সম্পাদকীয় - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়

সম্পাদকীয়

Share This
শিখৰত মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতিঃ 
নতুন চৰকাৰৰ বাবে নতুন প্ৰত্যাহ্বান
কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে পৰহি প্ৰকাশ কৰা তথ্য অনুসৰি দেশত মুদ্ৰস্ফীতিৰ হাৰ বিগত পাঁচ মাহৰ ভিতৰতে সৰ্বোচ্চ ৬.০১ শতাংশলৈ বৃদ্ধি পাইছে। পাইকাৰী মূল্য সূচকাংকৰ আধাৰত প্ৰস্তুত কৰা এই হাৰ যোৱা এপ্ৰিল মাহত ৫.২০ শতাংশ বিগত বৰ্ষৰ মে' মাহত ৪.৫৮ শতাংশ থকাৰ বিপৰীতে নতুন চৰকাৰে দ্বায়িত্ব লোৱাৰ প্ৰথম মাহটোতে উৰ্ধগামী হোৱা দেখা গৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা চৰকাৰী তথ্য অনুসৰিয়ে কফিত ২৩শতাংশ, কুকুৰাৰ ৭শতাংশ, মাছৰ ৬শতাংশ, চাহ, ফল-মূল আৰু পাচলিৰ দাম গড়ে ৪শতাংশ হাৰত মে' মাহটোতে মূল্যবৃদ্ধি হৈছে। মছলা, সাগৰীয় মাছ, মচুৰ আদিত ৩শতাংশ, চাউলত ২শতাংশ, গাহৰি, ছাগলী আদি মাংস, গাখীৰ, বাৰ্লি আদিত কমেও ১শতাংশ মূল্য বৃদ্ধি হৈছে। তাৰ বিপৰীতে ঘেঁহু, মাকৈ আদিৰ ২ৰপৰা ৫শতাংশ আৰু কণী, যৱ, মাহজাতীয় শস্যৰ মূল্য হ্ৰাস ১শতাংশকৈ হ্ৰাস পাইছে।

আনহাতে অ-খাদ্য সামগ্ৰীৰ ভিতৰত ছয়াবিনৰ বীজত ১০শতাংশ, ধঁপাত ৭শতাংশ, নাৰিকলৰ সাহ ৮শতাংশ, জোৱাৰৰ বীজ ১৩শতাংশ, কেঁচা মৰাপাটত ৫শতাংশ, কেঁচা ৰেচম ৩শতাংশ, বাদামৰ বীজ, কঁপাহৰ বীজ, আদিত কমেও ১শতাংশকৈ মূল্যবৃদ্ধি হৈছে। বিভাগটোৰ তথ্য অনুসৰি চাহপাত(কেঁচা), চাহপাত (গুড়ি), বেকাৰী সামগ্ৰী, মিঠাই, মিছা মাছ, তেল, ঘিঁউ, আদিৰ মূল্য ২ৰ পৰা ১২শতাংশ বৃদ্ধি পোৱাৰ খবৰ প্ৰকাশ পাইছে। খাদ্য সামগ্ৰীৰ বাহিৰেও কাঠ, কাঠৰ পৰা নিৰ্মিত সামগ্ৰী, চামৰা, কাগজ, প্লাষ্টিকৰ সামগ্ৰী, ধাতুজাত সামগ্ৰী, মেচিনৰ সামগ্ৰী, পৰিবহনৰ সামগ্ৰী আদিও এইমাহত প্ৰৱল মূল্যবৃদ্ধিৰ গৰাহত পৰিছে।

বজাৰৰ পৰ্যবেক্ষক তথা অৰ্থনীতিবিদ সকলৰ মতে নিৰ্বাচন পুঁজিৰ নামত ব্যাপক ধন ব্যৱসায়িক গোষ্ঠীৰ পৰা খৰছ কৰাৰ বোজা পোনপটীয়াকৈ খুচুৰা ব্যৱসায়লৈ সম্প্ৰসাৰিত হোৱাৰ ফলতে এই মূল্যবৃদ্ধি হোৱাটো স্বাভাৱিক। ভাৰতীয় বজাৰত নিৰ্বাচনৰ পাছত এনে মূল্যবৃদ্ধি এক পৰম্পৰা স্বৰূপ বুলিও সচেতন মহলে মত প্ৰকাশ কৰিছে।

তাৰ বিপৰীতে বাৰিষাৰ বৰষুণজাকো পলমকৈ অহাৰ ফলতো দেশৰ কৃষিকাৰ্য প্ৰভাৱিত হোৱাৰ সম্ভাৱনীয়তাও মূল্যবৃদ্ধিলৈ এক কাৰক ৰূপে দেখা দিছে। কালি মুম্বাইত সাংবাদিক সকলক ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰ ৰঘুৰাম ৰাজনে খাদ্যবস্তুৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তে মূল্যবৃদ্ধি ৰোধ কৰিব পৰা যাব বুলিও আশা প্ৰকাশ কৰিছে। ইৰাকত উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত সম্প্ৰতি সৃষ্টি হোৱা যুদ্ধ-সদৃশ পৰিবেশৰ বাবেও খাৰুৱা তেলৰ দাম বৃদ্ধি হোৱাৰ সম্ভাৱনাৰ দিশেও কেন্দ্ৰীয় চৰকাৰ আৰু ৰিজাৰ্ভ বেংকে সতৰ্ক দৃষ্টি ৰাখিছে বুলি প্ৰকাশ কৰিছে। ইফালে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দামে ১১৩ডলাৰ প্ৰতি বেৰেলৰ সীমা চেৰাই যোৱাৰ চিন্তনীয় খবৰো প্ৰকাশ পাইছে।

নতুন চৰকাৰে দ্বায়িত্বলৈয়ে "ভাল দিন" অহাৰ বাতৰি ভাৰতীয় জনগণক দিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছিল। পিছে মন্ত্ৰীত্ব লোৱাৰ পাছতে নতুন পেট্ৰ'লিয়াম মন্ত্ৰীৰ নেতৃত্বত ডীজেলৰ ৰাজ-সাহাৰ্য ক্ৰমাত হ্ৰাস কৰি নিয়াৰ পূৰ্বৰ চৰকাৰৰ নীতিকে সাৰোগত কৰাৰ কথাহে প্ৰকাশ পালে। মন কৰিবলগীয়া যে, প্ৰতি মাহে পঞ্চাশ পইচাকৈ ডীজেলৰ দাম বৃদ্ধি কৰাৰ ফলত বছৰত ছয় টকাকৈ প্ৰতি লিটাৰত মূল্যবৃদ্ধি হোৱাটো নিশ্চিত হৈ পৰিল। খাদ্যবস্তু তথা সামগ্ৰী পৰিবহন, কৃষিকাৰ্যত জলসিঞ্চন, ট্ৰেক্টৰ, বিজুলী শক্তি আদিৰ যোগানৰ বাবে অপৰিহাৰ্য ডীজেলৰ এনে মূল্যবৃদ্ধিয়ে অনাগত দিনত যে মূল্যবৃদ্ধিৰ হাৰ বৃদ্ধি কৰাতহে অৰিহণা যোগাব সেয়া সহজেই অনুমান কৰিব পাৰি।

যোৱা সপ্তাহতো এক নিৰ্দেশনা যোগে ৰেল'ৰ মালবস্তু পৰিবহনৰ ভাড়া বৃদ্ধি কৰাৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰে। ইও বজাৰত মূল্যবৃদ্ধিলৈ অৰিহণা নোযোগাব নে?

প্ৰধানমন্ত্ৰীয়ে তথ্য প্ৰযুক্তিৰ উন্নত ব্যৱহাৰ কৰি ৰিয়েল-টাইম তথ্যৰ দ্বাৰা দেশত কৃষি উ
পাদন, চাহিদা আৰু ৰপ্তানি-আমদানিৰ মাজত সমতা ৰক্ষা কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে। এতিয়ালৈ প্ৰকৃত উপাদনৰ তথ্য আৰু চাহিদাৰ তথ্য সঠিক ৰূপত নোপোৱাৰ বাবেই আগতীয়াকৈ কৃষি সামগ্ৰী ৰপ্তানি কৰাৰ পাছত, সেইবোৰকে পুনৰ আমদানি কৰি দেশৰ চাহিদা পূৰণ কৰিব লগা ক্ষতিকৰ অৱস্থাৰ পৰা হাত সাৰিবলৈকে এই প্ৰতিব্যৱস্থা গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে।

দেশৰ নতুন কৃষি মন্ত্ৰীয়ে সহযোগিতাৰ আশাৰে পূৰ্বৰ কৃষিমন্ত্ৰী শাৰদ পাৱাৰৰো কাষ চপাৰ বাতৰি সংবাদ পত্ৰ যোগে প্ৰকাশিত হৈছে। মহাৰাষ্ট্ৰত কৃষক সমবায় সমিতি সমূহৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত পাৱাৰ চাহাব শাসনত থাকক বা নাথাকক দেশৰ কৃষিজাত সামগ্ৰীৰ মূল্য নিৰূপণত যে  তেওঁৰ ভূমিকা অতি স্পৰ্শকাতৰ হৈ থাকিব, সেয়া দেশৰ শীৰ্ষ ৰাজনৈতিক নেতৃত্বই ভালকৈয়ে জানে।

আনফালে এই জৰুৰী অৱস্থাৰ কথা অনুধাৱন কৰিব পাৰি কালি বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে দেশৰ খাদ্যমন্ত্ৰী, কৃষি মন্ত্ৰী আৰু বাণিজ্য মন্ত্ৰীৰ সতে প্ৰধানমন্ত্ৰীৰ মু্খ্য সচিবৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত কৰি লব পৰা প্ৰতিব্যৱস্থাৰ কথা আলোচনা কৰাৰ কথা প্ৰকাশ পাইছে। এই বৈঠকৰ সিদ্ধান্ত মৰ্মে আলুৰ আৰু পিয়াঁজৰো নুন্যতম ৰপ্তানি দৰ ঠিক কৰি ৰপ্তানিৰ ফলত হব পৰা দেশ নাটনি ৰোধ কৰাৰ ব্যৱস্থা কৰা হব বুলি জানিব পৰা গৈছে। পিয়াঁজৰ নুন্যতম ৰপ্তানিৰ দৰ প্ৰতি টনত ৩০০ডলাৰ ধাৰ্য কৰিছে, আলুৰ ক্ষেত্ৰতো এই দৰ অচিৰেই ঘোষণা কৰা হব বুলিও বিত্ত মন্ত্ৰীয়ে প্ৰকাশ কৰিছে।

কিছু ফল আৰু শাক-পাতকো কৃষি উ
পাদন ক্ৰয়-বিক্ৰয় কমিটিৰ জৰিয়তে বেচা-কিনাৰ তালিকাৰ পৰা আঁতৰাই মুক্ত ৰূপত বজাৰলৈ কম দামত আহিব পৰা কৰিবলৈ নিৰ্দেশ  দিছে। মুঠ ২২টা সামগ্ৰীৰ ওপৰত চৰকাৰে সুক্ষ্ম পৰ্যবেক্ষণ ৰাখিছে। ৫নিযুত টন চাউল ৰাজ্য চৰকাৰ সমূহৰ যোগেদি কম দামত মুকলি কৰি দিয়া, প্ৰয়োজনবোধে মাহ, দালি আদি আমদানি কৰি অনা হব বুলিও প্ৰকাশ কৰিছে। দিল্লীৰ উপৰাজ্যপালক বজাৰৰ পৰা আলু-পিয়াঁজ কিনি মাদাৰ ডায়েৰীৰ খুচুৰা বিক্ৰী কেন্দ্ৰৰ যোগেদি বিক্ৰীৰে মূল্যবৃদ্ধি ৰোধ কৰিবলৈ প্ৰচেষ্টা চলাবলৈকো নিৰ্দেশ দিছে।

দুৰ্বল বাৰিষাৰ ফলত হব পৰা নাটনিৰ বাবে এতিয়ৰ পৰাও শীতলীকৰণৰ ব্যৱস্থা থকা গুদামত খাদ্য-বস্তু জমা কৰি অধিক মুনাফা আদায় কৰিবলৈ বনিক গোষ্ঠীয়ে চেষ্টা কৰা বুলিও সংবাদ প্ৰকাশিত হৈছে। তাৰ ফলতো এই সাম্প্ৰতিক মূল্যবৃদ্ধিয়ে শিখৰ আৰোহন কৰাৰ খবৰ পোৱাৰ পাছত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহলৈ অবৈধভাৱে খাদ্য-বস্তু জমা কৰি কৃত্ৰিম নাটনিৰে মূল্যবৃদ্ধি কৰা ব্যৱসায়ী সকলৰ বিৰুদ্ধে কঠোৰভাৱে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো আহ্বান জনাইছে।

পিছে হাজাৰ হাজাৰ কোটিৰ নিৰ্বাচনী পুঁজি খৰছ কৰি বিজয় ধ্বজ উৰুওৱা আৰু বণিক গোষ্ঠীৰ বুকুৰ কুটুম বুলি পৰিচিত শাসক দলটোৱে বণিক গোষ্ঠীৰো আশা-আকাংক্ষাক নিশ্চয়কৈ পূৰণ নকৰাকৈ থাকিব নোৱাৰে। তেনেস্থলত অধিক মুনাফাৰ আশা কৰা ব্যৱসায়ী সকলৰ এই আশাত লেকাম লগাবলৈ কিমান সক্ষম হব সেয়াও গুৰুত্বপূৰ্ণ হৈ উঠিছে। নতুন চৰকাৰখনে বণিকৰ মুনাফাৰ অংশ হ্ৰাস কৰি সঁচাকৈ মূল্যবৃদ্ধি ৰোধ কৰাটো বাস্তৱত সম্ভৱ হবনে নহয় সেয়াও এক লাখটকীয়া প্ৰশ্নত পৰিণত হৈছে।

বাৰিষাৰ বৰষুণৰ পৰিমাণৰ বাহিৰেও অনাগত বৰ্ষটোৰ কৃষিজাত সামগ্ৰীৰ উ
পাদন নিৰ্ভৰ কৰিব, শক্তিখণ্ডৰ বিজুলী শক্তি যোগানৰ সক্ষমতাই। বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দামৰ স্থিৰতা, আন্তঃৰাষ্ট্ৰীয় বজাৰৰ অৰ্থনৈতিক স্বাস্থ্য আদিয়েও বজাৰত মূদ্ৰাস্ফীতিত প্ৰভাৱ পেলাব। চৰকাৰ সলনিৰ পাছত ডলাৰৰ বিপৰীতে টকাৰ মূল্যমান বৃদ্ধি পোৱাৰ সন্তোষজনক বতৰাও এতিয়া ক্ষণিকৰ ভাল খবৰলৈ ৰূপান্তৰিত হৈছে আৰু পুনৰ এক ডলাৰৰ দাম ষাঠি টকাৰ সীমাৰ উৰ্ধলৈ যোৱাৰ প্ৰৱণতাই পুনৰ বজাৰত প্ৰৱল হৈ উঠিছে।  ভাল দিন অনাৰ প্ৰতিশ্ৰুতি দি নতুন চৰকাৰ গঠন কৰা প্ৰধানমন্ত্ৰীয়েও শেহতীয়াকৈ দেশৰ অৰ্থনৈতিক স্থিতিক উন্নত কৰাৰ স্বাৰ্থত অহা দুবছৰত দেশে অৰ্থনৈতিক শৃংখলাবদ্ধতাৰ পথ লোৱাৰ লগতে কঠোৰ সিদ্ধান্ত লব লগীয়া হব বুলি প্ৰকাশ কৰিব লগা হোৱাটো অতিশয় লক্ষণীয়।

সকলো কাৰক অনুধাৱন কৰি মূল্যবৃদ্ধি, মুদ্ৰাস্ফীতি ৰোধ কৰাটো নিশ্চয়কৈ এটা কঠিন কাম। মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ কৰি, দেশৰ বিকাশৰ হাৰ ৫শতাংশৰ উৰ্ধলৈ তুলি নিয়াৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আদি ক্ৰমাত নিজেই চৰকাৰৰ বাবে গভীৰ প্ৰত্যাহ্বান হৈ উঠিছে,  সেই কথাও আজিৰ তাৰিখত কোনেও নুই কৰিব নোৱাৰে।

No comments:

Post a Comment