লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
ৰা.গা. বিশেষ-২
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. "দৈনিক মজদুৰী কৰি খোৱা মানুহ কিছুমানৰ সভালৈ গৈ ভাষণ শুনাৰ মন থাকিলেও যাব নোৱাৰে । তেনে কিছু মানুহক দিনটোৰ হাজিৰা দিলেও একো মহাভাৰত অশুদ্ধ নহয় । ভোট দিয়াৰ আগদিনা অসহায় মানুহক মদ, কম্বল দি  সহায় কৰাটোতো কোনো ৰামায়ণ অশুদ্ধ নহয়।"গতিকে পৌৰাণিক পাৰ্টিয়ে দুখীয়াক সঠিক সময়ত সহায় কৰাটোৱেই ৰাজনীতি বুলি পুনৰ দোহাৰিলে ৰসাল গগৈয়ে।

২. কইনাধৰা প্ৰডাকচনৰ মঞ্চসফল নাট "মায়ঙৰ বেজ", হয় মায়ঙৰ বেজে গাঁৱে ভূঞে নগৰে চহৰে খলকনি তুলিবলৈ সফল হোৱাৰ পাছত কালি খানাপাৰাত মঞ্চস্থ কৰিলে নতুন নাট "চিলাৰায়-লাচিতৰ তেজ!" তোষামোদ, হাঁহি, আমোদ, ৰহস্যৰে ভৰপূৰ এই "চিলাৰায় লাচিতৰ তেজ" খনকো মায়ঙৰ বেজৰ দৰেই অসমীয়া খাৰখোৱা জনতাই আদৰি লবই বুলি পৰিচালক গাঁওবুঢ়া গগৈয়ে দৃঢ়বিশ্বাস প্ৰকট কৰিছে।

৩. ডনবস্কত ৰাহুলদা-কা-পাঠশালা অনুষ্ঠিত কৰাক লৈ সচেতন মহলে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। কটন কলেজ কৃষক মুক্তি, ছাত্ৰ মুক্তিৰে ভৰা, গু.বি. ছাত্ৰ সন্থাৰে, সেয়ে আগতীয়াকৈ ৰাজনৈতিক শিক্ষাৰে পৰিপূৰ্ণ পৰিবেশত নতুন শিক্ষাৰ বীজ চটিওৱাৰ প্ৰয়োজন কি বুলিও লিখা-পঢ়া মন্ত্ৰীয়ে টুইটাৰ যোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ইংলিচ মেডিয়ামৰ ল'ৰা-ছোৱালীয়ে দেশৰ মাটি-পানী-সমাজনীতিৰ সৈতে পৰিচয় নাথাকে বুলি কৈ থকা বাবেহে তাত এই পাঠশালা অনুষ্ঠিত কৰি সেই পিছপৰি থকা সকলক সৱলীকৰণৰ বাবে পাৰ্টিয়ে পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে।

৪. দুপৰীয়া পানীখোৱা চুটি চৰকাৰী কাৰ্যালয়বোৰৰ পৰা আঁতৰাই দিয়াক লৈ সচেতন মহলে শংকা ব্যক্ত কৰিছে। একেৰাহে টকা-পইচা টেবুলত বহি খাই থাকিলেই জানো হব, পানীয়েহে প্ৰাণীৰ প্ৰাণ বুলিও চৰকাৰে পাহৰি যোৱা কথাষাৰ মনত পেলাই দিছে। এনেয়েও কেণ্টিনত কথা-বতৰা পাতি চেটিং কৰিবলৈ সুবিধা, তাৰ ফলতে ইমান ধুনীয়াকৈ চৰকাৰী কাৰ্যালয় বোৰ চলি আছে বুলিও সচেতন মহলে আঙুলিয়াই দিছে।  এতিয়া কৰ্মচাৰী সংগঠনৰ প্ৰতিক্ৰিয়ালৈকো ৰাইজে আগ্ৰহেৰে বাট চাইছে বুলিও জানিব পৰা গৈছে।

৫. তামিলনাডুত নমো-চাহৰ পিছত এই "নমো ফিচ" নামৰ সুলভ মূল্যত মাছ বেচা কেন্দ্ৰ খুলিব বুলি জানিব পৰা গৈছে। পিছে অসমতো এনে কম দামত মাছ খুৱালে ভোট পাবই বুলি সৰ্বাসুখে কেন্দ্ৰীয় কমিটিক জনাইছে। পিছে চালানী, লোকেল গোটেই মাছৰ ছিণ্ডিকেটটো হাতোৰাৰ হাতত বন্দী হৈ থকাত অসমত এনে কৰা সম্ভৱ নহব বুলিও প্ৰতিবেদনত জনাইছে। এতিয়া হাতোৰা পাৰ্টিয়ে আইডিয়াটো মাৰিব খুজিলেও, মাছ-কণী-পাণ সুলভ মূল্যত দিলে, ইলেকচন খেলিব কৰ টকাৰে বুলিও ৰহানন্দ হাজৰিকাই ওলোটাই প্ৰশ্ন তুলি  শৰ্মাদালৈ টুইট কৰা চকুত পৰিছে।

৬. বিশ্ব হিন্দু সভাৰ এজনে প্ৰতিজন হিন্দুৱে পাঁচটিকৈ সন্তান জন্ম দিব লাগে বুলি কোৱা কথাত লালু প্ৰসাদে কালি গৰিহণা দিছে। তেওঁ নিজেই নটা সন্তানৰ পিতৃ হিচাবে গৌৰৱ কৰি এনে সীমা নিৰ্ধাৰণে মানুহৰ সৃষ্টিশীলতাত বাধা জন্মাব বুলিও মত প্ৰকাশ কৰিছে। পিছে লালুজীৰ কথালৈ কান দিলে জনসংখ্যাৰ বিস্ফোৰণতে হিন্দুস্তান নাথাকিবগৈয়ে বুলি সচেতন মহলে মতামত ব্যক্ত কৰিছে।

৭. শংকৰ-মাধৱ, আজান ফকিৰৰ আদৰ্শৰে ৰাহুল অনুপ্ৰাণিত হোৱাৰ কথা ঘোষণা কৰি ৰসাল গগৈয়ে অতি স্পষ্ট ভাষাৰে ৰাহুলে গধূলি গধূলি নামঘোষা পঢ়াৰ অভ্যাস কৰা বুলিও ব্যক্ত কৰিছে। লগতে সন্ধিয়া কাৱালীৰ নহয়, জিকিৰ আৰু জাৰীৰ সুৰেৰেহে তেওঁৰ কোঠা গুঞ্জৰিত হৈ থাকে বুলিও প্ৰকাশ কৰিছে। অসমীয়া নৱ-প্ৰজন্মকো ৰাহুল আদৰ্শৰে আগবাঢ়ি যোৱাৰ বাবে তেওঁ আহ্বান জনাইছে আৰু ৰাহুলদাই চিনি লোৱাৰ দৰে অসমীয়া মহাপুৰুষ সকলৰ বিষয়ে আংকল সকলৰ পৰা সুধি বুজি লবলৈকো অনুৰোধ জনাইছে।

৮. যোৰহাটত নমোৰ চাহ খাই ৰাহুলৰ ভাষণ শুনিবলৈ যোৱাৰ বাবে ভীষণ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে। ৰাহুলৰ প্ৰগ্ৰেমৰ দিনা কোনে তাত নমো চাহ বিলাইছিল বুলিও প্ৰশ্ন উঠিছে। পিছে কথাটোৱে নিৰ্বাচনী বতৰত মানুহে টোপৰ বাচ-বিচাৰ নকৰে, যিকোনো টোপোই গিলিব, সেই কথাটোৱেই ইয়াৰ ইতিবাচক দিশ বুলি সৰ্বসুখ সোনোৱালে মন্তব্য কৰি নিয়মমাফিক এক তদন্ত ঘোষণা কৰিছে।

৯. মনি চুম্মা চাহাবক টিকট নিদিলে ২৫লাখ তেওঁৰ সম্প্ৰদায়ৰ মানুহে হাতোৰা পাৰ্টি এৰি দিব বুলি বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। ইমান মানুহ লৈ ঘূৰি গলে মণিদা চুবুৰীয়া নেপালৰ দৰে সৰু দেশত এম পি কিয় প্ৰধান মন্ত্ৰীয়েই হব পাৰিব বুলিও ৰস বাহাদুৰ ছেত্ৰী নামৰ আমাৰ স্থানীয় সংবাদাতাই সম্ভাৱনা প্ৰকাশ কৰিছে।

১০. অসমত নতুনকৈ এচিড এচিড খেল আৰম্ভ হোৱাৰ বাতৰিয়ে অভিভাৱক সকলৰ শংকা বৃদ্ধি কৰিছে। পিছে কথাই প্ৰতি আমেৰিকা, দিল্লীৰ কথা কোৱা গগৈ চাৰে এই খেল জাতীয় খেললৈ পৰিবৰ্তন হলেহে কিবা পদক্ষেপ লব নেকি বুলিও প্ৰশ্ন তুলিছে।  প্ৰেম পত্ৰটো বাদেই এতিয়া এচ.এম.এচ আৰু ফেচবুকৰ দেৱালতো এচিডৰ গোন্ধ বিয়পিবলৈ ধৰা বুলি উমান পোৱা গৈছে।  বিগত সপ্তাহতে আঠজন আক্ৰান্ত হোৱা এইখেলটোতো অসমে অচিৰেই অভিলেখ গঢ়িব বুলিও শংকা প্ৰকাশ কৰিছে।

No comments:

Post a Comment