Thursday, September 5, 2013

আজিৰ বিশেষ অনুভৱ

মোৰ পৰম আৰাধ্য শিক্ষক…
-ডঃ মাখন লাল দাস
আনৰ কথা ক’ব নোৱাৰো, মোৰ জীৱনৰ লক্ষ্য নিৰ্দ্ধাৰণত কিন্তু পৰোক্ষ ভাবে মোৰ শিক্ষাগুৰু সকলৰেই প্ৰভাৱ পৰিছিল৷ প্ৰাথমিক বিদ্যালয়ত পঢ়া দিনৰে পৰা আৰম্ভ কৰি অভিযান্ত্ৰিক মহাবিদ্যালয়ত পঢ়া দিন পৰ্যন্ত বিভিন্ন শিক্ষাগুৰুৰ অধীনত শিক্ষা লাভ কৰোঁ; জীৱনৰ বেলেগ বেলেগ পৰ্যায়ত বেলেগ বেলেগ ধৰণে অনুপ্ৰাণিত হোৱাৰ সুযোগ পাওঁ ভালেকেইজন আদৰ্শ শিক্ষকৰ জীৱনৰ যোগেৰে৷
তৃতীয় শ্ৰেণীত থাকোঁতেই মোৰ পিতৃৰ পৰলোক প্ৰাপ্তি ঘটাৰ পাছত আমি বৰপেটালৈ আহোঁ আৰু তাতেই বৰপেটা বিদ্যাপীঠত হাইস্কুলীয়া জীৱন আৰম্ভ হয়৷ প্ৰতিজন শিক্ষক মোৰ বাবে হৈ পৰে একো একোজন অভিভাৱকৰ নিচিনা৷ 

তেখেতসকলৰ প্ৰচেষ্টাৰ ফলতেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত পঞ্চমস্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিলো৷ শিক্ষকসকলৰ জীৱনাদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈয়েই শিক্ষকতাকে নিজৰো জীৱনৰ বৃত্তি হিচাবে গ্ৰহণ কৰিবলৈ সৰুৰে পৰা মনত এটি হাবিয়াসে গঢ় লৈ উঠিছিল৷ অভিযন্তা হিচাবে অসম অয়লত চাকৰিত যোগ দিয়াৰ পাছতো শিক্ষকতাৰ জীৱনে বাৰে বাৰে হাতবাউলি দি মাতিছিল বাবেই এবছৰৰ পাছতে সেই চাকৰি এৰি অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষক হিচাবে যোগদান কৰোঁহি৷ 

শিক্ষক হিচাবে নিজে কিমান সফল হ’লো তাৰ মূল্যায়ন মোৰ ছাত্ৰসকলে কৰিব, কিন্তু মোৰ জীৱন গঢ় দিয়াত মোৰ শিক্ষাগুৰুসকলৰ অৰিহণা মই কোনো দিনেই পাহৰিব নোৱাৰিম৷

শিক্ষকদিৱসৰ সময়ত শ্ৰদ্ধাৰে মোৰ শিক্ষাগুৰুসকলক সো্ঁৱৰণ কৰোঁতে প্ৰথমতেই মনলৈ আহে তিতাবৰৰ ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত শিক্ষক সভাৰাম দাস চাৰৰ কথা৷ মনলৈ আহে অনেক মধুৰ স্মৃতি৷

তিতাবৰ মোৰ জন্মস্থান ৷ ১৯৬৪ চনত নগাৱঁৰ পৰা আমি বদলি হৈ পুনৰ তিতাবৰলৈ অহাৰ পাছত মোক তিতাবৰ অভ্যসন বিদ্যালয়ৰ ক শ্ৰেণীত নাম লিখাই দিয়া হয়৷ শ্ৰেণীশিক্ষক হিচাবে পালোঁ সভাৰাম দাস দেৱক৷ তেখেত যেন আছিল মৰমৰ এক অগাধ সাগৰ৷ মোৰ লগতে মোৰ সৰু দাদাকো একেখন স্কুলতে দ্বিতীয় শ্ৰেণীত নাম লিখাই দিয়া হৈছিল৷

নাম লিখাৰ দিনাখন আমি দুয়ো দেউতাৰ অফিচত কাম কৰা কৰ্মচাৰী এজনৰ স'তে স্কুল পালোঁগৈ৷ পোনে পোনে আমাক অফিচলৈ লৈ যোৱা হ'ল৷ নাম লিখা হোৱাৰ পাছত সভাৰাম দাস চাৰে ক'লে, 

"ব'ল, এতিয়া তহঁতক মই স্কুলখন দেখুৱাই দিওঁ৷"

চাৰৰ লগে লগে দাদা আৰু মই খোজ ল'লো আহল-বহল বাৰান্দাখনেৰে৷স্কুললৈ গ'লে লগত ছাতি এটা লৈ যোৱা স্বভাব এটা আছিল৷ সেইদিনাও ছাতি নিবলৈ পাহৰা নাছিলো৷কাষলতিৰ তলত ছাতিটো লৈ মই চাৰহঁতৰ লগত খোজত খোজ মিলাই আগবাঢ়ি গৈ থাকিলো৷ চাৰে এফালৰ পৰা দেখুৱাই গ'ল৷

"এইটো তৃতীয় শ্ৰেণী, এইটো দ্বিতীয় শ্ৰেণী, ইত্যাদি ইত্যাদি৷"

একেবাৰে মূৰৰ কোঠাটো পাই চাৰে ক'লে, "এইটো মাখনৰ শ্ৰেণী, ক'শ্ৰেণী৷" মই ভিতৰলৈ আগ্ৰহেৰে চাই পঠিয়ালো৷

দেখুউৱা শেষ হ'ল, চাৰহঁত ঘূৰিল৷ মইও ঘপহ কৰে ঘূৰি দিলো৷ লগে লগে কাষলতিৰ তলত লোৱা মোৰ মৰমৰ ছাতিটোৰ নালডালে চাৰৰ গাত এটা প্ৰচণ্ড আঘাট হানিলে৷ মই ছাতিটোৰ কথা পাহৰিয়েই গৈছিলো ইমান পৰে৷ ভয়ে-লাজে মই আধামৰা হ'লো৷ চাৰে কিন্তু কোনো প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে৷

ঘৰ আহি পাই ভয় লাগি থাকিল৷ পিছদিনা কি বা হয়৷ কিজানিবা চাৰে বিৰাট বেয়া পালে৷ মোৰ কুমলীয়া মনটো অস্থিৰ হৈ থাকিল৷

পিছদিনাখন নিৰ্দিষ্ট সময়ৰ আগতেই স্কুল পালোঁগৈ৷ প্ৰাৰ্থনাৰ অন্তত আমি নিজৰ নিজৰ কোঠাত সোমালো৷ অলপ পাছত সভাৰাম দাস চাৰ সোমাই আহিল৷ বাকীবোৰৰ লগতে মইও থিয় হৈ নমস্কাৰ দিলো৷ চাৰ বহিল৷ আমিও বহিলো৷ মোৰ ভয়ৰ ভাবটো বাঢ়ি আহিব ধৰিলে৷প্ৰথমতেই চাৰে মোৰ পিনে চালে৷ মোৰ অৱস্থা তথৈবচ৷

চাৰে মাতিলে, "মাখন, এইপিনে আহ৷"

মোৰ বুকুখনে ধান বানিব ধৰিলে৷ থৰক বৰক খোজেৰে আগবাঢ়ি গৈ চাৰৰ ওচৰ পালো৷ চাৰে দ্ৰয়াৰটো মেলিলে৷ হাতখন ভৰাই ডাঠ কাগজ এচটা উলিয়াই আনিলে৷ চাৰে কাগজ চটা মোৰ হাতত দি ক'লে,

" ল৷ এইটো তোৰ নাম৷ মাখন লাল দাস৷ এই কাগজচটাত লিখা তোৰ নামটো চাই চাই তই নিজৰ নামটো লিখিব'লে প্ৰথমতে শিকিব লাগিব৷ বুজিলিনে? যা এতিয়া৷ "

মই মূৰ দুপিয়ালো৷ তাৰপাছত কাগজচটালৈ চালো৷ চাৰে গোট গোট আখৰেৰে মোৰ নামটো তাত লিখি আনিছিল৷ "মাখন লাল দাস৷" অতি সুন্দৰ গোট গোট আখৰ৷

মোৰ নামটো সেইদিনাৰ পৰা মোৰ বাবে অতি আপোন হৈ পৰিল৷ যেনেদৰে আপোন হৈ পৰিল মোৰ চিৰনমস্য সভাৰাম দাস চাৰ৷

আজি আমাৰ বাবে প্ৰয়োজন হেজাৰজন সভাৰাম দাসৰ৷
------------------------------------------------------------------------
*লেখক ৰাজস্থানৰ মাউণ্ট আবুস্থিত চাটাৰ্ড ইনষ্টিটিউট অৱ টেকনলজিৰ ডাইৰেক্টৰ 
তথা AICTEৰ এগৰাকী জ্যেষ্ঠ পৰিদৰ্শক ৰূপে সেৱাৰত৷

1 comment: