পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজিৰে পৰা আৰম্ভ হৈছে অসম বিধান সভাৰ বাজেট অধিবেশন। বৃহৎ নদী-বান্ধ, বিদ্যুৎ যোগানত ব্যৰ্থতা, গৃহ বিভাগকে ধৰি বিভিন্ন বিভাগৰ অকমন্যতাৰ বিষয় উত্থাপনত বিৰোধীৰ ভূমিকা হব লক্ষণীয়। বিসম্বাদৰ বাবে পদ হেৰুওৱা মন্ত্ৰী, চৰকাৰলৈ সমৰ্থন প্ৰত্যাহাৰ কৰা বিপিএফ দলে লব লগা ভূমিকাকো লৈ ৰাইজৰ বৃদ্ধি পাইছে আগ্ৰহ। লাষ্টগেটত অৰ্ধ-শতাধিক দল সংগঠনে বিক্ষোভ প্ৰদৰ্শনৰ বাবে কৰিছে আয়োজন।

২. বিজেপিৰ বিধায়িনী দলৰ নতুন নেতাৰূপে নিৰ্বাচিত হৈছে বিধায়ক যাদৱ চন্দ্ৰ ডেকা। ৰাজ্য সভাৰ নিৰ্বাচনত ভোট নাকচ হোৱাক কেন্দ্ৰ কৰিয়ে প্ৰশান্ত ফুকনত এই দ্বায়িত্বৰ পৰা অপসাৰণ কৰাৰো বাতৰি প্ৰকাশিত হৈছে। ইফালে বিৰোধী দলপতি ৰূপে বছিৰ আহমেদ কাছিমীৰ নাম ঘোষণা কৰা হৈছে।


৩. নেপালত ভাৰতৰ প্ৰধানমন্ত্ৰীক বিপুল আদৰণি। প্ৰট'কল ভংগ কৰি বিমান বন্দৰতে আদৰিলে নেপালৰ প্ৰধানমন্ত্ৰীয়ে। দুয়ো দেশৰ মাজৰ মিত্ৰতাৰ সম্পৰ্কত নবীকৰণৰ ঘোষণাৰ লগতে নেপাললৈ ১বিলিয়ন মাৰ্কিন ডলাৰৰ ঋণ ঘোষণাৰ বাতৰিয়েও পাইছে সংবাদ শিৰোনামা।

৪. গুৱাহাটীৰ ৰে'ল ষ্টেচনক ডঃ ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰিবলৈ দাবী উত্থাপন কৰিলে সদৌ অসম ছাত্ৰ সন্থাই। কেন্দ্ৰীয় ৰে'লমন্ত্ৰীক আছুৰ প্ৰতিনিধিৰ দলে সাক্ষাৎ কৰি পাঁচ দফীয়া দাবী উত্থাপন কৰাৰ লগতে অসমলৈ দ্বৈত ৰে'লপথ বিষয়ত মন্ত্ৰীয়েও সহমত প্ৰকাশ কৰা সুখবৰ।

৫. বিধায়ক তথা লেখক অঞ্জন দত্তৰ গ্ৰন্থ "সময়ে কোবাই যায়"ৰ দ্বিতীয় খণ্ড কালি গুৱাহাটীৰ হোটেল প্ৰগতি মেনৰত হোৱা এক উন্মোচনী সভাত উন্মোচন কৰিলে ডঃ বীৰেন্দ্ৰ নাথ দত্তই। তেখেতৰ দ্বাৰা সম্পাদিত আলোচনী "মাহেকীয়া অনুভূতি"ৰ ৱেব চাইটো কালিৰ অনুষ্ঠানতে মুকলি কৰা হয়।

৬. অসমৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনীকান্ত বৰুৱাক কালি "আলোকৰত্ন" উপাধি প্ৰদান কৰিলে তিনিচুকীয়া ফটোগ্ৰাফিক চ'ছাইটীয়ে। ১৯৭০চনৰ পৰা বিশ্বৰ আলোকচিত্ৰৰ জগতলৈ আগবঢ়োৱা বৰঙণিৰ বাবেই এই উপাধি প্ৰদান কৰা বুলি সংস্থাটোৱে সদৰী কৰিছে।

৭. কথাশিল্পী ডিম্বেশ্বৰ দয়াল শৰ্মাক কালি ৰাজ্যৰ অন্যতম সাংস্কৃতিক-সংস্কৃতিমূলক অনুষ্ঠান ৰ'দালি সভা, যোৰহাটে মৰণোত্তৰভাৱে আম্ৰকানন কবি আনন্দ চন্দ্ৰ বৰুৱা বঁটা প্ৰদান কৰে। এই বঁটা কথাশিল্পীগৰাকীৰ পত্নী তুণা দেৱীয়ে গ্ৰহণ কৰে।

৮. আজিৰে পৰা আৰম্ভ হৈছে তেজপুৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচীৰ। আজি উদ্বোধনী অনুষ্ঠান মুকলি কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ মৃদুল কুমাৰ হাজৰিকাই।

৯. কালিৰে পৰা গুৱাহাটীৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত আৰম্ভ হৈছে চাটাৰ্ড একাউণ্টেণ্টৰ ছাত্ৰ-ছাত্ৰী সকলৰ "দৃষ্টিকোণ-কুৱেষ্ট ফৰ এক্সেলেঞ্চ" শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন। কাৰিকৰী আলোচনা সত্ৰ, স্মৃতিগ্ৰন্থ উন্মোচন আদিৰ লগতে সামৰণী অনুষ্ঠানত সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে অনুষ্ঠানটোত।

১০. কমনৱেলথ গেমচত বেডমিণ্টনত স্বৰ্ণপদক জয় কৰিলে পি কাশ্যপে। পুৰুষৰ হকীত অষ্ট্ৰেলিয়াৰ সমুখত পৰাজয় বৰণ কৰি লভিলে ৰূপৰ পদক। কালি ৰাতিলৈ ১৫টা সোণ, ৩০টা ৰূপ আৰু ১৯টা ব্ৰঞ্জৰে ভাৰতে পদকৰ তালিকাত পঞ্চমস্থান লাভ কৰি আছিল।

No comments:

Post a Comment