Monday, August 25, 2014

জীৱন-যৌৱন(স্বাস্থ্য)

বিশ্বত ত্ৰাস সৃষ্টিকাৰী ইব’লা ভাইৰাছ ৰোগ
ডাঃ বিৰাজ কুমাৰ শৰ্মা
বৰ্তমান সময়ত সমগ্ৰ বিশ্বতে আতংকৰ সৃষ্টি কৰিছে এটি বিশেষ নামে “ইব’লা ভাইৰাছ” । যাৰ ভয়ত ত্ৰাসিত সমগ্ৰ বিশ্ব । যাৰ বাবে স্বয়ং আন্তঃৰাষ্ট্ৰীয় বিশ্ব স্বাস্থ্য সংস্থাইও সমগ্ৰ বিশ্বজুৰি জৰুৰী অৱস্থাৰ কথা ঘোষনা কৰিবলৈ বাধ্য হৈছে । আমাৰ দেশৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়েও এইক্ষেত্ৰত উদ্বিগ্ন হৈছে আৰু বৰ্তমান পশ্চিম আফ্ৰিকাৰ দেশসমূহত আতংকৰ সৃষ্টি কৰা ইব’লা ভাইৰাছৰ সংক্ৰমণৰ পৰা আমাৰ দেশক ৰক্ষা কৰিবলৈ সম্ভবপৰ সকলো ব্যৱস্থা হাতত লোৱাৰ কথা ঘোষণা কৰিছে ।

ইব’লা ভাইৰাচ ৰোগ বা ইব’লা ভাইৰাচ জ্বৰ আমাৰ গৰিষ্ঠসকলৰ বাবেই হয়তো এক নতুন অচিনাকী বিষয় । ই হ’ল এক ভয়ংকৰ ৰক্তক্ষৰণ হোৱা ৰোগ যি ৰোগত মূলত মানুহ আৰু বান্দৰৰ দেহত হোৱা দেখা পোৱা যায় । এই ৰোগটো প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল ১৯৭৬ চনত আফ্ৰিকা মহাদেশৰ দেশ ছুডান আৰু কংগোত আৰু তাৰ পিছত ছাহাৰা মৰুভূমিৰ উপকন্ঠৰ অঞ্চলটো দেখিবলৈ পোৱা গৈছিল আৰু পিছলৈ উক্ত অঞ্চলৰে এখন নৈ ইব’লাৰ নামেৰে এই ৰোগটোৰ নামাকৰণ কৰা হয় । ১৯৭৬ চনৰ প্ৰথম আবিস্কাৰৰ পৰা ২০১৩ চনলৈ, প্ৰতি বছৰে মাত্ৰ এহেজাৰৰো ক’ম সংখ্যক লোকৰ দেহতহে এই ৰোগটো দেখা পোৱা গৈছিল যদিও এই বছৰ ২০১৪ চনতহে এই ৰোগটোৱে মহামাৰীৰ ৰূপ লোৱাৰ উপক্ৰম ঘ্টাইছে । বৰ্তমান সময়ত আফ্ৰিকা মহাদেশৰ গিনি, ছিয়েৰা লিঅন, লাইবেৰীয়া আৰু নাইজেৰিয়াত এইৰোগটোৱে সংহাৰী ৰূপ লৈছে আৰু এই বছৰতে আজিৰ তাৰিখলৈ প্ৰায় ১৭৫০ জন লোক এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য আহিছে ।

ইব’লা ভাইৰাছ ৰোগ সাধাৰণতে ইব’লা ভাইৰাছ শ্ৰেণীৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে হোৱা দেখা যায় । এই ৰোগ ঘাইকৈ স্বাস্থ্য কৰ্মীসকলৰ মাজত আৰু এই ৰোগত আক্ৰান্ত লোকৰ সংস্পৰ্শত আহিলে সংক্ৰমিত হোৱা দেখিবলৈ পোৱা যায় । ৰোগৰ লক্ষণ আক্ৰান্ত হোৱাৰ দুইৰ পৰা তিনিদিনৰ ভিতৰত ফুটি উঠে আৰু লক্ষণ সমূহৰ ভিতৰত অতিপাত জ্বৰ, ডিঙিৰ বিষ, মাংসপেষীৰ বিষ, মূৰৰ বিষৰ লগতে বমি বমি ভাব হোৱা, তেজযুক্ত বমি হোৱাৰ লগতে যকৃৎ আৰু বৃক্কৰ কাৰ্যক্ষমতা হ্ৰাস আদি প্ৰধান । ইয়াৰ লগতে দেহৰ অন্তঃভাগত তথা আন অংশসমূহত প্ৰচুৰ ৰক্তক্ষৰণ হোৱা দেখিবলৈ পোৱা যায় । এই ৰোগত আক্ৰান্ত হ’লে দেহৰ বিভিন্ন তন্ত্ৰ যেনে পাচনতন্ত্ৰ, ৰেচনতন্ত্ৰ, ৰক্তপৰিবহনতন্ত্ৰ আদিৰ কাৰ্যক্ষমতা লোপ পোৱাৰ লগতে মৃত্যুৰ হাৰ ৫০ ৰ পৰা ৯০ শতাংশ হয় । ইয়াৰ এইডছৰ সৈতে সামঞ্জস্য থকা বুলি এইবাবেই কোৱা হয় যে এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হ’লে আক্ৰান্ত লোকজনৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিকল হৈ পৰে ।

সুস্থ মানুহৰ দেহলৈ এই ভাইৰাছৰ প্ৰবেশ ঘটে ঘাইকৈ আক্ৰান্ত ৰোগীৰ তেজ বা দেহৰ আন জুলীয়া পদাৰ্থৰ সংস্পৰ্শৰ দ্বাৰা আৰু বহল অৰ্থত এনেবোৰ ৰোগীৰ মাজত মানুহৰ উপৰিও আন বিভিন্ন প্ৰজাতিৰ বান্দৰ তথা বাদুলী আদিও থাকে । বাদুলীবোৰে নিজে আক্ৰান্ত নোহোৱাকৈ বাহক হিচাবে এই ৰোগৰ ভাইৰাছবোৰ এঠাইৰ পৰা আনঠাইলৈ বিয়পাত সহায় কৰে । কিন্ত্ত যদিহে এবাৰ এই ৰোগৰ ভাইৰাছ মানুহৰ দেহলৈ সংক্ৰমিত হয়, তেন্তে ই এজনৰ পৰা আন এজনৰ দেহলৈ সোঁচৰে আৰু সংক্ৰমনত সহায়ক হৈ পৰে। আক্ৰান্ত পুৰুষৰ ক্ষেত্ৰত বীৰ্যত এই ভাইৰাছ নিৰ্গমন হয় আৰু বীৰ্যৰ দ্বাৰা প্ৰায় দুমাহমানলৈ এই ৰোগ বিয়পোৱাত সহায় কৰে ।
এই ৰোগৰ প্ৰকৃত চিনাক্তকৰণ কৰিবলৈ হ’লে একে লক্ষণযুক্ত আন ৰোগসমূহ যেনে মেলেৰিয়া, ক’লেৰা আৰু আন ভাইৰাছজনিত ৰক্তক্ষৰণযুক্ত ৰোগসমূহৰ পৰা পৃথক কৰাত প্ৰাধান্য দিয়াতো উচিত, কাৰণ এনেবোৰ ৰোগৰ লক্ষণও কম-বেছি পৰিমাণে ইবোলা ভাইৰাছ ৰোগৰ সৈতে একেই । এই ৰোগত আক্ৰান্ত ৰোগীৰ প্ৰধান লক্ষণসমূহ হ’ল যেনে ৰক্ত পৰিবহনতন্ত্ৰ আক্ৰান্ত আৰু ইয়াৰ লগতে তেজৰ অনুচক্ৰিকা ৰক্তকণাসমূহ আক্ৰান্ত হোৱা বাবে তেজ গোট নমৰাটো এক অন্যতম প্ৰধান লক্ষণ । এনেবোৰ ৰোগীৰ ৪০ ৰ পৰা ৫০ শতাংশৰ ক্ষেত্ৰতেই বেজীৰদ্বাৰা সৃষ্ট বিন্ধা সমূহৰ পৰা তথা দেহৰ বিভিন্ন অংশ যেনে নাক, মুখগহ্বৰ, যোনিদ্বাৰ আদিৰ শ্লেষ্মা আৱৰনি সমূহৰ পৰা অহৰহ ৰক্তক্ষৰণ দেখিবলৈ পোৱা যায় । এনে ৰক্তক্ষৰণৰ লক্ষণসমূহ দেখাৰ ৫ ৰ পৰা ৭ দিনৰ ভিতৰত আন লক্ষণসমূহ যেনে ছালৰ তলত ৰক্তক্ষৰণ, চকু ৰঙা পৰা, তেজ মিহলি বমি, আক্ৰান্ত ৰোগীয়ে কাঁহিলে তেজ নিৰ্গত হোৱা, পায়খানাত শাঁও পৰা ইত্যাদিও দৃষ্টিগোচৰ হ’বলৈ ধৰে । পাচনতন্ত্ৰটো প্ৰচূৰ ৰক্তক্ষৰণ দেখিবলৈ পোৱা যায় । আক্ৰান্ত ৰোগীৰ আৰোগ্যৰ সম্ভবনা খুবেই ক্ষীন আৰু দেহৰ বিভিন্ন তন্ত্ৰ তথা অংগ-প্ৰত্যংগ বিকল হোৱাৰ হেতুকে ৰোগৰ লক্ষণ দেখাৰ ৭ ৰ পৰা ১৬ দিনৰ ভিতৰত মৃত্যু অৱধাৰিত ।

আজিৰ তাৰিখলৈ ইব’লা ৰোগৰ ভাইৰাছ কেনেদৰে বিয়পে সেই কথা স্পষ্ট হোৱা নাই যদিও এই কথা বিশ্বাস কৰা হৈছে যে আক্ৰান্ত ৰোগীৰ লগত সংস্পৰ্শৰদ্বাৰা তথা আক্ৰান্ত ৰোগীৰ দেহৰ তেজ-পুঁজ তথা আন জুলীয়া পদাৰ্থৰ সংস্পৰ্শৰ দ্বাৰা এই ৰোগ সুস্থ মানুহৰ দেহলৈ সংক্ৰমিত হয় । মানুহৰ ক্ষেত্ৰত এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা বা চিকিৎসালয়ৰ দূষিত বীজাণুযুক্ত সামগ্ৰীৰ প্ৰত্যক্ষ সংস্পৰ্শৰ দ্বাৰা এই ৰোগ বিয়পে । আক্ৰান্ত ৰোগীৰ বীৰ্যও এই ৰোগৰ অন্যতম বাহক আৰু বীৰ্যত প্ৰায় ৫০ দিনলৈ এই ৰোগৰ ভাইৰাছ সক্ৰিয় হৈ থাকে । চকুৰ দ্বাৰা তথা আক্ৰান্ত ৰোগীৰ লগত যৌনসংগমত ব্ৰৰ্তী হোৱা, চুমা খোৱা আদিৰ পৰা এই ৰোগ বিয়পে । কিন্ত্ত যিহেতু এই ৰোগৰ ভাইৰাছ বতাহত সংক্ৰমিত নহয় বা বতাহৰ দ্বাৰা নিবিয়পে, সেয়েহে অদ্যপিও এইৰোগে সমগ্ৰ বিশ্বজুৰি এক মহামাৰীৰ ৰূপ লোৱাগৈ নাই ।

অন্যহাতে আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত ততাতৈয়াকৈ ৰোগৰ লক্ষণ দৃষ্টিগোচৰ হোৱাৰ হেতুকে এই ৰোগত আক্ৰান্ত ব্যক্তিক চিনাক্ত কৰি এই ৰোগ তথা ৰোগৰ ভাইৰাছ আন সুস্থ ব্যক্তিৰ দেহলৈ সংক্ৰমন প্ৰতিৰোধ কৰিবলৈ প্ৰয়োজনীয় ব্যবস্থা হাতত ল’ব পাৰি । চিকিৎসা কৰ্মীসকলৰ ক্ষেত্ৰত উন্নত মানৰ প্ৰতিৰোধক তথা সুৰক্ষা ব্যবস্থা যেনে পৰিশোধিত ৰবৰৰ হাতমোজা, মুখা, এপ্ৰ’ন আদি গ্ৰহণ নকৰিলে অতি সহজে এই ৰোগ সেইসকলৰ দেহলৈ বিয়পিব পাৰে । আফ্ৰিকা মহাদেশত এইৰোগৰ প্ৰাদুৰ্ভাব ঘটা এইটোও এটা অন্যতম কাৰণ কাৰণ তেনেবোৰ ঠাইত চিকিৎসাকৰ্মীসকলে বিশ্বমানৰ সতৰ্কতা গ্ৰহণ নকৰাৰ হেতুকে তথা পৰিশোধিত বেজী, চিৰিঞ্জ আদি ব্যবহাৰ নকৰাৰ বাবে আক্ৰান্ত ৰোগীৰ দেহৰ পৰা সুস্থ মানুহৰ দেহলৈ এনে ৰোগ বেছিকৈ সংক্ৰমিত হোৱাৰ তথ্য আহিছে ।

যদিও বতাহত এই ৰোগ নিবিয়পে, তথাপিও কিন্ত্ত এই প্ৰমাণ পোৱা গৈছে যে পৰীক্ষাগাৰত সৃষ্ট ০.৮ ৰ পৰা ১.২ মাইক্ৰ’মিটাৰৰ অনুকণা সমূহে এই ৰোগৰ ভাইৰাছ কঢ়িওৱাৰ তথ্য আহিছে আৰু যাৰ বাবে এই ভাইৰাছ জৈৱিক অস্ত্ৰত ব্যবহৃত হ’ব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই উদ্বিগ্নতা প্ৰকাশ কৰিছে । অন্যহাতে আফ্ৰিকা মহাদেশৰ বিভিন্ন প্ৰজাতিৰ বাদুলী সমূহে খোৱা বিভিন্ন ফলসমূহ সম্পূৰ্ণ জীন নোযোৱাৰ হেতুকে মলত্যাগ কৰাৰ পিছত সেইবোৰকে আকৌ বিভিন্ন প্ৰজাতিৰ বান্দৰ, গৰিলা, চিম্পাজীসমূহে খাদ্য হিচাবে গ্ৰহণ কৰাৰ ফলস্বৰূপে উক্ত ইব’লা ভাইৰাছ বাদুলীৰ দেহৰ পৰা সিহঁতৰ দেহলৈ এই সংক্ৰমিত হয়, কিয়নো এই বাদুলীসমূহ এই ভাইৰাছৰ অন্যতম বাহক কিন্ত্ত নিজে আক্ৰান্ত নহয় । বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, কীট-পতংগ, চৰাই আদিও এই ৰোগৰ ভাইৰাছৰ অন্যতম বাহক বুলি তথ্য আহিছে । ইব’লা ভাইৰাছ মানুহৰ উপৰিও কুকুৰ, গাহৰি আদিৰ দেহলৈও সংক্ৰমিত হ’ব পাৰে যদিও কুকুৰৰ ক্ষেত্ৰত ৰোগৰ লক্ষণ প্ৰকাশিত নহয় যদিও গাহৰিৰ ক্ষেত্ৰত লক্ষণসমূহ প্ৰকট হয় ।

এই ৰোগ প্ৰতিৰোধৰ অন্যতম উপায় হৈছে বান্দৰ তথা গাহৰিৰ দেহৰ পৰা মানুহৰ দেহলৈ এই ৰোগৰ সংক্ৰমণ প্ৰতিৰোধ । এইক্ষেত্ৰত আক্ৰান্ত ৰোগীৰ চিনাক্তকৰণ আৰু মৃতদেহবোৰ বিজ্ঞানসন্মত উপায়েৰে সৎকাৰ কৰাৰ ওপৰত ধ্যান দিয়া উচিত । খাদ্যৰ বাবে যোগাৰ কৰা গাহৰিৰ মাংস ৰান্ধোতে ভালদৰে সিজোৱা উচিত আৰু হাত ভালদৰে ধুই পৰিস্কাৰ কৰা উচিত যাতে উক্ত ভাইৰাছ ধ্ধংস কৰিব পাৰি । তাৰোপৰি সূৰ্য্যৰ প্ৰত্যক্ষ পোহৰেও এই ভাইৰাছ কিছু পৰিমানে ধ্ধংস কৰিবলৈ সক্ষম হয় বুলি তথ্য আহিছে।

ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত আক্ৰান্ত ৰোগীৰ অতীত বুৰঞ্জী, সাধাৰণতে কোন ঠাইৰ পৰা পৰিভ্ৰমণ কৰি আহিছে, বন্যজন্ত্তৰ সৈতে সংস্পৰ্শ আদি অধ্যয়ন আদিৰ ওপৰত যথোচিত গুৰুত্ত্ব প্ৰদান কৰা উচিত । ৰোগ চিনাক্তকৰণৰ ক্ষেত্ৰত ৰোগৰ উক্ত ভাইৰাছটো চিনাক্তকৰণত ওপৰত ধ্যান দিয়াটো নিতান্ত্যই প্ৰয়োজন । আক্ৰান্ত ৰোগীৰ তেজৰ নমুনাত উক্ত ভাইৰাছৰ আৰ.এন.এ. চিনাক্তকৰণ, প্ৰতিদেহ চিনাক্তকৰণ আদিয়ে ৰোগ চিনাক্তকৰণত যথেষ্টখিনি সহায় কৰে । অন্যহাতে আজিৰ আধুনিক পদ্ধতি যেনে কলাকৰ্ষণ পদ্ধতিৰ প্ৰয়োগ, পলিমেৰাইজ চেইন ৰিয়েকশ্ব্যন, এলিছা (ELISA) আদিৰ দ্বাৰা এই ইব’লা ভাইৰাছক চিনাক্তকৰণ কৰাতো সম্ভবপৰ হৈছে । কিন্ত্ত ৰোগৰ প্ৰাদুৰ্ভাব বেছি হ’লে এই ভাইৰাছ চিনাক্ত হোৱাৰ পিছতো কিন্ত্ত ইয়াক প্ৰতিৰোধ কৰাটো ইমান সহজসাধ্য নহয় ।

ইব’লা ভাইৰাছ সংক্ৰমিত । ইয়াক প্ৰতিৰোধৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক থকাৰ লগতে সম্ভবপৰ সকলো সুৰক্ষা ব্যবস্থা গ্ৰহণ কৰিব লাগে । মৃত ৰোগীৰ তেজৰ নমুনা আদি সংগ্ৰহ কৰোতে যথেষ্ট সাৱধানতা গ্ৰহন কৰাৰ লগতে প্ৰকৃত সুৰক্ষা ব্যবস্থা যেনে পৰিশোধিত ৰবৰৰ হাত মোজা, মুখা, এপ্ৰ’ন আদি ব্যবহাৰ কৰাতো বাঞ্চনীয় । যদিও ঠাই বিশেষে পানীৰ সমস্যা থাকে, তথাপিও কিন্ত্ত এই ৰোগৰ ভাইৰাছৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ হ’লে হাত দুখন পৰিস্কাৰ কৰি ধোৱাৰ ওপৰত যথোচিত গুৰুত্ত্ব প্ৰদান কৰাটো নিতান্তই প্ৰয়োজনীয় । শৱদেহ সৎকাৰৰ সময়ত পৰম্পৰাগত পদ্ধতি প্ৰয়োগ কৰাতকৈ বিজ্ঞানসন্মত উপায়েৰে শৱদেহ সৎকাৰ কৰাটো অন্য এক গুৰুত্ত্বপূৰ্ণ দিশ । অন্যহাতে সংক্ৰমণ ৰোধ কৰিবলৈ আক্ৰান্ত ৰোগীক কিছুদিনৰ বাবে সুস্থ লোকৰ পৰা আচুতীয়াকৈ ৰাখি নিৰীক্ষনত ৰাখিব লাগে যিটোক চিকিৎসা বিজ্ঞানৰ পৰিভাষাত কোৱা হয় quarantine । এনেবোৰ ব্যবস্থা গ্ৰহণেৰে ৰোগৰ সংক্ৰমণ তথা প্ৰসাৰ কিছুদূৰ হ’লেও ৰোধ কৰিব পাৰি ।

এই কথা উনুকিয়াই থোৱা উচিত যে আজিৰ তাৰিখলৈ ইব’লা ৰোগৰ কোনো চিকিৎসা পদ্ধতি উদ্ভাৱন হোৱা নাই । তথাপিও কিন্ত্ত ৰোগৰ লক্ষণৰ ওপৰত ভিত্তি কৰি কিছু চিকিৎসা প্ৰদান কৰা হয় । যেনে আক্ৰান্ত ৰোগীৰ শৰীৰৰ পানীভাগ কমি যোৱাৰ হেতুকে তথা শৰীৰৰ বিভিন্ন দ্ৰবীভূত লৱণ বিনষ্ট হোৱাৰ হেতুকে ৰোগীক পৰ্যাপ্ত পৰিমাণৰ পানী তথা চেলাইনৰ যোগান ধৰা প্ৰয়োজন । তাৰোপৰি ৰক্তক্ষৰণ ৰোধ কৰিবলৈ প্ৰয়োজনীয় হোৱা দৰব তথা মাংসপেশী আদিৰ বিষৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বেদনানাশক আদি প্ৰয়োগ কৰা হয় । তাৰোপৰি এই ভাইৰাছৰ সংক্ৰমণে যিহেতু ৰোগীৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিকল কৰি পেলায়, তেনেস্থলত আন বেক্টেৰিয়া, ভেকুঁৰ আদিয়ে যাতে ৰোগীৰ দেহত প্ৰবেশ কৰি আন আনুষাংগিক আহুকালৰ সৃষ্টি কৰিব নোৱাৰে, তাৰ যথোচিত ব্যবস্থা হাতত ল’ব লাগে । অন্যহাতে এই ৰোগৰ কোনো প্ৰতিষেধক ছিটাও আৱিস্কাৰ হোৱা নাই যদিও কোনো কোনো ক্ষেত্ৰত ডি.এন.এ. ভেকচিন, এডিন’ভাইৰাছ ভেকচিন আদি সুস্থ মানুহৰ দেহত প্ৰয়োগেৰে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰি ইবোলা ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি । কিন্ত্ত এনে উপায়েৰে দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ অতি কমেও ছমাহ মান সময়ৰ প্ৰয়োজন হয় । শেহতীয়াকৈ আমেৰিকাৰ আগশাৰীৰ ঔষধ উৎপাদনকাৰী প্ৰতিষ্ঠান “মেপ ৱায়” এ পৰীক্ষামূলক ভাবে কিছু ঔষধ প্ৰস্ত্তত কৰি এই দেশসমূহলৈ বিনামূলীয়াকৈ প্ৰেৰণ কৰিছে যদিও ইয়াৰ ফলাফল কেনে হ’ব তাৰ বাবে হয়তো কিছুদিন বাট চাব লাগিব ।

আজিৰ দিনত ইব’লা ভাইৰাছৰ সংক্ৰমণে সমগ্ৰ বিশ্বতে হৈ-চৈৰ সৃষ্টি কৰিছে । এইক্ষেত্ৰত ভাৰতৰ স্থান অতি স্পৰ্শকাতৰ কিয়নো আফ্ৰিকা মহাদেশৰ এইৰোগৰ প্ৰাদুৰ্ভাব ঘ্টা উক্ত দেশসমূহত কৰ্মসূত্ৰে থকা ভাৰতীয় লোকৰ সংখ্যাই অধিক হোৱাৰ হেতুকে সেইসকল লোকৰ দেহত এই ভাইৰাছৰ উপস্থিতিৰ পূৰ্ণ সম্ভবনা আছে । তেনেস্থলত উক্ত লোকসকলে স্বদেশলৈ প্ৰত্যাবৰ্তন ঘ্টালে শৰীৰত ইব’লা ভাইৰাছও কঢ়িয়াই আনিব বুলি শংকিত হৈছে সকলোপক্ষ । আৰু যদিহে আমাৰ দেশ তথা ভাৰত উপমহাদেশত এই ৰোগৰ প্ৰাদুৰ্ভাব ঘটিবলৈ হয়, তেনেহ’লে ই কেনে এক অকল্পনীয় ভয়ংকৰ পৰিবেশৰ সূচনা কৰিব তাক হয়তো দোহৰাৰ প্ৰয়োজন নাই । যিহেতু এইটো এটা অতি ভয়ংকৰ মাৰাত্মক সংক্ৰমিত ৰোগ, তেনেস্থলত সন্ত্ৰাসবাদী সকলে ইয়াক জৈৱিক অস্ত্ৰ হিচাবে ব্যৱহাৰ কৰিব পাৰে বুলিও আতংকৰ সৃষ্টি কৰিছে । সেয়েহে আমাৰ কেন্দ্ৰীয় চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰালয়ে এই ৰোগৰ ভাইৰাছ যাতে আফ্ৰিকা মহাদেশৰ পৰা ভাৰতীয় উপমহাদেশত প্ৰবেশ কৰিব নোৱাৰে তাৰ বাবে সম্ভবপৰ সকলো ব্যবস্থা হাতত লোৱাতো অত্যন্তেই জৰুৰী । এই ৰোগৰ ক্ষেত্ৰত জনস্বাস্থ্যৰ ওপৰত দৃষ্টি ৰাখি সৰ্বসাধাৰণক এক আভাস দিবলৈ এতিয়াৰ পৰাই যথোচিত গুৰুত্ত্ব প্ৰদান কৰা উচিত । সময় খুব তাকৰ ।
----------------------------------------------------------------------------
লেখকৰ ঠিকনাঃ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়,খানাপাৰা, গুৱাহাটী-২২,ফোনঃ ৯৮৬৪৭-৪৩০৩৪

No comments:

Post a Comment