জলপথবিলাক অব্যৱহৃত হৈ আছে নেকি?)

চেকগেট, ছিণ্ডিকেট আদি বিভিন্ন নামত বিভিন্ন টেক্স সংগ্ৰহ কৰা হয়। এইধৰণৰ টেক্স অসমৰ বাদে পৃথিৱীৰ আন কোনোবা ঠাইত আছেনে নাই সন্দেহ আছে। তাৰ লগতে যোগ হয় ৰাজনৈতিক-অৰাজনৈতিক-বৈপব্লিক নেতা/দল/ সংগঠনক নানানটা অজুহাতত দিয়া (দিবলগীয়া হোৱা) চান্দা-বৰঙনি ইত্যাদি ইত্যাদি। এইবোৰ চান্দা-তান্দা আদি যিসকলে দিয়ে বা অনিচ্ছাসত্বেও দিবলৈ বাধ্য হয় বা যিসকলৰ পৰা এই চান্দা-বৰঙনি জোৰ-জুলুম কৰি তাউকি-ভাবুকি দি হ’লেও আদায় কৰা হয় সেইসকলৰ সকলোৱে অসম-প্ৰেমত বা অসমৰ সংস্কৃতিৰ প্ৰেমত মজি নিজৰ জেপৰপৰা যে নিদিয়ে সেয়া সকলোৱে জানে। গতিকে বস্তুৰ দাম বাঢ়িবই। তাতে সৌ সিদিনা মাত্ৰ নিৰ্বাচনটো শেষ হৈ গৈছেহে। আৰু এটা নিৰ্বাচন আহিবলৈ মাজত বেছি দিন নায়েই দেখোন! গতিকে এতিয়াই আগতীয়াকৈ বস্তুৰ দাম নবঢ়ালে কেনেকৈ হ’ব? এইবোৰ “সৰু সৰু কথাত” ইমানকৈ চিন্তা ভাৱনা কৰিবলৈ আমাৰ নেতাসকলৰ সময় আছেজানো? বজাৰত কোনটো বস্তুৰ কিমান দাম সেইটো সেইসকলে প্ৰকৃততে জানেনে? যিহেতু প্ৰচলিত চিষ্টেমটোৰ বিষয়ে সকলোৱে জানেই, আৰু জানিও আমাৰ মূধাফুটাসকলে এই চিষ্টেমটো চলি থাকিবলৈ দিছে, গতিকে আমাৰ দৰে সাধাৰণজনে মূল্যবৃদ্ধিৰ মাৰ সহ্য কৰি জীৱনটো দিনে দিনে কোঁচাই অনাৰ বাদে আৰুনো কি কৰিব পাৰো? এইবোৰ আমাৰ বাবে অৰ্থহীন চিন্তা নহয়জানো?

কৃষিপ্ৰধান দেশ বুলি কোৱা আমাৰ অসম ৰাজ্যত বছৰি কিমানজন উপান্ত কৃষকে উপায়হীন হৈ আত্মহত্যা কৰে সেয়া অসমৰ কৰ্ণধাৰ সকলেতো বাদেই, সাধাৰণ জনগণৰো সৰহভাগেই নাজানে বোধহয়। কিমানজন কৃষকে উপায়হীন হৈ পৰি কৃষিকৰ্ম এৰিব লগা হৈছে সেই হিচাপ কোনে ৰাখিছে? অসমৰ কৃষকসকলে নিজৰ উৎপাদিত সামগ্ৰীৰ (ধান, শাক-পাচলি আদিৰ) উচিত মূল্য পায়নে? কিয় নাপায়? বজাৰত সাধাৰণ গ্ৰাহকৰ বাবে এক কেজি আলুৰ দাম যদি ২০ টকা হয়, তেন্তে সেই আলুখিনি উৎপাদন কৰা কৃষকজনে তাৰে কিমান টকা পায়? বাকী টকাখিনি ক’লৈ যায়? মধ্যভোগীসকল কোন? এইসকলৰ প্ৰয়োজন কিমান?

বহু সংখ্যক অসমীয়া কৃষকৰ বহু সন্তানে যে বাধ্যত পৰি সাতামপুৰুষীয়া কৃষিকৰ্ম এৰিবলগীয়া হৈ পেটৰ দায়ত অসম এৰি আন কোনোবা ৰাজ্যলৈ প্ৰব্ৰজন কৰি সেইবোৰ ঠাইত অসংগঠিত খণ্ডত অস্থায়ী শ্ৰমিক বা অস্থায়ী চকীদাৰ আদি অনিশ্চয়তাৰে ভৰা আৰু অতি নিম্ন বেতনৰ চাকৰি কৰিবগৈ লগা হৈছে সেই খবৰ অসমৰ কৰ্ণধাৰসকলে, অসমৰ বুদ্ধিজীৱিসকলে পায়নে? জাতীয় পূঁজি গঠনৰ প্ৰয়োজনীয়তা বুজি নোপোৱা, ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস নকৰা, আনে মাত মাতিব বুলি বাট চাই থাকি আনৰ ওপৰতে সকলো সমস্যা সমাধানৰ দায়িত্ব এৰি দি নিজে নিৰাপদ দূৰত্বত অৱস্থান কৰি দূৰৰ পৰা ৰং চাই থকা সকলোকে এইবোৰ প্ৰশ্ন কৰা উচিত। গ্ৰাম্য অৰ্থনীতিৰ জৰিয়তে জাতীয় পুজি গঢ়ি তুলিব পাৰি, কিন্তু গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিবলৈ হ’লে কৃষকজনে নিজৰ উৎপাদিত সামগ্ৰীৰ উপযুক্ত মূল্য পাবই লাগিব – সাধাৰণ জ্ঞানেৰে ঢুকি পাব পৰা এই কথাটো নজনা মানুহ আছে বুলি আমাৰ বিশ্বাস নহয়।

প্ৰকাশিত তথ্য মতে ২০০৪ চনৰ পৰা ২০১২ চনলৈকে অসমত গঢ় হিচাপে বছৰি ৩১০ জন কৃষকে আত্মহত্যা কৰিছে। অৰ্থাৎ অসমত ৯ বছৰত মুঠতে ২৭৯০ জন কৃষকে আত্মহত্যা কৰিছে। চৰকাৰী হিচাপমতেই প্ৰায় ৮ লাখ অসমীয়া যুৱক-যুৱতীয়ে ৰাজ্যখনত সংস্থাপনৰ কোনো সুবিধা নাপাই বহিৰাজ্যলৈ কাম বিচাৰি ওলাই গৈছে আৰু তাৰে ৭২% যুৱক-যুৱতী কোনোবা বহিৰাজ্যত অতি সামান্য দৰমহাত অস্থায়ী শ্ৰমিক আৰু বেচৰকাৰী নিৰাপত্তাৰক্ষী হিচাপে কৰ্মৰত হৈ আছে (থাকিব লগীয়া হৈছে।)। আচল সংখ্যাবোৰ ইয়াতকৈ বেছি হ’ব সেয়া নিশ্চিত। এই ৭২% যুৱক-যুৱতীয়ে বহিৰাজ্যত কেনে ধৰণৰ পৰিস্থিতিৰ সন্মুখীন হৈছে, সামান্য দৰমহাৰ বিনিময়ত তেওঁলোকে কিমান কষ্টকৰ আৰু অনিশ্চয়তাৰে ভৰা চাকৰি কৰিবলগীয়া হৈছে তাৰ আমি নিজে প্ৰত্যক্ষদৰ্শী। কৃষিপ্ৰধান প্ৰদেশ হিচাপে চিহ্নিত অসমৰ কৃষিখণ্ডৰ সামগ্ৰিক উন্নয়নৰ আচল ছবি এইখনেই। অকল অসমতেই নহয়, ভাৰতৰ আন ৰাজ্যতো ছবিখন প্ৰায় একেই।


প্ৰসংগক্ৰমে আমি নিজে চিনি পোৱা এজন খেতিয়কৰ কথা উল্লেখ কৰিছো। হাৰিয়ানাৰ এই কৃষকজন আমাৰ বন্ধু এজনৰ সম্বন্ধীয়। নিজৰ ২ বিঘা মাটিত তেওঁ এইবাৰ বিলাহীৰ খেতি কৰিলে। (হাৰিয়ানা, দিল্লী আদি ঠাইৰ বিঘাৰ হিচাপটো আমাৰ অসমীয়া বিঘাৰ সৈতে নিমিলে। এইফালৰ হিচাপটো এনেধৰণৰ :- ৯৮৬ বৰ্গগজ = ১ বিঘা, ৫ বিঘা = ১ একৰ।) বিলাহীখিনি পুৰঠ হ’লত সেইখিনি তেওঁ মানুহ লগাই ছিঙোৱাই ট্ৰেক্টৰত বোজাই কৰি আনি বজাৰ পোৱালেহি। ইয়াৰ (দিল্লীৰ) পাইকাৰী হাৰত বস্তু কিনিব/বেচিব পৰা বজাৰ সমূহত মানুহ এবিধ থাকে। তেওঁলোকক ইয়াৰ স্থানীয় ভাষাত “আৰত” বুলি কয়। সেই আৰতসকলে বেচোতা আৰু কিনোতাৰ বাবে বস্তুবোৰৰ পাইকাৰী মূল্য কিমান হ’ব সেইটো নীলামৰ জৰিয়তে নিৰ্ধাৰণ কৰে। আমি কোৱা খেতিয়কজনে বজাৰলৈ বিলাহীখিনি আনিলত এজন আৰত আহিল। আৰতজনে আহিয়ে পোনেই ৪০০ টকা কুইন্টল হিচাপত বিলাহীখিনিৰ নীলাম আৰম্ভ কৰিলে আৰু খেতিয়কজনে উশাহটো সলাবলৈ নৌ পাওঁতেই ৪১০ টকা কুইন্টল হিচাপত কিনোতা এজন ঠিক কৰি দৰ ছিঙিলেই। খেতিয়কজনৰ কাৰণে কিলোৱে প্ৰতি ৪.১০ টকাকৈ পৰিল। তাৰে পৰা চান কাঢ়ি আৰতজনে ৫% বিচাৰিলে নিজৰ মাছুল হিচাপে। ইফালে বজাৰত খুচুৰা হাৰত বিলাহীৰ দৰ কেজিয়ে প্ৰতি ২০-২২ টকা চলি আছে। সহজ-সৰল মানুহ যদিও খেতিয়কজনৰ খঙে চুলিৰ আগ পালেগৈ। আৰতজনক ধমকি দি উঠি তেওঁ ক’লে – এইটোহে দাম দিলানে? নেবেচো তোমাক বিলাহী। তাতকৈ এইখিনি ঘূৰাই নি খেতিডৰাতে পেলাই দিম। আন একো নহলেও সাৰ হ’ব। এইবুলি তেওঁ বিলাহীখিনি ঘূৰাই নিলে। কিন্তু ঘূৰাই নিলে যদিও বিলাহীখিনি নষ্ট হৈ সমুলাঞ্চে লোকচান হোৱাৰ ভয়ত আগৰ দামতকৈ সামান্য বেছি দামত বেলেগ এখন বজাৰত বিক্ৰী কৰিবগৈ লগীয়া হ’ল।

আচল ছবিখন এইখনেই। খেতিয়কসকলে নিজৰ উৎপাদিত ফচলৰ উপযুক্ত মূল্য নাপায়। আৰতসকলে/ব্যৱসায়ীসকলে/দালালসকলে চতুৰালি কৰি সহজ-সৰল কৃষকসকলক ঠগে। পাইকাৰী বেপাৰীসকলে আৰতসকলৰ লগত গোপনে মিলি নিজৰ ইচ্ছামতে কিনাদাম আৰু বেচাদাম নিৰ্ধাৰণ কৰে। বস্তুবোৰ পাইকাৰী বেপাৰীজনৰ পৰা খুচুৰা বেপাৰীজনৰ ওচৰ পায়গৈ মানে তাৰ মাজতে আৰু কেইজনমানৰ হাত বাগৰে। খুচুৰা বেপাৰীসকলে বস্তুবোৰৰ নিজে কিনা দামটোৰ লগতে অ’ত ত’ত দিবলগীয়া হোৱাখিনিও মিলাই লৈ তাৰ পিছতহে নিজৰ লাভ হোৱাকৈ দাম নিৰ্ধাৰণ কৰে আৰু সেইটো দামত আমি সাধাৰণ গ্ৰাহকসকলে বজাৰৰ পৰা বস্তুবোৰ কিনিবলগীয়া হয়। আচল লাভখিনি যায় আৰতসকল, পাইকাৰী বেপাৰীসকল আৰু মধ্যভোগীসকললৈ। মূল্যবৃদ্ধি ৰোধ কৰিবলৈ হ’লে প্ৰথমতে এইসকলকে নিয়ন্ত্ৰণ কৰিব লাগিব।

টেইলপিচ – অসমত ঘেঁহুৰ উৎপাদন নহয়। আটা-ময়দাৰ পৰা যিখিনি ব্যঞ্জন তৈয়াৰ কৰিব পাৰি, চাউলৰ পৰা তাতকৈ বেছি সংখ্যক, বেছি সোৱাদযুক্ত আৰু বেছি স্বাস্থ্যকৰ ব্যঞ্জন তৈয়াৰ কৰিব পাৰি। অসমীয়া পিঠা-পনা, চিৰা-কোমলচাউল-দৈ-গুৰৰ জা-জলপানবোৰ অকল বছৰেকৰ বিহুটোত নিয়মটো পালন কৰি খাবলগীয়া সামগ্ৰী নহয়। এইবোৰ খাদ্যসম্ভাৰ আমাৰ খাদ্য-সংস্কৃতিৰ অংগ। নিজৰ সংস্কৃতিক অশ্ৰদ্ধা কৰি কোনো জাতিয়ে শক্তিশালী ৰূপত আগবাঢ়িব নোৱাৰে।

------------------
লেখকৰ ঠিকনাঃ চি-৯, দিল্লী গভৰ্ণমেন্ট অফিচাৰ্চ ফ্লেট্‌চ্‌, ওৱান এ, বেটেৰী লেন্‌, ৰাজপুৰ ৰোড,দিল্লী-৫৪, ম’বাইল : +৯১৯৮৭১০১৮৮৭৪, ই-মেইল – ppbaruah.delhi@gmail.com
*লেখাটি ছপা-মাধ্যমত অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages