প্ৰৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধ

প্ৰৱন্ধ

Share This
অসমৰ কৃষিভূমিৰ ভৱিষ্যত
#টুৱাৰাম দত্ত


অসমৰ কৃষিভূমি কিমান দূৰ সুৰক্ষিত? কৃষিভূমিৰ ওপৰত আমাৰ অধিকাৰ কিমান? বছৰৰ পিছত বছৰ ধৰি কৃষিভূমিৰ পৰিমাণ টুটি আহিছে। অনাগত ভৱিষ্যতত আমাৰ হাতত কিমান কৃষিভূমি বাছি থাকিব সেয়া সময়েহে কব। কিন্তু আমাৰ উত্তৰ পুৰুষে যে তাৰ বাবে আমাক চিৰদিনলৈ অভিশাপ দি থাকিব সি নিৰ্মম সত্য। অধিকাৰৰ কথা মনলৈ আহিলে এটা কথা স্বীকাৰ নকৰি উপায় নাই যে যি জন যোগ্য তেওঁহে অধিকাৰ পায়। অযোগ্য জনে মাত্র দুটা কথাত হে অধিকাৰ সাব্যস্ত কৰিব পাৰে-শোৱাৰ আৰু খোৱাৰ। বৰ্তমান অসমৰ ক্রমহ্রাসমান কৃষিভূমিৰ প্রতি লক্ষ্য কৰিলে আমাৰ অযোগ্যতাৰ কথা অতি নিষ্ঠুৰ আৰু নিৰ্লজভাৱে প্রতীয়মান হয়। 

আজি কিছুদিনৰ আগতে ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্রশমন বিভাগে এটা অতি গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে। এই নিৰ্দেশ অনুসৰি অনা-কৃষিকাৰ্য্যৰ বাবে কৃষিভূমিৰ যাতে হস্তান্তৰ নহয় তাৰ বাবে কঠোৰ ব্যৱস্থা গ্রহন কৰিবলৈ জিলাৰ উপায়ুক্তসকলক কোৱা হৈছে। আৰু প্রয়োজন অনুসৰি আইন ভংগকাৰী সকলৰ বিৰুদ্ধে ফৌজাদাৰী গোচৰ পৰ্যন্ত তৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইতিমধ্যে কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি অখিল গগৈয়ে চৰকাৰৰ এই নিৰ্দেশত সন্তুষ্টি প্রকাশ কৰিছে। কিন্তু মাননীয় অখিল গগৈৰ সন্তুষ্টি বাস্তবায়িত হোৱাৰ সম্ভাৱনা কিমান দূৰ?

এটা কথাত কোনো সন্দেহ নাই যে এই নিৰ্দেশ কৃষিভূমিৰ সুৰক্ষাৰ পটভূমিত অতিশয় আদৰণীয় আৰু জৰুৰী। কিন্তু এনেধৰনৰ চৰকাৰী নিৰ্দেশনা এয়াই প্রথম নে? ইয়াৰ আগতে আমাৰ আইন ব্যৱস্থাত কৃষিভূমিৰ সুৰক্ষাৰ হেতু কোনো কথাৰেই উল্লেখ নাছিল নেকি? নিশ্চয় আছিল। কিন্তু কেৱল চৰকাৰী আইন প্রণয়নৰ দ্বাৰা সকলো সমস্যাৰ সমাধান প্রাপ্তি অসম্ভৱ। আমাৰ অসমৰ কৃষিভূমি টুটি অহাৰ কাৰক সমুহ বিচাৰি উলিয়াই সমাধানৰ নিৰলস প্রয়াস নচলালে কেৱল চৰকাৰী নিৰ্দেশনাই ইপ্সিত ফলাফল দিব নোৱাৰে।

চৰকাৰী কঠোৰ আইন থকাৰ পিছতো কিদৰে সুৰুঙা উলিয়াই কৃষিভূমি অনা-কৃষি কাৰ্যত ব্যৱহাৰ কৰিব পাৰি তাৰ উদাহৰণ খোদ গুৱাহাটীতেই আছে। উল্লেখযোগ্য যে গুৱাহাটী মহানগৰ অঞ্চলৰ কিছুমান অঞ্চল গ্রীণ-বেল্ট বা কৃষিভূমিৰ অন্তৰ্গত বাবে গৃহ-নিৰ্মানৰ অনুমতি লাভ কৰিব পৰা নাযায়। এয়া কঠোৰ চৰকাৰী নীতি। কিন্তু কৃষিকাৰ্যত ব্যৱহাৰৰ বাবে ফাৰ্মহাউছ নিৰ্মানৰ অনুমতি পাব পাৰি। আৰু সেই অনুমতিপ্রাপ্ত নক্সাত ফাৰ্মহাউছৰ অন্তৰ্গত কোঠাসমূহ পশুধন, সাৰ ৰখা কোঠা, বীজ ৰখা কোঠা ইত্যাদিৰ ব্যৱহাৰৰ বাবে বুলি নিৰ্দিষ্ট থাকিব লাগিব। আমাৰ গৃহ-নিৰ্মাতা সকলে এনেধৰণৰ কৃষিভূমিত কাগজে-পত্রে ফাৰ্মহাউছৰ অনুমতি লৈ প্রকৃত ক্ষেত্রত আৱাসিক বহুমহলীয়া অট্টালিকা পুৰাদমেই নিৰ্মান কৰি আছে। চৰকাৰৰ চকুৰ সন্মুখতেই খোদ মহানগৰীতেই চৰকাৰী আইনৰ অপব্যৱহাৰ হৈ আছে। 

দ্রুতগতিত হোৱা উন্নয়ন আৰু অবাধ প্রবজন মূলতঃ এই দুটা কাৰকৰ বাবেই হ্রাস পাই আহিছে অসমৰ সুজলা-সুফলা কৃষিভূমি। অবাধ প্রবজনৰ বাবে কেৱল কৃষিভূমিয়েই নহয় তীব্রগতিত ধ্বংস হৈ ক্রমশঃ লুপ্তপ্রায় হৈ আহিছে বনাঞ্চলসমূহো। স্বাধীনতাৰ পিছৰ আটাইকেইখন চৰকাৰেই এই প্রবজনৰ সমস্যাৰ প্রতি প্রদৰ্শন কৰি অহা নিৰ্লিপ্ততা আৰু চৰম উদাসীনতাই পৰিস্থিতি দিনক দিনে গভীৰ কৰি তুলিছে। অন্যহাতে উন্নয়নৰ নামত হোৱা অবাধ ব্যৱসায়িক আৰু ঔদ্যোগিক কৰ্মকাণ্ডই ভয়ানকভাৱে আঘাত কৰিছে কৃষিভূমিৰ পৰিসৰ। ঔদ্যোগিকৰণৰ নামত এতিয়া য’তে ত’তে গঢ়ি উঠিছে চিমেণ্ট কাৰখানা, ইটা-ভাটা,কয়লাভিত্তিক উদ্যোগ ইত্যাদি বিভিন্ন ধৰণৰ প্ৰদূষণ যুক্ত উদ্যোগ। এই উদ্যোগবোৰে কেৱল নিজে আগুৰি থকা কৃষিভূমি খিনিকেই হ্রাস কৰি অনা নাই, ইয়াৰ কাষৰ-পাজৰৰ এক বৃহৎ অংশ অনুৰ্বৰ কৰি তুলি ব্যাপক হাৰত সমগ্র কৃষি ব্যৱস্থাটোকেই মাধমাৰ সোধাইছে। 

আনহাতে মাজে-সময়ে আন্তঃগাঁথনি নিৰ্মানৰ নামত বিভিন্ন ৰাষ্টা-পদূলি আহল বহল কৈ নিৰ্মান কৰাৰ আচিলা লৈও দ্রুত গতিত উপদ্ৰৱ চলিছে কৃষিভূমিৰ ওপৰত। ৰাষ্ট্ৰীয় ঘাইপথ বহল কৰা বাবে দুয়োকাষৰ খেতি-মাতি ৰাষ্টালৈ অহাৰ পিছত তাৰ ওচৰে পাজৰে গঢ়ি উঠা বিভিন্ন ধাবা,লাইন হোটেল, দোকান-পোহাৰ, বজাৰ আদিয়ে তীব্র গতিত সংকোচন ঘটাইছে কৃষিভূমিৰ।

কিন্তু কৃষিভূমিৰ ক্রমহ্রাসমান ৰূপটোৰ মূল কাৰকটো হ’ল আমাৰ কৃষকৰ চৰম দৰিদ্ৰতা। দৰিদ্ৰ কৃষকে ভয়াবহ অৰ্থনৈতিক সংকটৰ পৰা পৰিত্রাণ পাবলৈ নিজৰ ভূমি অনা-কৃষকক বিক্রী কৰাৰ বাবে অন্য পথ নাথাকে। উদাৰীকৰণ, গোলকীকৰণৰ আজিৰ জয়জয় ময়ময় দিনত পুঁজিপতি বণিকৰ চকু সদায়েই দুখীয়া খেতিয়কৰ সোণসেৰীয়া মাটিত। কৃষিজীৱী ৰাইজৰ দাৰিদ্র্যক উপহাস কৰি পানীৰ দামত কৃষিভূমি ক্রয় কৰিবলৈ পুঁজিপতি বণিকে তিলমানো কুন্ঠাবোধ নকৰে। কৃষিজীৱী ৰাইজক চৰম দাৰিদ্ৰ্যৰ পৰা উদ্ধাৰ অবিহনে এই অৱস্থাৰ পৰিৱৰ্তন অসম্ভব। কেৱল আইনৰ দফা সৃষ্টি কৰিয়েই ইয়াক ৰোধ কৰাটো সম্ভব হব বুলি ভৱাটো বাতুলামি মাত্র। 

চৰকাৰে শেহতীয়াভাৱে খাদ্য সুৰক্ষা আইন বলৱৎ কৰিছে। এমৰেগাৰ অধীনত জবকাৰ্ডৰ জৰিয়তে কৰ্মসুৰক্ষাও সৃষ্টি কৰা হ’ল। ইয়াৰ দ্বাৰা চৰকাৰে গ্রাম্য কৃষিজীৱী ৰাইজক কঠোৰ পৰিশ্রম কৰাৰ পৰা বাৰণহে কৰিছে নেকি পুনৰ বিবেচনা কৰিবৰ হ’ল। নিত্য-নতুন পৰিকল্পনাৰ দ্বাৰা ন ন কৃষি আঁচনি সৃষ্টিৰ দ্বাৰা কৃষিজীৱী ৰাইজক অধিক কৃষি-কাৰ্যত মনোনিৱেশ কৰিবলৈ আগ্রহ সৃষ্টি কৰাটোহে চৰকাৰৰ উদ্দেশ্য হোৱা উচিত। ক্ষুদ্ৰ কৃষকক উৎসাহিত কৰিব পৰা বিকল্প আঁচনিৰ সন্ধান দিয়াটোহে চৰকাৰৰ সৰ্বপ্রথম দায়িত্ব হোৱা উচিত।

No comments:

Post a Comment