Sunday, September 8, 2013

অনুভৱৰ পৃথিৱী

ভূপেন দাৰ লগত দুটা মূহুৰ্ত
- অঞ্জলি সোনোৱাল
ভূপেন হাজৰিকা এনে এটা নাম যিটো প্ৰতিজন অসমীয়াৰ হিয়াত খাজ কাটি সোমাই আছে। তেওঁৰ সানিধ্যধন্য হোৱা সকল সঁচাই ভাগ্যবান। মই সেই শাৰীত নপৰোঁ যদিও তেওঁক অতি ওচৰৰ পৰা দেখা সেই দুটা মূহুৰ্ত্ত আজিও মানস পটত জিলিকি আছে।

চন তাৰিখ পাহৰিছোঁ। ‘মণিৰাম দেৱান’ চিনেমা খন মুক্তি পোৱাৰ সময়ৰ কথা। ডিগবৈৰ ইণ্ডিয়া ক্লাবত হোৱা অনুস্থান এটালৈ তেওঁ আহিছিল। গোটেই দলটোৰ লগত ৰঞ্জনা বৰদলৈ বাইদেউও আহিছিল আৰু আমাৰ ঘৰৰ কাষৰ এঘৰত বাইদেউৰ থকাৰ ব্যৱস্থা হৈছিল। পিছদিনা পুৱা বাইদেউক নিবলৈ ভূপেন দা মানুহ ঘৰলৈ আহোঁতে তেখেতক অতি ওচৰৰ পৰা দেখা পাইছিলোঁ। তেতিয়া পুৱা দহ বাজিবৰ হৈছিল। বাইদেউক তেখেতে কোৱা শুনিছিলোঁ বোলে আজিৰ ‘অসম বাণীত’ মনিৰাম দেৱান বোলছবি খনৰ কথা লিখিছে। ক’ত পোৱা যাব জানো। মই লগেলগে মাত দিলো আমাৰ ঘৰতেই আছে বুলি। তেখেতে মোক ক’লে,আনি দিবলৈ পাৰিবা নেকি? মই একে দৌৰে ঘৰৰ পৰা আনি তেওঁৰ হাতত দিলোঁহি। তেওঁলোক গাড়ীৰ কাষতে ৰৈ গ’ল আৰু ভূপেন দাই থিয়ই থিয়ই খৰধৰকৈ কথাখিনি পঢ়ি বাইদেউ আৰু লগৰ জনক কিবা এটা কৈছিল মই শুনা নাপালোঁ যদিও তাত চিনেমা খনৰ কিবা এটা কথা যে লিখিবলৈ থাকি গ’ল বুজিব পাৰিলোঁ। 

দ্বিতীয় বাৰ তেখেতক লগ পাইছিলোঁ আমাৰ স্কুললৈ আহোঁতে। স্কুলৰ অনুস্থানৰ শেষত আমি অটোগ্ৰাফ লবলৈ হেতাওপৰা লগাইছিলোঁ। কিন্তু ইমান বোৰক তৎক্ষনাতে অটোগ্ৰাফ কেনেকৈ দিব। গতিকে ঠিৰাং কৰা হ’ল তেওঁলৈ বহীবোৰ পঠিয়াই দিয়া যাব। পিছদিনা আমি যেতিয়া বহীবোৰ ঘূৰাই পালো চাবলগীয়া অৱস্থা হৈছিল। কোনে আগেয়ে নিজৰ বহীখন পাব পাৰে। সকলোৰে নামৰ লগত মিলাই মিলাই একোশাৰী অমূল্য বাৰ্তা লিখি দিছিল।

মোলৈ লখিছিল-‘অঞ্জলি, ত্যাগৰ অঞ্জলিৰে তুমি জীৱন জয় কৰিবা, পাৰিবা?’ বাৰে বাৰে পঢ়িছিলোঁ সেই শাৰীটো। তাৰ পিছত কোনে কি কি বাৰ্তা পালে ইজনীয়ে সিজনীৰ বহীবোৰ চাইছিলোঁ। 

জীৱনত একোৱেই ত্যাগ কৰিব নোৱাৰিলোঁ দেখোন। মাত্ৰ লাগে, লাগে আৰু লাগেতেই যেন এই জীৱনটো শেষ হৈ যাবলৈ ধৰিছে। এতিয়া এনে লাগে সেই ‘ভায়া মামা’ৰ নাটকৰ কথাখিনি, কি ত্যাগ কৰিব ভাবি ভাবি অৱশেষত সময়মতে মল-মূত্ৰ ত্যাগ কৰাটোতেই ৰ’লগৈ।

আজি ভূপেনদাৰ জন্মদিনত তেওঁলৈ শ্ৰদ্ধাঞ্জলি যাঁচিলো।
তেওঁৰ আত্মায়ে চিৰশান্তি লাভ কৰক।

No comments:

Post a Comment