হৃদয়ৰ নিৰ্ভৃত কোণত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হৃদয়ৰ নিৰ্ভৃত কোণত

হৃদয়ৰ নিৰ্ভৃত কোণত

Share This
মোৰ পাঁচজন প্ৰিয় শিক্ষক

- হেমচন্দ্ৰ দত্ত

মোৰ ৫ জন প্ৰিয় শিক্ষকৰ কথা লিখিবলৈ ক'লে মোৰ মনলৈ আহে ঢকুৱাখনাৰ জালভাৰী এম ভি স্কুলৰ ইংৰাজীৰ শিক্ষক মহেন্দ্ৰ গগৈ ছাৰৰ কথা ।ছাৰে ইমান ধুনীয়াকৈ ইংৰাজীৰ পাঠদান কৰিছিল যে মই অষ্টম শ্ৰেণী পাওমানে ধুনীয়াকৈ ইংৰাজী ক'ব আৰু লিখিব পৰা হৈছিলো।

মোক পশ্চিম ঢকুৱাখনা ইস্কুলত ইংৰাজী পঢ়াইছিল প্ৰয়াত হৰেণ বৰুৱা ছাৰে ।
ছাৰে মোক Hornby ৰ dictionary আৰু grammar খন অষ্টম শ্ৰেণীত থাকোতে কিনি দিলে।

প্ৰকৃততে ইংৰাজী বিষয়টোৰ প্ৰতি মোৰ টান বৃদ্ধি কৰা মানুহজনেই আছিল হৰেণ বৰুৱা ছাৰ। মোৰ সন্দেহ হয় আজিৰ দিনতো হাইস্কুলৰ কেইজন শিক্ষকে Hornby, Gatenby আৰু Wakefield ৰ Oxford advanced learner's dictionary of current English খন দেখিছে আৰু ছাত্ৰক কিনি পঢ়িবলৈও দিছে !

বৰুৱা ছাৰ বৰ আপ-টু-ডেট মানুহ আছিল ।
মোক বৰ মৰম কৰিছিল।
নৱম শ্ৰেনীত থাকোতে মোৰ writer's cramp হ'ল ।
মই এই ৰোগটোৰ নাম দিছো শিপীনি বেমাৰ।
লিখি থাকোতে হাত ফন্দিয়াই ধৰে ।
তাঁত বোৱা শিপীনিসকলৰ এই বেমাৰ প্ৰায়ে হয়।
মোৰ writer's cramp হোৱাত প্ৰয়াত বৰুৱা ছাৰে মনত বৰ দুখ পাইছিল।

উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত আমি প্ৰিন্সিপাল হিচাবে পাইছিলো হেমেন গগৈ ছাৰক । তেখেতে আমাক পাঠদান কৰা নাছিল যদিও জীৱন সম্পৰ্কে এটা সদা-জাগৰুক মনোভাৱ মোৰ মনত গঢ়ি তোলাত সহায় কৰিছিল।
আজি যদি কিবা এটা কৰিব পাৰিছোঁ, তাৰ কৃৰ্তিত্ব কিন্তু গগৈ ছাৰৰে ।

মোৰ মা দেউতা মোৰ অন্যতম প্ৰধান শিক্ষক।  দুয়ো অশিক্ষিত আছিল যদিও প্ৰজ্ঞাৰ আলোকেৰে উজ্বল আছিল।
তেওঁলোকৰ প্ৰজ্ঞাৰ পোহৰক সাৰথি কৰি বাট বুলিছিলো ।

সম্প্ৰতি মোৰ শিক্ষক হ'ল মোৰ দুখবোৰ।
এখন দুখৰ নৈত অনবৰতে সাতুৰি থাকোঁ।
দুপাৰ উপছি পৰা দুখবোৰে মোক অনেক কথা শিকাইছে --- বিষয়ৰৰ পৰা বিষয়ান্তৰলৈ ।
মই সকলো শিক্ষকৰ ওচৰতে চিৰ-কৃতজ্ঞ।
-------------------------------------------------------------------
লেখক বৰ্তমান গুৱাহাটী নিবাসী, একেধাৰে লেখক, সাংবাদিক আৰু বৰ্তমান ফ্ৰী-লেন্স অনুবাদক ৰূপে অসমীয়া সাহিত্যক ইংৰাজীত ৰূপদান কৰি বিশ্ব দৰবাৰলৈ নিয়াৰ কামত ব্ৰতী হৈ আছে৷ শেহতীয়াকৈ সৌম্যদ্বীপ দত্তৰ প্ৰকৃতি বিষয়ক এখন গ্ৰন্থ এখেতে কৰা ইংৰাজী অনুবাদ ভৱানী বুকচে প্ৰকাশ কৰি উলিয়াইছে৷

No comments:

Post a Comment