লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. হাজোত বিদ্যুত যোগান নিয়মীয়া কৰাৰ দাবীৰে বিজুলী মন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰাৰ বাতৰি৷ লাইট নাথাকিলে এনে জুই দুই একুৰা ধৰিয়ে নিয়মীয়াকৈ ঠাইবোৰ পোহৰ কৰি ৰখাৰ বাহিৰে উপায় নাই বুলি প্ৰতিবাদকাৰীয়ে কৰিলে মত প্ৰকাশ৷
হাজোত আৱিস্কৃত পোহৰৰ
নতুন উৎস
২. বিমান বন্দৰত গ্ৰেপ্তাৰ হ’ল পলাতক কলেজৰ অধ্যক্ষ,  অন্ততঃ নিজৰ ষ্টেণ্ডাৰ্ড বজাই ৰাখিলে বুলি অধ্যক্ষ পৰিষদৰ সন্তোষ প্ৰকাশ৷ পৰিত্যক্ত ৰেলৱে ডবাৰ পৰা উদ্ধাৰ নহৈ সন্মান ৰক্ষা কৰাৰ বাবে জ্ঞাপন কৰিলে ধন্যবাদ৷ কেলেংকাৰী, জালিয়াতি আজিৰ সমাজৰ অবিচ্ছেদ্য অংগই, সেয়া মানি লব পাৰি, কিন্তু ব্যক্তিগত জীৱনত ষ্টেণ্ডাৰ্ড ডাউন কৰাটো মানি লব নোৱাৰি বুলি কৰিলে মন্তব্য৷

৩. অসমত ঘূৰি ফুৰিছে ১০হাজাৰতকৈ অধিক এইডছ ৰোগী৷ পঞ্জীয়ন-প্ৰতিৰোধ অবিহনেই দৈনিক ৰোগ বিয়পাইছে বুলি ছপা হ’ল সংবাদ শিৰোনাম৷ চৰিত্ৰহীন লোক সকলে এইডছক একোটা সুযোগ দিয়াৰ বাবেই এই প্ৰসাৰতা সম্ভৱ হোৱা বুলি বিশ্লেষকে জনাইছে৷ কনডমে নহয়, নৈতিক শিক্ষাইহে এইৰোগ প্ৰতিৰোধত সহায় কৰিব বুলি এইডছ কণ্ট্ৰ্ল বিভাগক চৰিত্ৰ পাঠৰ কিতাপ ছপাই বিলাবলৈ বুলিও আহ্বান জনাইছে৷

৪. তিনি টকাত চাউল কিনি ৯০ টকাৰ ডালি কিনিব নোৱাৰা বাবে পদুম পাৰ্টিত যোগদান কৰিলে অন্তোদ্যয়া হিতাধিকাৰী সংঘই৷ সৰ্ব-এনজয় সোনোৱালে দিলে তিনি টকীয়া দালি ভাত খুওৱাৰ লোভনীয় প্ৰতিশ্ৰুতি৷ অতি সোনকালে পাৰ্টিত যোগ দিলে ১ কেজিকৈ পিয়াঁজ বিনামূলীয়াকৈ দিয়াৰ বাবে অফাৰ কৰিলে জাৰি৷ এই অফাৰ ষ্টক থকালৈহে প্ৰযোজ্য হব বুলিও কৰিলে ঘোষণা৷

৫. সম্ভৱ নহয় হেনো বড়োলেণ্ড৷ ইমান দিনে এই কথাষাৰকে কিয় নাছিল বুলি হাংগামাক প্ৰশ্ন তুলিলে ৰিপুদমন বৰাই৷ আগতেই কথাষাৰ কোৱা হ’ল ইমান শ্বহীদ, ভাই-ভনী হত্যা ৰোধ কৰিব পাৰিলেহেতেন বুলিও কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য৷ এনেকৈ কেতিয়াবা ৰাজনীতিৰ উৰ্ধত সত্য বচন বোলাৰ প্ৰশংসনীয় পদক্ষেপ আন ৰাজনেতা সকলেও শিকি লব লাগে বুলিও আগবঢ়ালে পৰামৰ্শ৷

৬. ভুৱা ৰেচন কাৰ্ড কেলেংকাৰীত খাদ্য যোগান বিভাগে লেহেম কৰি থকাৰ বাবে ভুয়সী প্ৰশংসা কৰিলে ভুৱা হিতাধিকাৰী সন্থাই৷ দেশত ইমান ডাঙৰ ডাঙৰ কেলেংকাৰী থাকোতে সৰু চাউল, কেৰাচিনৰ কাৰ্ডৰ কেলেংকাৰী ধৰি নাটক নকৰিলেও হব বুলি দোহাৰিলে সন্থাৰ সভাপতিয়ে৷ 

৭. বিমানকোঠ কেলেংকাৰীৰ তদন্তৰ বাবে ডিব্ৰুগড় পালেগৈ ক্লীন চিট ব্যুৰো অৱ ইণ্ডিয়াৰ দল৷ সঠিক কমিচনৰে বুজাবুজি নকৰিলে কোনো অপৰাধীকে ক্লীন চিট নিদিয়ে বুলি সঁকিয়াই দিলে দলটোৰ নেতাই৷ কমদামত ৰাজী হোৱাৰ প্ৰশ্নই নুঠে, তেনে অফাৰ পালে ৰাইজেকই ন্যায় প্ৰদান কৰি দিব বুলিও প্ৰকাশ কৰিলে শলাগনীয় মন্ত্বব্য৷

৮. অংগনবাড়ী কেন্দ্ৰলৈ যোগান ধৰা নিম্নমানৰ চাউল-দালিৰ নুমনা দিলে সঞ্চালকক৷ সঞ্চালকৰ পৰা কমিচন কম খোৱাৰ প্ৰতিশ্ৰুতি বিচৰাৰ দাবীত অক্ষুন্ন হৈ থাকিল সহায়িকা সন্থা৷ লক্ষ্মী দেৱীৰ আশীষত কৰ্তন কৰিবলৈ  দাবী কৰাক লৈ সঞ্চালক গৰম হোৱাৰ খবৰ৷ দিছপুৰে খোৱা কমালেহে তেখেতে কমাব পাৰিব বুলি কৰিলে ভাষ্য প্ৰকাশ৷

৯. কমলাপুৰত বিসম্বাদীৰ মাৰত আহত হ’ল এজন যুৱ কম-বেছি৷ কইনাধৰাৰ কমলা মিঠা বুলি কোৱাৰ বাবেই কম-বেছি কৰ্মীজনৰ ওপৰত বিসম্বাদী সকল গৰম হৈ পৰাৰ খবৰ৷ তেখেত সকলে সেই কমলা টেঙা বুলি সৰ্বসন্মত ভাৱে প্ৰস্তাৱ গৃহীত কৰাৰ বাবেই তাত সমবেত হোৱাৰ খবৰ৷ কম-বেছিৰ মাজত এনে মাৰপিট অতিশয় পাৰম্পৰিক আৰু কম-বেছি পৰম্পৰাৰ অংশ বুলিও স্থানীয় সভাপতিয়ে মত প্ৰকাশ কৰিছে৷ 

১০. পুনৰ অধিবক্তাই তুলি ল’লে আইন, যোৰহাটত আদালততে পুলিচক কৰিলে প্ৰহাৰ৷ বিধায়ক চাৰৰ পথেৰেই তেওঁলোক আগবঢ়া বুলি কৰিলে মত প্ৰকাশ৷ বাৰৰ চুকত গৈ আত্মগোপন কৰি গ্ৰেপ্তাৰৰ পৰা সাত সাৰিব বিচৰা কাৰ্যকো বিধায়কেও বাৰত বহাৰ লগত কৰিলে তুলনা৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages