পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. নগাঁও আৰু শোণিতপুৰ জিলাৰ সীমান্তবৰ্তী বুঢ়াচাপৰি অভয়াৰণ্যত কালি উদযাপিত হয় আন্তৰ্জাতিক জৈৱ-বৈচিত্ৰ্য দিৱস। অনুষ্ঠানটোত অসম জৈৱ-বৈচিত্ৰ্য সংসদৰ সভাপতি সুভাষ দাস, প্ৰধান মুখ্য বন সংৰক্ষক ভি কে বিছন, প্ৰকৃতিবিদ অনিল কুমাৰ গোস্বামী, শোণিতপুৰ জিলাৰ উপায়ুক্ত আদি বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। লগতে "আইলেণ্ড বায়'ডাইভাৰছিটী" শীৰ্ষক এখনি আলোচনাচক্ৰও অনুষ্ঠিত হয়। এখনি আলোকচিত্ৰ প্ৰদৰ্শনীৰ লগতে প্ৰশান্ত বৰদলৈ পৰিচালিত "বুঢ়াচাপৰি জিঞাখ্যাতি" নামৰ এবিধ বিশেষ চৰাইৰ ওপৰত নিৰ্মিত এখনি তথ্যচিত্ৰও প্ৰদৰ্শিত হয়। "ৱাণ্ডাৰ আইলেণ্ড বুঢ়াচাপৰি" শীৰ্ষক পুস্তিকা উন্মোচনীৰ লগতে দাঁতি-কাষৰীয়া বিদ্যালয়ৰ শিক্ষাৰ্থীৰ মাজত কুইজ, ছবি অংকা আদি প্ৰতিযোগিতাও দিৱসটি উপলক্ষে আয়োজন কৰা হয়।

২. আলিবাট প্ৰকাশনে প্ৰকাশ কৰি উলিয়াব নৰেন্দ্ৰ মোদীৰ কবিতাৰ অসমীয়া অনুবাদ "এই মাটিৰ শপত" শীৰ্ষক সংকলন। অহা ২৫মে'ৰ পাছতে প্ৰকাশ পাব লগীয়া সংকলনখনৰ কবিতাসমূহ অনুবাদ কৰিছে কবি নীলিম আকাশ কাশ্যপ আৰু চন্দনা চৌধুৰীয়ে। সংকলনখনি সম্পাদনা কৰিছে ডঃ ৰুবী বৰাই। আলিবাট প্ৰকাশনে নৰেন্দ্ৰ মোদীৰ জীৱনক লৈ "নমো নামা" শীৰ্ষক এখন গ্ৰন্থৰো প্ৰকাশৰ দিহা কৰা বুলি জানিব পৰা গৈছে।

৩. অহা ১৩জুনত শুভমুক্তি লভিব অসমীয়া পৰিচালক মহিবুল হকৰ হিন্দী ছবি "এইটটিন ডট ইলেভেন- এ কোড অৱ ছিক্ৰেছী"য়ে। "জুমন-সুমন" ছবিৰে সফলতা লভা মহিবুল হকৰ নতুন ছবিত চিনেমাখনত ৰেহাল খান, সুহানা ইৰানীয়ে মূল যুটীৰূপে অভিনয় কৰিছে। দেশৰ প্ৰায়বোৰ ছবিঘৰৰ লগতে বিদেশতো ছবিখনে মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে।

৪. যোৱা বছৰৰ আগষ্ট মাহত অসমৰ চিত্ৰগৃহত মুক্তি লাভ কৰা পুলক গগৈৰ "মমতাজ" ছবিখনে তৃতীয়বাৰৰ বাবে গুৱাহাটীৰ পল্টন বজাৰস্থিত গল্ড চিনেমাত মুক্তি লাভ কৰিব। দৰ্শকৰ হেপাঁহৰ বাবেই গল্ড চিনেমাই ছবিখন পুনৰ মুক্তি দিছে । উল্লেখযোগ্য যে "মমতাজ" ছবিৰ পৰিচালনাৰ বাবেই পোন প্ৰথমবাৰৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ফিল্মফেয়াৰ বঁটাৰে পুলক গগৈ সন্মানিত হৈছিল।

৫. ৰাজ্যৰ ৪৫খন কলেজত ডিজিটেল লাইব্ৰেৰী, ডিজিটেল ক্লাছৰূম স্থাপনকে ধৰি আন্তঃগাঁথনি উন্নয়নৰ বাবে প্ৰতিখন কলেজলৈ কালি এক কোটিকৈ টকাৰ অনুদান বিতৰণ কৰাৰ সুখবৰ। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাহিলিপাৰাস্থিত উচ্চ শিক্ষা সঞ্চালকালয়ৰ কাৰ্যালয়ত অনুষ্ঠিত সভাত এই অনুদানসূহৰ চেক বিতৰণ কৰে।

৬. দেশৰ ই-কমাৰ্চ কোম্পানী কিনি লোৱাৰ লেনদেনৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰি ফেশ্বন পৰ্টেল "মাইণ্ট্ৰা"ক কিনিলে অনলাইন পৰ্টেল "ফ্লিপকাৰ্টে"। প্ৰায় ২২০০কোটি টকাৰ লেনদেনৰ জৰিয়তে এই কোম্পানীটো ক্ৰয় কৰি অনলাইন বজাৰৰ দেশীয় কোম্পানী "ফ্লিপকাৰ্টে", নতুনকৈ ভাৰতত আৰম্ভ কৰা বহুজাতিক কোম্পানী "আমাজান"ৰ প্ৰত্যাহ্বানক গ্ৰহণ কৰিবলৈ সক্ষম হব বুলি জানিব পৰা গৈছে।

৭. সদ্য প্ৰয়াত বিশিষ্ট তিৱা সাহিত্যিক-গৱেষক বলাইৰাম সেনাপতিৰ স্মৃতিত এখনি স্মৃতিচাৰণ সভা কালি তিৱা সাহিত্য সভাৰ উদ্যোগত বাৰপূজীয়া মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয়। বকুলবন বঁটা, ডঃ সূৰ্যকুমাৰ ভূঞাৰে সন্মানিত সাহিত্যিক পেঞ্চনাৰজনৰ জীৱন আৰু কৃৰ্তিক উক্ত সভাত সোঁৱৰিলে নগাঁও আৰু মৰিগাঁও জিলাৰ বহুকেইজন বিশিষ্ট ব্যক্তিয়ে।

৮. শিক্ষা বিভাগৰ সৰ্বস্তৰত শিপাই পৰা দুৰ্নীতি ৰোধৰ বাবে শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন পদক্ষেপ। ৰাজ্যৰ কলেজ শিক্ষক সকলে কেৱল শুকুৰবাৰেহে উচ্চ শিক্ষা সঞ্চালকালয়লৈ আহিব পৰাবি আৰু পঞ্জীয়ক, উচ্চবৰ্গ সহায়ক অন্য কৰ্মচাৰীক সাক্ষাত কৰাত নিষেধাজ্ঞা জাৰি কৰি সকলো সমস্যা পোনে পোনে সঞ্চালকক লগ ধৰি জনাব পৰাৰ নতুন নিয়ম হব বুলি প্ৰকাশ কৰিছে।

৯. সুদীৰ্ঘ ৬বছৰৰ পাছত পুনৰ লিডুৰ উত্তৰ পূৱ কয়লা ক্ষেত্ৰত পুনৰ ভূ-গৰ্ভ খনন প্ৰক্ৰিয়াৰে কয়লা আহৰণ কৰা হব বুলি আশাৰ বাতৰি প্ৰকাশ পাইছে। সকলো ঠিকে ঠাকে থাকিলে অহা বছৰৰ প্ৰথম ভাগৰে পৰাই এই উতপাদন কাৰ্য স্পেইনৰ প্ৰযুক্তি ব্যৱহাৰ কৰি আৰম্ভ কৰা হব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

১০. উত্তৰ প্ৰদেশত ই.ভি.এম মেচিনৰ সৈতে ঘৰত খেলা কৰি থকা আৰু তাত প্ৰযুক্তিগত আহিলা সংযোগ কৰি হেৰফেৰ কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰি ফেচবুকত ফটো আপলোড কৰা বাৰানসীৰ বিষয়া তথা পুত্ৰক গ্ৰেপ্তাৰ কৰাৰ সুখবৰ। ফেচবুকত প্ৰৱল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ফটোৰ সন্দৰ্ভত আম আদমী পাৰ্টিয়ে অভিযোগ দাখিল কৰিছিল।

১১. ভাৰতীয় ৰিজাৰ্ভ বেংকে বিদেশত সম্পত্তি কিনাৰ বাবে এবছৰত খৰছ কৰিব পৰা উচ্চ সীমা ৭৫০০০ ডলাৰৰ পৰা ২লাখ ডলাৰলৈ বৃদ্ধি কৰিছে।

১২. নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ বেছিভাগ ছাৰ্ক দেশৰ ৰাষ্ট্ৰ প্ৰধান উপস্থিত থকাৰ নিশ্চিত প্ৰদান কৰিছে।

১৩. এইচ.ডি.এফ.চি বেংকত আৰু অধিক বিদেশী বিনিয়োগৰ বাবে অনুমতি নিদিলে ভাৰত চৰকাৰে। কোম্পানীটোৱে বিদেশী বিনিয়োগকাৰীৰ হাতলৈ বেংকটোৰ অংশীদাৰীত্ব ৪৯ শতাংশ পৰা বৃদ্ধি ৬৭.৫৫ শতাংশলৈ তুলি দিয়াৰ বাবে প্ৰস্তাৱ আগবঢ়াইছিল।

১৪. আন্তঃৰাষ্ট্ৰীয় বজাৰত সমাদৃত তেজপুৰৰ সেন্দুৰীয়া লিচু। আমেৰিকা-ছুইজাৰলেণ্ডলৈ সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঁই বৰুৱাই ৰোপন কৰা লিচুৰ ৰপ্তানিৰ খবৰে পালে সংবাদ শিৰোনামত স্থান।

১৫. মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পদত্যাগৰ বাবে দিয়া প্ৰস্তাৱ অগ্ৰাহ্য কৰিলে ছোনিয়া গান্ধীয়ে। ১জুনৰ পাছত সালসলনি হব অসম মন্ত্ৰীসভাৰ। বিসম্বাদীৰ আশাত চেচাঁপানী, এইবাৰ অনাস্থা প্ৰস্তাৱ অনাৰ ৰণকৌশলৰ চিন্তা-চৰ্চা।

1 comment: