চিন্তন - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

চিন্তন

Share This
ছ'চিয়েল নেটৱৰ্কিঙৰ মঞ্চত স্মাৰ্ট মানুহঃ
সাহিত্যৰ সন্মুখত নতুন প্ৰত্যাহ্বান
হেমচন্দ্ৰ দত্ত
নিবোকা মানুহক ভাল পোৱা ব্যক্তি এই পৃথিৱীত খুব কমেই ওলাব। এনেয়ে জানো মুখ খুলিব নুখোজা মানুহক সমাজে ‘নিবোকা চামোন’ আখ্যা দিয়ে! সপ্ৰতিভ মানুহক সকলোৱে ভাল পায়, আদৰ কৰে। এনে মানুহে যিকোনো পৰিৱেশতে মিলি গৈ নিজৰ কৰণীয়খিনি সুচাৰুৰূপে সম্পাদন কৰাৰ লগতে আনৰ বাবেও এখন সুচল পৃথিৱীৰ দুৱাৰ সদায় মুকলি কৰি দিয়ে।

ব্যক্তিগতভাৱে একেবাৰে কথা নোকোৱা মানুহ এজনতকৈ আলাপপ্ৰিয়, সৰবৰহী মানুহ এজনক মই পচন্দ কৰোঁ। তেনে মানুহৰ কথাত যদি ৰস আৰু সামাজিক গুৰুত্ব থাকে,তেনেহ’লে তেওঁৰ সান্নিধ্য হৈ পৰে অতি মধুৰ। আজি অলপ দিনৰ পৰা মই এনেধৰণৰ অনেক মানুহ লগ পাইছো, যিসকল সৰবৰহী, সদালাপী আৰু যাক পোনচাতেই নিবোকা চামোনৰ বিপৰীত বিন্দুত থিয় কৰোৱাব পাৰি। দুৰদৰ্শনৰ পৰ্দাতো এনে মানুহ প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হৈছে, যিসকলে কেমেৰাৰ সন্মুখত নিজৰ বক্তব্য অতি সাৱলীলভাৱে উপস্থাপন কৰিব জানে, ধুনীয়াকৈ যুক্তি-যুদ্ধত অৱতীৰ্ণ হয়, গীত- মাত পৰিৱেশন কৰি সকলোকে আমোদ দিয়ে আৰু দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হয়। দূৰদৰ্শনৰ বিভিন্ন অনুষ্ঠান উপভোগ কৰাৰ পিছত অনুমান কৰিছো যে এই সৰবৰহী মানুহখিনি যাক ইংৰাজীত ‘স্মাৰ্ট মেন’ বুলি কোৱা হয়, তেওঁলোকৰ বয়সৰ ক্ষেত্ৰত কোনো নিদিষ্ট সীমা-ৰেখা নাই। তেওঁলোকক যদি এটা ‘স্মাৰ্ট কমিউনিটি’ বা ‘সৰবৰহী সম্প্ৰদায়’ বুলি ধৰি লোৱা হয়, তেনেহ’লে দেখা যাব যে তেওঁলোকৰ মাজত কিশোৰ কিশোৰীৰ পৰা আৰম্ভ কৰি বয়স্ক ব্যক্তিলৈকে বয়স নিৰ্বিশেষে সকলো স্তৰৰ মানুহেই পৰিব। সকলোৱে কথাবোৰ ধুনীয়াকৈ কয়। নিজক সুন্দৰকৈ তুলি ধৰিব পাৰে। এয়া দূৰদৰ্শনৰ পৰ্দাত প্ৰত্যক্ষ কৰা মোৰ অভিজ্ঞতা।


এতিয়া আহোঁ ছ’ছিয়েল নেটৱৰ্কিঙ চাইট ফেচবুকলৈ। পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ মানুহৰ মাজত যোগাযোগ আৰু ভাৱ বিনিময়ৰ এক বিশেষ মাধ্যমলৈ সলনি হোৱা ফেচবুকলৈ যদি আপুনি নজৰ দিয়ে, তেনেহ’লে দেখিব যে তাতো সৰবৰহী, সপ্ৰতিভ মানুহ অনেক আছে। তেওঁলোকৰ ‘ৱাল’ আৰু ‘আপদেট’বোৰ নিয়মীয়াকৈ প্ৰত্যক্ষ কৰিলে অনুমান কৰিব পাৰি যে প্ৰেম, যৌনতা, বন্ধুত্ব, সমাজ-সচেতনা, মানৱিক উৎকন্ঠাৰ পৰা আৰম্ভ কৰি শুৱনি-কোঠাৰ ভিতৰৰ অতি নিভৃত বিষয়কো তেওঁলোকে অলপো আৰ-বেৰ নোহোৱাকৈ, নিসংকোচে উন্মোচন কৰিব পাৰে। সেইবোৰ পঢ়ি উৎফুল্ল হোৱা মানুহৰ সংখ্যাও কিন্তু তাকৰ নহয়।

এনে এক পৰিঘটনা ভালদৰে লক্ষ্য কৰিলে আপুনি আন এক ছচিয়েল নেটৱৰ্কিঙ চাইট টুইটাৰতো দেখিবলৈ পাব। টুইটাৰক সাধাৰণতে সমাজৰ আগশাৰীৰ ব্যক্তি, তাৰকা তথা বুদ্ধিজীৱিসকলৰ প্লেটফৰ্ম বুলি বিবেচনা কৰা হয়। হ’লেও তাতো এনে কেতবোৰ সদস্যৰ আগমন ঘটিছে, যিসকলে শাক খোৱা, ভাত খোৱাৰ পৰা আৰম্ভ কৰি প্ৰেম, গণতন্ত্ৰৰ বিৰ্পযয়লৈকে সকলো বিষয়কে একে আয়াসতে তুলি ধৰে। চমুকৈ ক’বলৈ গ’লে, নিজৰ ভাৱ- অনুভূতিক সমাজৰ চকুতপৰাকৈ ফুটাই তুলিবলৈ যেন সদা-তৎপৰ আজিৰ মানুহ। এয়া যেন নিজৰ অস্তিত্ব প্ৰতিপন্ন কৰাৰ অঘোষিত এক প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতিৰ অংশ বিশেষ, নিবোকা চামোনৰ বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰি সকলোৰে সৈতে যোগাযোগৰ এক সাঁকো নিৰ্মাণৰ অহৰহ প্ৰয়াস। এনে প্ৰয়াসক আদৰণি জনোৱাৰ পিছতো কেতিয়াবা মনলৈ একোটা হতাশাৰ ভাৱ আহে। ক্রমে বৰ্হিমুখী হ’বলৈ গৈ আমি বাৰু কিবা হেৰুৱাইছো নেকি ? দূৰদৰ্শনৰ পদার্ত স্ক্ৰীণ-ফ্ৰেণ্ডলি হ’বলৈ গৈ, ছচিয়েল নেটৱৰ্কিঙ চাইটত স্মাৰ্ট প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি আমি বাৰু জীৱনৰ কিবা অমুল্য সম্পদকে লাহে লাহে হেৰুৱালৈ আৰম্ভ কৰিছো নেকি বাৰু ?


অলপতে দূৰদৰ্শনৰ এক বাতৰি চাই আচৰিত হ’লো। এক পথ দুৰ্ঘটনাত মাত্ৰ অলপ সময়ৰ আগতে স্বামীৰ মৃত্যু হৈছে। দৈৱক্রমে বাছি গৈছে ডেকেৰী পৰিবাৰগৰাকী আৰু তেওঁলোকৰ একমাত্ৰ সন্তানটো। এনেতে ঘটনা-স্থলীত উপস্থিত হৈছে দূৰদৰ্শনৰ সাংবাদিকৰ এটা দল। সাংবাদিকে মহিলাগৰাকীক প্ৰশ্ন কৰিছে - দুর্ঘটনাতো কেনেকৈ সংঘটিত হ’বলৈ পালে কওঁক? সাংবাদিকসকলৰ এই প্ৰশ্নক মই এটা দিশৰ পৰা তেনেই অবান্তৰ বুলি ধাৰণা কৰিছিলো। যিগৰাকী মহিলাই মাত্ৰ কেইটামান মুহূৰ্ত্তৰ আগতে জীৱনৰ পৰম সম্পদ স্বামীক চিৰদিনৰ বাবে হেৰুৱাইছে, তেওঁক বাৰু এনে প্ৰশ্ন কৰাৰ কিবা যুক্তি আছেনে? কোনোবাই কিবা সুধিলেও, সেই প্ৰশ্নৰ উত্তৰ দিব পৰাকৈ কাৰোবাৰ মানসিক ভাৰসাম্য আৰু নিয়ন্ত্ৰণ এনে পৰিৱেশত থাকে বুলি ভাৱি ল’ব পাৰিনে? মই তেনেদৰেই ভাৱিছিলো। পিছে মোক আচৰিত কৰি এই মহিলাগৰাকীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দি গ’ল। বৰঞ্চ এনে লাগিল যেন স্বামীক হেৰুওৱাৰ বেদনাৰ মাজতো তেওঁ যেন কিছু স্মাৰ্ট হ’বলৈ চেষ্টা কৰিছে। নহ’লে যে দূৰদৰ্শনৰ কেমেৰাৰ সন্মুখত তেওঁক অতি বেয়া দেখাব।

এই বাতৰিটো চাই থকাৰ সময়তে মোৰ সাউতকৈ মনত পৰিল বিশিষ্ট গল্পকাৰ বন্তি শেনচোৱাৰ ‘সীমা মূৰিয়লিত শোক’ নামৰ গল্পটোলৈ। ‘মৌ-সৰা’ নামৰ সংকলনখনত স্থান পোৱা এই গল্পটোত দুৰদৰ্শনৰ পৰ্দাত ধুনীয়া হ’বলৈ, ভাল দেখাবলৈ মানুহে কেনেধৰণৰ আচৰণ কৰিব পাৰে, তাৰ সুন্দৰ বৰ্ণনা আছে। এই গল্পটোতো স্বামীৰ মৃত্যু ঘটিছে। অথচ সদ্য-বিধ্বা মানুহগৰাকীয়ে চিন্তা কৰিছে শ্ৰাদ্ধৰ দিনা তেওঁ কি সাজ পিন্ধিব! কিয়নো তেওঁৰ পৰা ‘বাইট’ ল’বলৈ সেইদিনা তেওঁলোকৰ ঘৰলৈ দূৰদৰ্শনৰ সাংবাদিক আহিব। সমগ্ৰ গল্পটোত জীৱনৰ এক ভ্ৰুকুটি সোমাই আছে। প্ৰদৰ্শনকামিতাৰ এক উদগ্ৰ হেপাহে গল্পটোলৈ সঞ্চৰণ ঘটাইছে মানৱীয় সংকটৰ এখন দুখলগা ছবি। আমি বাৰু দূৰদৰ্শন, ইন্টাৰনেট আৰু চ'চিয়েল নেটৱকিঙ চাইটৰ দয়া আৰু তাগিদাত লাহে লাহে ভিতৰৰ মানুহজনক নিঃশেষ কৰিবলৈ আৰম্ভ কৰিছো নেকি ? নিজকে ‘লেখৰ মানুহ’ বুলি নিশ্চিত কৰাৰ দৌৰত নামি আমি অন্তৰৰ প্ৰকৃত অনুভূতিবোৰক অশ্ৰদ্ধা কৰিছো নেকি ? এয়া বাৰু আত্নহননৰ এক প্ৰয়াস নহয়নে? কেইটামান মুহূৰ্তৰ আগতে স্বামীক হেৰুওৱা এগৰাকী মহিলাই দtৰদৰ্শনৰ কেমেৰাৰ সন্মুখত ইমান সংযমৰ পৰিচয় কেনেকৈ দিব পাৰে ? এই প্ৰশ্নৰ উত্তৰ মই ভাৱো মনত্বাত্বিকসকলেহে ভালদৰে দিব পাৰিব। সাহিত্যৰ ক্ষেত্ৰখনত এনে মানসিকতাই কেনেদৰে প্ৰভাৱ পেলাব পাৰে, সেই বিষয়েহে এই লেখাত আলোকপাত কৰিব বিচৰা হৈছে।

মনোবিজ্ঞানৰ মতে মানুহ তিনিবিধ অৰ্ন্তমুখী, বৰ্হিমুখী আৰু সমমুখী মানুহ, যাক ইংৰাজীত ক্রমে introverted, extroverted, আৰু ambiverted মানুহ বুলি কোৱা হয়। ইয়াৰে প্ৰথমবিধ মানুহৰ চিন্তা ভাৱনা নিজৰ মাজতে সাধাৰণতে সীমাবদ্ধ হৈ থাকে। তেওঁলোকে গভীৰ দাৰ্শনিক বিষয়ৰ চিন্তা-চৰ্চা কৰিব পাৰে, ক’লাৰ সাধনাত তেওঁলোকে পাৰদশিতা প্ৰদৰ্শন কৰে, বিজ্ঞানৰ ক্ষেত্ৰখনলৈ অপৰিসীম বৰঙনি আগবঢ়ায়। তেওঁলোকে একাকীত্ব ভাল পায়। দ্বিতীয় শ্ৰেণীৰ মানুহে ৰঙ-ৰহইচ পচন্দ কৰে। সামাজিক পৰিৱেশত তেওঁলোকে বিশেষ খ্যাতি অজৰ্ন কৰে। সকলোৰে লগত মিলি যাব পৰাকৈ তেওঁলোকৰ থাকে এক স্বভাৱসুলভ প্ৰতিভা, যিটো কষ্টোৰ্জিত মুঠেও নহয়। আনহাতে, তৃতীয় শ্ৰেণীৰ মানুহখিনিয়ে প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ মানুহখিনিৰ চৰিত্ৰক আংশিকভাৱে প্ৰতিনিধিত্ব কৰে। তেওঁলোকে নীৰৱ সাধনাৰ বাবে একাকীত্বক যেনেদৰে নিৰ্বাচন কৰে, ঠিক সেইদৰে সামাজিক প্ৰাণোচ্ছল পৰিৱেশত জীৱনৰ জুতি ল’বও জানে। তাৎপৰ্যপূৰ্ণভাৱে, পৃথিৱীত এনে মানুহৰ সংখ্যা তেনেই তাকৰ।

প্ৰকৃতিগতভাৱে এই তিনিশ্ৰেণীত মানুহক ভাগ কৰাৰ পিছত সাহিত্যৰ উত্তৰণৰ প্ৰসংগত একো প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব নালাগিছিল। অৰ্ন্তমুখী মানুহে ‘প্ৰকৃত’ সাহিত্য সৃষ্টি কৰিব আৰু তেওঁলোকৰ সৃষ্টিৰ মাজেদি প্ৰতিভাত হ’ব মানৱিক চেতনাৰ কলাত্মক উত্তৰণৰ স্বাক্ষৰ। বিপদটো আহিছে এই তথাকথিত ‘স্মাৰ্ট’ মানুহখিনিৰ পৰা। তেওঁলোকৰ আচৰণে নিশ্চিত কৰে যে তেওঁলোকৰ মানসিক চেতনাৰ প্ৰবাহ ‘বাহিৰ’ৰ প্ৰতিহে প্ৰৱলিত, অর্থাৎ প্ৰকৃত শিপ্ল-সাহিত্য তেওঁলোকৰ সাধনাৰ আওতাৰ বাহিৰত। প্ৰকৃত সাহিত্য সৃষ্টি কৰিবলৈ প্ৰয়োজনীয় এটা মেজাজ (বা অৰ্ন্তমুখী মন ) তেওঁলোকৰ মাজত নাই। অথচ তেওঁলোকেও যেতিয়া সাহিত্য সৃষ্টি কৰি দূৰদৰ্শন, ইন্টাৰনেট বা ছচিয়েল নেটৱৰ্কিঙ চাইটবোৰৰ যোগেদি নিজৰ জয়-ঢোল কোবাব আৰু একাংশ অনুৰাগীৰ জন্ম দিব, যিসকল তেওঁলোকৰ দৰেই ‘স্মাৰ্ট’ অথচ সাহিত্যৰ সাৰবত্তা অনুধাৱন কৰিবলৈ প্ৰকৃতিগতভাৱে তেনেই অক্ষম - তেতিয়া প্ৰকৃত সাহিত্যৰ প্ৰসংগত এক প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাটো খাটাং।

এই প্ৰত্যাহ্বানৰ অন্যতম স্বৰূপটো হ’ল - স্মার্ট সাহিত্যিকৰ কলমেৰে ওলোৱা সাহিত্যই প্ৰকৃত সাহিত্যৰ সৃষ্টিত বিৰূপ প্ৰভাৱ পেলোৱাৰ লগতে সাহিত্যৰ মুল্যায়নৰ প্ৰসংগটোকো বাধাগ্ৰস্ত কৰিব । কিয়নো সাহিত্য সমালোচকো জন্ম হ’ব সেই ‘অনুৰাগী’ পাঠক সমাজৰ মাজৰ পৰাই। যোৱা তিনিবছৰত মই অসমীয়া সাহিত্যত ‘স্মাৰ্ট সাহিত্যিক ’ আৰু সমগোত্ৰীয় ‘স্মাৰ্ট পাঠক’ৰ আমদানি ব্যাপক হাৰত দেখিবলৈ পাইছো। এই পৰিঘটনাই এক সৰ্বগ্ৰাসী ৰূপ পৰিগ্ৰহ কৰিবলৈ মাজত হয়তু এটা মান দশকহে লাগিব। গতিকে সময় থাকোতেই কথাবোৰ নতুনকৈ ভাৱিবৰ হ’ল, বিশেষকৈ সাহিত্যৰ স্বাস্থ্য আৰু উত্তৰণৰ স্বাৰ্থত।


পুনশ্চঃ এই লেখা প্ৰস্তুত কৰি থকাৰ সময়তে এটা আন্তৰাষ্ট্ৰীয় সমীক্ষাত পঢ়িবলৈ পালো যে সমগ্ৰ পৃথিৱীতে ‘স্মাৰ্ট মেন’ৰ সংখ্যা ক্রমে বাঢ়িছে, যি দুৰদৰ্শনৰ কেমেৰাৰ সন্মুখত, সামাজিক অনুষ্ঠানবোৰত নিজকে ভালদৰে উপস্থাপন কৰিব পাৰে, উপস্থাপন কৰিবলৈ চেষ্টা কৰে। তাৰ কাৰণ হিচাবে চিহ্নিত কৰা হৈছে মানুহৰ প্ৰদৰ্শনকামিতাক। এই প্ৰৰ্দশনকামিতাক আকৌ প্ৰেৰিত কৰে দুৰদৰ্শনেই ৷ যেন আদাক দেখি উঠিল গা, কেতুৰীয়ে বোলে মোকো খা...

  লেখাটো ‘সাদিন ' কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages