Thursday, September 5, 2013

শ্ৰদ্ধাৰ্ঘ

শিক্ষক বন্দনা
(সমবেত সংগীত)
                                                        -শশীমাই শইকীয়া (দত্ত)
হে শিক্ষাবিদ ৰাধাকৃষ্ণণ
তোমাক জনালো সশস্ৰ প্ৰণাম ২
তোমাৰ স্মৃতিত শ্ৰদ্ধা জনাই
শিক্ষাগুৰুলৈ যাচিলো শৰাই ২

শিক্ষক, সমাজৰ একোটি তৰা
অজ্ঞান আন্ধাৰ বিনাশ কৰা 
তৱ আলোকেৰে নৱ ঢৌ তুলি
বিদ্বান কৰি আছা জীৱন জুৰি৷২

মানৱ প্ৰতিমা গঢ়া হে শিল্পী
নোৱাৰো বুজাৱ ভাষাৰে লিখি

হে শিক্ষাবিদ ৰাধাকৃষ্ণণ
তোমালৈ জনালো সশস্ৰ প্ৰণাম ২
তোমাৰ স্মৃতিত শ্ৰদ্ধা জনাই
শিক্ষাগুৰুলৈ যাচিলো শৰাই ২
 * লেখিকা ৰাজ্যিক বঁটাৰে সন্মানিত অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষয়িত্ৰী

ধেমাজি নলনীপাম প্ৰাথমিক বিদ্যালয়

No comments:

Post a Comment