Wednesday, February 5, 2014

সাম্প্ৰতিক প্ৰসংগ

ভাষা-সাহিত্য আৰু জাতীয়তাৰ প্ৰশ্নঃ 
জাতিৰ খনিকৰ হব পাৰিছেনে অসম সাহিত্য সভা 

প্রিয়ংকু নাৰায়ন বৰুৱা

অসমত ৰাজ্যভাষাৰ প্রচলনৰ দাবী বহু পুৰণি।কিন্তু আজিলৈ তাৰ সু প্রয়োগ হৈ নুঠিল।শেহতীয়াকৈ শুনিব পোৱা গৈছে যে এক বহিৰাগত বণিয়া গোষ্ঠীয়ে তেওঁলোকৰ কোম্পানী চৌহদত অসমীয়া ভাষীয়ে অসমীয়া কোৱা নিষিদ্ধ কৰিছে? ভুলতে ক’লেও অসমীয়াত বার্তালাপৰ জৰিমনাও ভৰিব লাগিব হেনো।ইমান ধৃষ্টতাৰ সাহস পালে ক’ৰ পৰা? সোৰোপা অসমীয়া মানুহৰ দুর্বলতাই এনে সুযোগ সৃষ্টি কৰা নাইনে?

অসমৰ এসোপামান জাতীয় অনুষ্ঠান আছে আমাৰ ৰাজ্যখনত! সভা-সমিতি পাতে,চাহ-চিঙৰা খাই ভাষণ জাৰি বিৰাট বিৰাট পৰিকল্পনা কৰে কিন্তু কার্যত:অধিকাংশই ফুটুকাৰ ফেন হয়।সময়ে সময়ে দুই এক প্রতিবাদী শোভাযাত্রা কৰি অথবা দুই এক গ্রন্থ প্রকাশতে আমাৰ জাতীয় অনুষ্ঠান সমূহৰ দায়িত্ব শেষ বুলি ভবা হয় নেকি? খোদ অসম সাহিত্য সভাৰ দৰে অনুষ্ঠানৰ ভূমিকা এই ক্ষেত্রত সন্দেহজনক।


নিকৃষ্ট দলিয়া-দলিৰ মানসিকতা,চিন্তাৰ বিভ্রান্তি আৰু ন্যস্ত স্বার্থ সিদ্ধিৰ গণ্ডীৰ পৰা সাহিত্য সভা মুকলি হ’ব পাৰিবনে? যি সময়ত সাহিত্য সভাই অসমত এক বৌদ্ধিক জাগৰণৰ নেতৃত্ব লোৱাৰ প্রয়োজনীয়তা আছিল সেই সময়ত ক্ৰমাৎ অনুষ্ঠানটোৱে নতুন প্রজন্মৰ আস্থা হেৰুৱাইছে কিয়? ভাষা-সাহিত্য জাতীয়তাৰ সূচক যিবোৰ সংকটে অসমৰ জাতীয়তাক বিপন্ন কৰিব খোজে তেনে সংকটক প্রত্যাহ্বান হিচাপে গ্রহন কৰিব পাৰিব লাগিছিল সাহিত্য সভাৰ দৰে অনুষ্ঠানে।পাহৰি যোৱা অনুচিত যে এনে লক্ষ্য আৰু উদ্দেশ্যৰ ঔৰসতহে অসম সাহিত্যসভাৰ জন্ম।

অসমৰ জাতীয় জীৱনৰ গুৰুত্বপূর্ণ সমস্যাসমূহৰ ক্ষেত্রত সাহিত্য সভাৰ নির্লিপ্ত ভূমিকা সন্দেহজনক আৰু নিন্দনীয়।“অসম সাহিত্য সভা” এদিনতে গঢ় লৈ উঠা কোনো অনুষ্ঠান নহয় । বহু বৰেণ্য অসমীয়াৰ কষ্ট সাধ্য প্রয়াসৰ ফচল স্বৰূপ এই জাতীয় অনুষ্ঠানটিৰ অসমৰ জাতীয় জীৱনলৈ কেবা দশকজোৰা বৰঙনি অৱশ্যেই অনস্বীকার্য।অসমৰ মানুহে ভাল পায় সাহিত্য সভাক,আদৰ কৰে বহু মহীৰুহৰ কৃচ্ছ্ব সাধনৰ থলী সাহিত্য সভাক। সেই হেতুকেই ক্ষুব্ধ অসমবাসী,সাহিত্য সভাৰ শেহতীয়া স্খলনত।সমান্তৰাল ভাৱে ব্যথিত,সকলোৱে বিচাৰিছে সাহিত্য সভাৰ পূর্ব গৰিমা উদ্ধাৰ।


যি সাহিত্য সভাক আজি এচাম তথাকথিত বুদ্ধিজীৱিয়ে কিছু বছৰ জুৰি ব্যক্তিগত সম্পদৰ দৰে ব্যৱহাৰ কৰি আহিছে সেইখন সাহিত্য সভাৰ মজিয়াতে চলে পদ কেন্দ্রিক নিকৃষ্ট ৰাজনীতি,ধন আত্মসাৎ,কুৎসাৎ ৰটনাৰ দৰে অলেখ বিশৃংখলতা।খোদ একালৰ প্রধান সম্পাদক গৰাকীয়ে নেতৃত্ব দিয়া এনে অশুভ পৰম্পৰাক বাধা দিয়াৰ চেষ্টা নকৰি অন্ধ ৰজাৰ ভূমিকা লোৱা মাননীয় সভাপতি গৰাকীৰ চকুৰ আগতে এপদ এপদকৈ নগ্ন কৰা হ’ল অসমবাসীৰ আপোন জাতীয় অনুষ্ঠানটিক।তৎসত্বেও বুকু ফিন্দাই ফুৰা বিড়াল তপস্বী সকলৰ এতিয়াও কিন্তু বিষয়বাব অক্ষুন্ন আছে।এইখন সাহিত্য সভাৰ মজিয়াত জিলিকি নুঠে পূর্বৰ গৰিমা।

সমান্তৰালভাৱে স্ব ভাষাৰ সংৰক্ষণ আৰু প্রসাৰৰ চেষ্টা কৰাটো নিশ্চয়কৈ আদৰণীয় কিন্তু ভাষিক জাতীয়তাবোধৰ নামত কৃত গোড়ামিৰ ফলশ্রুতিত অসমত চলিত ঠেক ভাষিক সংবেদনশীলতা সৃষ্টি হৈছে ।যিটো গ্রহণযোগ্য হ’ব নোৱাৰে।অসমত অসমীয়া আৰু বঙলা ভাষাৰ মাজত তাহানিৰে পৰা তেল-পানীৰ সম্পর্ক।বহু বিজ্ঞ পণ্ডিত শ্রেষ্ঠ ওলাল দুয়োটা ভাষাৰ,জাতীয় অনুষ্ঠান বোৰটো আছেই,তথাপিও দুইটা ভাষাৰ সু সম্বন্বয় প্রকৃতার্থত গঢ়া নুঠিল।সুস্থ বিনিময়-বিতৰণটো বাদেই শেহতীয়াকৈ সর্তপনে আৰম্ভ হৈছে বৰাক- ব্রহ্মপুত্র উপত্যকা কেন্দ্রিক ভাষিক বিচ্ছিন্নতাবাদৰ ৰাজনীতি।

অসমত বাস কৰা সাধাৰণ অসমীয়া আৰু বঙলা ভাষী মানুহ খিনিৰ ভাষিক অসহিষ্ণুতাক চতুৰ ভাৱে কামত খটুৱাই নিজৰ নিকৃষ্ট অভিসন্ধি পূৰণৰ চেষ্টাৰত এক শ্রেণীৰ শিয়ানৰ ষড়যন্ত্রত ভৰি দি উদ্বেগজনক ভাৱে অসমৰ একাংশ পণ্ডিত,বুদ্ধিজীৱি আনকি শিক্ষাবিদেও[ভাষিক সংবেদনশীলতাৰ উগ্র আৰু অসংগঠিত বিন্যাস হেতু] হাত উজান দিয়া আমাৰ দৃষ্টিগোচৰ হৈছে।বিশেষকৈ বৰাক উপত্যকাত এই ছবিখন স্পষ্ট ৰূপত প্রতিফলিত হয়।বিপৰীতে সংযত হৈ সংহত ৰূপত অসমত সুস্থ ভাষিক বিনিময়-বিতৰণৰ প্রয়াস কৰাৰ লগতে অসমৰ বৃহত্তৰ স্বার্থত ভাষিক বিচ্ছিন্নতাবাদৰ ৰাজনীতিৰ দৰে এক অনৈতিক সমস্যা যাতে শিপাব নোৱাৰে তাৰ প্রতি সকলো স্তৰৰ প্রতিজন অসমবাসী সচেতন হোৱাটো প্রয়োজনীয় হৈ পৰিছে।প্রকৃতার্থত সহিষ্ণুতা আৰু সংযম কেন্দ্রিক উদাৰতা সহ অসমবাসী অসমীয়া ভাষী আৰু বঙলা ভাষী মানুহখিনি ভাষিক আদান প্রদান আৰু চর্চাৰ বাবে আগ্রহী হ’ব লাগিব।

বৰাক উপত্যকা আৰু ব্রহ্মপুত্র উপত্যকা অসমৰ অবিচ্ছেদ্য অংগ আছিল আৰু থাকিব।ইয়াত দ্বিমত থকাটো অর্থহীন। প্রশ্ন হয় অসমত এতিয়া বহুধা বিভক্ত বিভিন্ন জনগোষ্ঠীয় সাহিত্যসভা সৃষ্টিৰ নেপথ্যতো জনগোষ্ঠীয় সকলৰ ক্ষোভ অন্যতম কাৰণ নহয়তো?কি কি কর্মৰ কৰি দেখুৱালে জনগোষ্ঠীয় সমন্বয়,বিনিময়-বিতৰণৰ ক্ষেত্রত সাহিত্যসভাই?স্বাভাৱিকতেই এক গণমুখী জাগৰণৰ সবল নেতৃত্ব বহন কৰিবলৈ অপাৰাগ হোৱা সাহিত্যসভাৰ নেতৃত্বই চুণ তেল মাৰি ৰাস্তাত ঘূৰি ফুৰাৰ দৃশ্য পুতৌজনক।

পিছে কেৰোণতো ক’ত? আমোদজনক কথা অমুকাই এজন উচ্চতৰ মাধ্যমিকৰ তথাকথিত মেধাৱী ছাত্রক শংকৰদেৱ কোন সোধাত বিনয়েৰে জনালে “He was a God”, আন এজনে বা আকৌ জ্যোতি প্রসাদ আগৰৱালাক Scientist”বনাইহে ক্ষান্ত হ’ল।প্রশ্ন হয় নতুন প্রজন্মৰ নম্বৰ ভর্তি মার্কচিটৰ ভৰত স্মৃতি হৈ পৰিব নেকি ভাষা-সাহিত্য-সংস্কৃতি? অৱশ্যেই আগশাৰীৰ ৰাষ্ট্রীয় পৰীক্ষাত-মেডিকেল-ইঞ্জিনীয়াৰিংৰ প্রৱেশ পৰীক্ষাৰ পাঠ্যক্ৰমত নাই বাবেই বোধহয় জ্যোতি-বিষ্ণু-শংকৰদেৱ এলাগী নতুন প্রজন্মৰ অসমীয়াৰ বাবে?

হনী সিং-এন্ৰিক,বিটলছৰ ৰেপ-পপৰ মায়াত আচ্ছন্ন নতুন যুৱক-যুৱতীয়ে ৰাণাদাক চিনি নাপায়-অধিকাংশই ভূপেনদাৰ গান বুজি নাপায় হেনো! কিন্তু কিয়?জুবিনৰ “য়া আলি”জাতীয় কিছু হাই ফাণ্ডা প্রডাক্ট অৱশ্যে কিছু পৰিমানে জনপ্রিয়।।ৰেপ সংস্কৃতিয়ে ডিঙি ৰেপিছে জাতিৰ ঐতিহ্য আৰু সংস্কৃতিৰ। ডেকা-ডেকেৰী সকলৰ অধিকাংশ অভিভাৱকে যুক্তি দিব হয়তো যে জ্যোতি প্রসাদক চিনিলে নহ’ব নম্বৰৰ ভৰতহে গঢ়িব পাৰিব কেৰিয়াৰ তেওঁলোকৰ পুত্র-কণ্যাই। আমি ইংৰাজী ভাষা বিদ্বেষী নহয়।প্রতিযোগিতামূলক ক্ষেত্রখনত টিকি থাকিবলৈ হ’লে ইংৰাজী ভাষা শিক্ষণ আৰু আয়ত্বকৰণ জৰুৰী।কিন্তু সমান্তৰাল ভাৱে অসমীয়া ভাষাৰ কথন আৰু পঠনত দক্ষতা প্রদর্শন জৰুৰী।প্রশ্ন হয় নিজ সন্তানক উচ্চ মাচুলসহ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুওৱা একাংশ অভিভাৱক আকৌ সাহিত্যসভাৰো বিষয়ববীয়া!

প্রশ্ন হয় যি সময়ত অসমৰ যুৱ সমাজে শংকৰদেৱ কোন নজনা হ’ল, জ্যোতিপ্রসাদ-বিষ্ণুৰাভা-বেজবৰুৱাদেৱক চিনি নোপোৱা হ’ল,ভূপেন দাৰ গান বুলিলেও আনকি নাক কোঁচোৱা মেধাৱী ন প্রজন্মই যি সময়ত ভাষা-সাহিত্য-সংস্কৃতিৰ শ্রাদ্ধ কৰাত মনপুতি আত্মনিয়োগ কৰিছে সেই সময়ত তথাকথিত শিক্ষাবিদ-বুদ্ধিজীৱি-সাহিত্যিক-সমাজসেৱক ইত্যাদি জাতীয় অভিভাৱক সকল পুতৌজনক ভাৱে নির্লিপ্ত হৈ থকাটো উদ্বেগজনক।সমান্তৰাল ভাৱে নিজৰ মাতৃভাষাক শ্রদ্ধা আৰু যথাযথ মাতৃভাষা জ্ঞান আহৰণ নিশ্চয়কৈ প্রতিগৰাকী ছাত্র-ছাত্রীৰ বাবে অতি গুৰুত্বপূর্ণ।অধিকাংশ ইংৰাজী বিদ্যালয়ত পঢ়া লৰা-ছোৱালীয়ে ঘৰে-বাহিৰে তথাকথিত ইংৰাজী শব্দৰ ভুলে শুদ্ধই প্রয়োগ কৰে যদিও মাতৃভাষাক এটা বিষয় হিচাপে অধ্যয়নৰ কোনো তাগিদা অনুভৱ নকৰে।এইক্ষেত্রত অভিভাৱক সকলৰ গুৰুত্বহীনতাও অন্যতম নেতিবাচক দিশ।

আমাৰ আহ্বান বিশেষকৈ অসমৰ শিক্ষানুষ্ঠান সমূহ যাতে ইংৰাজী-অসমীয়া দুইটা ভাষা শিকাৰ এটা পৰিবেশ সৃষ্টি কৰিবলৈ দায়বদ্ধ হয়।আধুনিক- উচ্চশিক্ষিত অভিভাৱক সকলেও যেন অনুভৱ কৰিবলৈ সক্ষম হয় যে সমান্তৰাল ভাৱে মাতৃভাষাৰ জ্ঞান আহৰণ প্রতিজন অসমীয়াৰ বাবে জৰুৰী।সাম্প্রতিক সময়ত অনাহক মাধ্যম বিতর্ক নহয় বৰঞ্চ অসমীয়া ভাষাটোৰ সুস্থ আৰু প্রক্ৰিয়াগত অধ্যয়নৰ ৰুচিসন্মত প্রয়াস আৰু পৰিকল্পনাত সকলোৱে হাত উজান দিয়াটোহে প্রয়োজনীয়। বিতর্কৰ উর্দ্ধত ক’ব লাগিব যে মাধ্যম যিয়েই নহওক স্ব-স্থানত ইংৰাজী জ্ঞান আহৰণ আৰু মাতৃভাষাৰ চর্চা দুয়োটাই সমান্তৰালভাৱে অতি জৰুৰী।অত এৱ ৰুদ্রাক্ষত বিহু সংস্কৃতিক কিদৰে নগ্ন কৰা হ’ল ভাবি থাকোতেই মনলৈ আহিল ভূপেনদাৰ গানৰ এটি কলি “আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে ভগণীয়া হব।
লেখক ডিগবৈস্থিত আৰ ডি মহাবিদ্যালয়ৰ প্ৰৱক্তা। তেখেতৰ দূৰভাষ নম্বৰঃ ৮৮১১৮৩৬৮৮৫ 

No comments:

Post a Comment