পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. সংগীতৰ ক্ষেত্ৰত নতুন তথা থলুৱা প্ৰতিভাক বিকাশৰ সুযোগ দিবলৈ উত্তৰ পূৱৰ সাতোটা আকাশবাণী কেন্দ্ৰই আয়োজন কৰিছে "এন ই ব'ডী কেন ছিং" নামৰ এটি অভিনৱ প্ৰতিযোগিতাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰই অসমীয়া, বাংলা আৰু বড়ো ভাষাত এই প্ৰতিযোগিতাৰ আয়োজন কৰিছে। আবেদনৰ শেষ তাৰিখ ২৪ আগষ্ট আৰু মাচুল ১০০টকা বুলিও কেন্দ্ৰটোৰ সঞ্চালকে প্ৰকাশ কৰিছে।
২.
ছিউলত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় অংক কংগ্ৰেছত আন্তঃৰাষ্ট্ৰীয় অংক সংঘই দুই ভাৰতীয় মূলৰ অধ্যাপক ক্ৰমে প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ অধ্যাপক মঞ্জুল ভাৰ্গৱক ফিল্ড মেডেল আৰু নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ অধ্যাপক সুভাষ খোটক ৰাল্ফ নেভানলিন্না পুৰস্কাৰেৰে সন্মানিত কৰাৰ সুখবৰ। উল্লেখযোগ্য যে ফিল্ড মেডেলক গণিতৰ নোবেল বঁটা বুলিও আখ্যা দিয়া হয়।
 
৩. তেজপুৰ বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ ঋষভ শৰ্মাই ছিংগাপুৰত অনুষ্ঠিত হব লগা অষ্টম এছিয়ান বিজ্ঞান শিবিৰলৈ আমন্ত্ৰণ লাভ কৰিছে। দেশৰ ২০জনীয়া ছাত্ৰৰ দলটোত স্থান লাভ কৰাত উপাচাৰ্য ডঃ মিহিৰকান্তি চৌধুৰীৰ অৰিহণা তথা সৱল প্ৰচেষ্টাও প্ৰশংসিত হৈছে।

৪.
ওপজা ঠাই ধুবুৰী জিলাৰ চাপৰত কালি উন্মোচিত হয় জননেতা শৰৎ চন্দ্ৰ সিংহৰ এক প্ৰতিমূৰ্তি। মহকুমা প্ৰশাসনৰ উদ্যোগত চাপৰ নগৰ সমিতিয়ে এই প্ৰতিমূৰ্তি স্থাপন কৰাৰ সুখবৰ পোৱা গৈছে।
 
৫. নলবাৰী জিলাৰ কৰিয়া বিজুলীঘাটৰ কৃতী শিক্ষক, মুক্তিযুঁজাৰু নিৰ্মল চন্দ্ৰ ডেকাৰ সোঁৱৰণত প্ৰকাশ পাইছে এখনি সোঁৱৰণী গ্ৰন্থ "নিৰ্মলজ্যোতি"। তেখেতৰ জীৱন-কৃতিৰ বিষয়ে বিভিন্নজনে লেখাসমূহক লৈ প্ৰকাশ কৰা গ্ৰন্থখন উন্মোচন কৰিলে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক দিবাকৰ ডেকাই।

৬. ৰে'ল বিভাগে এইবাৰ গ্ৰহণ কৰিছে নতুন খাদ্য পৰিৱেশন নীতি। অঞ্চল ভিত্তিক খাদ্য সম্ভাৰ, আদৰণি পানীয় আদিৰ ব্যৱস্থাৰ লগতে উন্নত মানৰ খাদ্য যোগানৰ বাবে হলদিৰাম, আই.টি.চি, গডৰেড আদি নাম কৰা ব্ৰেণ্ডেও নিবিদা দাখিল কৰিছে। ৰে'লৱেত নিম্নমানৰ খাদ্য যোগানকাৰীক জৰিমনা বিহাৰো ব্যৱস্থা ৰে'লৱেই গ্ৰহণ কৰা বুলিও জানিব পৰা গৈছে।

৭.
খানাপৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজন চলিছে স্বাধীনতা দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীৰ। ১২০০ শিশুৱে সুধাকণ্ঠৰ গীতত নৃত্য পৰিবেশন কৰিব বুলিও জানিব পৰা গৈছে সুখবৰ। স্বাধীনতা দিৱসৰ উপলক্ষত খাদী, গ্ৰামোদ্যোগ বৰ্ডৰ ১৪হাজাৰ পতাকা বিক্ৰী হোৱাৰো সুখবৰ।

৮. গহপুৰৰ যুৱ সমাজকৰ্মী গোপাল শইকীয়াক উত্তৰ অসমত সমাজ সেৱা আৰু পৰিবেশ সংৰক্ষণৰ ক্ষেত্ৰত আগবঢ়োৱা অৰিহণাৰ বাবে দিল্লীত হোৱা এক অনুষ্ঠানত "সমাজ ৰত্ন" বঁটা প্ৰদান কৰে সামাজিক সংগঠন "বিশ্ব মিত্ৰ পৰিবাৰে"। বিশিষ্ট বিজ্ঞানী ডঃ সূৰজ সিঙে এই বঁটা প্ৰদান কৰে।

৯.
ধনশিৰি সীমান্তত নগা উগ্ৰপন্থীৰ আক্ৰমণৰ বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীক অতিৰিক্ত নিৰাপত্তাৰক্ষীৰ বিচাৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও বিষয়টোত ৰাজনাথ সিঙক সাক্ষাৎ কৰি কেন্দ্ৰীয় পৰ্যবেক্ষকৰ দল পঠাবলৈকো আহ্বান জনোৱা বুলি জানিব পৰা গৈছে।
 
১০.
কালি অসম বিধান সভাত উত্থাপিত হ'ল জনপ্ৰতিনিধি সকলৰ দৰমহা তথা সা-সুবিধা বৃদ্ধি বিষয়ক এখন বিধেয়ক। এই নতুন নিৰিখৰ ফলত অসমৰ জনগণৰ ১০কোটিকৈ টকা বছৰি অতিৰিক্ত ব্যয় হব বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment