Thursday, February 6, 2014

প্ৰচ্ছদ নিৱন্ধ

অসমীয়া ভাষা ৰক্ষাৰ 
আলোচনা-বিতৰ্ক আৰু কিমান দিনলৈ?
ডঃ অঞ্জল বৰা
খৃঃ পূঃ ৬ষ্ঠ শতিকাৰ পৰা বৰ্তমান সময়লৈকে অসমীয়া ভাষাই বহু বছৰ আগুৱাই আহিল৷ সাহিত্যৰ বুৰঞ্জীয়েও কেইবাটাও স্তৰ অতিক্ৰম কৰিলে৷ অনেক সাহিত্য সৃষ্টি হ'ল৷ সাঁচিপাতৰ পৰা কাগজ, কাগজৰ পৰা ইণ্টাৰনেটলৈকে অসমীয়া ভাষা-সাহিত্যই এতিয়া বিস্তাৰ লাভ কৰিছে৷ অনেক সুষম ভাষা চৰ্চ্চাৰ সঁজুলি নিৰ্মাণ হৈছে৷ অৰ্থাৎ প্ৰযুক্তিৰ লগত খোজত খোজ মিলাই অসমীয়া ভাষা সমানেই আগুৱাই গৈছে৷ কিন্তু তথাপি সদায় এটাই বিতৰ্ক, এটাই আলোচনা অ'ত অসমীয়া ভাষা ব্যৱহাৰ হোৱা নাই, ত'ত অসমীয়া ভাষা অশুদ্ধ ৰূপত প্ৰকাশ পাইছে ইত্যাদি ইত্যাদি৷

সম্ভৱ ভাৰতবৰ্ষত অসমীয়াই এনে এটা ভাষা যাক ৰক্ষা কৰিবলৈ অনেক ৰক্তপাতৰ মাজেৰে সংগ্ৰাম কৰিব লগা হৈছিল৷ ১৯৬০ চনত ভাষা আন্দোলন, ১৯৬৩ চনত ভাষা আইন গ্ৰহণ আৰু ১৯৭২ চনত মাধ্যম আন্দোলন আদি আন্দোলন, বাদ-প্ৰতিবাদৰ পিছতো এতিয়াও দেখা পোৱা গৈছে 'ৰাজপথত বেনাৰ-পোষ্টাৰত ক'লা ৰং সানি' অসমীয়া ভাষা ৰক্ষাৰ আন্দোলন (!!)৷

বাস্তৱিকতে ১৯৬০ চনত ভাষা আন্দোলনত অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰ মৰ্যাদা লাভ, ১৯৬৩ চনত ভাষা আইন গ্ৰহণ আৰু ১৯৭২ চনত মাধ্যম আন্দোলন মানি শিক্ষাৰ মাধ্যম অসমীয়া কৰাৰ পিছটো আজিলৈকে অসমত চৰকাৰী কাৰ্যলয় আদিত অসমীয়া ভাষা প্ৰয়োগ হোৱা দেখা নগ’ল৷ ইয়াৰ লগতে ৰাজহুৱা স্থানত বা অন্যান্য প্ৰচাৰ মাধ্যমত ভুলকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰিলে ৰাজহুৱাভাৱে মাত মতা দুই-এজন ব্যক্তিৰ বাহিৰে কোনো দল-সংগঠন দেখা পোৱা নগ'ল৷

এই নিৰ্লিপ্ততাৰ প্ৰকৃত কাৰণ কি? কিয় বাৰে বাৰে আমি দেখি থাকিব লগা হৈছে অসমীয়া ভাষা ৰক্ষাৰ ন ন বিতৰ্ক-আলোচনা? ভাবিবলৈ বাধ্য হৈছোঁ অসমীয়া মানুহৰ জাতীয় আৱেগবোৰ অতি দুৰ্বল, ক্ষণস্থায়ী হৈ পৰিছে নেকি? অত্যাধিক অসমীয়া মানুহ স্বাৰ্থপৰ, ভোগবাদী হৈ পৰিছে নেকি? জাতি-জনজাতীৰ বিভেদ, ৰাজনৈতিক চক্ৰান্ত আদিয়ে অসমীয়া ভাষাটোৰ পুৰণি বান্ধোন সোলোক-ঢোলোক কৰি পেলাইছে নেকি? এটা কথা স্বীকাৰ কৰিবই লাগিব যে অসমীয়া ভাষাটো এচাম নতুন যুৱক-যুৱতীৰ হাতত অতি সুৰক্ষিত৷ শেহতীয়াভাৱে ফে'চবুক, ই-আলোচনী আদিৰ মাধ্যমেৰে এটা নতুন জাগৰণ আৰম্ভ হৈছে বুলিও ক'ব পাৰি৷ 

শেহতীয়াভাৱে বেনাৰ-পোষ্টাৰত অসমীয়া ভাষা ব্যৱহাৰ নকৰাৰ বাবে বা কাৰ্যলয়সমূহত অসমীয়া ভাষা ব্যৱহাৰ নকৰাৰ বাবে অসম সাহিত্য সভা সৰৱ হৈ উঠিছে৷ ৰাজপথত নামি বেনাৰ-পোষ্টাৰত ক'লা ৰং সানিছে৷ আমি সাহিত্য-সভাৰ সেই কামৰ বিষয়ে কোনো মন্তব্য দিবলৈ নাযাওঁ৷ কিন্তু আমাৰ মনত প্ৰশ্ন হয় এই দায়িত্বও অসম সাহিত্য সভাৰনে? অসম চৰকাৰৰনে? কিয় সাহিত্য সভা, চৰকাৰে অসমীয়া মানুহক নিজৰ ভাষাটো ব্যৱহাৰ কৰিবলৈকে বাধ্য কৰাব লগা পৰিৱেশ সৃষ্টি হৈছে? যদি কোনো মানুহৰ মনৰ ভিতৰত ভাষিক জাতীয়তাবাদী আৱেগ নাথাকে, নিজেই অনুভৱ নকৰে তেন্তে তেওঁক বাধ্য কৰিব পৰা হ'বনে? কাৰ্যলয়সমূহলৈ যাওঁতে যদি আমি নিজেই হাতত অসমীয়াত লিখা দৰ্খাস্তখন লৈ নাযাওঁ তেন্তে কোনে কাক বাধ্য কৰিব পাৰিব৷ দেখা যায় কলেজ, বিশ্ববিদ্যালয়কেইখনৰো বিভাগীয় কামবোৰ অসমীয়া ভাষাত নহয়৷ কিয়? আচলতে অসমত অসমীয়া ভাষাত দৰ্খাস্ত এখন বা টোকা এটা লিখি কাৰোবাক দিয়াৰ পৰিৱেশ গঢ় লৈ উঠা নাই৷ তাৰ মাজতে কিছু সংখ্যকে চলাই আছে৷ 

এই সকলোবোৰ বাৰু আমাৰ শিক্ষাৰ মাধ্যমে সলনি কৰিছে নেকি? চাবলৈ গ'লে আমি ইংৰাজী মাধ্যমৰ স্কুলবিলাকক জগৰীয়া কৰি থাকিলেও অসমীয়া মাধ্যমৰ স্কুলবিলাকতো অসমীয়া ভাষা কেৱল দশম শ্ৰেণীলৈকেহে বাধ্যতামূলক হৈ থাকে৷ তাৰ পিছত বিজ্ঞান শ্ৰেণীত নাম ভৰ্তি কৰা এজন ছাত্ৰই গোটেই জীৱন (বাহিৰা কিতাপ বাদ দি) ইংৰাজীৰ লেখা-মেলাতে অধ্যয়ন কৰে৷ নামমাত্ৰ অসমীয়া ভাষাক প্ৰধান বিষয় হিচাপে লোৱা ছাত্ৰ-ছাত্ৰীসকলৰ বাহিৰে কলেজ-বিশ্ববিদ্যালয়ৰো মাধ্যম ইংৰাজী৷ সেই বাবেই অসমীয়া লিখাৰ ক্ষেত্ৰত লাহে লাহে এটা এলাগী মনোভাৱ গঢ় লৈ উঠিছে নেকি? এনে কাৰণতে অসমীয়া ভাষাত এখন দৰ্খাস্ত লিখা, বিভাগীয় কামবোৰ অসমীয়াত কৰা আদিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হৈছে নেকি? কিন্তু এই কথা স্বীকাৰ কৰিবই লাগিব যে এনেদৰে শিক্ষা গ্ৰহণ কৰিয়েই বহু সংখ্যক লোকে অসমীয়া ভাষা-সাহিত্যলৈ অনেক বৰঙণি আগবঢ়াই আহিছে৷ বিভিন্ন কালজয়ী সাহিত্যৰো সৃষ্টি কৰিছে৷ শেহতীয়াভাৱে ফে'চবুক, ই-সাহিত্য আদিৰ মাধ্যমেৰেও সাহিত্য চৰ্চ্চা কৰাসকল এনে ইংৰাজী শিক্ষাৰ শিক্ষিত নতুন প্ৰজন্মই৷ তেন্তে সমস্যাটো ক'ত হৈছে যে এতিয়াও অসমত অসমীয়া ভাষা ৰক্ষাৰ অলোচনা-বিতৰ্ক আদি শেষ হোৱা নাই৷ ভাৰতৰ অন্য ঠাইত এনে সমস্যা হৈছে নে নাই ক'ব পৰা নাই৷ কিন্তু অসমৰ এই সমস্যা যেন কেতিয়াও অন্ত নহ'ব !!

যেতিয়ালৈকে নিজৰ মনৰ ভিতৰৰ পৰা মানুহে ভাষাটোৰ ব্যৱহাৰৰ তাগিদা অনুভৱ নকৰিব, তেতিয়ালৈকে কেৱল আলোচনা, তৰ্ক-বিতৰ্ক কৰি থাকি একো ফল নধৰে৷ সাহিত্য সভাৰ ক'লা ৰঙে কিমানৰ চকু মুকলি কৰিলে নাজানোঁ, কিন্তু এটা কথা অনুভৱ কৰিছোঁ অসমীয়া ভাষা ৰক্ষাৰ অলোচনা-বিতৰ্ক আদি অন্ত পৰক৷ যেনেদৰে আছে গৈ থাকিবলৈ দিয়ক৷ সকলো সজাগ হৈ নিজেই নিজৰ পৰা নিৰৱভাৱে ভাষা ৰক্ষাৰ আন্দোলন আৰম্ভ কৰক৷ ৰাজপথত চিঞৰি ভাষা ৰক্ষাৰ সজাগত সভা পাতিবলৈ অসমীয়া ভাষা এটা নতুন ভাষা নহয়৷ বাহিৰৰ মানুহৰ চকুত নিজৰে ভাষাটোৰ মৰ্যদা হানি নকৰিব৷ কিন্তু অসমীয়া ভাষা চৰকাৰী কাৰ্যলয়ত, বেনাৰ-পোষ্টাৰ আদিত ব্যৱহাৰ নকৰিলে বা বিজ্ঞাপনত অশুদ্ধভাৱে ব্যৱহাৰ কৰিলে যদি কিবা আইনগত শাস্তি দিব পাৰি তেন্তে চৰকাৰে তাক কাৰ্যকৰী কৰক৷ অন্যথা অসমীয়া ভাষাৰ ঐতিহ্যৰ স্বাৰ্থতে সকলো বিতৰ্ক বন্ধ হওক !!

No comments:

Post a Comment