ৰূপালী পৰ্দা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দা

ৰূপালী পৰ্দা

Share This

'গান্ধী'ৰ স্ৰষ্টাজন গ'লগৈ...
ৰূপাংকৰ চৌধুৰী
বিশ্ব চিনেমাৰ ছয় দশকজোৰা এক বৰ্ণিল অধ্যায়ত নিজৰ মোহময়ী ব্যক্তিত্ব, প্ৰচুৰ প্ৰতিভা আৰু সৃষ্টিশীলতাৰে জিলিকি ৰোৱা ইংলেণ্ডৰ অন্যতম জনপ্ৰিয় চলচিত্ৰ অভিনেতা আৰু পৰিচালক হোৱা ছাৰ ৰিচাৰ্ড এটেনবৰ'ৰ যোৱা ২৪আগষ্ট, ৰবিবাৰে দেহাৱসান ঘটে। তেখেতেই পোন প্ৰথমবাৰৰ বাবে মহাত্মা গান্ধীৰ জীৱনৰ ৰূপালী পৰ্দালৈ তুলি ধৰিছিল আৰু পশ্চিমীয়া সমাজত গান্ধী আৰু তেওঁৰ আদৰ্শৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ সক্ষম হৈছিল। "গান্ধী" চিনেমাখনৰ বাবেই সমূহ ভাৰতবাসীয়ে এই শিল্পীজনৰ প্ৰতি চিৰদিন কৃতজ্ঞ হৈ থাকিব। এই লেখা সেই মহান শিল্পী গৰাকীৰ জীৱন আৰু কৰ্মলৈ এটা সৰু আলোকপাতৰ ক্ষুদ্ৰ চেষ্টা আৰু এক শ্ৰদ্ধাৰ্ঘ মাথোন।

এক সম্ভ্ৰান্ত ব্ৰিটিছ পৰিয়ালত জন্ম গ্ৰহণ কৰা ছাৰ এটেনবৰ'ৰ আৰু অনুজ ভাতৃদ্বয়- ডেভিড আৰু জ'নৰ পিতৃ 'লেইশ্বেয়ষ্টাৰ কলেজ'ৰ অধ্যক্ষ আছিল। তেখেতৰ মাতৃ আৰু পিতৃ দুয়োজনেই 'লেবাৰ পাৰ্টি'ৰ কৰ্মী আছিল যিয়ে দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত জাৰ্মানীৰ পৰা দুজনী 'জিৱিচ(zeus)' ছোৱালীক তুলি লৈছিল। এটেনবৰে অভিভাৱকৰ পৰাই সমাজ আৰু জাতিৰহৈ কাম কৰাৰ গুণ আয়ত্ব কৰি লৈছিল। সমাজ-নীতিত বিশ্বাসী এটেনবৰ, ইংলেণ্ডৰ 'লেবাৰ পাৰ্টী'ৰ আজীৱন সদস্য আছিল। তেখেতৰ এই ৰাজনৈতিক আদৰ্শ তেখেতৰ প্ৰায়খিনি কৰ্মৰাজিত প্ৰতিফলিত হয়।


নাটকৰ শিক্ষা আহৰণ কৰি থকা সময়তে ১৯৪২চনত তেখেতে জীৱনৰ প্ৰথমখন চলচিত্ৰ নোৱেল কাৱাৰ্ড'ৰ 'ইন হুৱিচ ৱী চাৰ্ভ'ত সৰু চৰিত্ৰ এটিত অভিনয় কৰিছিল। পৰবৰ্ত্তী ৩০বছৰত তেখেতে ব্ৰিটেইনৰ এজন অন্যতম তাৰকা-শিল্পী তথা চৰিত্ৰ অভিনেতাৰূপে জনপ্ৰিয়তাৰ শীৰ্ষত আছিল। তাৰ মাজতে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তিনিবছৰৰ বাবে তেখেতে ইংলেণ্ডৰ 'ৰোয়েল এয়াৰ ফ'ৰ্চ'ত নিজৰ সেৱা আগবঢ়াইছিল।

১৯৪৭ চনত 'ব্ৰাইটন ৰক' চিনেমাখনত 'পিংকী ব্ৰাউন' নামৰ এক কিশোৰ হত্যাকাৰীৰ চৰিত্ৰত তেখেতে অতি দুৰ্দান্ত অভিনয় কৰিছিল। মঞ্চ অভিনয়ৰ ক্ষেত্ৰত তেখেতৰ বিশেষভাৱে উল্লেখনীয় অভিনয় প্ৰতিভা দাঙি ধৰিছিল আগাথা ক্ৰিষ্টিৰ অমৰ সৃষ্টি 'হু দান ইট- দ্য মাউছত্র্যাপ'ৰ যোগেদি। ১৯৬৩চনত ব্ৰিটিছ টেলিভিছনত প্ৰচাৰিত তথা বহুল সমাদৃত 'দ্য গ্ৰেট এচকেপ'ৰ দ্বাৰা তেখেতে বহুল জনপ্ৰিয়তা লাভ কৰিছিল। 'চীনচ অন এ ৱেট আফটাৰনুন' চিনেমাখনত এগৰাকী বিশৃংখল ধৰ্ম-প্ৰচাৰিকাৰ নিৰ্যাতিত স্বামীৰ চৰিত্ৰত কৰা চমকপ্ৰদ অভিনয়ৰ বাবে তেখেতে ১৯৬৩চনত 'বাফটা'ৰ দ্বাৰা মনোনীত হয় শ্ৰেষ্ঠ অভিনেতাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। 


তেখেতৰ অভিনয়ৰ আটাইতকৈ শক্তিশালী দিশটো আছিল একোটা অসাধাৰণ পৰিৱেশত সাধাৰণ চৰিত্ৰৰ মাজেৰে কৰা দৰদী অভিনয়। এই দিশটোৰ সুন্দৰভাৱে বহিঃপ্ৰকাশ ঘটে ১৯৭১চনত চিনেমাঘৰলৈ অহা '১০ ৰিলিংটন প্লেচ' চিনেমাখনত ৰূপায়ণ কৰা এক মানসিকভাৱে বিকৃত হত্যাকাৰীৰ চৰিত্ৰটোৰ দ্বাৰা।


এটেনবৰে বিশ্বাস কৰিছিল যে জনপ্ৰিয় চিনেমাৰ মাধ্যমেৰে পৃথিৱীখনক এক সুন্দৰ স্থানলৈ ৰূপায়িত হ'ব। ১৯৮২চনত তেখেতে জাতিৰ পিতা মহাত্মা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা 'গান্ধী'খন হৈছে তেখেতৰ আটাইতকৈ বেছি সফলতা লাভ কৰা আৰু সৰ্বজন সমাদৃত চিনেমা। শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ পৰিচালককে আদিকৰি এই চিনেমাখনে ৮টা অস্কাৰ পুৰস্কাৰ লাভ কৰিছিল। 'গান্ধী'খন বনাবলৈ প্ৰয়োজন হোৱা ধন যুগুতাবলৈ তেখেতক প্ৰয়োজন হৈছিল সুদীৰ্ঘ ২০বছৰ।

'গান্ধী'ৰ দৰেই চিনেমাঘৰত খলকনিৰ সৃষ্টি কৰা তেখেতৰ আন এখন ৰাজনীতিৰ ওপৰত নিৰ্মিত চিনেমা আছিল 'ক্ৰাই ফ্ৰীডম'। দুয়োখন চিনেমাই কিন্তু দৈৰ্ঘ্যতা,মাত্ৰাধিক ভাবুক আৰু দেশপ্ৰেমৰ বাবে মাজে-সময়ে সমালোচনাৰ সন্মুখীন হৈছিল।

তাৰ মাজতে তেখেতৰ দুখনমান চিনেমাই বেয়া ধৰণে ছবিঘৰত মাৰ খাইছিল। 'চাৰ্লি চেপলিন'ৰ জীৱনৰ আধাৰত ১৯৯২ চনত নিৰ্মিত তেখেতৰ 'চেপলিন'খনে 'বক্স অফিচ'ত সফলতা লাভ কৰিব নোৱাৰিলে। ঠিক একেদৰে এগৰাকী কানাডাৰ প্ৰবাসী ভাৰতীয় পৰিৱেশবিদৰ ওপৰত নিৰ্মিত 'গ্ৰে ওৱল'খনেও মুখ থেকেচা খাই। ২০০৭ চনত প্ৰদৰ্শিত হোৱা তেখেতৰ পৰিচালনাত অন্তিম চিনেমা 'ক্ল'জিং ৰিংচ' পৰিগণিত হৈছিল তেখেতৰ বাবে যেন এক মৌন শেষ যাত্ৰা দৰে। কিন্তু তাৰে ঠিক ১৪বছৰ আগতে ১৯৯৩চনত প্ৰদৰ্শিত হোৱা তেখেতৰ আনখন চিনেমা 'শ্বেড'ল্যাণ্ডচ্'এ ব্যৱসায়িক সাফল্যতা লাভ কৰাৰ লগতে সমালোচকৰ দ্বাৰাও সমাদৃত হয়। ১৯৯৩চনত তেখেতে আন এজন জনপ্ৰিয় পৰিচালক ষ্টীৱেন স্পিলবাৰ্গৰ বিশ্ব চিনেমাৰ সৰ্বকালৰ অন্যতম জনপ্ৰিয় ছবি 'জুৰাচিক পাৰ্ক'ত 'জ'ন হামোণ্ড'ৰ চৰিত্ৰত মন-পৰশা অভিনয় কৰিছিল।

জনপ্ৰিয় অভিনেতা আৰু পৰিচালক হোৱাৰ উপৰিও ছাৰ ৰিচাৰ্ড এটেনবৰ আছিল ইংলেণ্ডৰ এজন আগশাৰীৰ সাৰ্বজনীন নেতা। ৩০টাতকৈ অধিক বিভিন্ন ৰাজহুৱা সংগঠনৰ লগত তেখেতে বিভিন্ন প্ৰকাৰে জড়িত আছিল। সেইবোৰৰ ভিতৰত অন্যতম- 'ৰ'য়েল একাডেমী অৱ ড্ৰ্যামেটিক আৰ্টচ, দ্য ব্ৰিটিছ ফ্লিম ইনষ্টিটিউট, কেপিটেল ৰেডিঅ, চ্যানল-৪, দ্য টাতে গেলাৰী, দ্য মাছকুলাৰ দিস-ট্ৰফি গ্ৰুপ আৰু বিখ্যাত ইংলিছ ফুটবল টিম- 'চেলচি ফুটবল ক্লাৱ'। ১৯৭৬চনত তেখেতক নাইট' উপাধিৰে বিভূষিত কৰা হয়। ১৯৯৩ চনত তেখেতক বেৰণ এটেনবৰ'ৰূপে 'লাইফ পীয়ৰ'ৰে সন্মানিত কৰা হয়।

ইমানবোৰ বিখ্যাত অনুষ্ঠানৰ লগত জড়িত হোৱাৰ সুবাদতে তেখেতে ব্যক্তিগত জীৱনত দৈনিক বহুতো মানুহৰ মুখা-মুখি হৈছিল। সকলোৰে নাম মনত ৰখা এটেনবৰ'ৰ বাবে হৈ পৰিছিল অসম্ভৱ। সেয়েহে তেখেতে সকলোকে 'ডাৰ্লিং' বুলি মাতিছিল!!!

এটেনবৰ'ৰ সাংসাৰিক জীৱন মধুময় আছিল। শীলা শ্লীমছৰ লগত তেখেতৰ বৈবাহিক জীৱন গ্লেমাৰ জগত অন্যতম দীৰ্ঘদিনীয়া আছিল। ১৯৪৫চনত বিবাহপাশত আবদ্ধ হোৱা এটেনবৰ দম্পতীৰ তিনিটা সন্তান আছিল। তেওঁলোকৰ সন্তান মাইকেল এটেনবৰ নাটক পৰিচালকৰূপে পৰিচিত। ২০০৪চনত হোৱা দুৰ্ভগীয়া এছিয়ান ছুনামীত তেওঁলোকৰ নাতি-জীয়ৰী লুচি হোলেণ্ড মৃত্যুমুখত পৰে। সেই স্মৃতিত লণ্ডনৰ ছাউথৱাৰ্ক কেথাদ্ৰেলত অনুষ্ঠিত হোৱা শোক সভাত তেখেতে কান্দোনত ভাঙি পৰে। ছুনামী বিধবস্ত 'থাই গাওঁ' এখনৰ সাহাৰ্য অভিযানত তেখেতে ভাগ লৈ ১মিলিয়ন পাউণ্ড সংগ্ৰহ কৰাত সহায় কৰে। 


অসাধাৰণ ভাৱে ব্যস্ত সামাজিক জীৱনত এটেনবৰ একাণপতীয়া মনোভাবেৰে ব্যস্ত থাকে কিন্তু চিনেমা বনোৱা কলাত। তেখেতে বিশ্বাস কৰিছিল যে চিনেমা মাথোঁ মনোৰঞ্জনৰ মাধ্যম নহয়- কিন্তু এখন চিনেমাৰ দ্বাৰা আন কিবা নহ'লেও মনোৰঞ্জন দিয়াটো আটাইতকৈ প্ৰয়োজনীয়।

------------------
লেখক অৰুণাচলৰ ডিৰাঙত কৰ্মৰত এজন উদ্যোগিক পৰিবেশ বিষয়া ৷

No comments:

Post a Comment