মুকলি চিন্তা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মুকলি চিন্তা

মুকলি চিন্তা

Share This
শিৰোনামালৈ যেতিয়া আহে অসম আৰক্ষী
অজয় লাল দত্ত
 (১)
অসম আৰক্ষীয়ে সংবাদ শিৰোনামা লাভ কৰিছে বুলি ক'লে আপোনাৰ মনলৈ বাৰু পোনচাটেই  কি কথা আহে? সেই প্ৰশ্নকে এজন বন্ধুক ইনবক্সত সোধোতে উত্তৰ দিলে,  "নিশ্চয়কৈ কিবা এটা ভাল কামৰ বাবেই আহিব"। 
আমাৰ পুনৰ প্ৰশ্ন, "কিয়?"
তেওঁৰ উত্তৰ- "নহয়, কাহিনী এটা আছে নহয়, সেয়ে ক'লো!"
আমাৰ পুনৰ প্ৰশ্ন, "কোনটো কাহিনী, কোৱাচোন!"
তেওঁ অলপ ৰৈ উত্তৰ দিলে- "এহ নকও দিয়ক, একেবাৰে গাজত লগা কাহিনী। পিছে আৰক্ষী বুলিলেই দেখোন কীৰ্তিতকৈ কু-কীৰ্তিৰ বাবেহে খ্যাতি"।
আচলতে ই এটা সাধাৰণ উদাহৰণ, মানুহৰ মনত আৰক্ষী বুলিলে থকা সাধাৰণতে মন ভৰি থকা ধাৰণা। যেন আৰক্ষীয়ে ভাল নকৰেই। ভাল , সাধাৰণ মানুহক সুৰক্ষা নিদিয়েই।  ধনে-জনে-শাসকীয় শক্তিৰে বলবান সকলৰ ভক্তি কৰাই আৰক্ষীৰ স্বাভাৱিক শৈলী। তাতটো আচৰিত হব লগা যেন একোৱেই নাই!
আৰক্ষীয়ে সুষ্ঠ আৰু সৱল ভাৱে নিজৰ দ্বায়িত্ব পালন কৰা হ'লে সমাজৰ একে পংকিলময় অৱস্থা হয়গৈনে? এইবোৰেই চাগৈ আপোনাৰ মনলৈও অহা সহজ প্ৰশ্নবোৰ।
(২)
পিছে, ভাল আৰক্ষী থকাৰো উদাহৰণ নিশ্চয় আছে। সিদিনা ভাল খবৰৰ সন্ধান কৰি থাকোতে তেনে এক বাতৰি অসমীয়াৰ সুখ দুখ যোগে ৰাইজৰ জ্ঞাতাৰ্থ প্ৰকাশ কৰিছিলো।এটা নহয়, আচলতে দুটা ভাল খবৰ। কাকতলীয় ভাৱে দুয়োটা খবৰৰেই তেজপুৰৰ।  

এবাৰ নিজৰ প্ৰাণকো তুচ্ছ কৰি, এটিএম লুণ্ঠন কৰি ঘূৰি ফুৰা এজন দুৰ্বত্তৰ পাছ লৈ বিলাসী গাড়ী সহ ধৰা পেলাই দিছিল এগৰাকী সততা থকা আৰক্ষী কনিষ্টবলে। তেওঁক ঠাইতে সেই দুৰ্বৃত্তই এৰি দিবলৈ বুলি দিয়া লাখটকীয়া লোভ প্ৰত্যাখ্যান কৰাৰ সাহস তথা নৈতিকতা দেখুৱাইছিল সেই আৰক্ষী কনিষ্টবলজনে। তেওঁক সততাৰ বাবে ৰাজ্যিক বা ৰাষ্ট্ৰীয় পুৰস্কাৰ দিয়া বুলি কিন্তু তাৰ পাছত কেতিয়াও সংবাদ মাধ্যমত পঢ়িবলৈ নাপালো! 

চাগৈ এনে কামত প্ৰশংসা কৰাটো ব্যক্তিগত বিত্তীয় দিশত ভৱিষ্যতে হানিকাৰক হব বুলিও কমিচন ওপৰলৈকে পঠাব লগীয়া হোৱা বুলি সংবাদ মাধ্যমে সতকাই প্ৰকাশ কৰা "অসহায় আৰক্ষী-বিষয়া" সকলে বিচাৰ তথা  অনুভৱ কৰিলে বুলিও সহজেই অনুমান কৰিব পাৰি।

আনটো ভাল খবৰত এজন সাধাৰণ ৰিক্সা চালকে নগদ ধনৰ উপৰিও দুই লাখ টকাৰ সোণৰ গহণাসহ এটা বেগ সিদিনা নি আৰক্ষী চকীত চমজাই দিলে। আৰু তেওঁৰ বৰ্ণনাৰ ভিত্তিতে বেগটো এৰি থৈ যোৱা গৰাকীক আৰক্ষীয়ে বেগটো কোনো হৰণ ভগন নোহোৱাকৈ গতাই দিলে। 

এইখিনিতে প্ৰশংসা কৰিব লগা কথাটো হ'ল সংশ্লিষ্ট আৰক্ষী বিষয়াজনে তেওঁৰ নিজৰ কৰ্তব্য সম্পাদন কৰাৰ লগতে সেই সততাৰ পৰিচয় দিয়া ৰিক্সাচালকজনক নিজৰ পকেটৰ ধন এহেজাৰ টকাৰে পুৰস্কৃত কৰে।  

আজিৰ দিনত যি কোনো কেচ আহিলেই নিজৰ পকেটৰ বাবে আৰ্জিব পৰাকৈ নীতি-নিয়মৰ অপ-ব্যৱহাৰ কৰা বুলি অভিযোগ উঠা আৰক্ষী সমাজত এনে ওলোটা পদক্ষেপবোৰ সঁচাই শিৰোনামা লাভৰ যোগ্যই নহয়নে?

পিছে এই দুটা ঘটনা, অসম আৰক্ষীৰ জন-সম্পৰ্কৰক্ষী কোষে জনসংযোগৰ বিজ্ঞাপন যোগে বহুল প্ৰচাৰ কৰি অসম আৰক্ষীৰ সদনাম সৃষ্টিৰ বাবে কোনো ব্যৱ্স্থা হাতত নললে। চাগৈ অনুভৱো নকৰিলে, অথচ যিটো এটা কৰ্তব্য আছিল বুলিয়েই আমি বিবেচনা কৰিছো।
(৩)
কালি পুনৰ এটা বাতৰিৰ বাবে অসম আৰক্ষীৰ এটি কৰ্মই আমাৰ দৃষ্টি কাঢ়িবলৈ সক্ষম হ'ল। বিগত পষেকত ভূ-মাফিয়াৰ আখ্যাৰে জনৈক কৈলাশ লোহিয়া আৰু আন আন সকলৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেইবালানি প্ৰতিবাদ সাব্যস্ত কৰাৰ খবৰ সংবাদ মাধ্যম যোগে লাভ কৰি আছিলো। মাজতে তেওঁলোকৰ ভূমি-দখল কৰি ভূমিহীন কৃষকক বিলাই দিয়া ধৰণৰ "ফেণ্টাচী" যেন লগা দুঃসাহসিক কাৰ্যসূচীও লোৱা বুলি জ্ঞাত হৈছিলো।

পিছে কালি সংবাদ মাধ্যমত পোৱা এটা বাতৰি পঢ়ি অলপপৰ থৰ লাগি ৰ'লো।থপৰিয়াই বাহ বাহ দিবলৈ বুলি পিঠি এখন বিচাৰি নোপোৱাৰ তাড়ণা এটাও উজাই আহিল।

সেয়া আছিল- " ভূ-মাফিয়া কৈলাস লোহিয়াৰ ঘৰ ঘেৰাও কৰি কণী-বিলাহী দলিওৱাৰ অভিযোগত যোৱা ২৫জানুৱাৰীত গ্ৰেপ্তাৰ কৰা ছয় গৰাকী মহিলাক কালি অৱশেষত জামিনত মুক্তি দিয়াৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। দুজন জামিনদাৰ আৰু ৫০ হাজাৰ টকাৰ আমানতৰ ধন লৈ ন্যায়ালয়ে এই জামিন মঞ্জুৰ কৰে।"

তাৰ অৰ্থ এয়েই আছিল যে কণী, বিলাহী দলিওৱাৰ দোষতে তাৰমানে ছয় গৰাকী প্ৰতিবাদীক যোৱা ১৫দিন বিনা-বিচাৰে  জেলত সুমুৱাই ৰখা হ'ল। কি কি ধাৰা উপধাৰা জাপি এই মহিলা সকলক কাৰাৰুদ্ধ কৰা হ'ল। সঁচাই পোন্ধৰ দিন জেলৰ ভাত খাব লগা অপৰাধত অপৰাধী আছিল নে নাৰী কেইগৰাকী। কলৈ বা গ'ল মহিলা আয়োগ নামৰ সংস্থাটি?

বাতৰি কাকততে পঢ়া মতে তেওঁলোকক ঘটনাস্থলীৰ পৰা বহু দূৰৈৰ পৰাহে সন্দেহবশত গ্ৰেপ্তাৰ কৰি নিছিল। এই বাতৰিয়ে কিন্তু নাপালে সংবাদ শিৰোনামা। নহ'ল কোনো ব্ৰেকিং নিউজ, নহ'ল সন্ধিয়া আঠটাৰ বিদগ্ধ পণ্ডিত সকলৰ আলোচনাৰ যোগ্য বিষয়! কাৰণ, আপুনিয়ে বিচাৰক!

লগে লগে মনলৈ উৰি আহিল, যুৱ কংগ্ৰেছৰ নিৰ্বাচনত বেলট কাকত লৈ আহি পল্টন বজাৰত হোটেলত থাকোতে বৰাকৰ পৰা অহা এজন দলীয় নেতাক কৰা দলবদ্ধ আক্ৰমণৰ ব্ৰেকিং আৰু লাইভ টেলিকাষ্টটোলৈ। কেমেৰাৰ সমুখতে স্বয়ং আৰক্ষীক অশ্লীল গালি পাৰি, গতিয়াই, হোটেলখনৰ সা-সম্পত্তি লণ্ডভণ্ড কৰা, চকুৰ সমুখতে মাৰ-পিট কৰা সকলৰ এজনকো কিন্তু গ্ৰেপ্তাৰ কৰি অসম আৰক্ষী সংবাদ শিৰোনামালৈ নাহিল।

আনকি খোদ কংগ্ৰেছৰ বিধায়িকা এগৰাকীক কেমেৰাৰ সমুখত গৰ্ভাৱতী অৱস্থাত নিৰ্যাতন চলোৱা, মাৰা, ঘুঁচিওৱা "অজ্ঞাত দুৰ্বৃত্ত" সকলক এদিনৰ বাবেও কিন্তু ৰঙাঘৰৰ ভাত খুওৱাৰ কৃৰ্তিত্ব অসম আৰক্ষীয়ে সংবাদ শিৰোনামা দখলেৰে লভিব নোৱাৰিলে। কাৰণ আৰু তাৰ আঁৰত কি চৰিত্ৰ, শিক্ষা, ব্যৱস্থা লুকাই আছে সেয়া বিচাৰ কৰাৰ দ্বায়িত্ব পাঠকলৈ এৰিলো।
(৪)
"আজিৰ দৈনিক বাতৰি"ত প্ৰকাশিত সংবাদ শিৰোনামাই আন কেতবোৰ কথাহে তুলি ধৰিছে। সৰ্বসাধাৰণৰ নিৰাপত্তাৰ দ্বায়িত্বত থকা আৰক্ষী সকল হেনো নিজেও নিমজ্জিত হয় গুৰুতৰ অপৰাধত। ৰক্ষকেই ভক্ষকলৈ ৰূপান্তৰিত হোৱা অৱস্থাত এই অপৰাধী বুলি চিহ্নিত হোৱা আৰক্ষী তথা বিষয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবেই ৰাজ্য চৰকাৰে ২০০৮চনতে গঠন কৰি দিছিল অসম ৰাজ্যিক আৰক্ষী দায়বদ্ধতা আয়োগ।

পিছে এই আয়োগৰ পৰিসংখ্যাই আপোনাৰ মোৰ চকু কপালত তুলিবই।  এই প্ৰতিবেদন মতে আলংকাৰিক ৰূপত নামতহে চলি আছে এই আৰক্ষী দ্বায়বদ্ধতা আয়োগ!  এই আয়োগত এতিয়ালৈ পঞ্জীয়ন হৈছে ৩৬৮টা গোচৰ, তাৰে ২৬০টা গোচৰ সম্পূৰ্ণ কৰি ৮৭টা নিৰ্দেশ জাৰি কৰিছে। ইয়াৰে ৫টা গোচৰ মহামান্য আদালতৰ হস্তক্ষেপতহে ৰুজু কৰা হৈছিল, ১৫টা গোচৰ আয়োগে নিজাববীয়াকৈ ৰুজুও কৰিছিল।  জাৰি কৰা নিৰ্দেশৰ ওপৰত গৃহ বিভাগে কি ব্যৱস্থা ল'লে তাৰো মাত্ৰ ৪৯টা প্ৰতিবেদনহে আয়োগে লাভ কৰিছে। ১১৯টা গোচৰত আৰক্ষীক বিভাগীয় ব্যৱস্থা গ্ৰহণ, ৩৫জনক অপৰাধমূলক গোচৰত অভিযুক্তও কৰা হৈছে। ইফালে ২২জন আৰক্ষী বিষয়াক কঠোৰ শাস্তি প্ৰদানৰ নিৰ্দেশ দিয়াৰ বাহিৰেও ১৩জনৰ বিৰুদ্ধে চাকৰিৰ পৰা অব্যাহতিৰো নিৰ্দেশ জাৰি কৰিছিল এই আয়োগে।

কিন্তু গৃহ বিভাগ বা সংশ্লিষ্ট কৰ্তৃপক্ষই আজি পৰ্যন্ত এজনো দোষী সাব্যস্ত হোৱা অপৰাধীক জেল'লৈ প্ৰেৰণ কৰা নাই। ২০০৮-২০১১ চনত গৃহ বিভাগ, আৰক্ষীৰ সঞ্চালক প্ৰধান আৰু আয়োগৰ মাজত তিনিমাহৰ মূৰে মূৰে পৰ্যালোচনা বৈঠক পাতিছিল, যদিও শেহতীয়াকৈ ২০১১ৰ পাছত এনে কোনো পৰ্যালোচনা সভা অনুষ্ঠিত হোৱা নাই। কালি আয়োজিত বৈঠকখনো গৃহ বিভাগৰ অসহযোগিতাৰ বাবেই ব্যৰ্থ হোৱা বুলি সংবাদ মাধ্যমক জনাইছে আয়োগৰ অধ্যক্ষ প্ৰাক্তন ন্যায়াধীশ ডি এন চৌধুৰীয়ে। ২০১১চনৰ পাছত বিশেষ উদ্দেশ্যৰে গৃহ বিভাগে এই আয়োগক অৱজ্ঞা কৰি প্ৰতিবেদন পৰ্যন্ত দাখিল কৰিবলৈ বাদ দিয়াৰ অভিযোগ উঠিছে।


আয়োগৰ ওচৰত আৰক্ষীৰ বিৰুদ্ধ পঞ্জীয়ন হোৱা গোচৰ সমূহ মূলতঃ অভিযোগ গ্ৰহণ নকৰা, অভিযোগকাৰীক অভব্য আচৰণ তৰা, উতকোচ দাবী কৰা, তদন্ত প্ৰক্ৰিয়াত গাফিলতি, সম্পত্তি দখল, ব্লেকমেইলিঙ, আৰক্ষীৰ জিম্মাত মৃত্যু, নিৰ্যাতন, অবৈধ কয়লা কেলেংকাৰী আদি অন্যতম। এইবোৰ অপৰাধৰ অভিযুক্তৰ তালিকা শুৱনি কৰিছে দুজনকৈ আই জি পিয়েও।

গৃহ বিভাগ, ৰাজ্য চৰকাৰে কেতিয়া আৰু কেনেকৈ এই আয়োগক সহযোগ কৰি অসম আৰক্ষীক দ্বায়বদ্ধ কৰিবলৈ চেষ্টা চলাব সেয়াও আজি এক ৰহস্যময় প্ৰশ্ন হৈ উঠিছে। নে এই আয়োগে সাৰে থকা আৰক্ষী তথা গৃহ বিভাগক জগাবলৈ এক নামমাত্ৰ বৃথা চেষ্টাহে চলাইছে বুলিও সচেতন ৰাইজে প্ৰশ্ন তুলিছে।
(৫)
লেখাটি সামৰিব খুজিছো, আৰক্ষী বিষয়াৰেই ভাল খবৰৰে। এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই স্বাধীনতা সংগ্ৰামী তথা গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামীৰ জীৱনৰ আধাৰত  নিৰ্মাণ কৰা ছবিৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰি সংবাদ শিৰোনামাত স্থান লাভ কৰিছে। নইদা আন্তঃৰাষ্ট্ৰীয় ছবি মহোসৱত এই সন্মান শীৰ্ষ আৰক্ষী বিষয়া ৰূপে পৰিচিত ভাস্কৰজ্যোতি মহন্তই কঢ়িয়াই আনিছে। এয়া তেখেতৰ ব্যক্তিগত  উদ্যম, কিন্তু ইয়াৰ সামাজিক অৰ্থ নিশ্চয়কৈ আছে। লগতে কঢ়িয়াইছে বৃহত্তৰ আৰক্ষী ফ্ৰেটানিৰ্টীলৈ গৌৰৱো।

 তেখেতে আগতেও উদ্যোগ গ্ৰহণ কৰি অসমত হিংসাত্মক ঘটনাৰ বলি হোৱা অনাথ শিশু সকলৰ বাবে আৰক্ষী বিভাগৰ সহযোগতে তেওঁলোকক উচ্চ শিক্ষা পৰ্যন্ত শিক্ষা নিশ্চিত কৰণৰ বাবে প্ৰচেষ্টা হাতত লৈ সৰ্বস্তৰৰ প্ৰশংসা লাভ কৰিছে।


আনফালে, অসম আৰক্ষীৰ দ্বায়িত্ব লোৱা ডিজিপি খগেন শৰ্মাক কালি টিহুত ৫০টাতকৈ অধিক দল-সংগঠনে ডিজিপি সম্বৰ্ধনা জনায়। টিহু হাইস্কুলৰ গৌৰৱ স্বৰূপ শৰ্মাদেৱে নিজ মাতৃৰ সৈতে নিজগাঁৱত অনুষ্ঠিত ২০তম সভা মহোৎসৱটো অংশগ্ৰহণ কৰে৷ তাতো সৰ্বোদয় সংঘৰ উদ্যোগত, অসম আৰক্ষী শীৰ্ষতম বিষয়া গৰাকীক স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানে উষ্ণ আদৰণি জনায়৷

এই আদৰণিয়ে মেধাৰ বাবে সকলোৰে পৰিচিত আৰু অসমৰ অস্ত্ৰ হাতত লোৱা ডেকা সকলক ঘৰলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত বিশেষ ভূমিকাৰ বাবে খ্যাত হোৱা শৰ্মা ডাঙৰীয়াক লৈ স্থানীয় ৰাইজ প্ৰৱল আশাবাদী হোৱাকে জানো সূচোৱা নাই? উল্লেখযোগ্য যে, তেখেতে দ্বায়িত্ব পোৱাৰ দিনা ফেচবুকতো সচেতন লোক সকলে অভিনন্দন জ্ঞাপন কৰি আনন্দ প্ৰকাশ কৰিছিল। ইয়াৰ দ্বাৰাই কিবা এটা ইতিবাচক পৰিবৰ্তনৰেই আশা এইসকল ৰাইজে কৰা নাইনে?

অনাগত দিনত ৰাইজে এইদৰে আশাৰে দৃষ্টি দি থকা আৰক্ষী বিষয়াসকলৰ নেতৃত্বতে অসম আৰক্ষীয়ে ভাল কাৰণত সংবাদ শিৰোনামা দখল কৰক আৰু অসমৰ সমাজ জীৱনক সুস্থ আৰু প্ৰশাসনক শক্তিশালী কৰাত নিজৰ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰিলো। 

3 comments:

  1. ভাল লাগিল৷ একে বিষয়তে মই লিখিছিলোঁ সদিনত৷ পঢ়ি চাব পাৰে http://anjalborah.blogspot.in/2013/09/blog-post_20.html

    ReplyDelete
  2. ভাল লাগিল পঢ়ি।

    ReplyDelete