Tuesday, February 25, 2014

সম্পাদকীয়

একুৰা জুইৰ মাজত আবেগিক অসমীয়া
অসমীয়াৰ জাতীয় জীৱনক আবেগেই আটাইতকৈ বেছি ক্ষতি কৰিছে। 
অসম আন্দোলনৰ আবেগ, অস্ত্ৰ উঠোৱাৰ আবেগ...
এইবোৰৰ ফলাফল আমি সঠিক বিশ্লেষণ কৰিছো নে?
৮৫৫গৰাকী অসমীয়া যুৱকৰ তেজ আৰু ৩০০০জনৰ গণহত্যাৰ পাছত
অসমে কি পালে? 
অস্ত্ৰ ধৰা সকলৰ বিপ্লৱ, প্ৰায় দহ হাজাৰতকৈ অধিক অসমীয়া যুৱকৰ মৃত্যুৰ পাছত অসমে কি পালে?
আজিও আবেগক লৈ আন্দোলনৰ গতি দি থকা সকলক প্ৰতিৰোধ নকৰিলে অসম ৰাঙলী হব। তাত সাধাৰণ, নিঃসহায়, সৰল লোকসকল বলি হব, অসম আকৌ উন্নতিৰ পথত দুখোজ পিছুৱাই যাব। নৈৰাজ্যবাদক মূলধন কৰি আগবঢ়া সকলক সমৰ্থন কৰা আৰু সন্ত্ৰাসবাদক একালত সমৰ্থন কৰাৰ ফল একেধৰণেৰেই অসমীয়াই ভোগ কৰিব লাগিব।

যুক্তিক যুক্তিৰে তথ্যক তথ্যৰে প্ৰতীয়মান কৰাৰ বিপৰীতে আজিৰ তাৰিখতো আবেগ সৰ্বস্ব ঢৌত উটি ভাঁহি যোৱাৰ পৰা অসমীয়া সকলে নিজক বাৰণ কৰা উচিত।

Nothing is essential in this world. একালত শিক্ষাগুৰু তথা অধ্যক্ষ এগৰাকীয়ে সেই আপ্তবাক্যশাৰী আমাক এদিন এটা জৰুৰী অৱস্থাতে সোঁৱৰাই দিছিল।  সঁচাই প্ৰয়োজনবোৰৰ একোটা নিৰ্দিষ্ট সংজ্ঞা থাকে। কিছুমান জুৰৰী, কিছুমান প্ৰয়োজনীয়। কিছুমান আকৌ এটা মুহূৰ্তত জীৱনতকৈ বেছি জৰুৰী যেন লগা প্ৰয়োজনো সময়ৰ সতে অপ্ৰয়োজনীয় বুলি ধাৰণা হবলৈ ধৰে। এয়া মাত্ৰ ব্যক্তিগত জীৱনৰ কথাই নহয়, সমাজ জীৱনৰো।

ভূমি পট্টনৰ বিষয়টো এদিনীয়া নহয়। ইয়াৰ সৈতে ভূমি আৰু ৰাজহ আইন জড়িত। পট্টনৰ বাবে এক প্ৰক্ৰিয়াও জড়িত। এটা কথা গৰিহণা যোগ্য যে বৰ্তমানৰ পট্টন ব্যৱস্থা এক দুৰ্নীতিৰ বৰপেৰাহে হৈ উঠিছে। ইয়াত ভূমি নীতিৰো অৰিহণা আছে। ৰাজহ বিষয়াৰ পৰা লাট মণ্ডললৈকে, ওপৰৰ পৰা তললৈ ভৰি থকা দালাল সকলৰ বাবে মাটি সম্পৰ্কীয় যি কোনো কামেই আজি অতি লাভজনক ব্যৱসায়। ব্যৱসায়ীক গোষ্ঠীক ঘৰতে হোম ডেলিভাৰী দিয়া ভূমি আবণ্টনৰ উদাহৰণ, একে ৰাতিতে কৃষি বা বনভূমিক সলনি কৰি উদ্যোগ বা গৃহভূমিৰ বাবে মুকলি কৰি দিয়াৰ সুফল ধনীক শ্ৰেণীয়ে উপভোগ কৰি আহিছে। ই মাত্ৰ অসমৰ নহয়, এক ৰাষ্ট্ৰীয় ৰোগ ৰূপেই উজলি উঠিছে। বন আৰু বনজ সম্পদক কোম্পানীৰ স্বাৰ্থ লুণ্ঠনৰ বাবে উদঙাই দিয়া আৰু থলুৱা মানুহৰ বাবে সামুহিক সম্পদ বুলি গণ্য নকৰা আদি নীতি-বিৰুদ্ধ কথাই দেশৰ সৰ্ব-স্তৰতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। তাৰ ফলতে ২০০৬চনৰ বন নীতিৰো সংশোধনী হৈছে তথা তাৰ ফলতে আদিবাসী, জনজাতীয় লোকক বনভূমিত সহ-অৱস্থানৰ অধিকাৰক মানি লোৱা হৈছে বুলি জানিব পৰা গৈছে।

এনে আইনৰ প্ৰয়োগৰ বাবে চৰকাৰে সঠিক পদক্ষেপ গ্ৰহণ গ্ৰহণ কৰা নাই। প্ৰয়োজনীয় কমিটি আদি গঠন কৰাতো হোহোকা-পিছলা কৰি আছে। ইয়ে বহুদিন ধৰি পট্টনৰ দাবী কৰি থকা গুৱাহাটীৰ বসবাসী ৰাইজক ক্ষুদ্ধ কৰিছে। পিছে গুৱাহাটীত বৰ্তমানে উপকণ্ঠ অঞ্চলতো ভূমিত দখলী চিনাক্তকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছে। গাঁৱ অঞ্চলত গাঁওবুঢ়া আৰু গঞা ৰাইজক লৈ ঘৰে ঘৰে চেটেলমেণ্ট চাৰ্ভে চলি আছে। সম্পূৰ্ণ কৰিবলৈ তাৰ বাবে প্ৰয়োজনীয় সময় লাগিবই। সেই কথাও নুই কৰিলে নহব।

ৰাজনৈতিক লাভালাভৰ অংকৰে চৰকাৰে কালি মাত্ৰ ৫০০মানুহক পট্টা দিয়াৰ এক শুভাৰম্ভ অনুষ্ঠানহে শংকৰদেৱ কলাক্ষেত্ৰত মঞ্চস্থ বা অনুষ্ঠিত কৰিছিল। ই এটা প্ৰক্ৰিয়াৰ আৰম্ভণিহে আছিল, তাতেই শেষ নাছিল। কিন্তু কিছু নেতাই বিভ্ৰান্তিকৰ বিশ্লেষণেৰে আগতে বেদখলৰ পৰা উচ্ছেদৰ সন্মুখীন হোৱা লোকসকলৰ মাজত আবেগ আৰু উত্তেজনাৰ সৃষ্টি কৰিছিল। সেয়াও পাহাৰে পাহাৰে কৰা উদাত্ত শপত-দান সভাৰ টিভিৰ ভিজুৱেলেই প্ৰমাণ কৰিছে। 

যদি চৰকাৰে গ্ৰহণ কৰা নীতি প্ৰতিবাদী সংগঠনৰ দাবীৰ বিপৰীত আছিল, তেন্তে এই সেই নীতিৰ সলনিৰ বাবে আদালতৰ হস্তক্ষেপ দাবী কৰাৰো পথ নিশ্চয়কৈ খোলা আছিল। খোলা আছিল, উচ্চতম ন্যায়ালয় পৰ্যন্ত গৈ সংশোধনী কৰোৱাৰ। কিন্তু সেই কথা উত্তেজনাক মূলধন কৰিব বিচৰা সংগঠনৰ নেতা সকলে সাধাৰণ জনতাক সেই পথ নেদেখুৱালে।

নৈৰাজ্যবাদী মনোভাৱেৰে এজন সাধাৰণ সাধাৰণ কেডাৰক আত্মজাহৰ বাবে প্ৰস্তুত কৰিলে। সংবাদ শিৰোনামাইতো মৃত্যু বাহিনী গঠন কৰাৰেই খবৰ কঢ়িয়াই আনিছে। ন্যায় প্ৰাপ্তিৰ অনেক পথ খোলা থকা অৱস্থাতো এইদৰে ক্ষণিকৰ উত্তেজনাৰে আত্মজাহৰ বাদে কোনো উপায় নাই ধৰণৰ চিন্তাৰ দিশ দিয়া বাবে এই সকল নেতা বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা আছে। উত্তেজনা বিয়পাব বুলি আগতীয়াকৈ দিয়া গণ-সংগঠনৰ হুংকাৰকো ভেঙুচালি কৰা গগৈ চৰকাৰো ইয়াৰ বাবে কম দায়ী নহয়। চোৰাংচোৱা, সেনা, পুলিচৰ প্ৰশাসন যন্ত্ৰ থকা সত্বেও এনে আত্মঘাতী দল গঠন হোৱাৰ খবৰত গৃহমন্ত্ৰী হিচাবে মুখ্যমন্ত্ৰীয়ে দ্বায়িত্ব এৰাব নোৱাৰে।

যুক্তিক যুক্তিৰে, তথ্যক তথ্যৰে প্ৰতীয়মান কৰাৰ ঠাই ৰাজপথ নহয়। ৰাজপথত দাবী উঠিব পাৰে, অনশন, ধৰ্মঘট হব পাৰে। কিন্তু বিবেচনা সিদ্ধান্ত আলোচনাৰ মেজত, ন্যায়ালয়ৰ কক্ষতহে সম্ভৱ সেয়া সকলোৱেই জানি লোৱা উচিত। কিন্তু গণতান্ত্ৰিক প্ৰতিবাদৰ নামত এনে হিংসা বিয়পোৱা তথা আত্মঘাতী ভাৱনা বিয়পোৱা অপচেষ্টা কেতিয়াও হব নালাগে।

অসমে তেজ দেখিবলৈ বাকী নাই। অসমে তেজৰ নদীত গা ধুবলৈ বাকী নাই। তথাপি ইতিহাসৰ পৰা আমি শিক্ষা নলৈ উত্তেজনা আৰু আবেগৰ বশবৰ্তী হবলৈ এচামক এৰি দিব নোৱাৰো। অসমক আৰু শ্বহীদ নালাগে। লাগে মাথো ভাৰতীয় ন্যায় ব্যৱস্থাৰ গণ্ডীত মানুহক ন্যায় দিব পৰা বিবেক আৰু বিবেচনাৰে দিশ দিব লগা নেতৃত্বৰ হে। 

গৰমলোহাক কাটিব পাৰে ঠাণ্ডা লোহাইহে। সেয়েই আবেগক নিজৰ ঠাইত ৰাখিও আমি শীতল মগজুৰে সময়, ব্যৱস্থা আৰু প্ৰয়োজনীয়তাক বিশ্লেষণ কৰি শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰাৰ সময় আহিল। তাৰ অবিহনে অসমৰ অৱস্থা পুনৰ  কি হব এয়া সহজেই অনুনেয়।

সংযোজনঃ
অসম পাব্লিক ৱকৰ্চ বুলি এটা সংস্থাই উচ্চতম ন্যায়ালয়ৰ দৰজা টুকুৰিয়াই নাগৰিকপঞ্জী উন্নীতকৰণ সন্দৰ্ভত ইতিবাচক ৰায় লাভ কৰিছে।সেই নিৰ্দেশৰ পাছতে অসম চৰকাৰে বাধ্য হৈ এইকামৰ বাবে নিৰ্দেশ দিছে। তাৰ আগতে দিয়া নাছিল। আমছুৱে বৰপেটাত কাণ্ড কৰাৰ পাছত সকলো গেথেলা মাৰি থৈছিল। কিন্তু আজি এন.আৰ.চি উন্নীতকৰণৰ বাবেও শ্ৰেয় গগৈদেৱেই দাবী কৰিলে। উচ্চতম ন্যায়ালয়ত গৈ বাধ্য কৰালে শব্দশাৰী, "অশ্বথামা হত ইতি গজ" ভাৱেই সুবিধাজনক ভাৱে উল্লেখ নকৰিলে।

এই খিনিতে উল্লেখ কৰা ভাল যে অসমৰ ৰাজনীতিৰ আৰু এটি ফুটবল আই.এম.ডি.টি সকলোৱে প্ৰাণ ভৰি খেলিলে...এনজয় কৰিলে। শেষত সেইখনো সৰ্বানন্দ সোনোৱালৰ নেতৃত্বত উচ্চতম ন্যায়ালয়েহে বাতিল কৰিলে। কোনো ৰাজনৈতিক সদিচ্ছাৰ বাবে ই বাতিল হোৱা নাছিল।

সেয়ে ন্যায়ালয়ৰ যোগে চৰকাৰক বাধ্য কৰাব নোৱাৰি  সেই কথা শুদ্ধ নহয়।  অসমৰ ইতিহাসত এনে হৈছে। আচলতে এনে পদক্ষেপবোৰক বেছি প্ৰচাৰ সংবাদ মাধ্যমে নকৰে। যত উত্তেজনা প্ৰশমিত হয়, তাত তেওঁলোকৰ ব্যৱসায়িক লাভ নহয়, উত্তেজনাইহে সংবাদ বিক্ৰীৰ মূল কথা।

আজিৰ অসমীয়া প্ৰতিদিনৰ সংবাদ শিৰোনামাই আত্মজাহক মহীয়ান কৰিছে। মানুহক আৰু উত্তেজিত কৰিবলৈ, নজিৰ সৃষ্টি কৰাৰ কথা উল্লেখ কৰিছে।এয়া সমাজক সঠিক দিশ দিয়া সংবাদসেৱাৰ নিদৰ্শন নে? আপোনালোকেই বিচাৰ কৰক।

আমিয়েই ইতিবাচক দিশ, ধ্বংসাত্মক পথ পৰিহাৰ কৰাৰ পথ ৰাইজক পাৰিলে দেখুৱাব লাগিব বুলি ভাবো। অন্ততঃ বিচাৰ বিবেচনা তথা তথ্যৰে....

No comments:

Post a Comment