Monday, September 23, 2013

গল্প

শালে শিঙীক হাঁহে 
- মাধুৰীমা ঘৰফলীয়া
ভাদ মহীয়া ৰ’দ জাক খাওঁ খাওঁ মূৰ্তি ধৰি ওলাইছে । টকলা বাটচোৱা খোজ কাঢ়ি যাওঁতে গাৰ ঘামে মিনতিৰ শৰীৰটো বুৰাই পেলালে । কপালৰ পৰা টোপাল টোপাল ঘাম আহি মাজে মাজে ওঁঠতো পৰিছে । নিমখীয়া সোৱাদ এটাই লাগি থকা পিয়াহৰ ভাৱটো যেন দুগুণ কৰি দিছে ।এনেই হোৱা হ’লে তাই কেতিয়াও ইমান দূৰ খোজ কাঢ়িব লগা নহ’লহেঁতেন, পোনে পোনে ঘৰৰ আগৰ চাৰিআলিটোতে গৈ নামিলহেঁতেন । আজি পিছে সিহঁতৰ গাঁৱৰ ফালে অহা গ্ৰাম্য টেক্সিবোৰ নচলাতহে তাই খোজ কাঢ়ি আহিব লগা হ’ল । 

দত্ত ঠিকাদাৰৰ পদূলিৰ মুখত থকা আমজোপাৰ তলত ৰৈ তাই ফোঁপাই উঠিল ।ঘৰলৈ এতিয়াও এচোৱা বাট আছে । গাঁৱৰ একেবাৰে মূৰৰ ফালেহে সিহঁতৰ ঘৰটো । নাই নোৱাৰি আৰু ,এনেকৈ আৰু দহ মিনিট মান খোজ কাঢ়িলে তাইৰ অৱস্থা কাঢ়িল হৈ পৰিব । পানী অকণ খাবই লাগিব ।কিন্তু পানী ক’ত পোৱা যাব ? কেৰাহিকৈ তাই দত্ত ঠিকাদাৰৰ ঘৰৰ ফালে চালে । অলপ সময় । তাৰপাছত মনটোৰ সৈতে যুঁজ বাগৰ কৰি তাই ঠিকাদাৰৰ ঘৰৰ নঙলা ডালত হাত দিলে । 

কালি গাঁৱৰ পৰা চহৰলৈকে গ্ৰাম্য টেক্সি চলোৱা ৰামে তাইক লগ পাই খবৰ দিছিল সিহঁতৰ মাকৰ বোলে গাটো বোলে বৰ ভাল নহয় । যোৱা তিনিদিন মান জ্বৰতে পৰি আছে । তাইক পাৰিলে এপাক যাবলৈ কৈছে । কথাটো গম পাই মিনতিয়ে পলম নকৰিলে ।চিনাকী ফাৰ্মাচি এখনৰ পৰা ঔষধ কেইটামান লৈ পুৱাই ঘৰলৈ ওলাল । মাকজনী এনেও বৰ দুৰ্বল । তাহানি বাপেক জীয়াই থাকোঁতে বাপেকে মদ খাই কৰা অত্যাচাৰবোৰেই মানুহজনীক পাছলৈ বেমাৰী তুলিছিল । ক’বলৈ গ’লে মাক এতিয়া তাইৰ ভায়েক আৰু ভনীয়েকজনীৰ ৰখীয়াহে মাথো । ঘৰখন সিহঁত দুটাইহে চম্ভালে । 

খটং ! দত্ত ঠিকাদাৰৰ ঘৰৰ নঙলাডাল আলফুলে খুলি মিনতিয়ে চোতালত ভৰি থৈ ইফালে সিফালে চালে । ঘৰখন তেনেই আমন-জিমন হৈ আছে । সৰুকৈ কাঁহ এটা মাৰি কাৰোবাক মাতিম বুলি ভাবোঁতেই কোনোবা এটা ভুটুংকৈ ওলালহি । ওলাই অহা মানুহটোক দেখি মিনতি চক খাই উঠিল । জিতু !! এইটো মানে ঘৰত আছেহি ! এইটো ঘৰত থকা বুলি জনা হ’লে তাই কেতিয়াও এইখন ঘৰত নোসোমায় । এতিয়া উভতি গ’লেও বেয়া দেখি । ছেহঃ । 

জিতুৱেও মিনতিক দেখি থতমত খাইছিল হ’বলা ।মা,মা কোনোবা আহিছে বুলি চিঞৰ এটা মাৰিতৎক্ষণাত্ ভিতৰলৈ সোমাই গ’ল । মিনতি থৰ হৈ থাকোঁতেই লচপচকৈ দত্তনী ওলাই আহিল । 

-অ’ তই হে ! 

মিনতিক দেখি দত্তজনীয়ে মুখখন বেঁকা কৰি ক’লে । 

-খুৰীদেউ,বৰ পিয়াহ লাগিছে পানী এগিলাচ খুৱাব নে ? 

ঘামে ধোৱা মুখখনত কষ্টৰে হাঁহি এটা বিৰিঙাই মিনতিয়ে চোতালত পৰি থকা ৰ’দখিনিৰ পৰা বাচিবলৈ বাৰাণ্ডাত উঠিবলৈ ভৰিটো আগবঢালে । 

-ৰহ ,ৰহ । তাতে ৰহ । বাৰাণ্ডাত নুঠিবি । মই পানী আনি আনিছোঁ । 

কি কি মানুহ যে ঘৰলৈ আহে । এই কুকুৰ কেইটা এনেই ৰাখিছোঁ, ভুকি খেদাবও নাজানে । 

ভোৰভোৰাই দত্তনী ভিতৰলৈ সোমাই গ’ল । আৰু মিনতি ,তাইৰ দঙা ভৰি দাং খায়েই থাকিল । ব্ৰজ পৰাৰ দৰেই পুনৰ থৰ হৈ পৰিল । আশে-পাশে থকা বস্তুবোৰ অস্পষ্ট হৈ পৰা যেন লাগিল । 

দত্তজনীয়ে তাইক ঘৰৰ বাৰাণ্ডাত উঠিবলৈও বাধা দিছে ! মানে তাইৰ ভায়েক-ভনীয়েকে মিছা কোৱা নাছিল ! গাঁৱৰ মানুহে তাইক সন্দেহ কৰিছে । গাঁৱৰ মানুহে তাইৰ বৃত্তিটোক সন্দেহ কৰিছে ! 

দুমাহমানৰ আগত ঘৰলৈ আহোঁতে ভায়েকে কৈছিল সিহঁতক হেনো আজিকালি গাঁৱৰ মানুহে এঘৰীয়া কৰি দিছে । স্কুলতো লগৰ ল’ৰা ছোৱালীবোৰে সিহঁতক মিনতিৰ কথা কৈ জোকাই বোলে । মিনতিয়ে কথাটো সিমান গুৰুত্ব দিয়া নাছিল। গাঁৱৰ মানুহৰো কি কাম । মাক বেমাৰত পৰাৰ পাছত যেতিয়া উপাৰ্জনৰ পথ বন্ধ হৈ সিহঁতি প্ৰায়েই লঘোণে থাকিব লগীয়া হৈছিল,ভায়েক ভনীয়েকে স্কুল এৰি দিব লগা হৈছিল তেতিয়াতো গাঁৱৰ মানুহে সিহঁতক সহায় কৰা নাছিল । মাকৰ বেমাৰৰ বাবে খেতিৰ মাটি কেইডৰা বিক্ৰী কৰিবলৈ লওঁতে কোনেওতো কোৱা নাছিল ,মাটিখিনি বিক্ৰী কৰিব নালাগে ,বন্ধকতে ৰাখ । পাছত টকা হ’লে খুলি ল’বি ।কোনেওতো সেইষাৰ নক’লে । বিপৰীতে গৰাকীবিহীন যেন হৈ পৰা মাটি কেইডৰা কিনিবলৈ হেতা-পৰাহে লগালে ।এতিয়া সেইখন গাঁৱৰ মানুহে যেতিয়া কিবা কয় তেতিয়া সেই কথা সিহঁতি কিয় শুনিব । মিনতিয়ে ভায়েকক কথাবোৰ বুজাইছিল । হাইস্কুলত পঢ়া ভায়েকে বহু কথাই বুজিব পৰা হৈছিল । তাতে সময়ে সিহঁতক জোখতকৈ বেছি ডাঙৰ কৰি তুলিছিল । সি কথাবোৰ বুজিছিল । বায়েকৰ দৰেই সিওগাঁৱৰ কথাবোৰ আওকাণ কৰিবলৈ ধৰিলে । ভনীয়েককো শিকালে । 

বাপেকৰ মৃত্যুৰ দুবছৰমানৰ পাছতেই মাক বেমাৰত পৰিছিল । মিনতি তেতিয়া গাঁৱৰ স্কুলখনৰ দশম মানৰ ছাত্ৰী । প্ৰথমে তাই স্কুল এৰিলে, তাৰ পাছত ভায়েক আৰু ভনীয়েক দুয়োটাই এৰিলে ।মাটি বিকি পোৱা টকা কেইটা থকা লৈকে সিমান চিন্তা কৰিব লগীয়া হোৱা নাছিল । কিন্তু টকা কেইটা শেষ হোৱাৰ পাছত ঘৰখনৰ চাৰিওফালে অনাটনে দেখা দিবলৈ ধৰিলে । মিনতিয়ে দহো বন আজুৰিও ঘৰখন সকলোলৈ দুবেলা দুসাঁজ খাবলৈ যোগাৰ কৰিব নোৱাৰাত ওচৰৰ গাঁৱৰ চহৰত থকা সীমাৰ সহায়ত চহৰ পালেগৈ । মিনতিয়ে তেতিয়ালৈকে সীমাই কি কৰে জনা নাছিল ,মাথো সীমাক লৈ অঞ্চলটোত ঢেৰ বু-বা চলিছিল সেয়া তাই জানিছিল । সীমাই সিহঁতৰ ঘৰলৈ আহি কৈছিল-মানুহে কি ক’ব সেইটোলৈ যদি ভাবি থাক ঘৰৰ সোপাই নাখায় মৰিবি । তাতোতকৈ মোৰ লগত ব’ল । চিন্তা নকৰিবি মই তোক একো বিপদত পৰিবলৈ নিদিওঁ । 

সীমাই তাইৰ কথা ৰাখিছিল । নিজৰ শৰীৰৰ চাহিদাৰে টকা উপাৰ্জন কৰা সীমাই তাইৰ কোনোবা এলেকৰ-পেলেকৰচিনাকী জৰিয়তে কেইবাঘৰো মানুহৰ ঘৰত মিনতি বন-বাৰী কৰিবলৈ সুবিধা কৰি দিছিল । পুৱা ভাৰাঘৰৰ পৰা মিনতি ওলাই গৈছিল কাৰোবাৰ ঘৰৰ বাচন ধুবলৈ, কাপোৰ ধুবলৈ ,ঘৰ মচিবলৈ আৰু পলমকৈ সাজি-কাচি সীমা গৈছিল কাৰোবাৰ কামনাত জাহ যাবলৈ । তেনেকুৱা দিন এটাতে সীমাই কৈছিল-আমাৰ সেইফালৰ যে দত্ত ঠিকাদাৰৰ সেই চহৰত কিবা চাকৰি কৰি থকা ল’ৰাটো,জিতু নে কি আছিল জানো নামটো... 

-জিতুৱেই। 

-অ’জিতু । সি আজিকালি আমাৰ বোৰৰ পাছত বৰকৈ ঘুৰা হৈছ জাননে ! মোৰ পাছতো কেইবাদিনো লাগিছিল । 

চকু কেইটা ডাঙৰ কৰি সীমাই সুধিছিল-তই তাৰ লগতো ... 

-নাই,নগ’লো । সৰুৰে পৰা দেখি অহা ল’ৰাটোৰ লগত নো কেনেকৈ যাওঁ ! পিছে বপুৰা কম নহয়,মই নগ’লে কি হ’ব ,বেলেগ নাই জানো । আজিকালি ঘনাই বিচাৰে বোলে ! 

-আচৰিত ! 

-এই পৃথিৱীখনেই আচৰিত মিনতি । তই এনেকৈ আছ যে এনেকৈয়ে থাকিব বুজিছ । এইবোৰত কোনোবাই সোমোৱাব খুজিলেও নোসোমাবি । ইয়াত সোমালে এন্ধাৰৰ বাহিৰে একো নেদেখ । অৱশ্যে নাখাই মৰাতকৈ অলপ ভাল ! 

সীমাই গহীন কৈ কথাষাৰ আৰম্ভ কৰি শেষত খুক-খুকাই হাঁহি উঠিছিল । মিনতিয়ে মাথো তাইলৈ চাবহে পাৰিলে । সেইদিনা গোটেই ৰাতিটো তাই শুব নোৱাৰিলে । বাৰে বাৰে সীমাৰ কথাবোৰে মনত অহা-যোৱা কৰি থাকিল । 

জিতু,এতিয়াও সলনি হোৱা নাই ! সিও এতিয়াও আগৰ দৰেই আছে ! সেইদিনাৰ দৰেই !! তাই সেইদিনটোৰ কথা কেনেকৈ পাহৰিব পাৰিব ! মিনতি গাভৰু হোৱা এবছৰ মানৰ পাছৰ কথা আছিল সেইয়া । বাপেক তেতিয়াও জীয়াই আছিল । হোলাত মাছ মাৰি ঘৰমুৱা হোৱা মিনতিক বাঁহনি এখনৰ ওচৰত অকলশৰে পাই জিতুৱে চোঁচৰাই বাঁহনিৰ ভিতৰলৈ লৈ গৈছিল । সিদিনা কোনোমতেহে তাই নিজকে ৰক্ষা কৰিছিল । লাজতে কথাটো কাকোৱে নক’লে । আনকি মাককো ।আজিও মিনতিয়ে সীমাক সেই ঘটনাটো তাইৰ দৰেই খুলা-খুলিকৈ ক’ব নোৱাৰিলে । ক’ব নোৱাৰিলে চহৰলৈ অহাৰ পাছতো যে কেইবাৰোজিতুৱে তাইক অশ্লীল ইংগিত দিছিল ।কওঁ বুলি ভাবিলেই কোনোবা খিনিত কিবা এক ভয় আৰু লাজে তাইক আগুৰি ধৰেহি । 

-হো’ ল । 

দত্তনীৰ মাতত মিনতিৰ জঠৰতা ভাগিল । তাই দত্তনীৰ হাতলৈ চালে । শেলুৱৈ ধৰা জগ এটা । জগটো হয়তো বহুদিন ধৰি বাহিৰত পৰি আছিল । মিনতিৰ উকালি এটা ওলাই আহিব খুজিলে । 

-ল’ আকৌ । তোৰ দৰে এজনীৰ বাবে ইয়াত ৰৈ থাকিবলৈ মোৰ সময় ৰৈ বৈ যোৱা নাই নহয় । 

এনেও জগটো দেখি খঙ উঠিছিলেই তাতে আকৌ দত্তনীৰকথাষাৰ শুনি মিনতিৰ মূৰতো ভমককৈ গৰম হৈ উঠিল ।তাই কঠোৰ ভাবেই দত্তনীৰ চকুলৈ চাই সুধিলে 

-মোৰ দৰে এজনী মানে আপুনি কি ক’ব খুজিছে খুৰীদেউ? 

-আও এইৰ দেখোন বৰ মাত ! বেশ্যা এজনীক পানী খুৱাইছোঁ বুলি জানিলে সমাজে মোকএঘৰীয়া নকৰিলেহে ৰক্ষা ! 

দত্তজনীয়ে পানীখিনি চোতাললৈ ছটিয়াই উষ্মাৰেই উত্তৰ দিলে । মিনতিয়ে এবাৰ পানীখিনিলৈ চালে তাৰ পাছত সৰু অথচ তীক্ষ্ণ মাতেৰে ক’লে 

-মোৰ বৃত্তিটো বাৰু থাকক । মই কি সেয়া মই আৰু মোৰ ঘৰখনেই ভালদৰেই জানে । এইবোৰৰ বাবে আপোনালোকৰ দৰে মানুহক কৈফিয়ৎ দিবলৈ মোৰ কোনো দৰকাৰ নাই । পিছে আন এটা কথাহে কওঁ বেশ্যা হ’বলৈ কোনেও উপযাচি নাযায় । বেশ্যা হৈ কোনেও সুখ নাপায় । বেশ্যা হ’বলৈ জীৱনে বাধ্য কৰায় । জীৱনটোতকৈ শৰীৰটোতো ডাঙৰ হ’ব নোৱাৰে । অৱশ্যে এইবিলাক কথা আপোনাৰ দৰে লোকে বুজি নাপাব । কিন্তু এই বেশ্যাই ভৰি দিলে আপোনাৰ বাৰাণ্ডাখনো অশুচি হ’ব বুলি ভাবে যে ,এইবোৰ ভাও এৰক খুৰীদেউ ।অশুচি হোৱা হ’লে নিজৰ ঘৰতে এটা বেশ্যা পুহি নাৰাখে । গতিয়াই উলিয়াই দিলেহেঁতেন । 

-কি কৈছ তই !! 

দত্তনীৰ প্ৰশ্নত যাবলৈ লৈও মিনতিয়ে ৰৈ গ’ল । মুখত কৌতুকৰ হাঁহি এটা ফুটাই দত্তজনীলৈ চাই পুনৰ ক’লে 

-অহ! গাঁৱৰ গাভৰুৰ পৰা আৰম্ভ কৰি চহৰৰ গলিত থকা বেশ্যাৰ শৰীৰলৈকে চকু দিয়া ব্যক্তিক আচলতে বেশ্যা বুলি কয় নে আন বুলি কয় মই ভালদৰে নাজানো,পিছে তেওঁ টকাৰ বাবে দেহৰ খেলা নেখেলে কামনাৰ বাবেহে খেলে । সঁচা কথা ক’বলৈ গ’লে তেওঁহে প্ৰকৃত অৰ্থত বেশ্যা । মই আপোনাৰ চেনেহৰ পুতেকৰ কথা কৈছোঁ । ঘৰখন যদি ইমানেই পবিত্ৰ কৰি ৰাখিব খুজিছে প্ৰথমে সেইজনক উলিয়াই দিয়ক । 

এইবাৰ প্ৰস্থৰ মূৰ্তি হোৱাৰ পাল যেন দত্তনীৰ আছিল । মানুহজনী যেনেকৈ আছিল তেনেকৈ ঠৰঙা লাগি ৰ’ল ।তেওঁক তেনেকৈয়ে এৰি সবল আৰু দৃঢ় খোজেৰে মিনতি ওলাই আহিল । ওলাই আহোঁতে গচকি থৈ আহিল দত্তজনীয়ে তাইক দিবলৈ আনি ছটিয়াই দিয়া পানীখিনিৰে চোতালত কৰা সৃষ্টিখিনি ।
-----------------------------------------------------------
(লেখাটো ২২.০৯.২০১৩ সংখ্যাৰ জনসাধাৰণ কাকতত প্ৰকাশিত)

No comments:

Post a Comment