Wednesday, September 25, 2013

অনুভৱৰ স্বৰ

"ইউকেলিপটাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই"
-প্ৰণৱ শইকীয়া
ইউকেলিপটাছ গছৰ দৰে ওখ হ'ব খোজোঁ মই/আকাশ চুব খোজোঁ/কিন্তু কিছুমান ভয়ানক শব্দই মোৰ অস্তিত্বক বিলীন কৰি/ মোক শেষ কৰি জন্ম দিব খোজে/যাৰ জন্ম লোৱাৰ কোনো অধিকাৰ নাই/তথাপি যুঁজাৰু মই জন্মগত/আমৰণ মোৰ সংকল্প/অস্তিত্ব, অপৰাজেয়....

 জীৱনটো জীয়াবলৈ মানুহক ওখ হোৱাৰ সঁচায়ে দৰকাৰ !! মই এটা চাপৰ ল'ৰা, মাত্ৰ পাঁচ ফুট তিনি ইঞ্চি উচ্চতা !! সেই বুলি মোৰ সপোনবোৰ ইমান চাপৰ নহয় ! মনটোও চাপৰ নহয়, অনুভৱে মোক আকাশ স্পৰ্শ কৰায় !! কেতিয়াবা কিন্তু ডেৰ ফুট উচ্চতাৰ বাওনা হৈ পৰো হঠাৎ, তেতিয়া হাত মেলিও স্পৰ্শ কৰিব নোৱাৰো একো !! চাৰিওফালে পৃথিৱীখন হৈ পৰে অন্ধকাৰ !! এইয়া কিবা জীৱবিজ্ঞানৰ সেই যে হ'মিঅ'ষ্টেটিছ (Homeostasis) প্ৰক্ৰিয়া বুলি চকু মুদি আন্ধাৰটো বাট বিচাৰি ল'ব চেষ্টা কৰোঁ !! জীৱনে আন্ধাৰ-পোহৰক বাৰুকৈয়ে উপলব্ধি কৰায় !! ভুল কৰিব কোনে বিচাৰে, তথাপি ভুলবোৰ হৈয়েই যায়চোন !! মোৰপৰা নিজক হেৰুৱাই মই কেতিয়াবা হৈ পৰোঁ অসুৰ, সেইয়া উপলব্ধি কৰোঁ, কেতিয়াবা অৱশ্যে মানুহ হৈয়ে থাকোঁ !! 

অদৃশ্য হাতৰ পৰশ অভিনৱ/ কঠিন শিলেৰে লেখা কপালত....

কোমল পৰশ বিচাৰি হাবাথুৰি খাব লগা হোৱা নাই কাহানিও !! তথাপি নামবিহীন এক অভিমানে জুৰুলা কৰে মন প্ৰাণ !! কি কিয় কেনেকৈ যদি বিচাৰোঁ হয়তো সৃষ্টি হ'ব এখন দীঘলীয়া শেষ নোহোৱা আত্মজীৱনীৰ, য'ত পোৱাতকৈ নোপোৱাবোৰে ঠাই ল'ব অধিকাংশ !! আক্ষেপ নাই তথাপি জীৱনক লৈ !! চাৰি ইঞ্চিৰ কপালখন কেতিয়াবা আইনাত চাওঁ আতচী কাচৰ সহায়ত সঁচাকৈ কিবা লিখা আছে নেকি?? দেখোঁ কিছু হতাশা, কিছু অভিমান আৰু কিছু অভিমানত সৃষ্টি হোৱা ৰেখা !! কপালৰ লিখন বুলি আচলতে মানুহে নিজকহে শান্তি দিয়ে !!

অহোৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত/বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত/আগত সুৰুয দিবা স্বপ্ন...

পশ্চিমত বেলি মাৰ যায়, ৰাতিপুৱা নতুনকৈ জন্ম লৈ ওলায় পূব আকাশত !! সপোনবোৰ সপোনেই সদায় !! বেছি আশা কৰিলে চেঁচা পানী পৰে !! সুখী হোৱাৰ একমাত্ৰ মন্ত্ৰ নিজকে বাস্তৱবাদী কৰি জীয়াই ৰখাৰ !! সুখী হয়তো কোনো নহয় জীৱনক লৈ, কিন্তু বাস্তৱবাদীসকলে দুখকো সুখ সজাব পাৰে !!

No comments:

Post a Comment