জীৱনৰ বাটে-ঘাটে - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ বাটে-ঘাটে

Share This
ভেলেন্টাইনৰ চানাচুৰ
-প্ৰতিভূ দত্ত
 ৮৮ চনৰ ফেব্ৰুৱাৰী মাহৰ ১০/১২ তাৰিখমানৰ কথা ৷
সন্ধিয়াৰে পৰা উৎপলৰ ৰূমত আমিবোৰে ভিৰ কৰিছো ৷ 
আমি তাক সোধো, ‘‘সঁচা জানো ?’’
উৎপলে আমাক গালি পাৰে, ‘‘ধেই কি একেটা কথাকে সুধি আছনো ? সঁচা বে ১০০% পাক্কা খবৰ৷’’
আচলতে উৎপলে দিয়া খবৰটো যে সঁচা যেনেই লাগিছে ৷ নালাগিব কিয় ? গাৰ্লছ হোষ্টেলত তাৰ অবাধ যাত্ৰা ৷ গতিকে সি কথাটো জানিবও পাৰে ৷ কিন্তু আমাৰ মন-মগজুৱে মানি ল’ব পৰা নাই ৷
সকলোৰে মনত এটা প্ৰশ্ন, ‘‘কেনেকৈ সম্ভৱ হ’ব ?’’

আমিবোৰ তেতিয়া ১৭/১৮ বছৰীয়া ডেকা ৷ আটায়ে প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই আহি কলেজত নাম লগাইছো, হোষ্টেলত থাকিবলৈ লৈছো ৷ আটাইৰেই উদ্দেশ্য পঢ়া-শুনা কৰি ‘ডাঙৰ কিবা এটা কৰা’ ৷ পাছে উৎপলে কোৱা কথাটো যদি সঁচা তেনেহ’লে দেখোন পঢ়া-শুনা কৰি ‘ডাঙৰ কিবা এটা কৰা’ ক’ৰবাতে থাকিব ৷ আন ডাঙৰ কিবা এটা হ’ব দেখোন ? তেতিয়া কি হ’ব ?

ভেলেন্টাইন ডে !!!!!!!!!!!!!!!
এইটো কি বস্তু আমি কোনেও আগতে শুনা নাই ৷ আমি গাওঁৰ পৰা অহা কেইটাৰ কথা বাদ দিলো ৷ ডনবস্কো, চেইন্ট মেৰীজ আদি ইংৰাজী মাধ্যমত পঢ়া-শুনা কৰি অহাকেইটায়ো হেনো শুনা নাই ৷

উৎপলৰ কথা, ‘‘তহঁতে নাজানিলি বুলি ছোৱালীবোৰে নাজানিব নেকি ? ১৪ ফেব্ৰুৱাৰীৰ দিনা ভেলেন্টাইন ডে ৷ সেইদিনা যিকোনো ছোৱালীয়েই যিকোনো ল’ৰাক লগ ধৰি কাৰ্ড বা চিঠি এখন দিব পাৰে ৷ কাৰ্ড বা চিঠিখনত হেনো লিখা থাকিব ছোৱালীজনীয়ে ল’ৰাজনক ভাল পায় আৰু তেতিয়া ল’ৰাটোৱে ছোৱালীজনীক বিয়া পাতিব লাগিব ৷’’

চেপা উত্তেজনাই বিৰাজ কৰিছে ৷ 
মৃদুৰ প্ৰশ্ন,‘‘যদি ভাল নলগা ছোৱালীয়ে চিঠি বা কাৰ্ড দিয়ে তেতিয়া কি হ’ব ? তাইকেই বিয়া কৰাব লাগিব নেকি ?’’
ভেলেন্টাইনৰ মুখপাত্ৰৰ দৰে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা উৎপলৰ উত্তৰ, ‘‘কৰিব লাগিব ৷’’
আমি, ‘‘না বুলি ক’ব নোৱাৰি নেকি ?’’
মুখপাত্ৰ উৎলপ, ‘‘নাই নোৱাৰিবি !’’
ৰাজাই ভাল প্ৰশ্ন কৰিলে, ‘‘ছোৱালীয়ে দিয়াৰ আগতে যদি মই দি দিওঁ তেতিয়া হ’ব নে নাই ?’’
আমি, ‘‘অঁ, অঁ, তেতিয়া কি হ’ব ?’’
মুখপাত্ৰ উৎলপ, ‘‘আৰে আমি কেনেকৈ দিম ? এইটোৰ নাম ভেলেন্টাইনছ ডে৷’’
‘‘তাৰ মানে ? তাতে আকৌ কি হ’ল ?’’, আমি ওলোটাই সুধিলো ৷ 
মুখপাত্ৰ উৎলপ, ‘‘ভেলেন্টাইনছ মানে ছোৱালীৰ দিন ৷ আমি ছাগে ভেলেন্টনীছ ডেত পাৰিম ৷ টনী মানে ল’ৰা দেচোন !!’’
‘‘সেইটো কোন দিনা হ’ব ?’’, আমাৰ চকু-মুখ উজ্বলি উঠিল ৷ গুৱাহাটীলৈ পঢ়িবলৈ অহি যে ভাল কাম কৰিলো আকৌ এবাৰ বুজি পালো ৷ আমাৰ সেই পিছ পৰা ঠাইবোৰত এইবোৰ সম্ভৱ নহ’ব ৷


মৃদুৱে সদায়ে ভাল প্ৰশ্ন কৰিব পাৰে ৷
‘‘আমি সেইদিনা যদি হোষ্টেলৰ পৰা ওলাই নাযাওঁ তেতিয়া দিব পাৰিব জানো৷’’
ভালে কেইটামানে চিঞৰি উঠিল, ‘‘নোৱাৰিব, নোৱাৰিব ! আমি ওলাই নাযাওঁ ৷’’
মই, ঋতু আৰু দুটামানে কিন্তু ক’লো, ‘‘আমি ওলাই যাম কিন্তু ৷’’
‘‘পাগল নেকি ? যদি দি দিয়ে কি কৰিবি ?’’, মৃদুৱে গালি পৰাৰ দৰেই সুধিলে৷
‘‘সেইটো বাদ দে ৷ লাগিলে ধুতী পিন্ধি যাম, পায়জামা পিন্ধি যাম ৷ কিন্তু যাম ৷ খাটাং !’’

মই হৰেন কাইৰ ধুতীখন পিন্ধি ১৪ তাৰিখে পানবজাৰৰ নেহেৰু পাৰ্কত হাজিৰ হ’লো গৈ ৷
ৰামু কাকাৰ ছানাচুৰৰ বাকছটোৰ ওচৰত থিয় হৈ আলিবাটেৰে পাৰ হৈ যোৱা ছোৱালীবোৰ চাবলৈ ধৰিলো ৷ হাতত কাগজ লৈ অহা ছোৱালী দেখিলে মই অকনমান শংকিত হৈ পৰো ৷ পাছে মোৰ ফালে কোনো আগবাঢ়ি অহা নাছিল ৷

এপাকত ৰামু কাকা কোনোবা এফালে গ’ল ৷ মোক কৈ গ’ল চানাচুৰৰ বাকছটো মন কৰিবলৈ ৷ মই আলিবাটেৰে যোৱা ভেলেন্টাইনবোৰক চাবলৈ ধৰিলো ৷

হঠাতে কোনোবাই মোৰ পাছফালৰ পৰা আহি ক’লে, ‘‘অই ভাইয়া দু ৰূপীয়া কা ছানা দো !’’
ঘুৰি দেখিলো আমাৰ লগৰ উৰ্বশী !

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages