ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পদক্ষেপ

ইতিবাচক পদক্ষেপ

Share This
ঘৰতে বহি নিৰ্যাতিতাই দিব পাৰিব 
পুলিচ অভিযোগ
মুম্বাই পুলিচৰ নতুন আয়ু্ক্ত ৰূপে দ্বায়িত্বভাৰ গ্ৰহণ কৰি প্ৰখ্যাত পুলিচ বিষয়া ৰাকেশ মাৰিয়াই আৰম্ভ কৰিছে এই নতুন পদক্ষেপ৷ আগতে মাত্ৰ ধৰ্ষণৰ গোচৰৰ ক্ষেত্ৰত ঘৰলৈ গৈ পুলিচে অভিযোগ গ্ৰহণ কৰা নিয়ম আছিল৷ এতিয়া যৌন নিৰ্যাতন, শাৰিৰীক আতিশয্য(মলেষ্টেচন) আদি বিষয়ৰ সতে জড়িত যি কোনো অপৰাধৰ বাবেই এতিয়াৰ পৰা মুম্বাইৰ পুলিচ বিষয়াই অভিযোগ দাখিল কৰিব বিচৰা নিৰ্যাতিতাৰ ঘৰলৈ গৈ অভিযোগ গ্ৰহণ কৰাৰ নিৰ্দেশ জাৰি কৰিছে৷
অনুপম খেৰ অভিনীত ছবি "ৱেডনেডে", এই পুলিচ বিষয়াজনৰ জীৱনৰ কাহিনীৰ ওপৰতে আধাৰিত বুলিও জনা যায়৷ জনপ্ৰিয় এই শীৰ্ষ বিষয়াজনে মুম্বাইৰ মহিলা, শিশু, কিশোৰী সকলক এনে কোনো সমস্যাৰ সন্মুখীন হ'লে ১০৩ নম্বৰ ডায়েল কৰি পুলিচক জনাবলৈ আহ্বান জনাইছে৷ এই ফোনকল যোগে খবৰ পোৱাৰ কিছু মিনিটৰ ভিতৰতে পুলিচ বিষয়াই অভিযোগ দিব বিচৰা মহিলাৰ ঘৰলৈ গৈ অভিযোগ গ্ৰহণ কৰিব৷ পাছত এই অভিযোগনামাকে পুলিচ থানালৈ গৈ তেওঁ এফ.আই.আৰ ৰ ৰূপত লিপিবদ্ধ কৰি ৰাখিব৷ মুম্বাইত এতিয়াও তুলনামূলক ভাৱে মহিলা পুলিচকৰ্মীৰ সংখ্যা কম৷ মাৰিয়াই প্ৰকাশ কৰা তথ্য মতে, এই ১০৩ নম্বৰৰ সেৱা কেন্দ্ৰত মহিলা পুলিচ কৰ্মী তথা বিষয়াৰ তালিকা মজুত আছে৷   যদি অভিযোগকাৰীৰ ঘৰ যি থানাৰ অধীনত পৰে, তাত মহিলা বিষয়াৰ অভাৱহেন দেখিলে এই কন্ট্ৰল ৰুমে নিকটবৰ্তী থানাৰ পৰা মহিলা বিষয়া পঠিওৱাৰ ব্যৱস্থা কৰিব৷

এই পদক্ষেপ গ্ৰহণৰ লগতে তেখেতে মহানগৰখনিত কোনো মহিলা বা শিশু নিৰুদ্দেশ সম্বন্ধীয় ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে মুম্বাইৰ যি কোনো থানাতে অভিযোগ দাখিল কৰিব পৰা ব্যৱস্থা কৰিছে বুলিও জনাইছে৷ এই এফ.আৰ.আই পাছত সম্বন্ধিত পুলিচ থানালৈ ট্ৰেঞ্চফাৰ কৰি পঠিওৱাৰ ব্যৱস্থা হব৷ প্ৰতিখন থানাতে অভ্যৰ্থনা কোষক সক্ৰিয় কৰাৰ লগতে মহিলা আৰু জ্যষ্ঠ নাগৰিকৰ বাবে বিশেষ ডেক্স ৰখাৰো নিৰ্দেশ দিছে৷ মহিলা বা জ্যষ্ঠ নাগৰিক অভিযোগ দাখিলৰ বাবে আহিলে কৰ্তব্যৰত বিষয়াৰ তালৈ অভ্যৰ্থনাকাৰীয়ে লৈ যাব আৰু অভিযোগ লিপিবদ্ধ কৰি পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰি দিয়াৰো পদক্ষেপ লব বুলি প্ৰকাশ কৰিছে৷

নতুন পুলিচ কমিছনাৰ জনে মহিলাৰ সুৰক্ষাৰ বাবে মহিলা মোবাইল ভেনৰ ব্যৱস্থা কৰিবলৈকো নিৰ্দেশ দিছে৷ এনে ভেন বিভিন্ন স্কুল, কলেজ , মন্দিৰ, বাচ আৰু ৰেলৱে ষ্টেচনৰ কাষত থিয় কৰি ৰখাৰ ব্যৱস্থা হব৷ তেনে স্থানত মহিলাৰ চেইন টনা, অশ্লীল বাক্যবানেৰে আতিশয্য চলোৱা আদি ঘটনাত ততকালীন বাবে মহিলা আৰক্ষীয়ে ব্যৱস্থা লব৷  এনে ভেনত সহায়ৰ বাবে পুৰুষ পুলিচকৰ্মীও উপস্থিত থাকিব৷

বহুক্ষেত্ৰত ছোৱালী বা মহিলাৰ ক্ষেত্ৰত হোৱা অপৰাধৰ ক্ষেত্ৰত ৰাজহুৱা বদনামী আৰু লোকলজ্জাৰ বাবে থানালৈ গৈ অভিযোগ দিবলৈ সংকোচবোধ কৰে৷ সেয়ে এনে নিৰ্যাতনৰ ঘটনাৰ ক্ষেত্ৰত এতিয়াৰ পৰা ঘৰতে থাকি অভিযোগ দাখিল কৰাৰ ব্যৱস্থা কৰা হৈছে, আৰু ই সমাজক নাৰীজনিত অপৰাধৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰে৷

সামাজিক সংগঠন সমূহে এনে ইতিবাচক পদক্ষেপৰ প্ৰশংসা কৰিছে আৰু ইয়াৰ মনিটৰিঙৰ ব্যৱস্থা কৰিবৰ বাবেও আহ্বান জনাইছে৷ব্যৱস্থা কৰিলেইতো নহব, তাক কাৰ্যকুশলভাৱে বাস্তৱায়িত কৰাটোও এক জটিল প্ৰত্যাহ্বান বুলিও সামাজিক কৰ্মকৰ্তা আভা সিঙে নৱভাৰত টাইমছৰ সাংবাদিকক মতামত প্ৰকাশ কৰিছে৷

এনে ইতিবাচক পদক্ষেপ দিল্লীকে ধৰি দেশৰ বিভিন্ন মহানগৰ, নগৰ তথা গাঁৱতো গ্ৰহণ কৰিব লাগে বুলিও সচেতন মহলে মত ব্যক্ত কৰিছে৷ আৰু সেইবিষয়ে সামাজিক সংগঠন, নাৰী সংগঠন সমূহে স্থানীয় গৃহ বিভাগ তথা আৰু আৰক্ষীক দৃষ্টি আকৰ্ষণ তথা দাবী কৰাৰ প্ৰয়োজন আছে৷

No comments:

Post a Comment