Thursday, September 5, 2013

অনুভৱৰ সঁফুৰা

আপোন মাতৃৰ স্পৰ্শৰ দৰেই পবিত্ৰ সেই স্পৰ্শ 
-প্ৰতিম প্ৰতাপ বৰুৱা

নিজৰ জীৱনটোৰ একেবাৰে আৰম্ভনিৰ মনত পেলাব পৰা দিনবোৰলৈ উভতি চালে আমি মা-দেউতাৰ লগতে আমাৰ সেইসময়ৰ শিক্ষক-শিক্ষয়ত্ৰী সকলৰ কেইজনমানকো একেলগে দেখা পাওঁ। 

এতিয়া ভাবি চালে দেখোঁ সেইসময়ত আমাৰ বাবে তেওঁলোক আৰু মা-দেউতাৰ মাজত বিশেষ একো প্ৰাৰ্থক্য নাছিল। তেওঁলোকক আমি নিজৰ মা-দেউতাৰ সমানেই শ্ৰদ্ধা-ভক্তি কৰিছিলোঁ, ভয় কৰিছিলোঁ। তেওঁলোকৰ অবাধ্য হোৱাৰ সাহসেই নাছিল। তেওঁলোকেও হয়তো আমাক নিজৰ সন্তান বুলিয়েই ভাবিছিল। মোৰ স্কুলীয়া জীৱনৰ আৰম্ভনিৰ সময়ছোৱাত শিক্ষাগুৰু হিচাপে পাইছিলোঁ ৺ শ্ৰীযুত খগেন্দ্ৰ নাথ দাস ছাৰ আৰু ৺ শ্ৰীযুতা লক্ষেশ্বৰী দত্ত বাইদেউক। শুদ্ধ বগা ধূতী-পাঞ্জাৱী চোলা পিন্ধা, একেপাকতে বৰ-অসমৰ মেপখন আঁকি লগে লগে সৰু-অসমখনো আঁকি দিয়া, অতি মৰমীয়াল দাস ছাৰৰ চেহেৰাটো আৰু মাতটো এতিয়াও স্পষ্টকৈ মনত আছে। 

দত্ত বাইদেউৰ মুকুতা যেন হাতৰ আখৰৰ নিচিনা আখৰ পিছৰ জীৱনত আন ক’তো দেখা নাই। বগা সাজ পিন্ধা, শুৱনি দত্ত বাইদেৱে মোৰ সেই সময়ৰ সৰু জীৱনটোত কিমানখিনি প্ৰভাৱ পেলাইছিল তাৰ প্ৰমাণ মোৰ পিছৰ জীৱনৰ প্ৰতিটো স্তৰত নিজেই দেখা পাইছিলো। শিক্ষা-জীৱন সমাপ্ত কৰি চাকৰি জীৱন আৰম্ভ কৰি অসমৰ পৰা আঁতৰি অহাৰ বহুদিন পিছত দত্ত বাইদেউক শেষবাৰৰ বাবে লগ পাইছিলোঁ। বাইদেউৰ দুভৰিত কপালখন লগাই দিছিলোঁ। মোৰ চুলিত বাইদেউৰ হাতৰ স্পৰ্শ অনুভৱ কৰিছিলোঁ। আপোন মাতৃৰ স্পৰ্শৰ দৰেই বাইদেউৰ হাতৰ সেই স্পৰ্শও মোৰ গোটেই গাতে বিয়পি পৰিছিল, মই চকুৰে জলক-টবক দেখিছিলোঁ। বাইদেউৰ ভৰিৰ পৰা মূৰ তুলি চাই তেওঁৰ মুখলৈ চাই দেখিছিলোঁ তেওঁ হাঁহিছে, তেওঁৰ দুচকুতো মোৰ দৰেই চকুলো। তেৱোঁ চকুৰে জলক-টবক দেখিছিল।
---------------------------------------------------
লেখক দিল্লী চৰকাৰৰ বাবে সেৱাৰত  তথ্য প্ৰযুক্তি বিশেষজ্ঞ 

No comments:

Post a Comment