Thursday, September 5, 2013

স্মৃতিৰ পাপৰিত

"জীৱনত প্ৰিয় শিক্ষকজনৰ প্ৰভাৱ"
-অনুপমা বৰগোহাঁই


মোৰ জীৱনত প্রিয় শিক্ষকজনৰ প্রভাৱ বুলি কলে মই কোনজন শিক্ষকৰ কথা কম বাৰু ?? মোক প্রথম আঙুলিত ধৰি আখৰ লিখিবলৈ শিকোৱা মোৰ শিক্ষয়ত্রী “মা” নে মাধ্যমিক স্কুলত নীতিশিক্ষা পঢ়ুৱা শেৱালী চেতিয়া বাইদেউ ..বুৰঞ্জী পঢ়ুৱা নীলিমা শৰ্মা বাইদেউ নে অসমীয়া পঢ়ুৱা হেমলতা শইকীয়া বাইদেউ ,ভূগোল পঢ়ুৱা ৰীণা খাউণ্ড বাইদেউ , বিজ্ঞান পঢ়ুৱা ৰীণা মজুমদাৰ বাইদেউ ... ইংৰাজী পঢ়ুৱা মাধুৰী ভূঞা বাইদেউ ..কাৰ কথা কম ?!!!

মোৰ জীৱনৰ ভিন ভিন সময়ত ভিন ভিন শিক্ষা গুৰুয়ে অমূল্য প্ৰভাৱ পেলাই আহিছে ... মই কেতিয়াও পাহৰিব নোৱাৰো প্রতিজন শিক্ষকৰ অকৃত্রিম মৰম আৰু আশীৰ্বাদবোৰ!! এই সকলো শিক্ষকেই মোৰ প্রিয় যি মোক সৎ ,সাহসী মানুহ হ’বলৈ, জীৱন কি চিনিবলৈ শিকালে !! ....

কটন কলেজত পঢ়োঁতে অংকৰ শিক্ষক তাৰাকেশ্বৰ চৌধুৰী চাৰ (যাক আমি টি চি চাৰ বুলি মাতিছিলোঁ ) মোৰ অন্যতম প্রিয় শিক্ষক আছিল । অংকৰ দৰে নিৰস বিষয় এটাও যে চাৰে ইমান ৰসালকৈ, সহজকৈ বুজাব পাৰিছিল ..সেয়া আজিও ভাবিলে আচৰিত হওঁ !! চাৰৰ প্ৰভাৱ মোৰ জীৱনত ইমানেই বেছি আছিল যে কলা শাখাৰ ছাত্রী হৈও আজীৱন অংক বিষয়টো লগত লৈ ফুৰিলোঁ সহায়ক বিষয় হিচাপে । উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ আগে আগে হোৱা বাচনি পৰীক্ষাত মোৰ অংক বিষয়ত সকলোতকৈ কম নম্বৰ দেখি চাৰে মোক নিজৰ কক্ষলৈ মাতি নি ( সেই সময়ত চাৰ গণিত বিভাগৰ মূৰব্বী অধ্যাপক আছিল ) আন এজন শিক্ষকৰ লগত পৰিচয় কৰোৱাই দি কৈছিল । “ এই ছোৱালীজনীয়ে মই গণিত বিষয়ত অসমৰ সকলোতকৈ বেছি নম্বৰ পাব বুলি সকলোকে কৈছিলোঁ ..কিন্তু আজি তাই গণিততে সকলো বিষয়তকৈ কম নম্বৰ পাইছে ..বৰ দুখ পাইছো মই”..মোলৈ চাই তেওঁ কৈছিল : “ আত্মবিশ্বাস থকাটো ভাল কথা ..কিন্তু অধিক আত্মবিশ্বাস ভাল নহয় !!” ..চাৰৰ এইষাৰ কথা আজিও মোৰ কাণত বাজি থাকে । নিজৰ সন্তানকো সদায় এইষাৰ কথা কৈয়েই সজাগ কৰি থাকো !!

কোনজন শিক্ষকৰ কথা মই নিলিখাকৈ থাকিব পাৰিম বাৰু আজি !!!..ডিব্রুগড় বিশ্ববিদ্যালয়ৰ অৰ্থনীতি শাখাৰ প্রতিজন শিক্ষক ..প্রতিজন গুৰু আজিও মোৰ বাবে প্রেৰণাৰ উৎস । বিশেষকৈ মোৰ গৱেষণাৰ পথপ্ৰদৰ্শক শিক্ষক স্বৰ্গীয় (ড:) জয়ন্ত গগৈ চাৰ ..যি মোক বিশ্ববিদ্যালয়ত নামভৰ্তি কৰা দিনৰ পৰাই প্রতিটো মূহূৰ্ততে প্ৰেৰণা আৰু আত্মবিশ্বাস যোগাই আহিছিল .. অসমীয়াত অৰ্থনীতিৰ প্রৱন্ধ লিখিবলৈ সাহস যোগাইছিল .. চাৰৰ উদ্যমতে “প্রধানমন্ত্রী ৰোজগাৰ যোজনাৰ” ওপৰত কৰা মোৰ গৱেষণাৰ ৰিপৰ্ট এটা “Assam Tribune” কাকতত প্রকাশ হৈছিল .. চাৰে মোক সদায় নিজক চিনি পাবলৈ ..নিজৰ ওপৰত বিশ্বাস ৰাখিবলৈ কৈছিল.. । ই সদায় ঋণী আৰু 

গৱেষণা আধৰুৱাকৈ এৰাৰ বাবে দোষী হৈ থাকিম !! কিন্তু চাৰৰ মোৰ ওপৰত থকা প্ৰৱল বিশ্বাস আৰু আশীৰ্বাদৰ বাবেই মই মোৰ জীৱন- যুদ্ধত সদায় জয়ী হৈ থাকিম বুলি ভাবো !!

জীৱন দৰ্শনৰ সন্ধানত...
শেষত মই মোৰ বৰ্তমানৰ জীৱন দৰ্শনৰ গুৰু “চেনচেই” ( জাপানী শব্দ: অৰ্থ শিক্ষক) ড: দাইচাকু ইকেডাৰ কথা নকলে মোৰ লিখনি অসম্পূৰ্ণ হ’ব । চেনচেই কেৱল মোৰেই নহয় ..এই পৃথিৱীৰ লাখ লাখ জনৰ শিক্ষক । ১৯২৭ চনৰ ২ জানুৱাৰীত জাপানৰ সাধাৰণ কৃষক পৰিয়ালত এটাত জন্ম গ্রহণ কৰা দাইচাকু ইকেডা ২য় মহাসমৰত ক্ষতিগ্রস্ত এজন দৰিদ্র, ৰুগীয়া, অৰ্থৰ অভাৱৰ বাবে অতি সোনকালে আনুষ্ঠানিক শিক্ষা শেষ কৰা কিশোৰ আছিল ।

নিজৰ ১৯ বছৰ বয়সত তেওঁ যচাই টডা নামৰ এজন বৌধ দৰ্শনৰ গুৰু তথা শিক্ষকৰ সান্নিধ্যত আহিল । সেইজন শিক্ষকৰ সান্নিধ্যই দাইচাকু ইকেডাক জীৱনৰ নতুন পথ চিনি পোৱাত সহায় কৰিলে.. ইকেডাই শিকিলে যে সকলো মানুহৰ ভিতৰত অপাৰ শক্তি ( বুদ্ধ হব পৰাৰ শক্তি ) আছে আৰু মানুহে ইচ্ছা কৰিলেই সকলো কৰিব পাৰে ..একো কামেই অসাধ্য নহয় । এই কথাৰ প্রমাণ ইকেডা চেনচেয়ে নিজৰ কৰ্মৰে দিছে । 

দৰিদ্র, টি বি ৰোগত আক্রান্ত এজন ব্যক্তি - যাক চিকিৎসকে মাত্র ৩২ বছৰ জীয়াই থাকিব বুলি কৈছিল – যাৰ আনুষ্ঠানিক শিক্ষা কম , তেনে এজন ব্যক্তি যাক আমি আজি ড: দাইচাকু ইকেডা বুলি জানো, তেখেতে তেখেতৰ শিক্ষকে দেখুৱাই দিয়া পথৰে গৈ নিজৰ মনৰ শক্তি আৰু বিশ্বাসৰ বলত সুস্বাস্থ্যৰে ৮৫ বছৰ জীয়াই থকাই নহয়, পৃথিৱীৰ না না দেশৰ বিশ্ববিদ্যালয়ৰ পৰা ৩০০ ৰো অধিক সন্মানীয় ডক্টৰেট ডিগ্রী লাভ কৰিব পাৰিছে । তেখেতে হাজাৰখন গ্রন্থ লিখিছে আৰু বেছি সংখ্যক গ্রন্থই পৃথিৱীৰ না না ( প্রায় ৪০টা ) ভাষালৈ অনুবাদিত হৈছে । এইজনা শান্তি পূজাৰী, বৌধ দৰ্শনৰ গুৰু ড: দাইচাকু ইকেডাৰ ছাত্রী বুলি কৈ মই গৌৰৱ অনুভৱ কৰো৷ 

প্রতিদিনা পুৱা শুই উঠিয়েই চেনচেই ইকেডাৰ উপদেশ পঢ়োঁ .. জীৱনত কেতিয়াবা কোনোবা মুহূৰ্তত সাহস হেৰুৱাব খুজিলে ..হতাশা বা নিৰানন্দ আহিলে তেখেতৰ যিকোনো এখন কিতাপ পঢ়িলেই পুনৰ আত্মবিশ্বাস জাগি উঠে । বিশ্বৰ লক্ষ জনক শান্তি, মানৱতা আৰু পৰোপকাৰৰ গুণ শিকোৱা জনতাৰ শিক্ষক, বৌধদৰ্শনৰ গুৰু ড: দাইচাকু ইকেডাৰ কেইটিমান উপদেশমূলক লেখনি যাৰ দ্বাৰা মই সদায় প্রভাৱিত হওঁ, সেয়া সকলোৰে বাবে উদ্ধৃতি কৰি দিলো :

“Grumbling and complaining are the principle gateways leading to general doubt and disbelief. Even if we know that such behavior is wrong, we may find ourselves doing it in spite of ourselves. Should grumbling and complaining become habitual it will act as a constant brake on our growth and cause us to forget about advancing and improving ourselves. When that happens, we effectively close off our own potential, falling into the path of seeking the law outside of us."
****
You may confront both steep mountains and deep valleys throughout the course of your life. The more you traverse such rugged terrain, the more you can come to understand the hearts of others and the anguish of those who are suffering. In this sense, as long as you remain undefeated by hardships, you can even regard them as your benefits. 
******
We must leave our lives wisely and thoughtfully. Many people tend to give up on the way to reaching their goal, thinking they have encountered a dead end. However, though it may be long and difficult, there is always another route, another solution to follow.

_______________________________________________________________
*লেখিকা নইডাস্থিত এগৰাকী সু-মাতৃ তথা সংবেদনশীল লেখিকা ৷

No comments:

Post a Comment