প্ৰচ্ছদ নিৱন্ধ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰচ্ছদ নিৱন্ধ

প্ৰচ্ছদ নিৱন্ধ

Share This
শিক্ষক দিৱসৰ চিন্তা
-ডঃ অঞ্জল বৰা
"The end-product of education should be a free creative man, who can battle against historical circumstances and adversities of nature ( Sarvepalli Radhakrishnan)."

প্ৰতি বছৰে ৫ ছেপ্তেম্বৰ দিনটো 'শিক্ষক দিৱস' হিচাপে পালন কৰি অহা হৈছে৷ শিক্ষকসকল হৈছে সমাজ এখনৰ মেৰুদণ্ডস্বৰূপ ৷ শিশু এজনৰ জন্মৰ ৬ বছৰৰ পৰা ২৫ বছৰ বয়সলৈকে জীৱনৰ অতি মূল্যবান সময় এই শিক্ষকসকলৰ লগতে পাৰ কৰে৷ গতিকে সমাজ এখনৰ বাবে প্ৰকৃত মানৱ সম্পদ সৃষ্টিৰো মূল দায়িত্ব শিক্ষকসকলৰ৷

কেৱল পুথিগত শিক্ষা প্ৰদানেই শিক্ষক এজনৰ মূল উদ্দেশ্য নহয়৷ ডঃ ৰাধাকৃষ্ণণে বিশ্বাস কৰিছিল যে যদি উচিত পদ্ধতিৰে শিক্ষা দিয়া হয় তেন্তে সমাজৰ পৰা অনেক অপশক্তিক বিনাশ কৰিব পাৰি৷ সেয়ে তেওঁৰ বক্তব্যত যি শিক্ষা প্ৰদানৰ কথা কৈছিল সেই শিক্ষাৰ অন্তৰালত কেৱল পুথিগত শিক্ষা নাছিল৷ তেওঁ ছাত্ৰ-ছাত্ৰীৰ মানৱীয় উত্কৰ্ষ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীক নৈতিকভাৱে সুস্থ-সৱল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰাৰ কথাহে কৈছিল৷ শিক্ষা, শিক্ষক আৰু শিক্ষাদান মানে কেৱল পাঠ্যপুথি আৰু বিদ্যালয়েই নহয়৷ বিদ্যালয়ৰ পুথিগত শিক্ষাই সম্ভৱ এজন ছাত্ৰক প্ৰথম শ্ৰেণীৰ ডিগ্ৰী প্ৰদান কৰিব পাৰে কিন্তু মানৱীয় উত্কৰ্ষতাৰ শিক্ষা প্ৰদান কৰিব নোৱাৰিবও পাৰে৷ গতিকে আজিৰ এই পৱিত্ৰ শিক্ষক দিৱসৰ দিনা ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে শিক্ষাৰ বিষয়ে কোৱা প্ৰতিটো কথাকে ছাত্ৰ-শিক্ষক নিৰ্বিশেষে অনুভৱ কৰা উচিত৷ 

ব্যক্তিগত জীৱনত এজন ছাত্ৰই প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে অনেক শিক্ষকৰ পৰা শিক্ষা লাভ কৰে৷ কিন্তু সকলো শিক্ষকেই ছাত্ৰজনৰ মনত সাঁচ বহুৱাব নোৱাৰিবও পাৰে বা ভাল-বেয়া দুয়োধৰণেৰেই সাঁচ বহুৱাব পাৰে৷ তথাপি ভাৰতীয় সংস্কৃতিত সর্বদা শিক্ষকসকল গুৰু হিচাপেই পূজা কৰি অহা হৈছে৷ 

কিন্তু আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ পুথিগত শিক্ষাৰ বাহিৰেই এজন ব্যক্তিৰ বাবে সমাজ এখনত অনেক শিক্ষক থাকিব পাৰে৷ জীৱনৰ প্ৰতিপল সৎ, সাহসী হৈ আগবাঢ়ি যাবলৈ নৈতিকতাৰ শিক্ষা প্ৰদান কৰি অহা ব্যক্তিজন নিশ্চয় বিদ্যালয়-বিশ্ববিদ্যালয়ৰ শিক্ষকতকৈ কোনো গুণে কম হ'ব নোৱাৰে৷ সেয়ে এই পৱিত্ৰ দিনটোত সেইসকল ব্যক্তিকো স্মৰণ কৰা উচিত, যিসকল ব্যক্তিৰ চিন্তা আৰু কৰ্মই নিজৰ জীৱনত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে৷ 

শিক্ষক দিৱসৰ মূল তাৎপৰ্য তেতিয়াহে সাৰ্থক হ'ব যেতিয়া প্ৰতিজন শিক্ষকেও নিজকে ব্যক্তিগত আৰু সামাজিক স্বাৰ্থ, ভেদাভেদ আৰু প্ৰতিবন্ধকতাৰ উৰ্দ্ধত থাকি সমাজ এখন সঠিক দিশত আগবঢ়াই নিয়াৰ বাবে ছাত্ৰ-ছাত্ৰীক যোগ্য কৰি তুলিব৷ পাঠ্যপুথিৰ শিক্ষাৰ লগতে প্ৰতিজন ছাত্ৰ-ছাত্ৰীকে মানুহ হোৱাৰ শিক্ষা প্ৰদান কৰি নিজেও শিক্ষক হোৱাৰ গৌৰৱ অনুভৱ কৰিব৷ কাৰণ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে কৈছিল "শিক্ষক কেৱল সেইসকলেই নহয় যি ছাত্ৰ-ছাত্ৰীৰ মস্তিষ্কত তথ্যৰ এটা ভাণ্ডৰ সৃষ্টি কৰে, বাস্তৱিকতে শিক্ষক সেইসকলহে যি তেওঁক আহিব লগা সময়ৰ বাবে প্ৰস্তুত কৰে৷"

শিক্ষক দিৱসৰ এই পৱিত্ৰ দিনত পুথিগত শিক্ষাৰ লগতে মোক মানুহ হিচাপে নৈতিকতাৰে জীয়াই থকাৰ সাহস প্ৰদান কৰা প্ৰতিজন গুৰুলৈকে শ্ৰদ্ধা যাঁচিছো৷
--------------------------------------------------------------------

লেখক ইন্দোৰস্থিত বেৱ দুনিয়াত "ভাষা স্থানীয়কৰণ" প্ৰকল্পত কৰ্মৰত, তথা "বেজবৰুৱা শব্দাৱলী"ৰ ওপৰত কৰা গৱেষণাৰ বাবে ডক্টৰেট উপাধিৰে সন্মানিত৷ লগতে তেখেত শব্দ.অৰ্গ নামৰ অনলাইন অভিধান প্ৰণয়ন, অসমীয়া  ৱিকি, গণ-বিশ্বকোষকো সমৃদ্ধ কৰাত ব্ৰতী হৈ আছে৷
---------------------------------------------------------------
তেখেতৰ অনুদিত গল্পৰ সংকলন "জীৱন পথৰ বাধা আৰু অন্যান্য গল্প" প্ৰথমখন নীতিশিক্ষামূলক অসমীয়া ই-গ্ৰন্থ ৰূপে প্ৰকাশিত হৈছে৷ তাৰ বিনামূলীয়া পিডিএফ পাবৰ বাবে ইয়াতে ক্লিক কৰক৷

No comments:

Post a Comment