প্ৰচ্ছদ নিৱন্ধ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

প্ৰচ্ছদ নিৱন্ধ

Share This
ৰাষ্ট্ৰ আৰু ৰাজনীতিৰ চিন্তাত ধেমাজি
- ভোগেশ্বৰ দত্ত


ধেমাজি জিলা সম্প্ৰতি ভাৰত-ৰাষ্ট্ৰৰ অংগ ৰাজ্য অসমৰ এটা প্ৰশাসনীয় গোট । অসমৰ জাতীয় বুৰঞ্জীত পোৱা মতে ব্ৰক্ষ্মপুত্ৰৰ উত্তৰ পাৰ, সোৱণশিৰি পূৰ্বাঞ্চল আৰু চটাই পৰ্বতৰ সক্ষিণ ফালৰ সংলগ্ন ভূ-খণ্ডক একালত “হাবুং” বোলা হৈছিল। অতীজৰ “হাবুঙত” অন্তৰ্ভূক্ত আছিল এতিয়াৰ ঢকুৱাখানা মহকুমা । বহুদিন ৰাজহুৱা দাবীৰ পিছত সংহত এলেকাটোক প্ৰথমে ধেমাজি মহকুমা আৰু ধেমাজি জিলাৰ মৰ্য্যদালৈ উন্নীত কৰে স্বাধীনোত্তৰ চৰকাৰে ।
ৰংছটিওৱা পথাৰত
পৰম্পৰাগত কুকুৰা যুঁজ

ভৌগালিক অৱস্থিতি, সামাজিক-গাঁথনি, ৰাষ্ট্ৰৰ আন্তঃগাঁথনিৰ উন্নতি সাধনত অৱহেলিত এই ভু-খণ্ড শস্যে-মৎস্যে অনুপম আছিল । প্ৰধানতঃ স্বাধীন ভাৰতৰ সাংবিধানিক ব্যৱস্থা মতে অন্যান্য পিছপৰা শ্ৰেণী আৰু বিকাশমান জনজাতীয় গোষ্ঠী কেইটামানৰ আবাসভূমি ধেমাজি জিলা ।ধেমাজি মহকুমা আৰু জিলা গঠনৰ পিছত দেশৰ বিভিন্ন এলেকাৰ ভিন্ন জাতি সত্তা সুকীয়া –সুকীয়া ভাষা-ধৰ্মাৱলম্বী লোকৰ দ্ৰুত গতিত আগমন ঘটিছে । ব্যৱসায়-বাণিজ্যৰ প্ৰসাৰ, শিক্ষাৰ বিস্তাৰ, বিজ্ঞান আৰু প্ৰযুক্তিৰ বিকাশ আৰু নগৰীকৰণৰ প্ৰক্ৰিয়াই ধেমাজি জিলাৰ জন-গাঁথনি, সামাজিক সমন্বয়-সম্প্ৰীতিৰ উপাদানবোৰে স্বাভাৱিকতে ধেমাজিৰ জনজীৱনৰ নতুন মাত্ৰা প্ৰদান কৰিছে । জনমনত ৰাষ্ট্ৰ আৰু ৰাজনৈতিক চিন্তা-চৰ্চাৰ কৰ্ষণেও কিছুমান সুকীয়া বৈশিষ্ট্য বহন কৰা পৰিলক্ষিত হৈছে । ক্ৰমে বহুমুখী চৰিত্ৰ পৰিগ্ৰহণ কৰিছ । 


আমাৰ সমাজ বিকাশৰ “সামন্তীয়” স্তৰত ৰজাদিনীয়া ৰাষ্ট্ৰ ব্যৱস্থাত এই ভূ-খণ্ডত বসবাসকাৰী লোকসকলৰ আৰ্থ-সামাজিক জীৱন-প্ৰণালী সহজ-সৰল আছিল । সৰল কৃষি উৎপাদন প্ৰণালী, সহজ-সাধ্য সামাজিক আত্মীয়তাৰ উপাদানে এক গোট কৰা সমাজ জীৱনত আমাৰ পূৰ্ব-পুৰুষ সকলৰ ৰাষ্ট্ৰ আৰু ৰাজনৈতিক চিন্তা-চৰ্চা আছিল “ যিয়েই ৰজা তাৰেই প্ৰজা ।’’

সাৰুৱা কৃষিভূমি, বনজ সম্পদ, জল-সম্পদত উভৈনদী অৱস্থাত সু্স্থিৰ সমাজ, সমৃদ্ধ জীৱনৰ সন্ধানত বিকাশমান জনগোষ্ঠী সমূহৰ ভিন্ ভিন্ সামাজিক আত্মপৰিচয় বহন কৰা নৃ-গোষ্ঠীয় লোকসকলে এই ভূ-খণ্ডত সামুহিক জীৱ্ন প্ৰণালী (collective community life ) গঢ়ি তুলিছিল । সমাজ-বিজ্ঞানৰ মতে বহু উপাদান বিশিষ্ট এনে সমাজ জীৱনৰ পাতনিয়ে স্বকীয় সাংস্কৃতিক লোক উৎসৱ, নৃত্য-গীত, সংমিশ্ৰিত সামাজিক আচাৰ আচৰণত স্বাভাৱিক ৰূপত ঠন ধৰি উঠিছিল আমাৰ যৌগিক সমাজ, যৌগিক সংস্কৃতি ( Composite Society and Composite Culture) আৰু সামূহিক বিকাশৰ আশা-স্পৃহা (Common aspiration for inclusive social development)। সেই অনুপাতে ৰাষ্ট্ৰ আৰু ৰাজনৈতিক চিন্তা-চৰ্চাৰ ক্ষেত্ৰত আমাৰ পুৰ্ব-পুৰুষসকল অগ্ৰসৰ নাছিল বুলিবই পাৰি ।

কিন্তু সুকীয়া সুকীয়া সামাজিক বিশ্বাস, নৃ- গোষ্ঠীয় পৰম্পৰাৰ আদান-প্ৰদান আৰু সহবাসে সামাজিক প্ৰগতিৰ চিন্তা-চেতনাই দেশ আৰু দেশৰ ভৱিষ্যতৰ ৰেহ-ৰূপ সম্পৰ্কে সংগঠিত চেতনাই আজিও আমাৰ সমাজ জীৱনত সৃষ্টিশীল আলোড়ন তাৎপৰ্যপূৰ্ণ হৈ উঠা নাই । সেয়ে আমাৰ সামাজিক জীৱনত আৰ্থ-সামাজিক (Socio-Economic), সামাজিক-সাংস্কৃতিক (Socio-Cultural) আৰু সামাজিক-ৰাজনৈতিক (Socio-Political) চিন্তা-চৰ্চাই একত্ৰিতভাৱে উন্নীত স্তৰলৈ আমি নিব পৰা নাই । 

প্ৰসংগক্ৰমে ক’ব পাৰি “কোনো এখন সমাজৰ আৰ্থ-সামাজিক গাঁথনিয়ে সেই সমাজৰ উপৰিসৌধৰ অন্যান্য দিশবিলাক নিৰ্ণয় কৰে” বোলা সমাজ-ৰাজনৈতিক বিজ্ঞানৰ মূল-তত্বই আমাৰ বৌদ্ধিক সমাজকো আলোড়িত কৰা নাই । আমাৰ বস্তু-নিষ্ঠ মতাদৰ্শৰ কৰ্ষণত শিথিল মনোভাব আঁতৰাই দেশ, জাতি, মানুহৰ ভৱিষ্যতৰ ক্ষেত্ৰত আমাৰ আশাবাদ, জাতীয় গৌৰৱ, দেশ-প্ৰেমৰ অবিচল আৰ্হি ৰচনাত আমাৰ অৰিহণাৰ মাত্ৰাও আপেক্ষিকভাৱে দুৰ্বল যেন অনুভৱ হৈছে । আমাৰ আত্ম-জিজ্ঞাসা বঢ়াব লাগিব । কিন্তু যি সাৰ্বজনীন প্ৰক্ৰিয়া আৰম্ভ হৈছে, সেইটোৱেই ভৰসাৰ থল ।

অসমত বৃটিছ ঔপনিৱেশিক শাসনৰ পাতনি মেলে ইয়াণ্ডাবু চুক্তি মতে । বৃটিছ ৰাজে ঔপনিৱেশিক প্ৰণালীত সমাজক গঢ়ি তোলাত সক্ৰিয় হৈছিল । আমাৰ সেইকালৰ আঢ্যৱন্ত কিছুলোকে বিদেশী শাসনৰ প্ৰতি অনুকূলীয় মনোভাৱ পোষণ কৰিছিল । তেনে ধৰণৰ বচা-বচা লোক কিছুমানক “ৰায়চাহাব”, “ৰায়-বাহাদুৰ”, “গাঁওবুঢ়া” পাতি আমাৰ সমাজত নতুন এটা স্তৰ গঢ়ি তুলিছিল । আমাৰ ৰজাদিনীয়া সামাজিক-ৰাজনৈতিক গাঁথনিৰ পৰিবৰ্তন কৰি বৃটিছ ঔপনিৱেশিক ব্যৱস্থাৰ অনুকূলে গাঁৱে-ভুঞে নতুন আৰ্হিৰ সমাজ-নিয়ন্ত্ৰণৰ আহিলা গজ-গজীয়া কৰিছিল । পুঁজিবাদী গাঁথনি চালু কৰিছিল৷ বচা-বচা কিছুমান ঠাইত ভিন্ন স্তৰৰ বিদ্যালয় পাতি পশ্চিমীয়া শিক্ষাৰ আৰ্হিত নতুন এচাম লোকক গঢ়ি তুলিছিল । ইয়াৰ প্ৰেক্ষাপটত এচাম শিক্ষিত মধ্য শ্ৰেণীৰ মনত দেশপ্ৰেমৰো অংকুৰণ ঘটিছিল । লাহে লাহে এই ধাৰটো পৰিপুষ্ট হৈয়ো উঠিছিল ।

প্ৰশাসনীয় ক্ষেত্ৰত ৰজাদিনীয়া শাসন প্ৰণালী পৰিৱৰ্তন কৰি দেশজুৰি প্ৰাদেশিক শাসন, জিলা-মহকুমা, থানা, ৰাজহচক্ৰ, মৌজা গঠন কৰি বিদেশী শাসক শ্ৰেণীৰ শাসন-শোষণৰ যন্ত্ৰ প্ৰতিষ্ঠা কৰিছিল । সেই হিচাবে আজিৰ ধেমাজি জিলাৰ ভূ-খণ্ডত বৃটিছ ৰাজে প্ৰতিষ্ঠা কৰা লক্ষীমপুৰ জিলাৰ অংগ অঞ্চল ৰূপে স্বীকৃত হৈছিল। প্ৰসংগক্ৰমে সুঁৱৰিব পাৰি য়ে, বৃটিছ ৰাজৰ পাতনিৰ পৰাই স্বাধীনচিতীয়া দেশ-প্ৰেমিক প্ৰেৰণাত আলোড়িত বহু অসম-সন্তানে অসমৰ স্বাধীন ৰাজনৈতিক সত্তা ৰক্ষাৰ বাবে প্ৰতিৰোধ সংগ্ৰাম গঢ়িও তুলিছিল । বৃটিছ ৰাজে নিৰ্বিচাৰে বিদ্ৰোহাত্মক কাম-কাজক দমন কৰিছিল ।

পৰৱৰ্তী বৃটিছ সাম্ৰাজ্যবাদ বিৰোধী দেশৰ স্বাধীনতা সংগ্ৰামতো অনেক দেশ-প্ৰেমিক ৰাজনৈতিক লোকে শ্বহীদত্ব কৰণ কৰিছিল । বহুতো মুক্তিযোদ্ধা নিৰ্যাতিত হৈছিল । সেই মুক্তিযোদ্ধাসকল আমাৰ জাতিষ্মৰ ।

বৃটিছ সাম্ৰাজ্যবাদৰ ৰাজনৈতিক দাসত্ব, আৰ্থিক শোষণ, সাংস্কৃতিক অৱদমনৰ গ্ৰাসৰ পৰা স্বাধীনতাৰ প্ৰেৰণাত গঢ়ি উঠা ৰাজনৈতিক চিন্তা-চেতনা, ক্ৰিয়া-কলাপে দেশ জুৰি নগৰ-চহৰ, গাঁও-ভূঁইৰ জনমনত তীব্ৰ আলোড়ন সৃষ্টি কৰিছিল । আমাৰ অগ্ৰজ মুক্তি যোদ্ধাসকলে আমাৰ জিলাখনতো সক্ৰিয়-ভূমিকা পালন কৰি বিদেশী শাসকৰ হাতত নিৰ্যাতিত হৈছিল ।

প্ৰায় শত বছৰীয়া ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ৰাজনৈতিক ধাৰাও আছিল দুই ধাৰাৰ । প্ৰধান ধাৰাটো আছিল গণতান্ত্ৰিক গণজাগৰণৰ ধাৰা আৰু আনটো আছিল সশস্ত্ৰ সংগ্ৰামৰ ধাৰা । এই দুই ধাৰাই ভাৰতৰ সকলো অঞ্চলৰ বিভিন্ন জাতি-সত্তা, জনগোষ্ঠী, ভাষা-ধৰ্মাৱলম্বী লোকৰ মনত ৰাজনৈতিক চিন্তা-কৰ্ষণৰ উপাদানে জাগৰণৰ সৃষ্টি কৰিছিল । কাজেই স্বাধীনতাকৰ্মী ভাৰতীয় নৰ-নাৰীৰ মুক্তি সংগ্ৰামে বৃটিছ সাম্ৰাজ্যৰ বৰ ভেটিত কঁপনি তুলিছিল । বৃটিছৰাজে ১৯৮৭ চনৰ পোন্ধৰ আগষ্টত ভাৰতৰ স্বাধীনতা ঘোষণা কৰিবলৈ বাধ্য হৈছিল ।

স্বাধীন ভাৰতৰ নিৰ্বাচিত সাংবিধানে সভাই প্ৰস্তুত কৰা সংবিধান ১৯৫০ চনৰ ২৬ জানুৱাৰীত গ্ৰহণ কৰি সাৰ্বভৌম ভাৰত প্ৰজাতন্ত্ৰ ঘোষণা কৰিছিল । গৃহীত সাংবিধানৰ মুখবন্ধত ঘোষিত হ’ল “আমি ভাৰতৰ জনগণে ভাৰতক এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰূপে গঢ়ি তুলিবলৈ এই ৰাষ্ট্ৰখনত সামাজিক-আৰ্থিক, ৰাজনৈতিক ক্ষেত্ৰত ন্যায়-প্ৰতিষ্ঠাৰ চিন্তা-চৰ্চা, মত-প্ৰকাশ, বিশ্বাস, উপাসনা-আৰাধনা কৰাত স্বাধীনতা, সকলোৰে সম মৰ্য্যদা, সুযোগ-সুবিধা আৰু বিকাশৰ ক্ষেত্ৰত সমতা, ব্যক্তিৰ সম-মৰ্যদা আৰু ভাতৃত্ববোধৰ নিশ্চয়তা প্ৰদানেৰে ৰাষ্ট্ৰীয় ঐক্য সংহতি অটুট ৰখাত অংগীকাৰবদ্ধ হৈছোঁ।’’ স্বাধীন ভাৰতৰ জনগণৰ এই অংগীকাৰ সকলো ভাৰতীয় নাগৰিকৰ অংগীকাৰৰূপে স্বীকৃত হৈ আছে ।



কিন্তু স্বাধীনোত্তৰ কালছোৱাত দিল্লীত ৰাষ্ট্ৰ ক্ষমতাৰ চাবি-কাঠি চলোৱা শাসক শ্ৰেণীয়ে আমাৰ দেশখনক “সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক প্ৰজাতন্ত্ৰ ৰূপে” গঢ়ি তোলাত অবিচল ৰাজনৈতিক সদিচ্ছা ৰক্ষা কৰাত ব্যৰ্থ হৈছে । “আম আদমী” মুখী নীতি এৰি “খাচ-আদমী”ৰ সেৱাদাসত পৰিণত হৈছে জনগণৰ দ্বাৰাই নিৰ্বাচিত শাসক চক্ৰ। 

কাজেই ভিন্ন দল-মতৰ ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে আশী শতাংশ দেশবাসী পীড়িত হৈছে । জনগণৰ ন্যায্য ক্ষোভে দেশত জন্ম দিছে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক গণতান্ত্ৰিক দল আৰু কিছুমান সশ্ৰসস্ত্ৰ সংগ্ৰামৰ সংগঠন ।জনগণৰ ন্যায্য ক্ষোভত দেশ জটিল প্ৰক্ৰিয়াৰ মাজেদি চলিব ধৰিছে ।ৰাজনৈতিক দলবোৰ সংসদ বা বিধান সভাৰ নিৰ্বাচনবোৰত শাসনৰ বাবে নিৰংকুশ ৰায় (Mandate to Rule ) হেৰুৱাইছে; বহু দল সংগঠনৰ জোঁট গঠিত হৈছে । দেশত প্ৰতিষ্ঠিত সংসদীয় গণতান্ত্ৰিক ব্যৱস্থা আৰু ৰাজনৈতিক মত-পথে প্ৰত্যাহ্বানৰ সন্মুখত থিয় দিছে । এনে অৱস্থাৰ প্ৰেক্ষাপটত জনগণৰ দ্বাৰাই জনগণৰ বাবে জনমুখী বিকল্প পথ বাচি ল’ব লাগিব; ইয়াৰ অবিহনে অন্য পথ নাই । জনঐক্য জনগণৰ গণতান্ত্ৰিক সংগ্ৰামেই আমাৰ একমাত্ৰ আশা-ভৰসাৰ থল, সুন্দৰ ভৱিষ্যৰ আশা; তেহে আমাৰ উৎসৱ- জনগণৰ সন্মিলিত মহোৎসৱলৈ ৰূপান্তৰিত হ’ব ।

“দেশতকৈ কোনো মোমাই ডাঙৰ নহয় ।’’
----------------------------------------------------------------------
লেখাটো ধেমাজি উৎসৱৰ স্মৰণিকা "ৰংছটিওৱাত পূৰ্বে প্ৰকাশিত,  লেখক সাপ্তাহিক জনমত কাকতৰ সম্পাদনামণ্ডলীৰ সদস্য তথা ৰাজ্যৰ এজন প্ৰবীণ বামপন্থী ৷ অসমীয়া ইউনিকোডকৰণ কৰিলে কলিকতাস্থ অসমীয়া ডেকা অৰূপজ্যোতি সন্দিকৈয়ে ৷

1 comment:

  1. লেখাটো পঢ়ি ভাল পালো , সময় উপযোগী লেখা । আগলৈও "ধেমাজি জিলা"ৰ ওপৰত লিখিব বুলি আশা কৰিলো ।

    ReplyDelete

Post Bottom Ad

Responsive Ads Here

Pages