ইতিবাচক পৰিবৰ্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পৰিবৰ্তন

ইতিবাচক পৰিবৰ্তন

Share This
ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ৰঃ
ইছলাম ধৰ্মৰ দম্পত্তিয়েও লাভ কৰিব
 সন্তান তুলি লোৱাৰ অধিকাৰ
 দেশৰ সৰ্বোচ্চ ন্যায় প্ৰতিষ্ঠান উচ্চতম ন্যায়লয়ে দিয়া এক ঐতিহাসিক ৰায়দানে নিঃসন্তান ভাৰতীয় ইছলাম ধৰ্মী পৰিয়াললৈ কঢ়িয়াই আনিছে এক সুখৰ বতৰা৷ এই ৰায়যোগে ইছলাম ধৰ্মী দম্পত্তিকো প্ৰদান কৰিলে সন্তান তুলি তোলাৰ অধিকাৰ৷ মুছলিম পাৰ্ছনেল ল' বৰ্ডৰ নিয়মানুসাৰে ইয়াৰ অনুমতি নাছিল৷ আদালতে সামাজিক কৰ্মকৰ্তা শৱনম হাছমীৰ এক আবেদনৰ শুনানী গ্ৰহণ কৰি এই ৰায়দান কৰিছে৷  উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পি. সদাশিৱমৰ অধ্যক্ষতাত গঠিত খণ্ডপীঠে-"২০০৬চনৰ কিশোৰ আৰু শিশু আইন(জুভেনাইল জাষ্টিছ এক্ট"ৰ অধীনত এই ৰায়দান কৰি কয় যে, এই আইন সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ বাবেই প্ৰযোজ্য৷ ইয়াত ব্যক্তিগত বা ধৰ্মীয় ভাৱনা বা অনুভূতিয়ে কোনো দখল দিব নোৱাৰে৷ কৰ্টে এই বুলিও আঙুলিয়াই দিয়ে যে- সংবিধানৰৰ ৪৪তম ধাৰাত উল্লেখ কৰা ইউনিফৰ্ম চিভিল কোডক বাস্তৱত ৰূপায়ন নকৰা পৰ্যন্ত দেশৰ আইনক যি কোনো পাৰ্চনেল আইনৰ উৰ্দ্ধতেই ৰাখিব লাগিব৷ 
চুপ্ৰীম কৰ্টে এই কথা স্পষ্ট কৰি কয় যে- সন্তান তুলি লোৱাটো এক আইনগত অধিকাৰ আৰু কোনো পাৰ্চনেল আইনে ইয়াক বাধা দিব নোৱাৰে৷ উল্লেখযোগ্য যে শ্ববনম হাচমীয়ে ৮বছৰ পূৰ্বে সন্তান তুলি লব বিচাৰিছল যদিও তাৰ বাবে অনুমতি নাপালে৷ তাৰ পাছতে তেওঁ উচ্চতম ন্যায়ালৰ দ্বাৰস্থ হৈছিল৷ এয়া সাংবিধানিক অধিকাৰ বুলি স্পষ্ট কৰি দিও ন্যায়ালয়ে ইয়াক এতিয়াই মৌলিক অধিকাৰ বুলি ঘোষণা কৰাৰ সময় অহা নাই বুলিও স্পষ্ট কৰি দিয়ে৷

আইনগত দিশৰ পৰা বিশ্লেষণ কৰিলে দেখা যায় যে, আগতে হিন্দু এডোপচন আৰু মেইনটেনেন্স আইনৰ আধাৰত হিন্দু, শিখ , বৌদ্ধ আৰু জৈন ধৰ্মাৱলম্বী লোকে সন্তান তুলি লব পাৰিছিল৷ এই আইনত ইছলাম ধৰ্মী আৰু খ্ৰীষ্টান ধৰ্মালম্বী সকলৰ বিষয়ে কোনো উল্লেখ নাছিল৷ ভাৰতত ইছলাম, খ্ৰাষ্টান আৰু পাৰ্চী আদি সংখ্যালঘুৰ বাবে থকা পাৰ্চনেল আইনত সন্তান তুলি লোৱাৰো কোনো ব্যৱস্থা নাছিল৷


এই বিষয়ে আবেদনকৰ্তাৰ অধিবক্তাই কয় যে, জুভেইনাইল জাষ্টিছ আইন সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ বাবেই প্ৰযোজ্য৷ ই এক ধৰ্ম-নিৰপেক্ষ আইন, আৰু সেয়ে ইয়াৰ অধীনত সকলো ধৰ্মৰ লোকেই সন্তান তুলি লবলৈ আবেদন কৰিব পাৰে৷ এই বিষয়ে এতিয়াৰ পৰা আইনে এনে আগ্ৰহী দম্পত্তিক নিশ্চয়কৈ সহায় কৰিব৷
  
উচ্চতম ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায়ে আইনী ৰূপত বহুতো অনাথ শিশুৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হব বুলি আশা কৰিব পাৰি৷ তথা ধৰ্মীয় চিন্তাৰ উৰ্ধত নিঃসন্তান দম্পত্তি সকলেও শিশুৰ কলৰোলে ভৰা এখন ঘৰৰ সপোন দেখিবলৈ পথ বিচাৰি পাব৷ এয়া আমাৰ সমাজৰ বাবে এক আশাৰ বতৰা তথা মানৱতাৰ দৃষ্টিৰে ইতিবাচক পৰিবৰ্তনৰ দিশে এক উল্লেখনীয় পদক্ষেপ৷

No comments:

Post a Comment