হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This

লোকেল গুজৱ.কম 
১. অসমত তেৰ বছৰত মাত্ৰ ১৯৩টা গঁড় হত্যাৰ অফিচিয়েল তথ্য প্ৰকাশ পাইছে। সুদীৰ্ঘ দশকটোতো এটা দ্বি-শতক পূৰণ কৰিব নোৱাৰাৰ বাবে আন্তৰিক দুখ প্ৰকাশ কৰিলে সদৌ অসম চোৰাং চিকাৰী সন্থাৰ পৃষ্ঠপোষক বনফুল হুছেইনে। নতুন উদ্যমেৰে নতুন বছৰত নতুন লক্ষ্যৰে আগুৱাবলৈ চিকাৰী সন্থাক আহ্বান জনালে পৃষ্ঠপোষকজনে।

২. পুৱতি নিশালৈকে ৰাইজৰ কল্যাণৰ কথা চিন্তা কৰি থাকোতেহে টোপনি নাহে বুলি প্ৰকাশ কৰিছে "বিধান সভাত এঘুমটি" শীৰ্ষক গ্ৰন্থৰে ৰাষ্ট্ৰীয় সংবাদ শিৰোনামা লাভ কৰা হৈমন্ত তাকুলদাৰে। ৰাইজৰ কথা চিন্তা নকৰি ফস্তি মাৰি শুই থকা সকলেহে বিধান সভাত নোটোপনিয়াই বুলিও তেখেতে কটাক্ষ কৰা বুলি জানিব পৰা গৈছে।



৩. "সমষ্টিলৈ পিঠি, বিসম্বাদৰ চিঠি" নামৰ এখন নতুন অসমীয়া বিহু ভিচিডি নিৰ্মাণ কৰিবলৈ ওলাইছে ৰহাৰাজ হাজৰিকাই। "পীৰিতি পীৰিতি" নামৰ আইটেম চঙত শ্ৰীমতী হাজৰিকায়ো অংশ লব বুলিও প্ৰযোজক সংস্থা ছিণ্ডিকেট এণ্টাৰটেইনমেণ্টে প্ৰকাশ কৰিছে।

৪. শোণিতপুৰ জিলাৰ উত্তৰ অংশক চংবিজিত শাসিত অঞ্চল ৰূপে ঘোষণা কৰিবলৈ দাবী তুলিলে সন্ত্ৰাসজৰ্জৰ থলুৱা বাসিন্দা সমিতিয়ে। ৰাষ্ট্ৰ সেনাই ঠাই খিনি খালী কৰি স্বাধীন ৰাজ্য আৰু ৰজা ৰূপে অফিচিয়েলি ঘোষণা কৰি দিবলৈকো জনালে আহ্বান।

৫. সাহিত্য সভাত "পৰমানন্দ" পোৱা যায় বুলি দিয়া উত্তৰৰ বাবে লোকৰসেৱা আয়োগৰ পৰীক্ষাত সাতত্ৰিশজনকৈ পৰীক্ষাৰ্থীক বাতিল কৰাৰ চিন্তাজনক বাতৰি। পাছত উচ্চ ন্যায়ালয়ে বহী পুনৰীক্ষণ কৰি উত্তৰটো শুদ্ধ বুলি ঘোষণা কৰাতহে অভিভাৱক সন্থাই এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে বুলি জানিব পৰা গৈছে।

৬. অসমত সাহিত্য সংস্কৃতি ৰক্ষাৰ বাবে গঠিত হৈছে নতুন সুৰক্ষা বাহিনী। এই বাহিনীৰ নাম "পৰমা বাহিনী" দিয়া বুলি গম পোৱা গৈছে। বাহিনীটোত অসমক সুৰক্ষা দিয়াৰ কামটো শক্তিশালীকৈ কৰিবলৈ বিয়োগোম ঠিকাদাৰ, মাটিৰ দালাল আদিক পৃষ্ঠপোষক হিচাবে লোৱাৰ লগতে নুন্যতম দুবাৰ বিবাহ কৰা সকলক অগ্ৰাধিকাৰ ভিত্তিত মকৰলৰ ব্যৱস্থা কৰা হৈছে বুলিও খবৰ পোৱা গৈছে।

৭. ৰাজ্য সভাৰ সদস্য সকলে "ৰেখাক পালো দেখা" নামৰ এখন সোঁৱৰণি গ্ৰন্থ লিখি উলিওৱা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ যৌৱনৰ দিনৰ ৰূপালী পৰ্দাত খলকনি তোলা নায়িকাৰ সৈতে ক্ষণিকৰ তথা দুস্প্ৰাপ্য সানিধ্যকে বৃদ্ধ সাংসদ সকলে এই গ্ৰন্থত লিপিবদ্ধ কৰা বুলিও গুজৱ ওলাইছে।

৮. "লাষ্টগেট" নামৰ এখন চিনেমা সদৌ অসম বিসম্বাদী সংঘই প্ৰযোজনা কৰিব বুলি জানিব পৰা গৈছে। ৰসাল গগৈৰ দিনত ৰসাতলে যোৱা অসমৰ কথাবোৰ বাইদেউৰ চেনেলত খলকনি তোলাকৈ প্ৰচাৰত সহায় কৰা সংগঠন সমূহলৈ কৃতজ্ঞতাৰ চিন স্বৰূপেই ভিনদেউৰ নিৰ্দেশত এই চিনেমাখন নিৰ্মাণ কৰা হবই বুলি জানিব পৰা গৈছে। নায়িকাৰ বাবেও এতিয়া লাষ্টগেটৰ প্ৰতিবাদ স্থলীতে স্ক্ৰীণ টেষ্ট লোৱাৰ বাবে কেমেৰামেন সকলে নিৰ্দেশ লাভ কৰাৰো গোপন খবৰ।

৯. "স্বাধীনতা দিৱসত কূটাঘাত" শীৰ্ষক এখন সাপ্তাহিক ভৱিষ্যতবাণী প্ৰকাশ কৰি উলিয়াইছে সদৌ অসম জ্যোতিষ সংঘই। বিপদৰ সম্ভাৱনা প্ৰকাশ কৰা ঠাই সমূহত অৱশ্যে সংঘই দিয়া তাবিজ পিন্ধি গলে কূটাঘাতৰ পৰা ৰক্ষা পাব বুলিও সংঘই প্ৰকাশ কৰিছে।

১০. অসমৰ সাংস্কৃতিক ৰাজধানী যোৰহাট এতিয়া সুৰাৰ ৰাজধানীত পৰিণত হবলৈ ওলোৱাত নিচাপ্ৰেমী সংঘই সন্তোষ প্ৰকাশ কৰিছে। আচলতে আধুনিক যুগত সুৰাও জীৱন-যাত্ৰা তথা সংস্কৃতিৰ অবিচ্ছেদ্য অংগ হৈ পৰা বুলি উল্লেখ কৰি সংঘই সদস্যসকলৰ বাবে ৰাজধানীখনত অধিক বাৰ-পাব আদি স্থাপনেৰে আধুনিক সংস্কৃতিৰ প্ৰসাৰ কৰিবলৈকো অসমীয়া সাংস্কৃতিক সঞ্চালকালয়ক দাবী তুলিছে।

No comments:

Post a Comment